সতী ৰাধিকা চৰকাৰী বঁটাপ্ৰাপক প্ৰথম মহিলা ইভলিনটিচ সাজেম

সতী ৰাধিকা চৰকাৰী বঁটাপ্ৰাপক প্ৰথম মহিলা ইভলিনটিচ সাজেম

জাতিংগা

প্ৰকৃতিৰ মনোৰম সৃষ্টি পাহাৰীয়া সেউজী সৌন্দৰ্য্যৰে পৰিপূৰ্ণ দিমাহাচাও জিলাৰ চৰাইৰ অনাকাংক্ষিত এক কবৰখানা!

সতী-ৰাধিকা-বটাঁ-২০২০
সতী-ৰাধিকা-বটাঁ

এই দুৰ্গম অঞ্চলৰ বিশিষ্টা সমাজসেৱীকা দিমহাচাও জিলাৰ প্ৰথম গৰাকী জনজাতীয় মহিলাক যি গৰাকী মহিলাই নানান সমস্যা,বাধা বিঘিনিৰ মাজেৰে জাতিংগাৰ মহিলা সকলক এশ শতাংশ শিক্ষিত কৰাই মহিলা সৱলীকৰৰণৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।এই গৰাকী ইভলিনটিচ সাজেমে অসম চৰকাৰে ঘোষণা কৰা বৈষ্ণৱ যুগৰ এগৰাকী মহীয়সী সতী ৰাধিকা(কৈৱর্ত জনগোষ্ঠীৰ) নামতএই বছৰৰ পৰা প্ৰচলন কৰা প্ৰথমটো চৰকাৰীভাৱে প্ৰদান কৰা বঁটা লাভ কৰা মহিলা হিচাবে গৌৰৱৰ অধিকাৰী হয়।

সতী-ৰাধিকা-বটাঁ-২০২০
সতী ৰাধিকা বটাঁ ২০২০

১৯৪৭ চনত জন্মগ্ৰহণ কৰা সাজেম বাইদেউয়ে ১৯৬৬ চনত হাফলং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰি প্ৰথমে উপাধ্যক্ষা আৰু পাছলৈ অধ্যক্ষাৰ দায়িত্ব মুৰপতি লৈ ২০০৬ চনত অৱসৰ গ্ৰহণ কৰে।নিজৰ গাওঁৰ মহিলা অনুষ্ঠান”জাতিংগা মাদাৰছ এচচিয়েন”ৰ উপদেষ্টা হিচাবে সক্ৰিয়ভাবে জড়িত হৈ সমাজৰ হকে বিশেষকৈ মহিলা শিক্ষা,সৱলীকৰণৰ লগতে শিশু কল্যান,স্বাস্থ্য সজাগতা আদি বিষয়ত মনোনিবেশ কৰে।উল্লেখযোগ্য যে এই গাওঁৰ মহিলা সকলক ১০০%শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে আধাতে বিদ্যালয় সামৰা লৰা ছোৱালীক পুনৰ বিদ্যালয় মুখী কৰাৰ ক্ষেত্ৰত এই গৰাকী মহিলাৰ উল্লেখযোগ্য অৱদান আছে।ইতিমধ্যে এইগৰাকী মহিলাই সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সমাজ প্ৰাণ সৰ্বেশ্বৰ দত্ত স্মাৰক ৰাজ্যিক সমাজসেৱা বঁটাকে ধৰি বহু সন্মান বুটলিবলৈ সক্ষম হৈছে। অসমৰ কৈৱর্ত সমাজখনে বিশেষকৈ কেইবাটিয়ো দল সংগঠনৰ প্ৰচেষ্টাত যোৱা বছৰ মাজুলীত অনুষ্ঠিত এক সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেবে সতী ৰাধিকাৰ নামত চৰকাৰী বঁটা প্ৰচলন কৰা ঘোষণাই বাস্তৱ ৰূপ লাভ কৰাত আমি অত্যন্ত সুখী হৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো।

sati-radhika
sati Radhika bota

এই বঁটাত নগদ ২ লাখ টকা,এখন পশস্তিপত্ৰ আৰু অংগবস্তু আছে।এনে এক বিৰল সন্মানৰ অধিকাৰী হোৱা বাবে ইভলিনটিচ সাজেম ডাঙৰীয়ানীক কৈৱর্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসমৰ মজিয়াৰ পৰা উষ্ম অভিনন্দন জ্ঞাপন কৰিলো।

সেৱাৰে
জিতুল দাস
১/৯/২০২০

 

সতী ৰাধিকা বটাঁ প্ৰদান সম্পৰ্কত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰিঃ

অসমীয়া-প্ৰতিদিনত-সতী-ৰাধিকা-বটাঁ-প্ৰদানৰ-বাতৰি
সতী ৰাধিকা বটাঁ

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles