অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ৰ ঔষধী গুণ

4
অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ৰ ঔষধী গুন
অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ৰ ঔষধী গুন

অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়ঃ

  • অমৰ লতা কি কি শাৰীৰিক সমস্যাত ব্যৱহাৰ হয়?
    অমৰ-লতা
    অমৰলতা
  • ধাতুদূৰ্বল
  • যৌন দূৰ্বলতা
  • প্ৰেস্বাৱ জ্বলা পোৰা
  • গেষ্ট্ৰিক
  • কোষ্ঠকাঠিন্য
  • উচ্চ ৰক্তচ্চাপ
  • শৰীৰৰ মেদবহুলতা বা অতিৰিক্ত ছৰ্বী নিয়ন্ত্ৰণ
  • মেলেৰীয়া
  • টায়েফয়েদ জ্বৰ
  • বাত বিষ
  • বদহজম
  • এচিডিটি
  • ডায়েবেটিছ বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ
  • মগজু
  • হৃদযন্ত্ৰ
  • যকৃত
  • হাঁওফাঁওৰ দূৰ্বলতা।

শগুণী লতাৰ পৰা প্ৰস্তুত কৰা হয় হোমিঅপেথিক ঔষধঃ

আপোনালোকে হয়তো জানে যে হোমিঅপেথিক মেডিচিন বিভিন্নধৰণৰ খনিজ পদাৰ্থ, জীৱ-জন্তু, গছ-লতাৰ পৰাই প্ৰস্তুত কৰা হয়। ১০০ টাতকৈও অধিক শাৰীৰিক সমস্যাত ব্যৱহাৰ হোৱা যিটো মেডিচিনৰ বিষয়ে আজি আপোনা লোকক কবলৈ ওলাইছো এই মেডিচিনটো অমৰলতা, সিদ্ধিলতা বা শগুণীলতা বুলিও জনাজাত এজোপা লতাজাতীয় উদ্ভিদৰ পৰাই প্ৰস্তুত কৰা হয়। আমাৰ পৰিবেশৰ চৌপাশে থকা হাবি-জংঘল বোৰত এই লতাজাতীয় গছ প্ৰায়ে দেখিবলৈ পোৱা যায়। এই উদ্ভিদক
  • হিন্দীত: গিলোয় giloy বুলি কোৱা হয়।
  • সংস্কৃতত -অমৃতা, মধুপৰ্ণী, গুৰুচী বা অম্ৰুতাবলী বুলি কোৱা হয়।
  • ইংৰাজীত- মোন লিফ বুলি জনাযায়।
  • ইয়াৰ বৈজ্ঞানিক নাম Tinospora Cordifalia. Tinospora Cordifalia নামেৰেই হোমিঅপেথিক মেডিচিনো প্ৰস্তুত কৰা হয়। বেদ-উপনিষদৰ যুগৰে পৰাই এই উদ্ভিদক মহৌষধী ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।
শগুণী বা অমৰলতাৰ পাত দেখাত পাণ সদৃশ, ডাল খহতা, সৰু সৰু কাইট যুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুটিলে সহজে গজে। সেয়ে এই লতাবিধক অমৰলতা বোলা হয়।
অন্য হাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে। অৰ্থাৎ এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে। ইয়াক কেৱল ভাৰততহে পোৱা যায়। আন দেশত পোৱা নাযায়।

শগুণী লতাৰ গুণাগুণঃ

  • অমৰলতাক অমৃতা বা শগুণী লতা বোলাৰ মূলতে আমাৰ শৰীৰত হব পৰা ১০০ বিধৰো অধিক ৰোগক প্ৰতিৰোধ নাইবা অৰোগ্য কৰিব পৰা গুণ আছে।
  • অমৰলতা প্ৰচুৰ পৰিমানে কেলচিয়াম, ফচফৰাচ, প্ৰটিন আদি দেহৰ পৰিপুষ্টি যোগাব পৰা নানা উপাদানেৰে সমৃদ্ধ। ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰে।
  • পাচন শক্তি বৃদ্ধি কৰাৰ লগতে বদ হজম, এচিডিটি, গেষ্ট্ৰিক, পেটৰ জলাপোৰা, আমাশয়, গ্ৰহণী, কোষ্ঠকাঠিন্য, অৰুচি, আভুক, উগাৰ, বমিভাৱ আদি যিকোনো পেটৰ ৰোগৰ বাবে অত্যন্ত উপকাৰী।
  • অমৰলতা সেৱণ কৰিলে পেটৰ বা শৰীৰত জমা হোমা বিষাক্ত অলাগতিয়াল আৱৰজনা বাহিৰ হয়।
  • অমৰলতাই দুষিত ৰক্ত শোধন কৰাৰ লগতে শৰীৰত ৰক্ত বৃদ্ধি কৰি ৰক্ত হীনতা দূৰ কৰে। ই লগতে কোলেষ্ট্ৰ’ল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। দেহৰ হিমোগ্লবিনৰ অভাৱ দূৰ কৰে।
  • উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰণত সহায় কৰে।
  • মগজু, হৃদযন্ত্ৰ, যকৃত, হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে অমৰলতা অত্যন্ত উপকাৰী।
  • অমৰ লতাই শৰীৰৰ অতিৰিক্ত চৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰে।
  • চৰ্দি, জ্বৰ, কাহ, এজমা, মেলেৰীয়া, টাইফয়েদ আদি ৰোগৰ বাবে অতি উপকাৰী।
  • অমৰলতাৰ এন্টিভাইৰেল, এন্টি বেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰীয়াজনীত ৰোগৰ সংক্ৰমণক বাধা দিব পাৰে।
  • ডেংগী, স্বাৱাইনফ্লু, জাপানিজ এনকেফেলাইটিচ ৰোগৰ বাবে হিতকাৰী।
  • মহিলাৰ বন্ধাত্ব ৰোগতো আমৰ লতা অত্যন্ত উপযোগী।
  • ই পুৰুষ মহিলা উভয়ৰে যৌনক্ষমতা বৃদ্ধি কাৰক।
  • গাঠিঁ বিষ, বাতবিষ, অৰ্থ’ৰাইটিচ, হাড়ৰ বিষ, হাড় ভঙা আদিত নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলি প্ৰলেপ লগালে সোনকালে উপশম হয়।
  • অমৰলতাই গাৰ চালৰ উজ্জলতাও বৃদ্ধি কৰে।
  • খজুৱতি, এলাৰ্জী ৰোগতো উপকাৰী।
  • স্মৃতি শক্তিৰ লগতে ই দৃষ্টি শক্তিও বৃদ্ধিকৰে।
  • জন্ডিচ আৰু কৰ্কট ৰোগত অমৰলতা ব্যৱহাৰ কৰিলে ৰোগ সোনকালে আৰুগ্য হয়।
  • ‍ অমৰলতাত এন্টি এজিং, এন্টি ভাইৰেল, এন্টি আক্সিডেন্ট গুণ থকাৰ বাবে নিয়মিত সেৱণত শৰীৰ নিৰোগী, বয়সৰ চাপহীনহৈ সুস্বাস্থ্য লাভ হয়। আপোনালোকে যিহেতু ইয়াক বিচাৰি আনি মেডিচিন প্ৰস্তুত কৰি লোৱাটো সম্ভৱ নহব গতিকে হোমিঅপেথিক দৰবৰ দোকান এই মেডিচিন সহজলভ্য। আপোনালোকে সংগ্ৰহ কৰি লব পাৰে।
  • এতিয়া আহো হোমিঅ পেথিকত ইয়াৰ প্ৰয়োগলৈঃ-

ইয়াৰ পৰা প্ৰস্তুতকৰা হোমিঅপেথিক মেডিচিনটোৰ নাম হল Tinospora Cordifalia. আপোনালোকে সমস্যাত ভুগিলে যাতে সহজতে এই মেডিচিন ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে লক্ষণ অনুযায়ী ইয়াৰ ব্যৱহাৰৰ থুলমূল বৰ্ণনা আগবঢ়োৱা হল।
  • জ্বৰঃ- 

ই জ্বৰৰ এক উতকৃষ্ট মেডিচিন। কিছুমান লৰা ছোৱালি সঘনাই জ্বৰত ভুগি থাকে। ১০-১৫ দিনৰ মূৰে মূৰে জ্বৰ চৰ্দি হয়। ভিতৰে ভিতৰে জ্বৰ হৈ থাকে। কেইদিন মান ভালে থাকে পুনৰ হয়। জীৱনী শক্তি দূৰ্ব্বল মানুহ, ৰক্তহীনতাত ভুগে। কিবা নহয় কিবা ৰোগ হয়, আৰু ইয়াৰ লগতে জ্বৰ হলে এই মেডিচিন ব্যৱহাৰ কৰিব লাগে। টাইফয়েড ৰোগত এই মেডিচিন ব্যৱহাৰ কৰিলে খুব ভাল ফল পোৱা যায়। মেলেৰিয়া জ্বৰৰ বাবেও এই মেডিচিন অতি উৎকৃষ্ট। যদি জ্বৰৰ প্ৰকোপ দূপৰীয়া সময়ত বেছি হয়, জ্বৰৰ আগে আগে যদি বহুত বেছি ঠাণ্ডা লাগে। আৰু কঁপনি হয়, লগতে চৰ্দি হয়, বমি বমি ভাৱ থাকে বা বমি হয়। আৰু বমিৰ লগত যদি পিত্ত বাহিৰ হয়, লগতে যদি মূৰৰ প্ৰচণ্ড বিষ হয়, তেন্তে এই মেডিচিনটো মাদাৰটিংচা ১০ টোপালকৈ ১/৪ কুঁহুমীয়া গৰম পানীৰ লগত ১ ঘন্টা মূৰে মূৰে ৩- ৪ বাৰ খোৱাৰ পাছতেই জ্বৰৰ পৰা উপশম পাবলৈ সক্ষম হব। দীৰ্ঘদিনীয়া টাইফয়েড ৰোগৰ বাবেও এই ঔষধ অত্যন্ত উপযোগী। জ্বৰ খুব কম মাত্ৰাত হয়। যদি থাৰমো মিটাৰেৰে জুখে তেনে হলে জ্বৰ ৯৯ ৰ পৰা ১০০ ডিগ্ৰী ফাৰেণহাইটৰ ভিতৰত থাকে। ৰোগীয়ে যিকোনো খাদ্য খালে তিতা তিতা খোৱাদ অনুভৱ কৰে। লগতে বহু বেছি পানী পিয়াহ অনুভৱ কৰে। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধ ১৫ টোপালকৈ ৪/১ কাপ পানীৰ লগত দিনে ৩-৪ বাৰ কৈ ১০/১৫ দিনলৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চিত ভাবে মুক্ত হব পাৰিব।

যদি দিঘলীয়া সময় ধৰি যৌন ৰোগ- যেনে চিফলিচ বা গনৰীয়াত ভুগি আছে তেনে হলে এই টেনিচপৰা অত্যন্ত ফলপসু মেডিচিন। যদি পুৰুষৰ ধতু দূৰ্ব্বল সমস্যা হয়। ৰাতি টোপনিত কবনোৱাৰাকৈ ধতুবাহিৰ হয়। ধতু পাতল হৈ যায়। spume count কম হৈ যায়। আৰু যদি সদায় জ্বৰ জ্বৰ অনুভৱ হয়। দূৰ্ব্বল অনুভৱ হয়। কামত মন নবহা হয়। তেনে হলে এই টেনিচপৰা মেডিচিনটো ১৫ টোপালকৈ দিনে ৪/৫ বাৰ ১ মাহ মান ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চত ভাৱে উপকৃত হব পাৰিব।

  • জণ্ডিছ বেমাৰৰো ই এটা উৎকৃষ্ট মেডিচিন। বাৰে বাৰে মেলেৰীয়া হোৱা পাছত কিছুমান মানুহৰ পাণ্ডুৰোগ বা জণ্ডিছ হয়। বা মেলেৰিয়া ভাল কৰিব কাৰণে কুইনাইন আদি মেডিচিন ব্যৱহাৰ কৰা পাছত জণ্ডিছ বেমাৰ হলে এই মেডিচিন অতি কাযৰ্কৰী।
  • লিভাৰৰ বিসংগতিৰ বাবে যদি বদ হজম, এচিডিটি, কুষ্ঠকাঠিন্য হয়, খাদ্যৰ প্ৰতি অৰুচি হয়, কেতিয়াবা বমি বমি ভাৱ হয়, পেট ফুলে, বিশেষকৈ খাদ্য খোৱাৰ পাছত পেত গধুৰ গধুৰ অনুভৱ হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই টেনিচপৰা মেডিচিনটো ১০ টোপালকৈ আধাকাপ পানীৰ লগত দিনে ৪ বাৰ কৈ খালে এই সমস্যাৰ পৰা নিশ্চত ভাবে উপকৃত হব।
  • স্প্লিনৰ যিকোনো সমস্যাতেই এই টেনিচপৰা ব্যৱহাৰ কৰিব পাৰি।
  • প্ৰেস্ব্ৰাৱত যদি অত্যন্ত জ্বলা পোৰা হয়। প্ৰেস্বাৱ ঘনাই ঘনাই হয়। তল পেট গধুৰ গধুৰ লাগে, সামান্য বিষ থাকে। অশান্তি দায়ক বিষৰ লগতে জ্বলা পোৰাৰ প্ৰকোপ বাঢ়ে। দীৰ্ঘদিন ধৰি প্ৰস্বাৱৰ সমস্যা হৈ থাকে, প্ৰস্বাৱৰ পৰীক্ষাত যদি পুঁজচেলৰ উপস্থিতি ধৰা পৰে তেনে হলে এই টেনিচৰ পৰা এক উৎকৃষ্ট ঔষধ।
  • ট্ৰেকিকাডিয়াৰ বেমাৰত যদি হৃদ যন্ত্ৰৰ ধপ ধপনি বৃদ্ধি হয়। অলপতে যদি ভয় খায় হাৰ্টৰ ধপ ধপনি বাঢ়িযায়, উশাহত কষ্ট হয়। নাড়ীৰ গতি যদি ১৩০/১৪০ পযৰ্ন্ত বাঢ়ি যায় তেনে হলে এই টেনিচপৰা অতিকাৰ্যকৰী মেডিচিন। এই মেডিচিন ১০ টোপাল কৈ আধাকাপ পানীৰ লগত ৩ ঘন্টাৰ মূৰে মূৰে ১ মাহলৈকে ব্যৱহাৰ কৰিব লাগে। ৰোগ নিশ্চত ভাবে নিৰাময় হব।
  • যদি বাট বিষ, ৰক্তহীনতা, ব্লাড চুগাৰ, গেছ, এচিডিটি, একজিমা, এলাৰ্জী বা যিকোনো চালৰ ৰোগত ভূক্তভুগী তেনে হলে এই টেনিছপৰা ঔষধটো ১০ টোপালকৈ দিনে ৪ বাৰ দীৰ্ঘ সময় ধৰি ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চিত ভাৱে উপকৃত হব পাৰিব।
  • শেষত সকলোলৈকে এক অনুৰোধ- গৰ্ভঅৱস্থাত এই ঔষধ যাতে কোনেউ ব্যৱহাক নকৰে। গৰ্ভৱতী মহিলাই এই ঔষধ ব্যৱহাৰ কৰিলে বিপদ হব পাৰে।

hi I am Dr Hari

4 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here