কঁকাল বিষৰ চিকিৎসা

0
কঁকালৰ-বিষৰ-হোমিঅ-চিকিৎসা
কঁকালৰ বিষৰ হোমিঅ চিকিৎসাঃ

কঁকাল বিষৰ হোমিঅপেথিক চিকিৎসাঃ

এক নিৰ্ভৰযোগ্য ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰতি ৫ জন প্ৰাপ্তবয়স্কৰ ভিতৰত ৪ জনৰ কোনোবা নহয় কোনোবা সময়ত কঁকালৰ বিষত আক্ৰান্ত হয়৷ আমেৰিকাৰ মায়’ ক্লিনিকৰ তথ্য মতেও জীৱনকালত ৮০ শতাংশ আমেৰিকানে কিবা নহয় বিবা কাৰণত এটা সময়ত কঁকালৰ বিষত ভুগে ৷ কঁকালৰ বিষ পুৰুষ বা মহিলা উভয়ৰে হোৱা দেখা যায় যদিও পুৰুষৰ তুলনাত কিন্তু মহিলা সকল এই সমস্যাত বেছিকৈ ভুগে ৷ সাধাৰণতে চাবলৈ গলে পানীলগা অসুখৰ পিছতেই প্ৰায় মানুহেই কঁকালৰ বিষৰ সমস্যাত ভুগে ৷ ৩৫ৰ পৰা ৫৫ বছৰ বয়সৰ লোক কঁকালৰ বিষৰ সমস্যাত প্ৰায়ে ভুগে।

কঁকাল বিষক সাধাৰণতে তিনিভাগত বিভক্ত কৰা হয়-

একিউট বা নতুন, চাব একিউট বা মধ্যমীয়া আৰু ক্ৰনিক বা পোৰণি। ১ ৰ পৰা ৬ সপ্তাহলৈকে হোৱা কঁকালৰ বিষক একিউট বা নতুন, ১ ৰ পৰা ৩ মাহলৈকে হোৱা কঁকালৰ বিষক চাব-একিউট বা মধ্যমীয়া আৰু তিনিমাহতকৈ বেছি সময় ধৰি হোৱা কঁকালৰ বিষক ক্ৰনিক বা পোৰণি কঁকালৰ বিষ বুলি ধৰা হয়৷ সাধাৰণতে একিউট বা নতুন কঁকালৰ বিষ বেছিকৈ হোৱা দেখা যায়।

ক্ৰনিক বা পোৰণা কঁকালৰ বিষৰ ভিতৰত ‘ফাইব্ৰমায়েলজিয়া’ৰ কথা আমি কব পাৰো। ‘ফাইব্ৰমায়েলজিয়া’ হ’ল এবিধ ক্ৰনিক বা পুৰণি কঁকালৰ বিষ য’ত মাংসপেশি আৰু গাঁঠিৰ বিষ হয়, বিষত ৰোগীয়ে টোপনি যাব নোৱাৰে, টোপনিৰ ব্যাঘাত জন্মে, ইয়াৰ লগতে ৰোগীৰ আই বি এচ বা ইৰিটেবল বাৱেল চিনড্ৰমৰ সমস্যা থাকে৷

কঁকাল বিষ হোৱাৰ সম্ভাৱনা কাৰ বেছি?

মেদবহুলতাত ভুগা বা অত্যাধিক শকত বা দেহৰ ওজন বৃদ্ধি হোৱা লোক, অত্যাধিক বিড়ি-চিগাৰেট খোৱা লোকৰো কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।শাৰীৰিক পৰিশ্ৰম নকৰি এলেহুৱা বা আলস্য জীৱন কতোৱা লোক, শাৰীৰিকভাবে অসুস্থ-দুৰ্বল লোক, পুষ্টিহীনতাত ভুগা লোক, এনিমিয়াগ্ৰস্থ লোক, গৰ্ভাৱতী মহিলাৰো কঁকালৰ বিষ, হোৱাৰ সম্ভাৱনা থাকে, ড্ৰাগছসেৱনকাৰী লোক, শৰীৰৰ কম ইমিউনিটি বা জীৱনী শক্তি দূৰ্বল থকা লোকৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা বেছি থাকে৷

অন্যহাতে দীৰ্ঘসময় ধৰি ষ্টেৰইড আদি দৰব গ্ৰহণ কৰা লোকৰ হাঁড় দুৰ্বল হোৱা ফলত সহজে কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷ কিছুমান লোকৰ জেনেটিক বা বংশগত কাৰণত হাঁড়ৰ ৰোগ যেনে এনকাইলজিং স্পণ্ডাইলাইটিচ আদি ৰোগৰ বাবেও কঁকালৰ বিয হব পাৰে। অতি মাত্ৰা কষ্টকৰ পৰিশ্ৰম কৰা লোক নাইবা দিনটোত ২৪ ঘন্টাই চকীতে বহি কাম কৰিব লগা হোৱা লোকৰ কঁকালৰ বিষ বেছি হোৱা সম্ভাৱনা থাকে। অন্যহাতে মানসিক দু:চিন্তা আৰু ডিপ্ৰেচনত ভুগা লোকৰ কঁকালৰ বিষ বেছ হোৱাৰ সম্ভাৱনা দেখা যায়৷

কঁকাল বিষৰ কাৰণসমূহ

মেৰুদণ্ডদালৰ যি কোনো অংশৰ বিজুতি হলেই কঁকালৰ বিষ হব পাৰে৷ কিন্তু কেতিয়াবা বিষৰ কাৰণ সহজতে ধৰিব নোৱাৰী৷ একেবাৰে সুস্থ থকা মানুহ এজনৰো হঠাতে কঁকালৰ বিষ হব পাৰে আৰু বিচনাত পৰি থাকিব লগা অৱস্থাৰ সৃসস্থি হব পাৰে৷ যিমানে বেচি বিষ হলেও বেচি ভাগ ক্ষেত্ৰতে কঁকালৰ বিষৰ গুৰুতৰ কাৰণ নোলায়৷ খুব কম লোকৰহে কেতিয়াবা পেটৰ ভিতৰৰ অংগৰ বা ৰাজহাঁড়ৰ মজ্জাৰ টিউমাৰৰ লক্ষণ হিচাবে কঁকালৰ বিষ হব পাৰে৷ অন্যহাতে কিডনিৰ পাথৰ, স্পাইনেল ষ্টেনচিচ, CES-কউডা একিউনা চিনড্ৰম, মহিলাৰ পেলভিক ইনফ্লেমেটৰি ডিজিজ, এণ্ডোমেটৰিয়াচিচ, মূত্ৰাশয়ৰ সংক্ৰমণ বা প্ৰস্ৰাৱ ইনফেকচনৰ বাবেও কঁকালৰ বিষ হব পাৰে৷

সচৰাচৰ কঁকালৰ বিষৰ অন্যান্য কাৰণ সমূহৰ ভিতৰত –

ষ্ট্ৰে’ন বা মোচোকা খোৱা, মাংসপেশিত টান খোৱা বা দুষ পোৱা, লিগামেন্ট টান খোৱা, গধূৰ ওজন উথোৱা, যি কোনো অকস্মিক দূৰ্ঘটনাৰ বাবে কঁকালৰ কোনো অংশত আঘাত পোৱা৷ কঁকালৰ হাঁড়ৰ মাজত থকা ডিস্কে ‘শ্বক এবজৰভাৰ’ৰ দৰে আমাৰ ৰাজহাঁড়ক সুৰক্ষা দিয়ে৷ এই ডিস্কৰ নানাবিধ বিজুতি ঘটিলে কঁকালৰ বিষ হয়৷ ডিস্কৰ হাৰ্ণিয়েচন বা বাহিৰলৈ ওলাই আহি স্নায়ুত চেপা খালে কঁকালৰ পৰা টিকা হৈ একেবাৰে ভৰিলৈকে তীব্ৰ বিষ হব পাৰে। এই সমস্যাটোক আমি চায়েটিকা (Sciatica) বুলি কওঁ৷ হাঁড়ৰ ৰোগ বা অষ্টিঅ’আৰ্থাইটিচ হলেও কঁকালৰ বিষ হব পাৰে৷ দীৰ্ঘসময় একেৰাহে গাড়ী চলাই গলেও কঁকালৰ বিষৰ হব পাৰে৷ একেদৰে লেপটপ বা কম্পিউটাৰত বেছিকৈ বহি কাম কৰিলেও কঁকালৰ বিষ হব পাৰে৷ অন্য হাতে হাঁড়ৰ বিসংগতি যেনে স্কলিঅ’চিচ আৰু স্পণ্ডাইলচিচ কঁকালৰ বিষৰ কাৰক হব পাৰে৷

কঁকাল বিষৰ প্ৰধান লক্ষণসমূহ

জ্বৰ, একেৰাহে কঁকালৰ বিষ হোৱা, বিষোৱা ঠাইখিনি ফুলি উঠা, কঁকালৰ পৰা ভৰিলৈকে বিষ হোৱা, শৌচ-প্ৰসাৱ কৰিবলৈ কষ্ট পোৱা, কঁকাল, টিকা-শৌচদ্বাৰ-জননেন্দ্ৰিয়ৰ আশেপাশে স্বাভাৱিক অনুভূতি কমি যোৱা বা চুলে ডাঠ ডাঠ লগা আৰু জঠৰতা অনুভৱ হোৱা, শৰীৰৰ ওজন হ্ৰাস হোৱা আদি৷

কঁকাল বিষ হলে আপোনালোকে কি কি পৰীক্ষা নিৰীক্ষা কৰিবঃ

কঁকালৰ এক্সৰে, চিটিস্কেন, এমআৰআই স্কেন, হাড়ৰ স্কেন, ইলেক্ট্ৰমায়’গ্ৰাফি, তেজ-প্ৰসাৱৰ পৰীক্ষা আৰু প্ৰয়োজন সাপেক্ষে পেটৰ আলট্ৰাচাউণ্ড কৰিব লগাও হব পাৰে৷

কঁকাল বিষ হলে লব লগা সাৱধানতাঃ

কঁকালৰ বিষ অলপ কমাৰ লগে লগে ব্যায়াম কৰিব। ব্যায়ামে কঁকালৰ মাংসপেশিক সবল কৰি কঁকালৰ বিষ প্ৰতিৰোধত সহায় কৰে, প্ৰয়োজন সাপেক্ষে ফিজিঅথেৰাপিষ্টৰ সহায় লব৷ শৰীৰৰ ওজন বেছি থকা সকলে ওজন কমাওক। সু-শৃঙ্খলিত জীৱন অতিবাহিত কৰক, ধুম্ৰপান, মদ্যপান আদি নিচাযুক্ত দ্ৰব্য পৰিত্যাগ কৰক ৷ মানসিক দু-চিন্তা পৰিহাৰ কৰি চিন্তামুক্ত জীৱন যাপনৰ প্ৰয়াস কৰক ৷ বিষ আত্যাধিক হৈ থকাৰ সময়ত, কিবা কাম কৰাৰ সময়ত কঁকালৰ বেল্ট ব্যৱহাৰ কৰক ৷ কঁকালৰ বিষহৈ থকাৰ সময়ত কোমল বিচনাৰ পৰিৱৰ্তে টান বিচনাত শোৱা ভাল৷ কঁকালৰ বিষ হৈ থকাৰ সময়ত উখ চেণ্ডেল জোটা নিপিন্ধিব। টোপনি খতি নকৰিব, পৰ্যাপ্তসময় টোপনি য়াওক, অন্তত দিনে ৭-৮ ঘন্টা টোপনি যোৱাটো শৰীৰৰ বাবে অতি আৱশ্যকীয় ৷ গধুৰ বস্তু নেডাঙিব।

কঁকাল বিষৰত ঘৰুৱা ভাবে কৰিব পৰা ব্যৱস্থাঃ

ঠাণ্ডাৰ দিনত বিষোৱা অংশত গৰম পানীৰ বেগ লব পাৰে বা গৰম সেক দিব লাগে। বৰফৰ লগালেও কোনো কোনো ক্ষেত্ৰত কঁকালৰ বিষ শীঘ্ৰে উপশম হয়৷

কেইফুটামান নহৰু ঠেতালি মিঠাতেলত উতলাওক আৰু দিনত ২ বাৰকৈ লগাওক। আথবা অলপমান কৰ্পূৰ নাৰিকল তেলৰ সৈতে উতলাওক আৰু অলপ ঠাণ্ডা হোৱাক পাছত কঁকালত মালিচ কৰক।

হোমিঅ চিকিসাঃ

ৰাচটাক্সঃ

কঁকালৰ বিষৰ বাবে ৰাচটাক্সে এক উৎকৃষ্ট ঔষধ। বেছিকৈ ভৰিৰে কাম কৰা লোক বা দীৰ্ঘসময় ধৰি বহি বহি কাম কৰাৰ বাবে কঁকালৰ বিষ হয়, বিষালে ৰোগীয়ে একে ঠাইতে বহি থাকিব নোৱাৰে, বহি থাকিলে বিষ বৃদ্ধি হয়, স্থান পৰিৱৰ্তণ কৰিবলৈ বাধ্য হয়, কঁকালত জ্বলা-পোৰা কৰাৰ দৰে লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ কৰিলে অত্যন্ত সুফল পোৱা যায়। এটা কথা মন কৰি এই ঔষধৰ বিশেষ লক্ষণ হল বহি থাকিলে বিষ কমে আৰু চলাফুৰাত বিষ ওপশম হয়।

ব্ৰায়োনিয়াঃ

নতুন বা পোৰণি যিকোনো কঁকালৰ বিষতেই ই এটা অতি ফলদায়ক ঔষধ। ৰোগীৰ কঁকতালত খুচ মৰাৰ দৰে, ফালি দিয়াৰ দৰে, কাটি দিয়াৰ দৰে বিষ হয়, ৰোগীয়ে লাহেকৈ নিতালমাৰি পৰি থাকিব বিছাৰে, চলাফুৰা কৰিলে বিষ বৃদ্ধি হয় আৰু বিশ্ৰামত বিষৰ উপশম হয়।

ৰোটাঃ

নতুন কঁকালৰ বিষত ই এটা অতি উৎকৃষ্ট মেডিচিন। এই মেডিচিন ব্যৱহাৰ কৰিব লগা ৰোগীৰ হাড়ৰ গাঁঠিবোৰত হাড় ভগাৰ দৰে শব্দ হয়। কঁকালৰ বিষ বাওঁফালে কাটিহৈ শুলে আৰু কুঁজাহৈ শুলে উপশম হলে এই মেডিচিন ব্যৱহাৰ কৰিলে বিষ সহজতে উপশম হয়।

আৰ্নিকাঃ

পৰি দুষপালে বা দূৰ্ঘটনা বশত আঘাট পালে অথবা পোৰণা আঘাটৰ বাবে কঁকালৰ বিষ হলে অৰ্নিকা এক উৎকৃষ্ট মেডিচিন। অৰনিকা ব্যৱহাৰ কৰিব লগা ৰোগীয়ে টান বিচনাত শুব নোৱাৰে, কোমল বিচনা বিছাৰে, টান বিচনাত শুলে বিষ বৃদ্ধি হয়।

লি়ডামঃ

বিষ কঁকালৰ পৰা ক্ৰমাত উপৰৰ ফালে গতি কৰে। বহি থাকিলে বা বহি থকাৰ পৰা উঠাৰ সময়ত বিষ বৃদ্ধি হয়। ঠাণ্ডা পানী বা বৰফ লগালে বিষ উপশম হলে এই মেডিচিন ব্যৱহাৰ কৰি কঁকাল বিষৰ সমস্যাৰ পৰা মুক্ত হব পাৰে।

কেলকেৰিয়া ফ্লৰঃ

হাড়ৰ ক্ষয়ৰ বাবে কঁকালত বিষ হলে অৰু লগতে কঁকালত জথৰতা অনুভব কৰিলে এই ঔষধ অত্যন্ত ফলপদ।

হাইপেৰিকামঃ

আঘাট লগাৰ বাবে দীৰ্ঘ দিনীয়া কঁকালৰ বিষ হলে আৰ্নিকাৰ সৈতে এই ঔযধ ব্যৱহাৰ কৰিলে বিষ সহজতে উপশম হয়।

কেলিকাৰ্বঃ

পোৰণি কঁকালৰ বিষৰ বাবে ই অতি চমকপদ ঔষধ। অত্যন্ত বিষত ৰোগীয়ে উঠা বহা কৰিব নোৱাৰে, ৰাতি বিষৰ প্ৰকোপ অতি বৃদ্ধ হয়, বিশেষকৈ ৰাতি ২-৩ বজাত বিষ তীব্ৰতৰ হৈ উঠে।

কস্টিকামঃ

বিশেষকৈ যিসকল মহিলাই দৈনিক অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম কৰে সেই সকল মহিলাৰ কঁকালৰ বিষত এই ঔষধ অত্যন্ত কাৰ্যকৰী। এই ঔষধ প্ৰয়োগ কৰিব লগা মহিলা গৰাকীৰ কিছুমান মানসিক লক্ষণো মন কৰিব লগীয়া, যেনে-সকলো কাম অকলে কৰিব বিছাৰে, বেলেগে কৰা কাম পচন্দ নহয়, গতিকে বেলেগক কাম কৰিবলৈ দিব নিবিছাৰে। বিষৰ লগতে মহিলাগৰাকীয়ে খুব অৱস অনুভৱ কৰে। ৰাজহাড়ৰ ডিক্স হাৰনিয়েচল অৱস্থাত এই ঔষধে খুব ভাল কাম কৰে।

ডা. হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here