ওজন কমাবৰ বাবে বিশেষ ডাইট প্ৰৰ্ণালী

ওজন কমাবৰ বাবে ১২০০ কেলৰিৰ বিশেষ ডাইট প্ৰৰ্ণালীঃ

ওজন-কমাব-বাবে-বিশেষ-ডাইট-প্ৰৰ্ণালী
ওজন কমাব বাবে বিশেষ ডাইট প্ৰৰ্ণালী

বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখা দিয়া এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা হল শৰীৰৰ ওজন বৃদ্ধি বা মেদ বহুলতা। আমাৰ ওজনৰ মাত্ৰা সদায় একে নাথাকে, কেতিয়াবা বাঢ়ি যায়। ওজন বঢ়াৰ লগে লগে কমাবলৈ বৰ কঠিন হয়। কাৰণ বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনৰ দৈনন্দিন কাম কাজৰ পৰিপেক্ষীতত ব্যাম কৰিবলৈ আমাৰ সময় নোহোৱা হয়।

বিশেষকৈ ২৬ বছৰ ওপৰৰ ব্যক্তি সকলৰ  এই মেডবহুলতাৰ প্ৰৱনতা বেছি দেখিবলৈ পোৱা যায়।  গতিকে সেই সকল ব্যক্তিৰ বাবে এই ১২০০ কেলৰি ডায়েট প্ৰনাৰ্লী বৰ উপযোগী। আপুনি যিমানেই শাৰীৰচৰ্ছা নকৰক কিয় যদিহে দৈনন্দিন খোৱা বোৱা সঠিক পৰিমানে সঠিক সময়ত নকৰে তেতিয়া হলে আপোনাৰ ওজন কমোৱাটো অসম্ভৱ।

আমাৰ দেশৰ সৈন্য বাহিনী সকলৰ এখন ডায়েট প্ৰনাৰ্লী আছে। যদিহে আমি সেই ডায়েট প্ৰনাৰ্লী খনৰ অনুকৰণ কৰো তেতিয়া হলে আমাৰ ওজন আমি সহজতে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হম। কাৰণ তেঁখেত সকলৰ সেই ডায়েট প্ৰনাৰ্লীটোত ১২০০ কেলৰি ভিতৰত প্ৰস্তুত কৰা থাকে।

এই খিনিতে এটা মন কৰিব লগা কথা যে, যদিহে চাৰি দিন সঠিক ডায়েটত থাকি বাকী তিনি দিন ডায়েট নমনাকৈ থাকিলে কোনো কামত নাহিব। গতিকে আপোনি যদিহে দ্ৰুত গতিত আপোনাৰ ওজন কমাব বিছাৰে সেই ডায়েটৰ অলপো ইফাল সিফাল কৰিব নোৱাৰিব।

ওজন কমাবৰ বাবে মানিবলগীয়া নিয়ম সমূহঃ

শুইওঠাৰ পাছতঃ-

একাপ নেমুৰস দিয়া চাহ + দুটা বিস্কুত (মিঠা যুক্ত বা ক্ৰিম যুক্ত বিস্কিট নহয়।)- কেলৰি ৯০

ব্ৰেক ফ্ৰাষ্টঃ- 

ব্ৰেক ফ্ৰাষ্টত দুটা সিজোৱা দিম + দুটা স্লাইচ ব্ৰাউন ব্ৰেড (কেলৰি-২৯০)

১১ টাৰ পৰা ১২ বজাৰ ভিতৰতঃ

এটা কল, ১৫/২০ টা আঙুৰ। (৫০ কেলৰি)।

মধ্যাহ্ন ভোজনৰ সময়তঃ-

ব্ৰাউন ৰাইচ এক কাপ + মূৰ্গী ১০০গ্ৰাম + এবাতি মিক্স ভেজ + চালাত একবাতি (৩৬০ কেলৰি)।

সন্ধ্যাঃ

বাটাৰ মিল্ক এক কাপ- (৩৫ কেলৰি)।

ৰাতিৰ আহাৰঃ

ৰাতিৰ আহাৰত  এটা ৰঙা আটাৰ ৰুটি + এক পিচ  মাছ, (৫০ গ্ৰাম )+ আধা কাপ দাইল + চুপ একবাতি (৩৮০ কেলৰি)।

এই খিনিতে এটা কথা মন কৰিব লগীয়া যে যিহেতুকে আপুনি ডায়েট কৰিছে সেই বাবে ডাইল,  ছৰ্বজি বা কণি আদিকে ধৰি যিবোৰ খাদ্য খাব তাত তেল আৰু নিমখ বেছিকৈ ব্যৱহাৰ নকৰিব।

যিমান প্ৰয়োজন হয় সিমানেই ব্যৱহাৰ কৰিব। অৱশ্যে খাদ্যৰ ৰুচি বঢ়াবৰ বাবে নেমুৰ ৰস, ধনিয়া পাত, জলকীয়া গুৰি আদি কম পৰিমানে ব্যৱহাৰ কৰিব পাৰে।

এই ১২০০ কেলৰি ডায়েট প্লান ওজন কমাবৰ বাবে শুবেইকাৰ্যকৰী, এই ডায়েট কৰা সময়ত কোনো ধৰণৰ কঠিন শাৰীৰিক ব্যায়াম নকৰিব। আচলতে এই ডায়েট কৰা সময়ত শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন নাহয়। এটা কথা মনত ৰাখিব ওজন কমি যোৱা পিছত এটা সুস্থ্য সবল জীৱন যাপন কৰা অতি প্ৰয়োজন। নহলে শৰীৰৰ ওজন আকৌ  আগৰ অৱস্থালৈ ঘুৰি অহা সম্ভাৱনা থাকে।

সাৱধানতাঃ-  এই ১২০০ কেলৰি ডায়েট কেৱল শাৰীৰিক ভাৱে সম্পূৰ্ণ সুস্থ লোকৰ বাবেহে প্ৰযোজ্য।

Dr Haris

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles