মহিলাৰ বগা স্ৰাৱৰ হোমিঅ’পেথিক চিকিৎসাঃ leukorrhea medicine

0
ইউৰিন-ইনফেকচন
ইউৰিন ইনফেকচন

leukorrhea medicine ||মহিলাৰ বগাস্ৰাৱৰ কাৰ্যকৰী ঔষধঃ

আজি এই লিখনিটোত মহিলাৰ বগা স্ৰাৱৰ বিষয়ে অলোচনা আগবঢ়াম। এই বিষয়ে মই ইতিমধ্যে এটা লেখা আপলোড কৰি থৈছো আৰু সেই লেখাটোত বগাস্ৰাৱ কি, বগাস্ৰাৱ সমস্যা কিয় হয়?? ইত্যাদি বৃ্স্তিত বাৰ্ণনা আগবঢ়াইছো। আজি আপোনালোকক লিউকৰীয়া বা বগাস্ৰাৱৰ কাৰ্যকৰী মেডিচিনৰ বিষয়ে বৃস্তিত বৰ্নণা আগবঢ়াম।

কাৰণ বগা স্ৰাৱ সমস্যা কমবয়সীয়া ছোৱালী পৰা আৰম্ভ কৰি একেবাৰে বয়সস্থ মহিলালৈকে সকলোৰে প্ৰায়েই হয় আৰু ইয়াৰে বহু সংখ্যক মহিলাই এই সমস্যা বিষয়ে বেলেগক কব নিবিছাৰে। কম বয়সীয়া ছোৱালী সকলে কবলৈ লাজ কৰে বা আৰু কিছুমানে স্বাস্থ্য সমন্ধে সজাগো নহয়।গতিকে এই সমস্যা নিৰবে কঢ়িয়াই লৈ ফুৰোতে ফুৰোতে পিছত গুৰুতৰ ৰুপ লয়। আৰু মহীলাৰ যৌনাংগত কেতিয়াবা সংক্ৰমণ হৈ বহু গুৰুতৰ সমস্যা হয় আৰু মহীলা যুৱতী স্বাস্থ্যৰ দ্ৰুত অবনতি ঘটে।

এনেকুৱা বহু কমবয়সীয়া যুৱতী লগ পাইছো, দেহৰ অবয়ব দেখি আৰু অনুসাংগীক সমস্যা সমূহ দেখি সন্দেহ বসত যেতিয়া সোধা হয় তেতিয়া হে কয় যে বহু দিন ধৰি লিউকৰিয়াত ভুগি আছে। গতিকে ইয়াত-

বগাস্ৰাৱৰ  ৰ গুৰুত্ব পূ্ৰ্ণ কেইবাটাও হোমিও পেথিক মেডিচিনৰ বিষয়ে লক্ষণ অনুযায়ী বৰ্নণা আগবঢ়াইছোঃ

(1) CALCARIA CARB 
কেলকেৰিয়া কাৰ্বৰ প্ৰধান লক্ষণ সমূহ হল বগা স্ৰাৱ গাখীৰ দৰে বগা হব, লগতে লিউকৰীয়াত ভুগা মহীলা বা যুবতী গৰাকী শকত আবত বা হিচাপতকৈ বেছি WEIGHT ৰ হব, অলপ এলেহুৱা স্বাভাবৰ হব। লগতে কনী খাই ভাল পোৱা, সহজতে হজম নোহোৱা বস্তু বোৰ খাবলৈ বেছিকৈ ইচ্ছা কৰা আদি লক্ষণ থাকিব। লগতে খৰ, খজুৱতী আদি লক্ষণৰ থাকিলে কেলকেৰিয়া কাৰ্ব মেডিচিনটো ব্যবহাৰ কৰিব পাৰে।
(2)PULSATILLA
হৰমনৰ সমস্যা থকা মহীলা যুৱতীৰ ঋতুস্ৰাৱৰ বিসংগতি, ঋতু স্ৰাৱৰ সময় মতে নহয়। লগতে য়দি অত্যাধিক লিউকৰিয়াৰ সমস্যা থাকে তেনে হলে এই দৰব খুউব উপযোগী।
(3)SEPIA 
এই ঔষধ ব্যবহাৰ কৰিবলগা মহীলা বা যুবতী শৰীৰৰ বৰণ হালধীয়া দেখা যায় বা শৰীৰৰ থাইয়ে থাইয়ে হালধীয়া দাগ পৰিব পাৰে। ভোক নিয়মিত ভাৱে নালাগে। শৌচ কঠিন থাকে মুখত তিতা স্বাদ লাগি থাকে। বিবাহীত মহীলা সংগমনৰ ইচ্ছা প্ৰায়ে নাথাকে। মহীলা গৰাকীৰ হৰমনৰো ভালেমান পৰিৱৰ্তণ আহি পৰে। বিশেষকৈ মেনোপজেল কণ্ডিচনত যেনে ৪০-৪২ বছৰ বয়সৰ ভিতৰত যেতিয়া মাহেকীয়া বন্ধ হৈ আহে আৰু যেতিয়া যৌনাংগত গৰম গৰম অনুভৱ কৰা সজুৱতী হোৱা, তললৈ হেঁচামৰা দৰে বিষ হোৱা আদি সমস্যা লগতে যদি বগাস্ৰাৱ হয় তেতিয়া এই ঔষধে মন্তৰ দৰে কাম কৰে।
(4)BORAX
স্ৰাৱ পাতল বগা হয়। কেতিয়াবা মুখৰ ভিতৰত ঘাঁ হয়, উখ ঠাইত উঠি বলৈ ভয় কৰে, জখলা বগাবলৈ বয় কৰে আদি লক্ষণ থাকিলে BORAX ঔষধটোয়ে ভাল কাম কৰে।
(5) ALUMINA  
এই মেডিচিন ব্যবহাৰ কৰিব লগা ৰোগীৰ পায়খানা নিয়মিত নহয়। ২-৩ দিনৰ মূৰে মূৰে শৌচ হয়। শৌচ বা প্ৰস্ৰাৱ কৰোতে অতিৰক্ত জোৰ দিব লগা হয়। মুখ, জিভা আদি শুকাই যাই আৰু অতিৰিক্ত পানী পিয়াহ থাকে আৰু ঘাম নোলায়। ৰোগী ক্ষীণ, মলীন, শেঁতা আৰু ৰক্তহীন হয়। বগাস্ৰাৱ ইমান বেছি হয় যে পে়ড ব্যবহাৰ কৰিব লগা হয়, লগতে খজুৱতি পোৰণি থাকিব পাৰে। এনেকুৱা লক্ষণ প্ৰকাশ পালে alumina দৰবটো ব্যবহাৰ কৰিলে এই ৰগোৰ পৰা বাচি থাকিব পাৰি।
(6)KREOSOTUM
এই মেডিচিন যি সকল যুবতী মহীলাৰ বগাস্ৰাৱৰ অত্যন্ত দূৰ্গন্ধ যুক্ত হয়। ভয়াৱহ খজুৱতী জ্বলা-পোৰা হয়। এনে লক্ষণ প্ৰকাশ পালে KREOSOTUM মেডিচিনটো ব্যবহাৰ কৰিলে ৰোগৰ উপশম হয়।
(7)NATRUM MUR
ৰোগী অত্যন্ত দূৰ্বল, ৰক্তহীনতাত ভুগে, পাতল স্ৰাৱ হয়, যিকোনো সময়তে পসূতি মাতৃৰ শিশুৰ জন্ম দিয়াৰ পাছত লিউকৰীয়া হয়। লগতে যি সকল মহীলা – যুবতীৰ লিউকৰীয়া থাকে আৰু অত্যাধিক নিমখ খাব বিছাৰে, খোৱা খাদ্যত সঠিক পৰিমানে নিমখ হোৱাৰ পিছতো কাঁহীৰ কাষত নিমখ লৈ খাব বিছাৰে তেনে যুবতী মহীলাৰ লিউকৰীয়া NATRUM MUR উপযোগী।
(8)HYDRASTIS CAN
বগাস্ৰাৱৰ লগতে যদি ৰোগীৰ অজীৰ্ণ এচিডিটিৰ লক্ষণ থাকে তেনে হলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। এই মেডিচিনটো ব্যৱহাৰ কৰিব লগা ৰোগীৰ আহাৰ খাওঁক বা নাখাওঁক। সকলো সময়তে পেট ফুলি থাকে। বগাস্ৰাৱ আঠাৰ দৰে জেপেটিয়া হয়, শৌচ পৰিষ্কাৰ নহলে পেটৰ ভিতৰত অশান্তি বৃদ্ধি হয়। শৌচত শাওঁ সংযুক্ত থাকে, শৌচ কেতিয়াবা টান, কেতিয়াবা ঢিলা হয়।
(9)ACID PHOS
বিবাহীত মহীলাৰ অতিৰিক্ত সহবাসৰ ফলত বগাস্ৰাৱ হলে এই ঔষধ ব্যবহাৰ কৰিব লাগে। এই ঔষধ ব্যৱহাৰ কৰিব লগা ৰোগীৰ হাত ভৰি কপিঁ থাকে, জিনজিনায়, মূৰ ঘুৰায়, মূৰ কামোৰে বিশেষকৈ বুকু ধপ্ ধপ্ কৰে আৰু অতিৰিক্ত দূৰ্ব্বল হোৱাৰ বাবে কথা কবলৈ শক্তি নোপোৱা দৰে হয় । এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধ ব্যবহাৰ কৰিব লাগে।
(10) GRAPHITES
ধুনীয়া শকত আবত মহীলা, শৌচ সদায় কঠিন হোৱা মহীলা ওপৰত বিশেষ ভাৱে ব্যৱহাৰ হয়। শৌচৰ লগত সাঁও সংযুক্ত থাকে আৰু শৌচ অতিৰিক্ত ডাঙৰ আৰু গাঁঠি গাঁঠি হয়। মুখত খাদ্যৰ খোৱাদ নাপায়। বগাস্ৰাৱৰ লগতে খজুৱতী হয়। আদি লক্ষণত graphitis ব্যৱহাৰ কৰিব লাগে ।
(১১)SULPHUR
এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া যুৱতী মহীলাৰ কেইদিন মান স্ৰাৱ হয় আকৌ কিছু দিনৰ বাবে আৰোগ্য হয়। ৰোগীৰ হাত, ভৰি, চকু বিশেষকৈ ভৰি তলুৱা জ্বলা-পোৱা কৰে। আন ঔষধ সমূহ প্ৰয়োগ কৰাৰ পাছত আংশিক ৰোগ থাকি গলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে।
(১২)CALOPHYLLUM
যুবতী-মহীলা অপৰিস্কাৰ বগাস্ৰাৱ হয়। এই ধৰণৰ বগাস্ৰাৱৰ সমস্যা থকাৰ ফলত মহীলা বন্ধ্যাত্ব হয় বা সন্তান হীন হয়। কম বয়সীয়া ছোৱালীৰ বগাস্ৰাৱৰ হলেও এই ঔষধে ভাল কাম কৰে।
(১৩) COCCULUS
যুৱতী মহীলা মাহেকীয়া ঋতুস্ৰাৱ বন্ধ থাকিলে তাৰ পৰিৰ্ৱতে বগাস্ৰাৱ হলে আৰু ৰোগী অত্যন্ত দূৰ্বল হলে বিশেষকৈ কঁকালৰ পৰা তলৰ ডোখৰ দূৰ্বল হোৱা বাবে থিয়হবলৈ ক্ষমতা নাথাকে, মূৰ ঘুৰণি হয়। বিছনাৰ পৰা ওঠিলে মূৰ ঘূৰায়, গৰ্ভাৱস্থাত কিছুমান মহীলাৰ বগাস্ৰাৱ হয়, তেনে অৱস্থাত আন ঔষধ ব্যৱহাৰ কৰাতো হানিকাৰক হয়। তেতিয়া এই মেডিচিনটো ব্যৱহাৰ কৰিলে এই সমস্যা পৰা মু্ক্ত হব পৰে।
(১৪) OVA TOSTA

এক অতি ফলপসু মেডিচিন। বগাস্ৰাৱ বহু বছৰ ধৰি হৈ থাকিলে, অত্যন্ত লেতেৰা বগাস্ৰাৱ হলে, বগাস্ৰাৱৰ বাবে স্বাস্থ্যৰ অবনতি হলে এই ঔষধ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

ইয়াৰ ওপৰিও বগাস্ৰাৱত ব্যৱহৃত বহু হোমিঅপেথিক ঔষধ আছে এই ঔষধ সমূহ ৰোগীৰ লগত কথা পাতি ৰোগীৰ শাৰীৰিক, মানসিক সকলো বোৰ লক্ষণ জনাৰ পাছতহে ব্যৱহাৰ কৰিব পৰা যায়।

এই ঔষধ সমূহ ব্যৱহাৰ কৰি মই শ শ এই সমস্যাত ভুগা মহীলাক এই সমস্যা পৰা মুক্ত কৰিব বাবে সক্ষম হৈছো। আপোনালোককো মই পৰামৰ্শ আগবঢ়াম আপোনি যদি এই সমস্যা ভূক্ত ভুগী এবাৰ মাত্ৰ হোমিঅপেথিক চিকিৎসকৰ কাষ চাপক।

এই চিকিৎসা পদ্ধতি সম্পূৰ্ণ পাশ্বৰ্ক্ৰিয়া মুক্ত, নিৰাপদ। আপোনি কোনোধৰণৰ অসুবিধা আৰু দেহৰ ক্ষতি নোহোৱাকৈ ব্যৱহাৰ কৰি এই সমস্যা পৰা বাছি থাকিব পাৰিব।

শেষত কওঁ হোমিঅপেথিক চিকিৎসা পদ্ধতি গ্ৰহন কৰি সুস্বাস্হ্যৰ গৰাকি হওঁক আপোনালোকক স্বাস্হ্যৰ প্ৰতি সজাগ আৰু সচেতন কৰি সুস্বাস্বাস্থ্যৰ অধিকাৰী কৰাটোৱেই আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।

ডা. হৰিকান্ত দাস।

Dr Haris Homeopathic And Physiotherapy Clinic.
Gogamukh-Gerukamukh Road, Near Sujon Hotel.
Ph – 9954340102

LEAVE A REPLY

Please enter your comment!
Please enter your name here