হাৰ্ট এটেক আহাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণ

0
হাৰ্ট-এটেক
হাৰ্ট এটেক আহাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণ

হাৰ্ট এটেক আহাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণঃ

হাৰ্ট-এটেক-Heart-Attack
Heart Attack
হাৰ্ট এটেক অহাৰ এক মাহৰ অগতে আপোনাৰ শৰীৰে আপোনাক কিছুমান বিশেষ লক্ষণ দেখাব। ইয়াৰে ৮ টা প্ৰধান লক্ষণ উল্লেখ কৰা হৈছে।

১. Fatigue / ভাগৰুৱাঃ

হাৰ্ট-এটেক-Heart-Attack
Heart Attack

খুউব ভাগৰ লাগিব, ক্লান্তি বা অবসাদ ভাব হ’ব, যিটো আপোনি কেতিয়াও অনুভৱ কৰা নাই। অৰ্থাত বিশেষ কোনো শাৰীৰিক কষ্ট নকৰাকৈয়ে হৰ্থাৎ খুউব ভাগৰুৱা যেন অনুভৱ কৰাটো হৰ্ট এটেকৰ আগজাননী হব পাৰে। বিশেষ কৈ মহিলা সকলৰ অগতানুগতিক ক্লান্তি অনুভৱ পুৰুষৰ তুলনাত তুলনামোলক ভাবে বেছি হয়। শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ কাৰণে এনেধৰণৰ হৰ্থাৎ ভাগৰুৱা অনুভৱ হয়। এনে দূৰ্বলতা, ক্লান্তি, অনুভৱ সঘনাই হবলৈ ধৰে আৰু দৈনন্দিন কৰি থকা কিছুমান কাম কৰিবলৈও বহু কষ্ট অনুভৱ হয়।

২. Abdominal pain/ পেটৰ বিষঃ-

পেটৰ বিষ, পেটটো খালী হোৱা যেন অনুভৱ হয়, লগতে বমিৰ ভাব থাকিব। কেতিয়াবা আকৌ পেট ফুলি থকা যেন লাগিব আৰু বমিৰ ভাব থাকিব। অৰ্থাৎ পেটৰ বিষ, পেট উফন্দি থকা যেন অনুভৱ হব, পেট খালী হৈ আছে যেন লাগিব। বমি বমি ভাব আদি লক্ষণ বিলাক যদি সঘনাই হৈ থাকে ই এটা হাৰ্ট এটেকৰ কাৰণ হব পাৰে। এনে ধৰণৰ লক্ষণ সমূহ পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে একেধৰণে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়।

৩. Insomnia/Sleeplessness –

অনিদ্ৰা বা নিদ্ৰাহীনতাও হাৰ্ট এটেকৰ এটা লক্ষণ ৰূপে গণ্য কৰা হৈছে। যিটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ পোৱাযায়। মানুহৰ দূচিন্তা বা উৎকণ্ঠাৰ কৰণে নিদ্ৰাহীনতাৰ সৃষ্টি হব পাৰে। যিটো শেষত হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হৈ পৰে। নিদ্ৰা হীনতাৰ কাৰণে ৰোগী ৰাতি সহজতে টোপনি যাব নোৱাৰে আৰু ৰাতিপূৱা বিচনাৰ পৰা উঠাটো বহু কষ্টকৰ হৈ পৰে।

৪. Shortness of breath 

উশাহ চুটি চুটি হোৱাটোও হাৰ্ট এটেকৰ আন এটা মুখ্য লক্ষণ। ৰোগীয়ে ভালকৈ উশাহ নিশাহ লোৱাত কষ্ট অনুভৱ কৰে। গৰম উঠিবলৈ ধৰে আৰু চতফটাই থাকে। এই লক্ষণ পুৰুষ মহিলা উভয়ৰে হাৰ্ট এটেক অহা একমাহৰ আগৰ পৰাই

প্ৰকাশ পাব। এনেকুৱা লক্ষণ প্ৰকাশ পালে পলম নকৰি ডাক্তৰৰ উতৰলৈ যোৱাটো অতি আৱশ্যক।

৫. Hair loss 

অত্যাধিক চুলিসৰা হাৰ্ট এটেকত দৃষ্টিগোচৰ হোৱা এটা লক্ষণ। এনেধৰণৰ লক্ষণ পুৰুষ সকলৰ মাজত তুলানামূলক ভাবে বেছিকৈ পোৱা যায়। মহিলা সকলৰ মাজত এই লক্ষণ দেখাপোৱা যায় কিন্তু পুৰুষৰ তুলনাত কম।

৬. Irregular heart beat 

অনিয়মীয়া হাৰ্ট বিট ও হাৰ্ট এটেকৰ এটা মুখ্য কাৰণ হব পাৰে।

৭. Excessive perspiration (sweating)

যিকোনো সময়তে ঘাম উলোৱাও হাৰ্ট এটেকৰ এটা পাৰম্ভিক লক্ষণ। মহিলাৰ মাজত এই লক্ষণ বেছিকৈ দেখা যায়। সৰ্বসাধাৰণতে এনেকুৱা হলে মহিলা সকলে অত্যাধিক গৰম পৰা বুলিয়েই ভাবি লয় বা menopause বা মাহেকীয়া তাৰ কাৰণ বুলি ভাবে। ঘাম অত্যাধিক হয় আৰু ঘামৰ কাৰণে বিচনাচাদৰ সেমেকি যায়।

৮. Chest pain বুকুৰ বিষঃ 

বুকুৰ বিষো হাৰ্ট এটেকৰ কাৰণ হব পাৰে। একেৰাহে বুকুৰ বিষ হৈ থকাটো হাৰ্ট এটেকৰ পাৰম্ভিক লক্ষণ। ৩০ % মহিলাৰে বুকুৰ বিষ থকাটো দেখিবলৈ পোৱা যায়। এই লক্ষণ সমূহ প্ৰকাশ পালে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি সাৱধানতা অৱলম্বন কৰিলে নিশ্চিত বিপদৰ পৰা আপোনি বাচি থাকিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here