কবিতা

0
721
অসমীয়া-কবিতা
কবিতা

কবিতা
মোৰ প্ৰিয় নাৰী তুমি!

জানো তোমাৰ চহৰত
হাজাৰ চন্তৰী!
তোমাৰ ভালপোৱাৰ নিৰ্যাস বিছাৰি
তোমাৰ নিষিদ্ধ চহৰত প্ৰবেশ কৰা
মই অবৈধ নাগৰীক!
তোমাৰ নয়নাভিৰাম চহৰৰ সৌন্দৰ্যই
বলীয়া কৰে মোক!
মই উম্মাদ হওঁ!
তোমাৰ ঘন ঘোৰ আৰণ্যৰ বাবে!
তোমাৰ বুকুক বৈ থকা নৈৰ
উঠা নমা ঢৌবোৰত আলফুলে
হাত বুলাই তোমাক উম্মাদ
কৰি দিব মন যায়!
তোমাৰ নিষিদ্ধ দুৱাৰত
বলীয়া ৰাগী লগাই তোমাৰ
মুখৰ পৰা স্বগতোক্তি শুনিব মন যায়
-প্ৰিয়তম তুমি মোৰ প্ৰিয় পুৰুষ!
মোৰ এই অৰণ্য, মোৰ এই নিৰ্মল নদী
অনন্ত গতীৰ, বৈ আছে কেৱল তোমাৰ বাবে…
তুমি মোৰ , কেৱল মোৰ কেৱল………
মোৰ তুমি প্ৰিয় পুৰুষ…….!
মোৰ গভিৰ অৰণ্য, তুমি প্ৰবেশ কৰা..
গভীৰ, আৰু গভীৰ ,গভীৰৰ পৰা গভীৰতমলৈ …
মোৰ এই অৰণ্য ৰোদন কৰা..!
অহা মোৰ প্ৰিয় পুৰুষ…
আমি বন্যউল্লাসত মাতাল হৈ যাওঁ…
মোৰ এই অৰণ্যত তোমাৰ নিশ্বাসৰ
ঘুৰ্ণীবতাহ বলাই  বিধস্ত কৰি পেলোৱা মোক!
ফালি চিৰাচিৰ কৰি পেলোমা
মোৰ আকাশৰ নিলা চাদৰ!
মোৰ এই তৃষ্ণাতুৰ অৰণ্যক
বৰষুণ হৈ তিয়াই পেলোৱা তুমি
জীপাল কৰি দিয়া মোৰ হৃদয়ৰ অৰণ্য!
মই শুনিব বিচাৰো তোমাৰ কলিজাৰ গান!
যি গানে ধুমুহা আনে, প্ৰেমৰ!
মই তোমাৰ প্ৰিয় পুৰুষ হব বিছাৰো!

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here