প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ ইয়াৰ কাৰণ, লক্ষণ আৰৰু লবলগা সাৱধানতাঃ

0
প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ ইয়াৰ কাৰণ, লক্ষণ আৰৰু লবলগা সাৱধানতাঃ
প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ

প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ ইয়াৰ কাৰণ, লক্ষণ আৰৰু লবলগা সাৱধানতাঃ

প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণ সমস্যা শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে হয় যদিও কিন্তু মহিলাসকলহে এই সমস্যাত বেছিকৈ ভাৰক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। এই সংক্ৰমণৰ বাবে প্ৰস্ৰাৱ নলীৰ বিষ, পোৰণি আৰু খজুৱতী হয়। যদি এই সমস্যা একেৰাহে হৈথাকে ই ভয়াৱহ ৰোগৰ কাৰণ হৈ পৰিব পাৰে। প্ৰস্ৰাৱ নলীৰ সংক্ৰমণৰ বিভিন্ন কাৰণ আছে। মানুহক জীয়াই থাকাবলৈ মগজু আৰু হৃদপিণ্ড যেনে দৰে প্ৰয়োজন, কিডনী বা বৃক্ক দুটা ঠিক সমানেই প্ৰয়োজন। আমাৰ শৰীৰৰ যাৱতীয় অপ্ৰয়োজনীয় ও বৰ্জ্য পদাৰ্থ সমূহ এই দুটা কিডনীৰ দ্বাৰাই বাহিৰ হয়। প্ৰতি দিনাই ডেৰ পৰা দুই লিটাৰ মূত্ৰ নিস্কাৰ্ষণ হয় আমাৰ কিডনী দুটাত। শৰীৰৰ ৰক্তশোণিতত সৃষ্টি হোৱা নানা ধৰণৰ ৰাসায়নিক পদাৰ্থ এই প্ৰস্ৰাৱৰ দ্বাৰাই বাহিৰ হয়। তেজত এচিড বেচ নিয়ন্ত্ৰণ কৰা, শৰীৰত মুঠ পানীৰ পৰিমানৰ ভাৰসাম্য ৰক্ষাকৰাও কাডনীৰ কাম। যেতিয়া কোনো ব্যক্তিয়ে দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ ৰাখি থয়, তেতিয়া প্ৰস্ৰাৱত থকা বেক্টেৰিয়া কিডনীৰফালে যাবলৈ ধৰে। যাৰ বাবে আমাৰ প্ৰস্ৰাৱ নলীত সংক্ৰমণ ঘটে।
         স্কুল, অফিচ, ৰাজহুৱা স্থানৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাৰ বাবেও ইউৰিন ইনফেকচন হব পাৰে। যিদৰে কোনো পাত্ৰত দীৰ্ঘ সময় ধৰি পানী জমাথাকিলে বেক্টেৰিয়া উৎপত্তি হয়, তেনে দৰে আমাৰ ইউৰিনাৰী ব্লাডাৰত বহুসময় ধৰি প্ৰস্ৰাৱ জমাথাকিলে প্ৰস্ৰাৱত থকা বেক্টেৰিয়া সক্ৰীয় হৈ যায়। পুৰুষৰ তুলনাত মহিলাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি। কাৰণ পুৰুষৰ তুলনাত মহিলাৰ মুত্ৰাশয় তুলনামূলক ভাবে সৰু হয়। যৌন সম্পৰ্ক স্থাপনৰ সময়ত ইয়াত পৰা প্ৰভাৱৰ ফলতো ইউৰিনাৰি ইনফেকচন হব পাৰে।

ইউৰিনাৰি ইনফেকচনৰ লক্ষণ সমূহঃ-

 – প্ৰস্ৰাৱত দূৰ্গন্ধ
· বমি ভাৱ বা বমি বমি হোৱা
· প্ৰস্ৰাৱ গাঢ় হালধীয়া বা ৰঙা হোৱা
· তল পেট বা পিঠিত তীব্ৰ বীষ হোৱা
· ঘনাই ঘনাই প্ৰস্ৰাৱ লাগে কিন্তু ভালদৰে       নহোৱা
· প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলাপোৰা কৰা
· যিকোনো সময়তে জ্বৰ জ্বৰ ভাব লাগি থকা তলপেট বিষ হোৱা আদি।
বিশেষকৈ গৰমৰ দিনত মুত্ৰ সংক্ৰমণ বেচি হোৱা দেখা যায়।


 ইউৰিনাৰি ইনফেকচনৰ কাৰণঃ-

কিডনীয়ে তেজ পৰিস্কাৰ কৰি বিষাক্ত পদাৰ্থ বা অন্য বিষাক্ত দব্য সমূহ মূত্ৰাশয়লৈ পথায়। মুত্ৰাশয় যেতিয়া সম্পূৰ্ণ ৰুপে ভৰিপৰে তেতিয়া মূত্ৰবাহী নলীত চাপৰ সৃষ্টি হবলৈ ধৰে। যাৰ বাবে আমাব প্ৰস্ৰাৱৰ অনুভৱ আহে। যদি কিবা কাৰণত ব্যক্তিয়ে ইয়াক বাধা দিয়ে বা প্ৰস্ৰাৱ বাহিৰ কৰি নিদিয়ে তেতিয়া ই সংক্ৰমণৰ কাৰণ হৈ পৰে। Coli-E একধৰণৰ বেক্টেৰিয়া হয় যি মুত্ৰ নলীৰ সংক্ৰমণৰ কাৰক হয়। এই বেক্টেৰিয়া মানুহৰ মূত্ৰনলী আৰু কিডনীত পোৱা যায় আৰু সম্পূৰ্ণ শৰীৰত ই বিচৰণ কৰে।

ইউৰিন ইনফেকচনৰ অন্যান্য কাৰণ সমূহ-

চাফচিকুন নোহোৱাটোও ইয়াৰ এটা মুখ্য কাৰণ হয়। গতিকে স্নানাগাৰ সদাই সু-পৰিস্কাৰ কৰি ৰাখিব লাগে।

যথাসাধ্যে ৰাজহুৱা প্ৰস্ৰাৱগাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক।

সাৰ্বজনীন প্ৰস্ৰাৱ গাৰো ইউৰিনাৰি ইনফেকচনৰ আন এক কাৰণ হয়।

যৌন সম্পৰ্ক স্থাপনৰ সময়ত ইয়াত পৰা চাপৰ ফলত Coli-E নামৰ বেক্টেৰিয়া পেটৰ পৰা মূত্ৰাশয়লৈ গতি কৰে।

কনডম ব্যৱহাৰ কৰোতে হোৱা ঘৰ্ষণৰ ফলতো এই সংক্ৰমণ হব পাৰে।

মধুমেহ বা ডাইবেটিছত আক্ৰান্ত ব্যক্তিৰ এই সংক্ৰামণ বহু গুৰুতৰ সমস্যা হব পাৰে।

 ইউৰিনাৰি ইনফেকচনৰ পৰা বাচি থাকিবলৈ কি কৰিবঃ-

ইউৰিনাৰি ইনফেকচনৰ পৰা বাচিথাকিবলৈ উপযুক্ত পৰিমাণৰ পানী খোৱাটো খুবেই প্ৰয়োজন। আপোনি হয়তো জ্ঞাত যে যথেষ্ট পৰিমাণৰ পানী খালে ইউৰিনেৰি ইনফেকচনৰ পৰা বাছি থাকিব পৰা যায়। পানীয়ে শৰীৰত থকা বেক্টেৰিয়া বা জীৱাণু শৰীৰৰ পৰা উলিয়াই পথোৱাত সহায় কৰে। গতিকে প্ৰতিদিনে ৪/৫ লিটাৰ পানী খোৱাটা অতি জৰুৰী।
যৌন সম্পৰ্ক স্থাপন কৰাৰ পাছত প্ৰস্ৰাৱ কৰিব লাগে। তেতিয়া প্ৰস্ৰাৱৰ দ্বাৰত যদি বেক্টেৰিয়া জমা হয় বাহিৰ হৈ যাব। বেক্টেৰিয়া যাতে জমা হব নোৱাৰে তাৰবাবে প্ৰেস্ৰাৱ দ্বাৰ ভালদৰে ধুই লব লাগে।
সদায় কপাহি কাপোৰৰ আণ্ডাৰ ৱে ব্যৱহাৰ কৰিব লাগে। তেতিয়া সংক্ৰমণৰ সম্ভাৱনা কম হয়। যদি এই ইউৰীনাৰী ইনফেকচনৰ লক্ষণ দেখাপায় পলম নকৰি চিকিৎসকৰ কাষ চাপিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here