যৌন ৰোগ গনৰিয়া Gonorrhea Homeopathic Medicines & Treatment

0
যৌন ৰোগ গনৰিয়া Gonorrhea Homeopathic Medicines & Treatment

Gonorrhea–Homeopathic Medicines & Treatment যৌন ৰোগ গনৰিয়া 

         এটা সুস্থ শৰীৰতহে সুস্থ মন এটাই বাস কৰে। সুস্থ সবল শৰীৰ এটাৰ অধিকাৰী হ’বৰ বাবে মানুহে স্বাস্থ্য ৰক্ষাৰ সকলো নীতি নিয়ম মানি চলাটো অতিব প্ৰয়োজন। জীৱন কালত মানুহে উশৃংখল জীৱন জাপনেৰে নিজৰ শৰীৰটোৰ ওপৰত চলোৱা নানান অত্যাচাৰৰ ফলতেই দুৰাৰোগ্য ব্যাধিয়ে সহজতে আক্ৰান্ত কৰে। নিজৰ কিছুমান অপকৰ্মৰ বাবেই কিছুমান সংক্ৰামক ব্যাধিয়ে শৰীৰত প্ৰবেশ কৰি জীৱন বিষময় কৰি তুলিবলৈ সুবিধা পায়। এনে এক সংক্ৰামক ব্যাধি হ’ল- গনৰিয়া।
            গনৰিয়া হ’ল বেক্টেৰিয়াৰ সৃস্থ আৰু যৌন সৰ্ম্পকৰ দ্বাৰা সংক্ৰামিত এক জটিল যৌন ৰোগ। জনন ইন্দ্ৰীয় অথবা মূত্ৰ যন্ত্ৰৰ অথবা মূত্ৰ নলীয়েদি পূঁজ পৰা আৰম্ভ হ’লেই তাকে সহজ ভাষাত গনৰিয়া বুলি কোৱা হয়। গনৰিয়া অতি সহজতে সংক্ৰামণ ঘটা ৰোগ। বিশ্ব স্বাস্থ্য সন্থা(WHO)ই প্ৰতি বছৰে ৬২ মিলিয়ন লোক গলৰিয়াত আক্ৰান্ত হয় বুলি এক সুত্ৰত প্ৰকাশ কৰিছে। চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেন্টচন (CDC) নামৰ সংস্থাটোৱে পৰিসংখ্যাত প্ৰকাশ কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে ৮,২০,০০০ মানুহ নতুনকৈ গনৰিয়া ৰোগত আক্ৰান্ত হয়। CDC ৰ তথ্য অনুসৰি গনৰিয়াত আক্ৰান্তৰ ৫,৭০,০০০ জনেই ১৫-২৪ বছৰ মাজৰ যুৱক বুলি সংস্থাঠোৱে প্ৰকাশ কৰিছে।
ই গুৰুতৰ ব্যাধিয়ে পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰিব পাৰে। এই ব্যাধি স্পৰ্শ সংক্ৰামক ব্যাধি। এই ব্যাধি যৌন সৰ্ম্পকৰ মাধ্যমেৰেই এগৰাকী নাৰীৰ পৰা এজন পুৰুষলৈ অথবা এজন পুৰুষৰ পৰা এগৰাকী নাৰীৰ দেহলৈ সংক্ৰামন ঘটে আৰু লাহে লাহে বিস্তাৰ লাভ কৰে।
          পুৰুষৰ মূত্ৰ নলীৰ পিছফালে এটা সৰু গাঁত সদৃস থাই আছে ইয়াক ফচানেফিকিউলাৰ্চ বুলি কোৱা হয়। এই ৰোগ প্ৰথমে সেই স্থানতে আৰম্ভ হয়। তাৰ পাছত লাহে লাহে মূত্ৰ নলি, মূত্ৰ স্থলী, জৰায়ু, ফ্যেলোপিয়ান টিউব ইত্যাদি আক্ৰান্ত হয়। এই ৰোগৰ জীবাণু আৰু পূঁজ শৰীৰৰ কোনো স্থানৰ মিউকাচ মেমব্ৰেনত লাগিলে সেই স্থানো আক্ৰান্ত হয়। সৰ্ব্বসাধাৰণতে পুৰুষ সকলৰ শৰীৰত এই ৰোগে আক্ৰান্ত কৰা স্থান সমূহ হৈছে – ইউৰেথ্ৰা, প্ৰষ্টেট গ্লাণ্ড, চেমিনেল ভিচিকেল, ব্লাডাৰ, ইপিডাইডিমিচ, টেচটিকেল, ইউৰেথ্ৰৰ পিছৰ ভাগ। নাৰীৰ শৰীৰত আক্ৰান্ত হোৱা প্ৰধান প্ৰধান স্থান সমূহ হ’ল- ইউৰেথ্ৰা, যোনি প্ৰদেশ, চাৰভিক্স, বাৰথোলিন গ্লাণ্ড, ফেলোপিয়ান টিউব আৰু শিশু সকলৰ ক্ষেত্ৰত- গনৰিয়া গ্ৰস্থ মাতৃৰ সন্তান প্ৰসৱ হবৰ সময়ত ইয়াৰ পূঁজ সন্তানৰ চকুত লাগিলে এক ধৰণৰ চকুৰ ৰোগ হয়। এই ৰোগক Ophthalmia neonatrum বুলি কোৱা হয়। কেতিয়াবা ইয়াৰ ফলত শিশুৰ চকু অন্ধ হৈ যোৱাৰো আশংকা থাকে।

যৌন ৰোগ গনৰিয়া কাৰণ (Aetiology)

গনৰিয়া

 

ই ৰোগ সাধাৰণতে গনকক্কাচ নামৰ একজাতীয় বিজাণুৰ দ্বাৰা সৃস্থি হয়। এই বিজাণুবোৰ কক্কাচ বৰ্গীয় বীজাণু। খালী চকুৰে ইয়াক দেখা নায়ায়। অনুবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াক চালে এটা ডট চিনৰ দৰে দেখা যায়। এই বিজাণু বোৰক এটা এটাকৈ লগ লগালে ইয়াক একে লগে ডিপ্লকক্কাচ বুলি কোৱা হয়।এই জীবাণু বোৰ যদি পুৰুষ বা নাৰীৰ দেহত থাকে তেতিয়া সেই পুৰুষ বা নাৰীৰ সৈতে যৌন মিলনৰ সময়ত এজনৰ পৰা অন্যজনলৈ সংক্ৰামন ঘটে।
এজনে অন্যজনৰ সংস্পৰ্শ বা যৌন সম্প্ৰৰ্কৰ দ্বাৰাই এই ৰোগ বোছি বিয়পে। যিসকল নাৰী অতিৰিক্ত সংগমত লিপ্ত থাকে বা পৰিস্কাৰ পৰিচন্নতাৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিয়ে এনে নৰী এই ৰোগত সহজে আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে। ইয়াৰ উপৰিও ঋতুমতী মহিলা বা বগা স্ৰাৱ যুক্ত নাৰীৰ সতে সহবাস, প্ৰস্ৰাৱব ইউৰিক এচিদৰ পৰিমান অতি বৃদ্ধি, অতিৰিক্ত মৈথুন আদি কাৰণতো এই ৰোগ হব পাৰে। বৰ্তমান সময়ত গঢ়িউঠা পতিতালয় সমূহো এই ৰোগৰ উতপত্তিৰ আৰু বিস্তাৰৰ আন্যতম কাৰক হৈ পৰিছে।

গনৰিয়া ৰোগৰ প্ৰধান লক্ষণ সমূহঃ-

  প্ৰথম অৱস্থাত মূত্ৰনলীৰ মুখ আৰু ভিতৰত সুৰ সুৰাই আৰু অত্যন্ত খজুৱতি হয়। প্ৰস্ৰাৱ গৰম আৰু ৰঙা হয়। মুত্ৰ নলীত এক প্ৰকাৰৰ বিজলুৱা পদাৰ্থ সৃস্থি হয় আৰু পাছত গাখীৰৰ দৰে বগা পূঁজ ওলাই থাকে। গনকক্কাচ নামৰ বিজাণু বিধ দেহত সংক্ৰামণ হলেই ৪-৫ দিনৰ ভিতৰতেই এই লক্ষণ প্ৰকাশ পাব পাৰে। ইয়াক ৰোগ বৃদ্ধিৰ সময় কাল(Incubation period) বুলি কোৱা হয়। এই সময়ৰ পিছতেই ৰোগৰ লক্ষণ সমূহ স্পষ্ট ৰুপত প্ৰকাশ পায়। মূত্ৰ যন্ত্ৰ স্ফীত হৈ থাকে। মূত্ৰ নলীত সৰু সৰু ঘাঁৰ সৃষ্টি হয়। পুৰুষৰ জনন ইন্দ্ৰিয় আৰু ওঁঠৰ কাষত ঘাঁ হয়। ৰোগ গ্ৰস্থ নাৰীৰ মূত্ৰ নলীৰ লগতে যোনিৰ চাৰিওকাষে ঘাঁ হয়। ঘাঁ বোৰত অত্যন্ত জলাপোৰা কৰে আৰু পূঁজ থাকে। লিংগত হেঁচাদিলে সামান্য পূঁজ বাহিৰ হয়। ঘাঁ চাৰিও কাষে বৃদ্ধি হৈ যন্ত্ৰণা দায়ক অৱস্থাৰ সৃস্থি হয়। ৰোগ পুৰণি হৈ অহিলে লিংগ বা নাৰীৰ জননেন্দ্ৰীয়ত স্ফীত ভাব বা জলা পোৰা নোহোৱা হৈ আহে। প্ৰস্ৰাৱৰ ৰংও চচ্ছ হয়। মাজে মাজে সৰু সূতাৰ দৰে প্ৰদাৰ্থ প্ৰস্ৰাৱৰ লগত বাহিৰ হয় আৰু কেতিয়াবা কেতিয়াবা পায়খানা কৰাৰ সময়ত যোৰ দিলে যৌনাংগই দি খিজোৱা চাবু দানাৰ দৰে আঠা জাতীয় পদাৰ্ৰ্থ বাহিৰ হয়। ইয়াক স্পামেটৰিয়া বুলি কোৱা হয়। দেহৰ তাপমাত্ৰা সামান্য বাঢ়ি যায়। মাথা বিষৰ লগতে জ্বৰ জ্বৰ ভাব,শৰীৰ সক্তি হীন, হাত-ভৰি অৱস অৱস লগা, মনমাৰি থকা আদি লক্ষণ দেখিবলৈ পোৱা যায়। কেতিয়াবা কেতিয়াবা যৌন গন্থী ফোলিওঠে আৰু অত্যন্ত বিষ হয়। এই বিজাণুবোৰ দেহৰ নানা অংশলৈ বিয়পি পৰে। প্ৰস্ৰাব বন্ধ হয়, তলপেটত জলা পোৰা ও বিষ সৃস্থি হয় আৰু নানা প্ৰকাৰৰ জটিলতাই দেখা দিয়ে। নাৰী যদি দীৰ্ঘ দিন ধৰি এই ৰোগত আক্ৰান্ত হৈ থাকে তেনে হলে ঋতু স্ৰাৱৰ সমস্যা, মাহেকীয়াৰ সময়ত জৰায়ুত জ্বলা পোৰা কৰা বিষ আদি সমস্যা সমূহ সৃস্থি হব পাৰে। ঋতুস্ৰাৱৰ পাছত বগাস্ৰাৱৰ সমস্যাই দেখা দিয়ে।

গৰ্ভৱতী নাৰীৰ এই ৰোগ হলে গৰ্ভস্থ সন্তান গৰ্ভপাট হৈ যায়। জৰায়ুৰ পৰা প্ৰচুৰ ৰক্ত পাত হয়। এনে অৱস্থাক septic abortion বুলি কোৱা হয়। নাৰীৰ ডিম্ববাহী নলী, ডিম্বকোষ অদি আক্ৰান্ত হলে চিৰদিনৰ বাবে সন্তান ধাৰণ কৰাৰ ক্ষমতা লোপ পাবও পাৰে। এই ৰোগত প্ৰায়েই ডিম্ববাহী নলীৰ মুখ বন্ধহৈ যায়। এনে হলে সন্তান প্ৰসৱৰ সম্বাৱনা ক্ষীণ হৈ পৰে। গভৰ শেষ অৱস্থাত এই ৰোগ হলে সন্তান জন্মৰ শেষ অৱস্থাত এই ৰোগৰ পূঁজ শিশুৰ চকুত লাগিলে শিশু অন্ধ হৈ যাবও পাৰে। এনে অৱস্থাত শিশু জন্ম দিলে লগে লগে Anti Gonorrhea লোচন দি ধুই দিব লাগে। এই ৰোগত আক্ৰান্ত ৰোগীৰ প্ৰস্ৰাৱত অত্যন্ত কষ্ট হয়, জোৰ দিলে টোপাল টোপাতকৈ প্ৰস্ৰাৱ বাহিৰ হয়. প্ৰস্ৰাৱ নলীৰ ভিতৰত জুইয়ে পোৰাৰ দৰে জ্বলে। ঘন ঘন প্ৰস্ৰাৱ হয় আৰু প্ৰস্ৰাৱৰ ৰং হালধীয়া, বা ঘোলা ৰং হয়, কাপোৰত দাগ লাগে । প্ৰায়েই প্ৰস্ৰাৱ কৰাৰ সময়ত তেজ ওলাই অথবা প্ৰস্ৰাৱত পূঁজ মিহলি হৈ থাকে।

গনৰিয়া

যৌন ৰোগ গনৰিয়া জটিল উপসৰ্গঃ

গনৰিয়া ৰোগত আক্ৰান্ত ৰোগীৰ নানা প্ৰকাৰৰ জটিল উপসৰ্গই দেখা দিয়ে। ইয়াৰ ভিতৰত হ’ল লিংগ উত্থানৰ সময়ত কষ্ট ও বিষ হয় এই সমস্যাটোক ইংৰাজীত Painful erection of penis বুলি কোৱা হয়। কেতিয়াবা কেতিয়াবা লিংগ শকত আৰু বেঁকাহৈ পৰে। এই উপসৰ্গ ৰাতি বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এই ৰোগত আক্ৰান্ত হলে লিংগৰ সন্মুখ অংশ আৰু তাৰ আৱৰণি প্ৰদাহিত হয়, ফোলি ওঠা, ৰঙাহৈ পৰা, টন টনোৱা আৰু কাপোৰত ঘঁহা খালে চিঙি যায়। স্ফীত স্থানত প্ৰচুৰ পৰিমানৰ হলধীয়া বা বগা দূৰ্গন্ধ যুক্ত পূঁজ ওলায়। কেতিয়াবা লিংগৰ সন্মুখত ৰঙা ৰঙা সৰু সৰু ঘাঁ হোৱা দেখা যায়। লিংগৰ আগ ভাগৰ আৱৰণী পৰ্জা কোঁচখাই পৰে। লিংগৰ আৱৰণি চালখনত ফটা ফটা ঘাঁ হোৱাৰ লগতে আগ অংশত ৰঙা ৰঙৰ ঘাঁ হয়, ফোলি উঠে আৰু ভিতৰত পূঁজ হয়। এই ঘাঁ বোৰ কেতিয়াবা ইমান ভয়ংকৰ হৈ ওঠে যে, লিংগৰ আগ ভাগ পঁচি চিগি যোৱাৰো ভয় থাকে। ইয়াত প্ৰস্ৰাৱ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হব পাৰে (Retention of Urine)। প্ৰস্বাব নলীত প্ৰস্বাৱ জমাহৈ কোনো কাৰণত প্ৰস্বাৱ বহু সময়লৈকে যদি নোহোৱাকৈ থাকে তাকে মুত্ৰ অৱৰোধ বুলি কো ৱা হয়। গনৰিয়া ৰোগৰ নিঃসৰিত পুঁজৰ দ্বাৰা মুত্ৰ নলিত বাধাৰ সৃষ্টি হৈ এই ৰোগ উৎপতি হয়। ইয়াৰ ওপৰিও মূত্ৰাশয়, মুত্ৰ নলিৰ প্ৰদাহ, মুত্ৰ নলিৰ সংকীৰ্ণতা, প্ৰচষ্টেট গন্থিৰ বৃদ্ধি, মূত্ৰ থলীৰ পক্ষাঘাট, পাথৰৰ দ্বাৰা মূত্ৰনলিৰ মুখ বন্ধহৈ যোৱাৰ সম্ভাৱনাই দেখা দিয়ে। গৰ্ভৱতী নাৰীৰ গৰ্ভপাত হৈ প্ৰচুৰ পৰিমানে ৰক্ৰক্ষৰণ হলে কেতিয়াবা মৃত্যুৰ আশংকাও দেখা দিয়ে। জৰায়ুত নানা প্ৰকাৰৰ জটিল ৰোগ সৃস্টি। কেতিয়াবা কেতিয়াবা জৰায়ুত টিওমাৰ পৰ্যন্ত হব পাৰে। জৰায়ু দীৰ্ঘদিন ধৰি এই ৰোগত আক্ৰান্ত থাকিলে জৰায়ুত কে়ন্সাৰ হোৱাৰো সম্ভাৱনা থাকে। পুৰুষৰ ক্ষেত্ৰত গনৰিয়া ৰোগৰ জটিত উপসৰ্গ ৰুপে প্ৰচটাইটিচ (Prostatitis), ইপিডিডাইমিটিছ (Epididymits), চিছটাইটিছ (Cystitis) আৰু নাৰী দেহৰ ক্ষেত্ৰত চালপিনজাইটিছ (Salpingitis), পেলভিক পেৰিটনাইটিছ (pelvic peritonitis), মেট্ৰাইটিচ (Metritis), চেলুলাইটিছ (Cellulitis) আদি ৰোগৰ সৃস্টি হব পাৰে। জটিল উপসৰ্গ হিছাপে আৰু অধিক ৰোগ হোৱাৰ আশংকা থাকে যেনে-গনৰিয়া অফথালমিয়া ন্যাজালক্যাটৰি, গনৰিয়া ৰিওমিটিজিম, চেপটিচিমিয়া, পাইমিয়া ইত্যাদি।

যৌন ৰোগ গনৰিয়াৰ অনুসাংগিক ব্যৱস্থা ও পথ্যঃ

এই ৰোগত আক্ৰান্ত ৰোগীয়ে কিছুমান নিয়ম মানি চলাটো অতিব প্ৰয়োজন। ৰোগীয়ে প্ৰতি দিনে পুৱা কুঁহুমীয়া গৰম পানীৰে সৈতে কেইবাবাৰো জনন ইন্দ্ৰীয় ভাকৈ ধুব লাগে। নহলে ৩০ মি. লিটাৰ পানীত ২০ টোপাল আৰনিকা Q মিহলাইয়ো জননইন্দ্ৰীয় ধুব পাৰে। ৰোগীয়ে পৰিস্কাৰ পৰিচন্ন ভাবে থকাটো প্ৰয়োজন। ৰদত ঘোৰা মেলা আৰু টোপনি ক্ষতি একেবাৰে কৰিব নালাগে। ১০ গ্ৰেন বৰিক এচিড ৩০মি. লিটাৰ পানীত মিহলাই আক্ৰান্ত স্থান দিনে কমেও দুবাৰ কৈ পৰিস্কাৰ কৰিব লাগে। এই ৰোগ থকা সময়খিনিত যৌন মিলন সম্পুৰ্ণ ৰুপে বন্ধ ৰাখিব লাগে। কোনোধৰণৰ মাদক দ্ৰব্য গ্ৰহণ কৰা অনুচিত। ৰোগীৰ কাপোৰ কানি, বিচনা পত্ৰ এন্টিচেপটিক ঔষধৰ দ্বাৰা সদাই ধুব লাগে। জ্বৰ থাকিলে ভাতৰ পৰিৱৰ্তে ৰুটি, গাখীৰ, হৰলিক্স, পোটিন জাতীয় খাদ্য খাব লাগে। জলকীয়া, গৰম মচলা, জালুক, মাংস, অধিক মিঠা খাব নালাগে। ৰাতিপুৱা শুই উঠি থাণ্ডা পানী খাব লাগে। টেঙা, দৈ, উগ্ৰ জাতীয় খাদ্য খোৱা নিষেধ। ডিম, পূৰৈশাক, কচু, নিৰিকল, ঘি আদি খোৱা নিষেধ।

যৌন ৰোগ গনৰিয়া হোমিঅপেথিক চিকিৎসাঃ

 ৰোগীয়ে যদি পথ্য আৰু নীতি নিয়ম মানি চলে ৰোগ যিমানেই জটিল নহওঁক কিয় হোমিঅপেথিক চিকিৎসা প্ৰদ্ধতিত অতি জটিল ৰোগো অতি সহজতে ভাল হয়। তলত গনৰিয়া ৰোগত ব্যৱহৃত কেইটামান ঔষধ লক্ষণ অনুসৰি উল্লেখ কৰা হল যদিও প্ৰয়োগৰ ক্ষেত্ৰত আভিজ্ঞ হোমিঅ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
থুজা(Thuja)-
থুজা গনৰিয়াৰ এক উৎকৃষ্ট ঔষধ। ঘনাই ঘনাই ৰোগত আক্ৰান্ত হোৱা, প্ৰস্ৰাৱব সময়ত ভয়ানক জ্বলাপোৰা, ৰঙচুৱা পাতল স্ৰাব, প্ৰস্ৰাৱ কৰাৰ সময়ত মনত ভাব হয় যেন কিবা এটা মূত্ৰ স্থলীত লাগি ধৰি আছে আদি লক্ষণ সমূহ থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি।
এচিড ফ্লোৰিক(acid fluoric)-
গনৰিয়া গ্ৰস্থ ৰোগীৰ স্ৰাৱ দিনৰ ভাগত প্ৰায়েই নাথাকে কিন্ত ৰাতিৰ ভাগত প্ৰস্ৰাৱ নলিৰ পৰা ৰঙা ৰঙৰ এক ধৰণৰ প্ৰদাৰ্থ নিঃসৰিত হয়। কাপোৰত হালধীয়া ৰঙৰ দাগ লাগে, প্ৰস্ৰাবত জলাপোৰা থাকে, সংগম ইচ্ছা প্ৰৱল হয়।
কিউবা(Cuba)-
প্ৰথম অৱস্থাত অন্যান্য ঔষধ প্ৰয়োগকৰি ৰোগৰ কিছু উপশম হলে পাছত যদি স্ৰাৱৰ লগতে প্ৰস্ৰাৱ নলীত জলাপোৰা থাকে বা গনৰিয়াৰ স্ৰাৱব ৰং ঘন হালধীয়া বা পূঁজৰ দৰে হয় আহে তেতিয়া এই ঔষধ ব্যৱহাৰৰ উপযোগী হয়। গনৰিয়াৰ উগ্ৰ পদাহ অৱস্থাত যেতিয়া লিংগ স্ফিটি, জলাপোৰা, প্ৰচুৰ পৰিমানে দুৰ্গন্ধ স্ৰাবৰ লগতে জ্বৰ আদি লক্ষণ, প্ৰস্ৰাৱ কৰাৰ সময়ত অত্যন্ত জ্বলাপোৰা ভব, কটাচিঙাৰ দৰে বিষ থাকিলে এই ঔষধৰ ব্যৱহাৰ কৰিব লাগে।
কেনাবিচ চেতাইভা(Canabis Set)
 গনৰিয়া ৰোগৰ প্ৰথম আৰু শেষ দুয়োটা অৱস্থাতে এই ঔষধ ব্যৱহাৰ কৰিব পাৰি। প্ৰথম অৱস্থাত প্ৰদাহভাব কমিলেই এই ঔষধ প্ৰয়োগ কৰা উচিত। পানীৰ দৰে পাতল দূৰ্গন্ধ যুক্ত প্ৰস্ৰাৱ, প্ৰস্ৰাব কৰাৰ পাছতো বাৰে বাৰে প্ৰস্ৰাৱ কৰিম কৰিম লাগিথকা, প্ৰস্ৰাৱৰ সময়ত কাটিনিয়াৰ দৰে বিষ, জনন ইন্দ্ৰীয়ৰ ওত্তেজনা আদি লক্ষণ থাকিলে এই ঔষধ ব্যৱহাৰ হয়।
চিনাবাৰিছ(Cinabaris)
বাৰে বাৰে গনৰিয়া ৰোগত ভুগা চিফিলিচ আৰু চাইকচিচ ধাতুবিস্থ লোকৰ গনৰিয়াৰ লগতে নানা প্ৰকাৰৰ চৰ্ম ৰোগত আক্ৰান্ত হলে এই ঔষধ প্ৰয়োগ কৰি ভাল ফল লাভ কৰিব পাৰি।
চিপিয়া(Sipia)- 
গনৰিয়া পুৰণী অৱস্থা বা আন সময়ত প্ৰস্ৰাব কৰাৰ আগতে স্ত্ৰী বা পুৰুষ অংগৰ মুখত বগা পঁজৰ দৰে বীৰ্য ওলালে চিপিয়া ব্যৱহাৰ কৰিব লাগে।এই দৰে প্ৰস্ৰাবৰ আগত পূঁজৰ দৰে পদাৰ্থ ওলোৱাৰ লগতে ৰোগীৰ সংগম ইচ্ছা একেবাৰে নেথাকিলে এগনাষ্ট কাষ্ট (Agnus castus) ব্যৱহাৰ কৰিব লাগে।
প্ৰস্ৰাব কৰাৰ আগতে হালধীয়া পূঁজ ওলালে হাড্ৰাষ্টিচকেন(Hydrastis Can), সেউজীয়া-হালধীয়া পূঁজ ওলালে নেট্ৰাম চালফাৰ (Natrum sulphur) আৰু ডাঠ সেউজীয়া পূঁজ ওলালে কেলি আইওড(Kali Iod) ব্যৱহাৰ কৰিব লাগে।লিংগ মুণ্ড অতিৰিক্ত ফোলিওঠিলে Mercurius Sol উচ্চ ক্ষমতাৰ ব্যৱহাৰ কৰিব লাগে। Ferrum Phos, kali Mur, আৰু Natrum Sulph ঘনাই নিম্ন শক্তিৰ গনৰিয়া আৰম্ভনিৰে পৰা ব্যৱহাৰ কৰিব পাৰে।
গনৰিয়াত আন ঔষধ বিফল হলে Echinacea দীৰ্ঘ সময় ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হয়।
ডা.হৰিকান্ত দাস
‘মা ‘সেৱা আশ্ৰম, গোগামুখ,ধেমাজি
ফোন নং-9707600054

LEAVE A REPLY

Please enter your comment!
Please enter your name here