পেটৰ বিষ মানেই লিভাৰৰ সমস্যা নেকি ?

পেটৰ বিষ মানেই লিভাৰৰ সমস্যা নেকি ?

কত হয় লিভাৰ বিষ ?
লিভাৰ সমস্যা হলে কেনেধৰণৰ লক্ষণ প্ৰকাশ পায় ?

আজি আলোচনা কৰিম এটা গুৰুত্ব পূৰ্ণ বিষয়ৰ উপৰত। বহু সময়ত আমাৰ ওচৰত বহু ৰোগী আহে আৰু কয় যে, তেওঁৰ লিভাৰতো বেয়া হৈছে নেকি, ইমান পেটৰ বিষ হৈছে। কোনোৱে আকৌ কয় লিভাৰৰ কিবা এটা দিয়ক. পেটৰ বিষ হৈ থাকে মাজে মাজে, লিভাৰটো কিবা হৈছে নেকি!

মানে ভোক ভালকৈ নালাগিলে খাবলৈ মন নগলে পেট ফুলিলে, পেট বিষালে সকলোবোৰ লিভাৰৰ বিসংগতিৰ বাবে হোৱা বুলি সৰ্ব্বসাধৰণ বহু মানুহে ধৰি লয়।

গতিকে আজি আমি আলোচনা কৰিম পেটৰ বিষ মানে লিভাৰৰ সমস্যা নেকি? লিভাৰৰ বিসংগতিৰ বাবে বিষ কত হয়? এই বিষয়ে। কাৰণ আমাৰ পৰিপাক ক্ৰিয়াত লিভাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। লিভাৰৰ অবিহনে পৰিপাক ক্ৰিয়া সম্পন্ন হোৱাটো অসম্ভৱ আৰু মানুহ জীয়াই থকাতো সম্ভৱ নহয়।

লিভাৰ-বিষ
লিভাৰৰ বিষৰ বিভিন্ন কাৰণ থাকে তাৰ ভিতৰত ভাইৰেল হেপাটাইটিছ লিভাৰত সৃষ্টি হোৱা টেমুনা বা চিষ্ট লিভাৰ কেন্সাৰ, লিভাৰত যদি ফেটচ বহুত বহি গৈছে তেতিয়াও বিষ হব পাৰে।

আমাৰ লিভাৰটোৰ ওজন প্ৰায় ১০০০-১২০০ গ্ৰাম অৰ্থাৎ ১ কেজি মান হয়। আৰু এই লিভাৰটোৱে আমাৰ শৰীৰক প্ৰয়োজনীয় প্ৰায় ৫০০ বিধ কাৰ্য সম্পাদন কৰে। ইয়াৰ ভিতৰত অত্যন্ত গুৰুত্বপূৰ্ণ কামটো হল আমি যেতিয়া খাদ্য খাও এই খোৱা খাদ্য খিনি ক্ষুদ্ৰান্তই পৰিপাক কৰে আৰু ইয়াৰ পৰা যিবোৰ পুষ্টি অৰ্থাত নিউট্ৰিয়েন্ট লিভাৰৰ পটেল ভেইনে লিভাৰলৈ কঢিয়াই নিয়ে আৰু লিভাৰে এই বোৰ সংশোধন কৰি  আমাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি যোগান ধৰে।

আমাৰ শৰীৰৰত হব পৰা বহু বেমাৰ প্ৰতিৰোধ কৰি আমাৰ শৰীৰটো নিৰোগী কৰি ৰখাত  লিভাৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ লিভাৰটোৱে  দেহটোৰ শক্তিৰ ভৰাল ৰুপেও কাম কৰে। আমি যেতিয়া খাদ্য খাও শৰীৰত গ্লুকজৰ উতপন্ন হয় আৰু এই গ্লুকজ গ্লাইকজেনলৈ ৰুপান্তৰ কৰি লিভাৰে সাঁচি ৰাখে। সহজ ভাষাত কবলৈ গলে আমি ভৰালত ভবিষ্যতৰ বাবে যেনেদৰে শস্য সঞ্চিত কৰি ৰাখো ঠিক একেই কথা। যেতিয়া আমাৰ দেহক যিকোনো কামৰ বাবে শক্তিৰ প্ৰয়োজন হয় তেতিয়া গ্লাইকজেনক লিভাৰে গ্লুকজেনলৈ প্ৰৰিৱতণ কৰি প্ৰয়োজন মতে যোগান ধৰে। শৰীৰত জমা হোৱা বিভিন্ন ধৰণৰ আৱৰ্জনা বা শৰীৰৰ তেজত থকা বহিজাত আৱৰ্জনা সমূহ শোধন কৰি বাহিৰ কৰা কামো আমাৰ লিভাৰটোৱেও সম্পাদন কৰে।

এতিয়া আহো আচল বিষয়টোলৈ যেতিয়া লিভাৰ বিসংগতিৰ বাবে বিষ হয় সব্বৰ্সাধাৰণ মানুহৰ বাবে ইয়াক বুজি পোৱাত যথেষ্ট দুবুধ্য হয়। কাৰণ লিভাৰতো আমাৰ বুকুৰ তলৰ যিখিনি ৰিবচবৰ্ণ অৰ্থাৎ কামিহাঁড আছে তাৰ তলতে থাকে। গতিকে যেতিয়া কামিহাঁডৰ বিষ হয় বা কামিহাঁড তলত বা ওচৰে পাঁজৰে থকা মাংসপেক্ষীত যদি কেতিয়াবা বিষ হয় তেতিয়া লিভাৰৰ বিষ বুলি  ভুল ধাৰণা হব পাৰে। কেতিয়াবা পাকস্থলীত হোৱা বিষো লিভাৰৰ বিষ বুলি ভুল ধাৰণা হব পাৰে। গল্ডব্লাডাৰ বাইলডাকট, ডিউডেনাম আদিৰ বিসংগতিৰ বাবে হোৱা বিষো লিভাৰৰ বিষ হোৱা বুলি ভুল ধাৰণা হব পৰে। কাৰণ পাকস্থলী, ডিউডেনাম, গল্ডব্লাডাৰ আমাৰ লিভাৰৰ অৱস্থিতিৰ লগতে অৱস্থান কৰা অংগ হয়। ইয়াৰ ওপৰিও প্লুৰেল পেইন, পালমুনাৰি আৰু হাওঁফাওঁৰ বিষ আৰু বাট বিষও লিভাৰৰ বিষ বুলি ভুল ধাৰণা হব পাৰে। যেতিয়া আমাৰ হাওঁফাওঁৰ আৱৰনিখন, যাক আমি প্লুৰা বুলি কওঁ এই প্লুৰা খন ফুলি উঠাৰ দৰে এটা সমস্যা হয়। যাক আমি চিকিৎসা বিজ্ঞানৰ ভাষাত প্লুৰুচি বুলি কওঁ। এই প্লুৰুচি সমস্যাত যেতিয়া বিষ হয়।  তেতিয়া লিভাৰৰ বিষ হোৱা বুলি ভুল ধাৰণা হব পাৰে।

আমি এটা কথা জনাতো অতি আৱশ্যক। লিভাৰত যদিও বিষো হয়, কিন্তু লিভাৰটো ভিতৰত আমাৰ কোনোধৰণৰ বিষ অনুভৱ কঢিয়াই নিব পৰা ৰেচিপ্তৰ নাথাকে। সেয়ে লিভাৰৰ ভিতৰত বিসংগতি হলেও কোনোধৰণৰ বিষৰ অনুভৱ নহয়। কাৰণ লিভাৰটো ভিতৰত কোনো ধৰণৰ সংজ্ঞাবাহী কোষ নাথাকে। কিন্তু লিভাৰৰ ওপৰত যি আৱৰনি আৰু কেপচুল ( বন্ধনী ) থাকে তাতহে পেইন ৰেচিপ্তৰ থাকে।  যদিহে কিবা বিসংগতি বা দূৰ্ঘটনাবসত লিভাৰৰ কেপচুলা অৰ্থবা আৱৰণীপৰ্দা আঘাত প্ৰাপ্ত হয় তেতিয়াহে লিভাৰৰ বিষ হয়। বাকী লিভাৰটোৰ ভিতৰত কোনো ধৰণৰ পেইন ৰেচিপ্তৰ নাথাকে।

লিভাৰৰ বিষ কত হব সেইটো লিভাৰৰ বিসংগতি ওপৰতে নিৰ্ভৰ কৰিব । হলেও আমি এটা ধাৰণা কৰি লব পাৰো যে লিভাৰৰ বিষ সোঁফালে কামি হাডৰ তলত হব। আৰু কেতিয়াবা অলপ তলত এপিগ্ৰেষ্টিয়াম অংশত হব পাৰে। কাৰণ লিভাৰৰ লেফ্টলুব এপিগেষ্টিয়ামৰ সমীপতে থাকে। লিভাৰৰ বিষ কামিহাঁডৰ তলত আৰম্ভ হৈ পিছৰ ফালে যাব। সোঁবাহোতো বিষ হব পাৰে। গতিকে এনেবোৰ লক্ষণ প্ৰাকাশ পালে। লিভাৰৰ বিষৰ কথালৈ লক্ষ্য ৰাখিব লাগে।

লিভাৰৰ  বিষৰ কাৰণঃ

  1. লিভাৰৰ বিষৰ বিভিন্ন কাৰণ থাকে তাৰ ভিতৰত ভাইৰেল হেপাটাইটিছ লিভাৰত সৃষ্টি হোৱা টেমুনা বা চিষ্ট লিভাৰ কেন্সাৰ, লিভাৰত যদি ফেটচ বহুত বহি গৈছে তেতিয়াও বিষ হব পাৰে। এক প্ৰকাৰৰ বেমাৰ যাক বতচিয়াৰী চিণ্ডম বুলি কোৱা হয়। এই বোমাৰৰ বিষ হলেও বিষ হব পাৰে। লিভাৰলৈ ৰক্ত সঞ্চালন কৰা ভেটনডাল বিসংগতি (portal vein) যাক পটোল ভেইন থম্বচিচ বুলি কোৱা হয়। এই সমস্যা হলে বিষ হব। লিভাৰৰ যিকোনো ধৰণৰ আঘাটত বিষ হব। কেতিয়াবা গল্ডব্লাডাৰ পাথৰৰ বাবেও লিভাৰৰ বিষ হব পাৰে। মহিলাসকলৰ একপ্ৰকাৰৰ ৰোগ প্ৰায় হয় যাক fitz hugh Curtis syndrome দেখা দিলেও লিভাৰৰ বিষ হব পাৰে।।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles