থাইৰয়েড কমাবলৈ কি কি খাদ্য খাব

2
কি কি খাদ্য খালে থাইৰয়েড কমে
থাইৰয়েড কমাবলৈ কি কি খাদ্য খাব

কি কি খাদ্য খালে থাইৰয়েড কমেঃ

কি-কি-খাদ্য-খালে-থাইৰয়েড-কমে
থাইৰয়েড

জি আমি কেইবিধমান খাদ্যৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ নিয়মিত গ্ৰহণ কৰি আমি থাইৰয়েডৰ সমস্যাৰ পৰা বাছি থাকিব পাৰো। এই ৰোগ হলে কেৱল ঔষধৰ ওপৰতে নিৰ্ভৰ নকৰি সঠিক খাদ্য সঠিক সময়ত গ্ৰহন কৰে তেনে হলে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। আপোনালোকে কেৱল ঔষধৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰিব। কৰণ থাইৰক্সিন হৰমনৰ ঔষধৰ ষথেষ্ট পাৰ্শ্বক্ৰিয়া আছে। এইবোৰ দৈনিক গ্ৰহণ কৰাৰ ফলত অত্যাধিক ভাগৰ লগা, হাত-ভৰি কঁপনি উঠা, চুলিসৰা, বুকুৰ ধপধপনি বৃদ্ধি হোৱা আদি সমস্যা হয়। স্বাভাৱিক অৱস্থাত আমাৰ থাইৰয়েড গ্ৰন্থীয়ে সঠিক মাত্ৰাত থাইৰয়েড হৰমন উতপন্ন কৰে কিন্তু যেতিয়া আমি এই থাইৰয়েডৰ ঔষধ গ্ৰহণ কৰো তেতিয়া এই হৰমন নিসৰণত বিসংগতি আহিবলৈ ধৰে। যাৰ বাবে আমাৰ বিভিন্ন সমস্যা হবলৈ ধৰে।

গতিকে আমি এইবোৰ খাদ্য গ্ৰহণ কৰাৰ লগে লগে খাদ্য সামগ্ৰীৰ প্ৰতিও সচেতন হব লাগে। যাতে ঔষধ অবিহনেই আমি এই থাইৰয়েড নিয়ন্ত্ৰন কৰিব পাৰো। তাৰ বাবে আমি কেনেকুৱা ধৰণৰ খাদ্য খালে আমাৰ থাইৰয়েড নিয়ন্ত্ৰণ হব সেই বিষয়ে আমি জানিব লাগিব।

এতি আমি জানো আহক কেইবিধমান খাদ্যৰ বিষয়ে যিবোৰ থাইৰয়েডৰ বাবে অতি লাভ দায়ক বুলি গন্য কৰা হয়।

থাইৰয়েড কমাবলৈ নাৰিকলৰ তেলঃ

নাৰিকলৰ তেলত ফেটি এচিড থাকে। যি আমাৰ শৰীৰৰ মেটাবলিজিম বৃদ্ধিত সহায় কৰে। যিহেতু থাইৰয়েডে আমাৰ শৰীৰৰ মেটাবলিজিমৰ উপৰত প্ৰভাৱ বৃস্তাৰ কৰি শৰীৰত অত্যধিক ছৰ্বি বৃদ্ধি কৰি মেদবহুলতাৰ সমস্যা সৃস্টিকৰে আৰু শৰীৰ দুৰ্বল কৰি দিয়ে। গতিকে দীৰ্ঘদিন ধৰি এই থাইৰয়েডৰ সমস্যাত ভুগি থকা ব্যক্তিয়ে নাৰিকল তেল খোৱাটো অতি উপযোগী। এই নাৰিকল তেলত LAURIC ACID থাকে যি আমাক মেডবহুলতাৰ সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে হৃদৰোগৰো প্ৰতিৰোধ কৰে। গতিকে প্ৰতিদিনে ১ চামুচকৈ নাৰিকলৰ তেল গৰম পানী, গৰম গাখীৰ গৰম দালি বা যিকো চবজিৰ লগত খাব পাৰে।

থাইৰয়েড কমাবলৈ দৈঃ

থাইৰয়েডৰ সমস্যত ভুগা ৰোগীয়ে দিনিক নিয়মিত ভাবে দৈ খাব লাগে। কাৰণ দৈত ভিটামিন ডি, চেলেনিয়াম, আৰু আয়ডিন থাকে। যিটো আমাৰ থাইৰয়েড হৰমনৰ বাবে অতি লাগতিয়াল বুলি গন্য কৰা হয়। দৈনিক ১ বাটি দৈ সেৱন কৰিলে থাইৰয়েড হৰমনৰ সমস্যা কমি আহে।

থাইৰয়েড কমাবলৈ ধনীয়াঃ

থাইৰয়েড ৰোগীৰ বাবে ধনীয়া অত্যন্ত উপযোগী। প্ৰাচীন কালৰে পৰা ধনীয়াক থাইৰয়েডৰ চিকিৎসাত সফল ভাবে ব্যৱহাৰ কৰি আহা হৈছে। থাইৰয়েডৰ উপৰিও ধনীয়াই শৰীৰৰ কলেষ্ট্ৰৰেল হ্ৰাস কৰা, শৰীৰৰ ছৰ্বী নিয়ন্ত্ৰণ কৰা আদিত ইয়াক অত্যন্ত উপকাৰী বুলি গন্য কৰা হয়। সপ্তাহত অন্ততঃ ৩-৪ বাৰ ধনীয়াৰ ৰস সেৱন কৰিলে লাহে লাহে থাইৰয়েডৰ সমস্যা কমি আহে।

থাইৰয়েড কমাবলৈ অশ্বগন্ধাঃ

পৌৰাণিক কালৰে পৰা অশ্বগন্ধাক মহৌষধী ৰূপে গণ্য কৰি অহা হৈছে।  হোমিঅপেথিক চিকিৎসা প্ৰদ্ধতিটেো ইয়াৰ ব্যাপক ব্যৱহাৰ আছে। সমগ্ৰ বিশ্বব্যাপী ইয়াৰ বহুল ব্যৱহাৰ আছে। এক গৱেষণাৰ তথ্য অনুসৰি ৩০ ৰ পৰা ৪০ সপ্তাহ এই অশ্বগন্ধা ব্যৱহাৰ কৰি ৩০ ৰ পৰা ৪০ শতাংশ থাইৰয়েডৰ বিসংগতি নোহোৱা কৰিবলৈ সক্ষম হৈছে। এই ঔষধ উচ্চৰক্তচাপ আৰু হাই ব্লাড চুগাৰৰ ব্যক্তিৰ বাবেও অত্যন্ত লাভদায়ক। এই ঔষধ হোমিঅপেথিক ফাৰ্মাচীত উপলব্ধ। আপোনালোকে ইয়াৰ মাদাৰটিংচা ১০-১৫ টোপালকৈ দিনে ৩-৪ বাৰ ব্যৱহাৰ কৰিব পাৰে।

থাইৰয়েড কমাবলৈ আদাঃ

আদা থাইৰয়েড বেমাৰৰ বাবে যথেস্থ ফলপসু। অদা, নেমু আৰু মৌ মিহলাই খালে থাইৰয়েড নিয়ন্ত্ৰণ হোৱাত সহায়ক হয়।

আদাত এন্টিইনফ্লামেটৰী আৰু এন্টিবেক্টেৰিয়েল উপাদান থাকে।

নেমুত থকা ভিটামিন চি য়ে T3 আৰু T4 হৰমনৰ বিসংগতি দুৰ কৰাত যথেস্থ সহায় কৰে।

কেইটামান আদাৰ টুকুৰা লব আৰু কেইটুকুৰামান নেমু বাকলি নুগুছোৱাকৈ কাটি লব।  একগিলাচ পানীত অলপ সময় উতলাব। অলপ ঠাণ্ডা হোৱাৰ পাছত দিনত এবাৰকৈ খাব। এনেকৈ নিয়মিত সেৱন কৰিলে থাইৰয়েডৰ সমস্যা শীঘ্ৰে উপক্ষম হয়।

থাইৰয়েড কমাবলৈ পালেং শাকঃ

পালেং শাকত ভিটামিন ডি, কেলচিয়াম, জিং, আইৰণ, মেগনেচিয়াম আদি উপাদান থাকে। আৰু এই সকলোবোৰ পৰিপুষ্টি উপাদানে থাইৰয়েড নিয়ন্ত্ৰণ কৰাত যথেস্থ সহায়ক ৰূপে কাম কৰে।

পালেংশাক অলপমান গৰম পানীত ধুই লৈ যুচ বনাই নেমুৰ ৰসৰ লগত সপ্তাহত ৩-৪ বাৰকৈ সেৱন কৰক। এ উপাদান থাইৰয়েডৰ লগতে শৰীৰৰ হাড়ৰ মজৱুটি, চুলিৰ আৰু চালৰ বাবেও অত্যন্ত উপকাৰী।

থাইৰয়েড কমাবলৈ মাছঃ

থাইৰয়েডৰ সমস্যাত ভুগা মানুহে মাছ বেছিকৈ খাব লাগে। কাৰণ মাছত থকা সকলোবোৰ ভিটামিন থাইৰয়েড নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু এটা কথা মন কৰিব মাছ যদি ভাজি খায় তাৰ পৰা আপোনি লাভবান হোৱাৰ বিপৰীতে বেছি ক্ষতিৰ সন্মুখীনহে হব। মাচ ভাজিলে ইয়াৰ পুষ্টি বিনষ্ট হয়।

থাইৰয়েড কমাবলৈ দালচেনিঃ

থাইৰয়েড বেমাৰে আমাৰ শৰীৰৰ মেটাবলিজিম নষ্ট কৰি দিয়ে। যাৰ বাবে থাইৰয়েডত আক্ৰান্ত ব্যক্তি জন দূৰ্বল, ভাগৰুৱা বা শক্তি হীন হৈ পৰা দেখিবলৈ পোৱা যায়। দালচেনিয়ে দেহৰ মেটাবলিজিম সঠিক ৰখাত যথেস্থ সহায় কৰে। দালচেনিৰ পাউদাৰ গৰমপানীত অথবা মৌৰ লগত সেৱন কৰিব পাৰে।

থাইৰয়েড কমাবলৈ গাজৰঃ

গাজৰত বিটাকেৰটিন থাকে। এই বিটাকেৰটিন আমাৰ থাইৰয়েড গন্থীৰ পৰিপুষ্টিৰ বাবে অত্যন্ত লাভ দায়ক। গতিকে থাইৰয়েডৰ সমস্যা থকা মানুহে পৰ্যাপ্ত পৰিমানে গাজৰ খাব লাগে। দৈনিক গাজৰ খালে থাইৰয়েডৰ সমস্যা কমি যায়।

থাইৰয়েড কমাবলৈ আমলখিঃ

মৌৰ সৈতে আমলখিৰ যুচ খেৱন কৰিলেও থাইৰয়েডৰ সমস্যা উপশম হোৱাত সহায়ক হয়। আমলখিৰ জুচ অথবা পাউদাৰ ব্যৱহাৰ কৰিব পাৰে।

ডা.হৰিকান্ত দাস।
Dr Haris Homeopathic & Physiotherapy Clinic
Gogamukh Chariali, Gerukamukh Road.
ফোন নং- 9707722511

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here