নেমুৰ উপকাৰীতাঃ-
নেমুৰ ঔষধি গুণৰ বিষয়ে জানো আহকঃ

1) নেমুত আছে ভিটামিন c আৰু পটেচিয়াম, যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
2) নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে।
3) নেমুৰ ৰসে শৰীৰত উপকাৰী কলেষ্টেৰলৰ মাত্রা বৃদ্ধি কৰাৰ বিপৰীতে অপকাৰী কলেষ্টেৰলৰ মাত্রা কমায়। উপকাৰী কলেষ্টেৰল মানৱ দেহৰ বাবে খুবেই প্ৰয়োজনীয়। এক কথাত কবলৈ হলে ই আমাৰ দেহৰ প্ৰধান লিপিড।
4) নেমুৰ ৰসত থাকে বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা। ডিঙি, মুখৰ ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাত নেমুৰ ৰসে গুৰুত্বুপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
5) নেমুয়ে মুখৰ চালৰ উজ্জ্বলতাও বৃদ্ধি কৰিব পাৰে।

6) নেমুৰ ৰস পান কৰক আৰু দ্ৰুতভাৱে ওজন কমাওক।
7) দাঁত বিষৰ ক্ষেত্ৰতো নেমুৰ ৰস উপকাৰী। ইয়াৰোপৰি মুখৰ দুৰ্গন্ধ, দাঁতত কলা দাগ পৰা আদিতো ই কৰ্যকৰী।
8) নেমুত থকা ভিটামিন C এ মানসিক চাপ দূৰ কৰাৰ লগতে শৰীৰত শক্তি বৃদ্ধিত সহায় কৰে ।
9) কিডনীত হোৱা পাথৰ বোৰৰ ভিতৰত কেলচিয়াম অক্সিলেট অন্যতম আৰু নেমুত থকা চাইট্ৰিক এচিডে এই পাথৰ বিধ কিডনীত গঢ়লোৱাত বাধা দিয়ে।
10) নেমুৰ ৰসে লিভাৰ পৰিস্কাৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে। গতিকে পুৱাই উঠি ব্ৰেকফাষ্ট কৰাৰ এঘণ্টা আগত নেমুৰ ৰস গৰম পানীত মিহলাই চেনী নিদিয়াকৈ দৈনিক পান কৰক। Gastric ৰ অসুবিধা থাকিলে সাৱধানতা অৱলম্বন কৰিব।