কেনে আছা নীলাঞ্জনা
কবিতা
কৃষ্ণচুড়া আকৌ ফুলিছে নীলাঞ্জনা
বট, আহঁতৰ পাতবোৰে
দোৰোল খাই পৰিছে পথৰ দুয়োকাষে।
একেই বসন্ত
একেই বৰষাৰ আগমি
কেনে?
কেনে আছা তুমি?
একেই আছেনে তোমাৰ চহৰ
পুৰণি প্ৰেমিকৰ স'তে আলাপ
কাকংকান ঘাটৰ
সেই মাতাল আবেলি
লং ড্ৰাইভ
ক'ল্ড কফি
এজাক খিল খিল হাঁহি?
একেই আছেনে তোমাৰ
অকাৰণ উচুপনি
কাজল সনা আৱাহনী
এতিয়াও উচুপি উঠেনে
আম্ৰপালিৰ কৰুণ কাহিনী শুনি?
সকলোৰে সপোনৰ
অথচ
বৌদ্ধ ভিক্ষুৰ দৃষ্টিৰো সিপাৰৰ
চূৰ্ণ তোমাৰ অহংকাৰৰ
সেই কাহিনী
বুকুৰ তুলসিৰ তলত
আজিও জ্বলোৱানে
এগছ চাকি
আৱাহনীৰ??
মই একেই আছো অ' নীলাঞ্জনা
নীলকণ্ঠ হৈ পাণ কৰিছো গৰল
বিচ্ছেদৰ।
বুকুৰ শিলবোৰত
শেলুৱৈ পৰিছে স্মৃতিৰ
সেউজীয়া শেলুৱৈ।
ক্ৰমশঃ সেই শেলুৱৈৰ গইনা লৈ
গজি উঠিছে তাত
আহঁতৰ পুলি
সি বুকুখন দখল কৰিব অচিৰেই
প্ৰসাৰিত তাৰ
সেউজীয়া ঠাল ঠেঙুলি।
কবি- বিনয় কৃষ্ণ তামুলী ফুকন।