উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা

1
উচ্চ-ৰক্তচাপ-ষ্ট্ৰোক-আৰু-ইয়াৰ-হোমিঅপেথিক-চিকিৎসা
উচ্চ ৰক্তচাপ, ষ্ট্ৰোক

নিৰব ঘাটক উচ্চ ৰক্তচাপষ্ট্ৰোক আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাঃ

নিৰব ঘাটক বুলি এই কাৰণেই কব খুজিছো-এজন ব্যক্তি, কেইমূহুৰ্ত মানৰ আগলৈকে সকলো ঠিকেই আছিল। মানুহৰ লগত কথাবতৰা পাতি হাঁহি ধেমালি কৰি আছিল, সকলো কাম সুকলমে কৰি আছিল, মূহুৰ্তৰ পাছতেই মানুহজন পৰিগল আৰু লগে লগে দেহৰ এটা অংশ পেৰেলাইচ বা জঠৰ হৈ গল আৰু পৰিয়ালৰ লাগিল হাহাকাৰ।
দ্ৰুত আধুনীকৰণৰ লগে লগে পৰিৱৰ্তিত জীৱনশৈলিয়ে সৃস্টি কৰা এক ভয়াৱহ সমস্যা উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোক বা পেৰালাইচিচ। মানুহৰ ব্যস্ততাপূৰ্ণ জীৱন ধাৰণৰ লগে লগে বৃদ্ধি হোৱা মানসিক উদ্বেগ, ভয়-শংকা আৰু প্ৰদুষিত পৰিবেশত জীৱন যাপন, অখাদ্য গ্ৰহণ আদি কাৰণত দিনক দিনে  নিৰব ঘাটক ৰুপী উচ্চ ৰক্তচাপৰ সমস্যাই ব্যাপক ৰুপ ধাৰণ কৰিছে। ইয়াৰ লগে লগে ষ্ট্ৰোক বা পেৰেলাইচিচত আক্ৰান্ত ৰোগীৰ সংখ্যও দিনক দিনে বৃদ্ধি হব ধৰিছে। গতিকে আজি অপোনালোকক কম এই উচ্চৰক্তচাপ কি, ইয়াৰ কাৰণ কি, কোন এই উচ্চৰক্তচাপত ভুগাৰ সম্ভাৱনা বেছি থাকে, লগতে ইয়াৰ হোমিঅপেথিক মেডিচিনৰ বিষয়েও কম…..

এজন ব্যক্তিৰ উচ্চ ৰক্তচাপত ভুগা বুলি কেতিয়া কোৱা হয় : –

এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ৰক্ত চাপ চিষ্টলিক < 120 mm Hg আৰু ডায়েষ্টলিক < 80 mm Hg থাকিব লাগে।

(১)প্ৰিহাইপাৰটেনচিভ: যদি চিষ্টলিক ব্লাড প্ৰেচাৰ ১২০-১২৯ mm of Hg আৰু ডায়েষ্টলিক ব্লাড প্ৰেচাৰ 80- 89 mm of Hg থাকে তেতিয়া ব্যক্তি জন প্ৰিহাইপাৰটেনচিভ বা উচ্চ ৰক্তচাপৰ পাৰম্ভিক অৱস্থাত থকা বুলি কোৱা হয়।
(২)হাইপাৰটেনচিভ:- যদি ৰক্তচাপ 140/90 ত কৈ বেছি থাকে তেতিয়া হাইপাৰটেনচন বা উচ্চ ৰক্ত চাপত ভুগা বুলি ধৰা হয়।

উচ্চ ৰক্তচাপ ৰ কাৰণ:- 


সৰহ সংখ্যক লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ কাৰণ জনা নাযায় ইয়াৰ ভিতৰত –

(১) বংশগত কাৰণ

(২) বেছি পৰিমাণে নিমখ খোৱা

(৩) Sleep apnea বা নিদ্ৰাহীনতা

(৪)অন্য ৰোগৰ ওপসৰ্গ হিচাপে যেনে- মুত্ৰ অৱৰোধ, Poly cystic Kidney Disease, কিডনিৰ বিনিন্ন ধৰণৰ বেমাৰ, হাৰ্টৰ বিন্ন বেমাৰৰ বাবেও উচ্চৰক্তচাপৰ সমস্যা হব পাৰে
(৫)কিছুমান ঔষধৰ ব্যৱহাৰৰ বাবে যেনে:- ষ্টেৰয়েড জাতীয় কিছুমান ঔষধ, উচ্চ মাত্ৰাত estrogens হৰমনৰ ঔষধ গ্ৰহন কৰা, কিচুমান মানসিক চাপ দুৰকৰাৰ ঔষধ গ্ৰহণ কৰা, cocaine জাতীয় ঔষধ, বিষনাশক আদি দৰব ব্যৱহাৰ কৰাৰ ফলতো উচ্চ ৰক্তচাপৰ সমস্যা হব পাৰে।

 উচ্চ ৰক্তচাপত ভুগাৰ সম্ভাৱনা কাৰ বেছি থাকে:-

অত্যাধিক মদ্যপান কৰা, ধূমপান কৰা ব্যক্তি, মেদবহুল বা আত্যাধিক শৰীৰৰ ওজন বৃদ্ধি হোৱা লোক, ৩৫ উদ্ধৰ লোক-যাৰ বয়স ৩৫ বছৰতকৈও বেছি হৈছে, বংশগত ইতিহাস থকা লোক- মাক-দেউতাকৰ উচ্চ ৰক্তচাপ থাকিলে তেওঁলোকৰ সতি সন্ততিৰো উচ্চৰক্তচাপৰ সমস্যা হব পাৰে। ডায়েবেটিচ, লিপিড বিসংগতি, হৃদৰোগ, ক্ৰনিক কিডনি ডিজিজ, শাৰীৰিক পৰিশ্ৰম নকৰি এলেহুৱা জীবন যাপন কৰা লোক, ষ্টেৰয়েড জাতীয় কিছুমান ঔষধ, উচ্চ মাত্ৰাত estrogens হৰমনৰ ঔষধ গ্ৰহন কৰা, কিচুমান মানসিক চাপ দুৰকৰাৰ ঔষধ গ্ৰহণ কৰা, cocaine জাতীয় ঔষধ, বিষনাশক আদি দৰব, গৰ্ভনিৰোধক বড়ি দীৰ্ঘদিন ধৰি ব্যৱবাৰ কৰা লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনা বেছি থাকে।

উচ্চ ৰক্তচাপ ৰ লক্ষণ সমূহ:-

উচ্চ ৰক্তচাপক নিৰব ঘাটক (silent killer) বোলা হয় কাৰণ যেতিয়ালৈকে টাৰ্গেট অৰগেন যেনে কিডনী, হাৰ্ট, অথবা মগজুৰ ক্ষতিগ্ৰস্ত নহয় তেতিয়া লৈকে কোনো লক্ষণ দেখা নিদিবও পাৰে। কোনো ৰোগীৰ ক্ষেত্ৰত ষ্ট্ৰোক হোৱাৰ পিছত হে উচ্চ ৰক্তচাপ ধৰা পৰা দেখা যায়। কিছুমান ৰ ক্ষেত্ৰত তলত দিয়া লক্ষণ সমূহ দেখা পোৱা যায়:-

(১) মূৰ বিষ ( sub occipital )
(২) মূৰ ঘুৰুৱা , গধূৰ লগা
(৩)স‌ংজ্ঞাহীনতা Dizziness
(৪) Fainting মূৰ আচন্দ্ৰাই কৰা
(৫) টোপনি কম হোৱা
(৬) হাৰ্টৰ ধপধপনি বৃদ্ধি পোৱা ( tachycardia )
(৭) সহজতে ভাগৰ লগা
(৮) বুকু ধপধপোৱা (palpitation )
(৯) বুকুৰ বিষ
(১০) কানত গু গু শব্দ অনুভৱ কৰা

প্ৰাৰম্ভিক লেবৰেটৰী পৰীক্ষা:-

(১) Renal – Microscopic urine analysis , albumin excreation, serum BUN , creatinine
(২) Endocrine – থাইৰয়ড হৰমন , TSH, চডিয়াম, পটাচিয়াম, কেলচিয়াম
(৩) Metabolic – Fasting blood glucose, total cholesterol, HDL ,LDL , triglyceride
(৪) Other tests – CBC , electrocardiovram ,chest X ray

উচ্চ ৰক্তচাপ ৰ ক্ষেত্ৰত দেখা দিব পৰা সমস্যা ( complications if not treated):-

আচলতে বেলেগ কোনো ধৰণৰ বেমাৰ নাথাকিলে অথবা কিডনী, হাৰ্ট, মস্তিষ্কত ক্ষতি নকৰিলে উচ্চ ৰক্তচাপত ভুগা ব্যক্তি এজনক স্বাস্থ্যবান বুলি গণ্য কৰা হয়। কেৱল তেখেঁতৰ যাতে উচ্চ ৰক্তচাপ ৰ দ্বাৰা অন্য ৰোগত যেনে – হাৰ্ট, কিডনী আদি ৰোগত আক্ৰান্ত নহয় আৰু এটি সুস্থ নিৰোগী জীৱন যাপন কৰিব পাৰে তাৰ বাবে নিয়মীয়াকৈ ঔষধ সেৱন কৰিব লাগে। কিন্তু যদিহে ব্যক্তিজনে ঔষধ সেৱন নকৰে তেন্তে তলত উল্লেখ কৰা জটিলতা সমূহত ভুগাৰ সম্ভাৱনা থাকে:-

(১) ষ্ট্ৰোক Cerebrovascular accidents / stroke
(২)Myocardial infarction (হাৰ্টএটেক)
(৩) Hypertensive cardiomyopathy ( হাৰ্ট ফেইলাৰ )
(৪) Hypertensive retinopathy ( চকুৰ ৰেটিনাৰ ক্ষতি সাধন কৰে)
(৫) Hypertensive nephropathy (কিডনীৰ ৰোগ)
(৬) Hyoertensive encephalopathy ( মগজুৰ ক্ষতি সাধন কৰে )
(৭) Congestion in lungs ( বুকুত কফ অথবা পানী জমা হোৱা )
(৮)Left ventricular hypertrophy
(৯)Epistaxis (নাকৰ পৰা তেজ ওলাব পাৰে)
(১০) Impotance ( নপুংশকতাত ভুগিব পাৰে )

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে কৰনীয় :-

(১) প্ৰথম কথা হল ব্যক্তিজনে সুশৃংখলিত জীৱন যাপন কৰিব লাগিব। মানসিক দুশ্চিন্তা পৰিহাৰ কৰি চিন্তামুক্ত জীৱন যাপন কৰিব লাগিব। ফাচফুড, জাংফুড, অত্যাধিক তেল মচলা, ভজা পোৰা আদি খাদ্য পৰিহাৰ কৰিব লাগিব। যদি ওজন বেছি আছে তেন্তে ওজন হ্ৰাস কৰিবৰ বাবে চেষ্টা কৰিব লাগিব।
(২) খাদ্যত নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব। নিমখ দিনত 4.4 – 7.4 gm / ৰ বেছি নাখাব।

(৩) নিৰামিষ খাদ্য ফল – শাক পাচলি, কম চৰ্বি যুক্ত গাখীৰ বা স্কিম মিল্ক খাব পাৰে। ফল, শাক পাচলিত পটেচিয়াম, মেগনেচিয়াম, আহযুক্ত পদাৰ্থ থাকে গতিকে এইবোৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

(৪) নিতৌ শাৰীৰিক ব্যায়াম কৰক, দিনত অন্তত ৩০ মিনিট সময় খোজ কঢ়াৰ অভ্যাস কৰক।

(৫) মদ্যাপান, ধূম্ৰপান আদি ৰাগিয়াল বস্তুৰ ব্যৱহাৰ পৰিত্যাগ কৰক।

(৬) খং ৰাগ, উদ্দেগ, উত্তেজনাৰ পৰা বিৰত থাকিব লাগিব।

উচ্চ ৰক্ত চাপত ব্যৱহাৰ হোৱা হোমিঅপেথিক ঔষধ:-

উচ্চ ৰক্তচাপ যদি বহুত বেছি হৈ যায় তেনে হলে তাক্ষণিক মেনেজমেন্তৰ বাবে গ্লনইনাম Q ঔষধটো ১ টোপাল ১ কাপ পানীৰ লগত খুৱাব আৰু ১০-১৫ মিনিট মানৰ পাছত পুণৰ প্ৰেচাৰ জুখিব, যদি নিয়ন্ত্ৰণলৈ নাহে পুণৰ ১ ঘন্টাৰ পাছত ১ টোপাল খোৱাব। এইখিনিতে আপোনালোকক বিশেষ সতৰ্কীকৰণৰ বাবে এটা কথা কৈথওঁ- এই ঔযধ ব্যৱহাৰ কৰোতে হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ নিশ্চিতভাবে গ্ৰহণ কৰিব। কাৰণ এই ঔষধ সঠিক মাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰীলে প্ৰেচাৰ কমিগৈ অসুবিধাৰ সৃস্টি কৰিব পাৰে।

উচ্চৰক্তচাপত ভোগা লোকে নিয়মিত ভাবে হোমিঅপেথিক মেডিচিন RauwalfiaQ আৰু Categu OxiQ এই ঔষধ দুটা দুইটাৰ পৰা ১০ টোপালকৈ ১ কাপ পানীৰ লগত ৰোগৰ প্ৰ্যাবল্য অনুসৰি দিনে ২-৩ বাৰ কৈ খালে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ হয়।

Cephalandra IndicaQ:

ডায়েবেটিছ ৰোগী সকলৰ উচ্চ ৰক্ত চাপত এই ঔষধে অত্যন্ত সুফল দিয়ে। ৰোগীৰ মাথাৰ বিষ, মাথা ঘুৰুৱাৰ লগতে হাত, ভৰি, চকু, মুখ জুইয়ে পোৰাৰ দৰে জ্বলে আৰু ঠাণ্ডা প্ৰয়োগ কৰিলে সেই জ্বলা পোৰা উপশম হলে এই ঔষধৰ Q ৩-৪ টোপালকৈ ঠাণ্ডা পানীৰ সৈতে দিনে ৩-৪ বাৰকৈ খাব।

Viskam Alb:

উচ্চ ৰক্ত চাপৰ লগতে অত্যন্ত বুকু ধপধপনী, উশাহ লবলৈ অত্যন্ত কষ্ট, বাওঁফালে কাটিহৈ শুব নোৱাৰে, বুকু অত্যন্ত গধুৰ অনুভব কৰে, ৰোগীয়ে একে ঠাইতে স্থিৰে থাকিব নোৱাৰে আদি লক্ষণ থাকিলে এই ঔষধে ভাল ফল দিয়ে। এই ঔষধৰ Q ১০ টোপালকৈ আধাকাপ থাণ্ডা পানীৰ লগত দিনে ২-৩ বাৰকৈ ব্যৱহাৰ কৰিব।

Ambra Gresea:

ৰক্তচাপ বেছি হোৱাৰ বাবে মূৰৰ তালুত বিষ হয়, বুকু ধৰফৰণি, কানে কম শুনা, বুকুত গধুৰ অনুভৱ কৰা, টোপনি নোযোৱা আদি লক্ষণ থাকিলে এই ঔষধে ভাল ফল দিয়ে। এই ঔষধৰ ৩০ শক্তিৰ দিনে ৩ বাৰ কৈ ব্যৱহাৰ কৰিব লাগে।

ইয়াৰ উপৰিও হোমিঅপেথিক মেডিচিন Argentum nitricum, Calcarea Carb, Natrum Mur, Phosphorus আদি ভালেমান মেডিচিন আছে ৰোগৰ লক্ষণ আৰু প্ৰবল্য অনুসৰি ব্যৱহাৰ কৰি এই সমস্যআৰ পৰা নিশ্চিত ভাবে উপক্ষম পাব পাৰে।

ডা. হৰিকান্ত দাস।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here