দুজন মানুহ : আপুনি কোনজন হ’ব খোজে
ডাঃ এড্রিয়েন প্রূষ্ট আছিল ঊনৈশ শতিকাৰ ফ্রান্সৰ এজন বিখ্যাত চিকিৎসক। বিপুল ধন-সম্পত্তি আৰু খ্যাতিৰ গৰাকী ডাঃ প্রূষ্টৰ দুজন পুত্র সন্তান, মার্চেল আৰু ৰবার্ট।
ৰবার্ট যদিও মার্চেলতকৈ দুবছৰে সৰু, তথাপি তেওঁৰ চিনাকিটোকে প্রথমে দি লওঁ। ৰবার্ট ডাঙৰ হৈ দেউতাকৰ নিচিনাকৈ এজন বিখ্যাত শল্য চিকিৎসক হৈছিল। দেউতাকে যেনেকৈ The Different Forms of the Softening of the Brain নামৰ মূল্যৱান গৱেষণা গ্রন্থ লিখিছিল, ঠিক তেনেকৈ ৰবার্টেও লিখিছিল The Surgery of the Female Genitalia। ৰবার্ট আছিল অতুলনীয় সুস্বাস্থ্য আৰু দৈহিক শক্তিৰ অধিকাৰী। তেওঁৰ বিষয়ে লিখা এখন ৰচনাত তেওঁৰ দৈহিক পৰাক্রমৰ বিষয়ে তলত উল্লেখ কৰা উদাহৰণকেইটা মই পঢ়িবলৈ পাইছোঁ।
এদিন তেওঁ ছিয়েন নদীৰ পাৰে পাৰে জোৰেৰে চাইকেল চলাই গৈ আছিল। হঠাৎ এবাৰ তেওঁ চাইকেলৰ পৰা বাগৰি পৰিল। ঠিক সেই মুহূর্ততে বিপৰীত ফালৰ পৰা আহি আছিল পাঁচ টন কয়লা কঢ়িয়াই অনা এখন ট্রাক। ট্রাকখন ৰবার্টৰ ওপৰেদি চলি গ’ল। মনত ৰাখিব- ট্রাকখনত আছিল পাঁচ টন কয়লা। সকলোৱেই আশংকা কৰিছিল যে পাঁচ টন কয়লা কঢ়িওৱা ট্রাকখনৰ হেঁচাত তেওঁৰ হাড় গুড়ি হ’ব আৰু মাংস পিঠা হ’ব। তেওঁ জীয়াই থাকিব বুলি কোনেও আশা কৰা নাছিল। কিন্তু সকলোকে আচৰিত কৰি তেওঁ হাস্পতালৰ পৰা ঘূৰি আহিল শৰীৰৰ কোনো স্থায়ী ক্ষতি নোহোৱাকৈ।
কেইবছৰমানৰ পিছৰ কথা। ইতিমধ্যে তেওঁ এজন নিপুণ শল্য চিকিৎসক হিচাপে বিপুল সাফল্য আৰু খ্যাতি অর্জন কৰিছে। এদিন তেওঁ নিজৰ মটৰগাড়ীত কোনোবা এঠাইলৈ গৈ আছিল। গাড়ী চলাই থাকোঁতেই ড্রাইভাৰজন টোপনিত ঢলি পৰিল। বিপৰীত ফালৰ পৰা আহি থকা এখন এম্বুলেঞ্চ গাড়ীৰ লগত ৰবার্টৰ গাড়ীখনে জোৰেৰে খুন্দা মাৰিলে। ৰবার্ট গাড়ীৰ পৰা ছিটিকি উফৰি গৈ বাটৰ কাষৰ এখন কাঠৰ বেৰাত পৰিল। তেওঁৰ মূৰটো দুফাল হ’ল। কিন্তু কোনোবাই খবৰ পোৱাৰ আগতেই তেওঁ নিজে উঠি আহি গাড়ীত বহিল আৰু নিজেই গাড়ী চলাবলৈ ধৰিলে।
ৰবার্টৰ অসাধাৰণ সুস্বাস্থ্য আৰু দৈহিক শক্তিৰ প্রমাণ দিবলৈ এই দুটা উদাহৰণেই বোধহয় যথেষ্ট।
এইবাৰ আহোঁ ৰবার্টৰ দাদা মার্চেলৰ কথালৈ।
মাত্র ৯ বছৰ বয়সতে মার্চেল দুৰাৰোগ্য হাঁপানী ৰোগত আক্রান্ত হয়। বহুতে অনুমান কৰে যে মাকৰ প্রতি মার্চেলৰ অত্যধিক আসক্তি আছিল তেওঁৰ হাঁপানীৰ প্রধান কাৰণ। হাঁপানীৰ আক্রমণ দিনে গড় হিচাপে দহবাৰকৈ হয় আৰু একোটা আক্রমণ এঘণ্টাপর্যন্ত স্থায়ী হয়। তেওঁ দিনত শুবলৈ চেষ্টা কৰে আৰু ৰাতি সাৰে থাকি কাম কৰে। ঘৰৰ বাহিৰলৈ তেওঁ কাচিৎহে ওলাব পাৰে। তেওঁৰ ঘৰৰ দুৱাৰ–খিৰিকী সকলো সময়তে বন্ধ কৰি ৰখা হয়- যাৰ ফলত তেওঁ বেলিৰ পোহৰ কেতিয়াও দেখিবলৈ নাপায়, মুকলি বতাহত উশাহ ল’বলৈ নাপায়, আৰু কোনো ধৰণৰ শাৰীৰিক ব্যায়াম কৰিব নোৱাৰে।
তেওঁ দিনত মাত্র এবাৰহে খাব পাৰে। এবাৰতকৈ বেছি খালে তেওঁ অসুস্থ হৈ পৰে। হজম শক্তি দুর্বল হোৱাত তেওঁ বাৰে বাৰে পায়খানালৈ গৈ থাকিব লগা হয়। তেওঁৰ আন এটা প্রধান সমস্যা হ’ল কোষ্ঠকাঠিন্য। তেওঁ সঘনাই জুলাপ ল’ব লগা হয় ৷ জুলাপ খালেও আকৌ তেওঁৰ পেট পকায়। প্রস্রাৱ কৰিলে তেওঁৰ ইমান জ্বলা–পোৰা কৰে যে ত্রিশ বছৰ বয়সত তেওঁ মাকলৈ এখন চিঠিত লিখিছিল- ‘মা, দেউতাক সুধিবাচোন, জ্বলা–পোৰা অনুভৱ নকৰাকৈ তেওঁ প্রস্রাৱ কৰিব পাৰে নেকি?’
মার্চেলৰ গাৰ ছাল ইমান বেছি স্পর্শকাতৰ আছিল যে তেওঁ কেতিয়াও কোনো ধৰণৰ চাবোন আৰু ক্রীম ব্যৱহাৰ কৰিব নোৱাৰিছিল। গা মচিবৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিব লগা হৈছিল অতিশয় সুকোমল টাৱেল। প্রত্যেক দিনে তেওঁৰ বাইশখন টাৱেলৰ দৰকাৰ হৈছিল। টাৱেলবোৰ ধুবৰ কাৰণে ব্যৱহাৰ কৰিব লগা হৈছিল এবিধ বিশেষ ধৰণৰ কাপোৰ ধোৱা চাবোন৷
পানীলগা জ্বৰ আৰু কাহে এদিনৰ কাৰণেও তেওঁৰ লগ এৰা দিয়া নাছিল। তেওঁৰ নাকৰ পৰা সকলো সময়তে ওলাই আছিল পানী। তেওঁ নিজে ডায়েৰীত লিখি থৈ গৈছে যে এবাৰ এখন তিনি পৃষ্ঠা দীঘল চিঠি লিখিবৰ সময়ত তেওঁ তিৰাশীবাৰ ৰুমালেৰে নাকৰ পানী মচিব লগা হৈছিল। তেওঁৰ কাহৰ শব্দই চুবুৰীয়া মানুহবোৰক জগাই দিছিল।
মার্চেলৰ বেমাৰৰ তালিকাখন ইমানতে শেষ হোৱা নাই। তেওঁৰ প্রায়েই জ্বৰ উঠিছিল, তেওঁৰ দৃষ্টিশক্তি আছিল অতি ক্ষীণ, খোৱাবস্তু গিলাত তেওঁৰ কষ্ট হৈছিল তেওঁৰ সঘনাই দাঁতৰ বিষ আৰু কিলাকুটিৰ বিষ হৈছিল, প্রায়েই তেওঁৰ মূৰ ঘূৰণি হৈছিল। ৫১ বছৰ বয়সত মার্চেলৰ মৃত্যু হৈছিল। মৃত্যুৰ আগৰ দহটা বছৰ তেওঁ অতিবাহিত কৰিব লগা হৈছিল বিছনাত-বতাহ সোমাব নোৱৰা এটা চিৰ-অন্ধকাৰ ঘৰত।
মার্চেলে বিছনাত শুই শুয়েই লিখি শেষ কৰিছিল ৩,৩০০ পৃষ্ঠাৰ A la recherche du temps perdu অর্থাৎ ‘হেৰোৱা সময়ৰ সন্ধানত’ নামৰ বিশাল মহাকাব্যিক উপন্যাসখন। অনুমান কৰা হৈছে যে পৃথিৱীত মানুহ যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে কিছুমান মানুহে এই কিতাপখন পঢ়িব, আৰু পঢ়িব নোৱৰাসকলে কিতাপখনৰ কথা সাধুকথাৰ দৰে শুনিব। মানৱ মনৰ সূক্ষ্মাতিসূক্ষ্ম ক্রিয়া–প্রক্রিয়া, চিন্তা, অনুভূতি আৰু আৱেগৰ বিশ্লেষণ থকা এই অসামান্য উপন্যাসখন মানৱ চেতনাৰ অবিচ্ছেদ্য অংগত পৰিণত হৈছে।
প্রশ্নটো হ’ল: মার্চেল আৰু ৰবার্ট-এই দুজন মানুহৰ ভিতৰত আপুনি নিজে কোনজন মানুহ হ’বলৈ ভাল পাব? প্রশ্নটো উত্থাপন কৰিছে এলেইন দ্য বটনে- তেওঁৰ How Proust Can Change Your Life নামৰ কিতাপখনত।
প্রায় সাত বছৰমানৰ আগলৈকে মোৰ বছৰত একোবাৰকৈ- মাজে মাজে দুবাৰো- পানীলগা জ্বৰ হৈছিল (আজিকালিৰ ভাষাত Viral Fever)। স্বাস্থ্যৰ যত্ন ল’বলৈ বেছিকৈ জনাৰ ফলত পানীলগা জ্বৰে মোৰ জীৱনৰ পৰা বিদায় মাগিছিল। কিন্তু পৰিশ্রমৰ আতিশয্যৰ ফলত এসপ্তাহৰ আগতে মই প্রায় সাত বছৰৰ মূৰত আকৌ পানীলগা জ্বৰৰ দ্বাৰা আক্রান্ত হ’লোঁ। বিছনাত শুই শুই এলেইন দ্য বটনৰ দুখন কিতাপ পঢ়িলোঁ: The Consolation of Philosophy আৰু How Proust Can Change Your Life। দ্বিতীয়খন কিতাপত উত্থাপিত হৈছে এই প্রশ্নটো: মার্চেল আৰু ৰবার্ট প্রূষ্টৰ ভিতৰত তুমি কোনজন মানুহ হ’বলৈ ভাল পাবা ?
প্রশ্নটো ভাবোঁতে ভাবোঁতে মোৰ বেমাৰেই ভাল হৈ গ’ল। কিতাপ দুখন মোৰ ঔষধো হ’ল, টনিকো হ’ল। আপুনিও প্রশ্নটো চিন্তা কৰি চাবচোন।
শ্ৰৰ্দ্ধাৰ হোমেন বৰগোঁহাঞি ছাৰৰ মূল্যবান লিখাটো জনহিতৰ বাবে ৱেবছাইটত আপলোড কৰিলো। আশাকৰো লেখটোবে নিশ্চিতভাবে আপোনালোকক প্ৰভাৱিত কৰিব।