কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহক

কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ

Content...
⇒ বৃক্ক বা কিডনীৰ কাম—
⇒ কিয় হয় কিডনীৰ ৰোগ ?
⇒ কিছুমান লক্ষণলৈ নজৰ ৰাখক
⇒ কিডনীৰ সক্ৰিয়তা কেনেকৈ পৰীক্ষা কৰিব?
⇒ কিডনী ৰোগীয়ে কি খাব
⇒ কিডনী ৰোগীয়ে কি নাখাব জানো আহক

 

what-are-the-first-signs-of-kidney-disease
কিডনী

বৰ্তমান সময়ত কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই কিডনী ৰোগীৰ সংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হব ধৰিছে। ইয়াৰ মূল কাৰণ হল সমগ্ৰ বিশ্বত ভয়াৱহ ভাবে বৃদ্ধি হোৱা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা।

২০১০ চনৰ এক সমীক্ষা অনুসৰি পৃথিৱীৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক কিডনীৰ ৰোগত ভুক্তভোগী।

এক নিৰ্ভৰযোগ্য সুত্ৰৰ তথ্য অনুসৰি বিগত ডেৰটা দশকত ভাৰতবৰ্ষত কিডনী ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। কিছুদিনৰ পূৰ্ব্বে ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ বিশেষজ্ঞসকলে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতি এশজন ব্যক্তিৰ ১৭ জনেই কিডনীৰ ৰোগত ভুক্তভূগি। গতি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সঠিক আহাৰ গ্ৰহণ কৰাতো আত্যন্ত জৰুৰী হৈ পৰিছে।

কিডনীৰ বা বৃক্কৰ কাম—

মগজু, হৃদপিণ্ড যিদৰে মানৱদেহৰ গুৰুত্বপূৰ্ণ অংগ ঠিক তেনে দৰে কিডনী হ’ল মানৱ দেহৰ অতি লাগতিয়াল অংগ। প্ৰতিজন ব্যক্তিৰে দুটাকৈ কিডনী থাকে।

এটা কিডনী প্ৰায় হাতৰ মুঠিটোৰ সমান হ’ব। এটা কিডনীৰ ওজন এজন পূণবয়স্ক লোকৰ প্ৰায় ১৬০ গ্ৰাম। বাওঁফালৰ কিডনীটো সোফালৰতোৰ তুলনাত অলপ সৰু হয়।

কাৰণ সোঁফালে অনএক প্ৰধান অংগ লিভাৰটোৱে ভালেখিনি ঠাই আৱৰি থাকে। কিডনীক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে আৱৰণিৰ কেপচুল থাকে।

কিডনীৰ ভিতৰৰ অংশ কৰ্টেস্ক আৰু মেডুলা দুটা ভাগত বিভক্ত। প্ৰতিটো কিডনীত এক নিযুতলৈ নেফ্ৰন (Nephron) থাকে। এই বোৰে ফিল্টাৰ কাম কৰে। নেফ্ৰনৰ কাম হ’ল শৰীৰৰ তেজক শোধন কৰি লাগতিয়াল তত্ত্বসমূহ গ্ৰহণ কৰা আৰু অলাগতিয়াল আৱৰ্জনা যেনে-ইউৰিয়া, ক্ৰিয়েটিনিন, ইউৰিক এচিড আদি বোৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়া। ২৪ ঘণ্টাত এই প্ৰক্ৰিয়াৰে ডেৰৰ পৰা দুই লিটাৰ প্ৰস্ৰাৱ নিৰ্গত কৰে।

কিডনীয়ে আমাৰ শৰীৰৰ লাগতিয়াল খনিজসমূহ যেনে চ’ডিয়াম, প’টেচিয়াম, ক্ল’ৰাইড, কেলচিয়াম, মেগনেচিয়াম, ফচফ’ৰাচ, বাইকাৰ্বোনেট আদি সন্তুলিত পৰিমাণত ৰখাত সহায় কৰি তেজৰ পৰিমান আৰু ৰক্তচাপ সুস্থিৰভাৱে নিয়ন্ত্ৰিত কৰি ৰখত সহায় কৰে।

কিডনীয়ে এৰিথ্ৰপ’য়েটিন (Erythropoietin), কেলচিট্ৰায়ল (Calcitriol) আৰু ৰেনিন (Renin) নামৰ কেইবা বিধো হৰম’নৰ লগতে ভিটামিন-ডিও উৎপন্ন কৰে।

কিয় হয় কিডনীৰ ৰোগ ?

কিডনী ৰোগৰ প্ৰথম কাৰণ ডায়েবেটিছ—

দীৰ্ঘদিনীয়া ডায়েবেটিছৰ বাবে কিডনীৰ ক্ষতি হোৱাৰ ফলত শৰীৰত অলাগতিয়াল পানী আৰু আৱৰ্জনা জমা হয় যাক ডায়েবেটিছ নেফ্ৰপেথী (Diabetic Nephropathy) বুলি কোৱা হয়।

কিডনী ৰোগৰ দ্বতীয় কাৰণ উচ্চ ৰক্তচাপ—

কিডনীৰ ৰোগ আৰু উচ্চ ৰক্তচাপ (Hypertension / HTN) এই দুয়োটা যেন একেটা মুদ্ৰাৰেই ইপিঠি-সিপিঠি। ৰক্তচাপ যিমানে অনিয়ন্ত্ৰিত হৈ বাঢ়িব সিমানেই কিডনীৰ ৰোগ জটিল হব।

কিডনী ৰোগৰ তৃতীয় কাৰণ বংশগতি বা জেনেটিক—

যেনে পলিচিষ্টিক কিডনী ডিজিজ। বংশগত ভাবে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ যদি মাক-দেউতাক বা ককাক আইটাকৰ আছিল তেতিয়া সতি-সন্ততিৰ হব পাৰে।

কিডনী ৰোগৰ চতুৰ্থতে জীৱন ধাৰণৰ প্ৰভাৱ—

মেদবহুলতা বা শৰীৰৰ অত্যাধিক ওজন বৃদ্ধি হোৱা, আলস্যজীৱন যাপন।

কিডনী ৰোগৰ ৫মঃ মদ্যপান—

অত্যাধিক এলক’হলৰ গ্ৰহণ কৰাৰ ফলত কিডনীৰ পৰিশোধন ক্ষমতা হ্ৰাস পায়।

কিডনী ৰোগৰ ৬ মঃ ধূম্ৰপান—

অত্যাধিক ধূম্ৰপানে কিডনীৰ ক্ষতিসাধন কৰে।

কিডনী ৰোগৰ ৭ মঃ পৰিশ্ৰম হীনতা —

কোনোধৰণৰ শৰীৰিক ব্যায়াম, পৰিশ্ৰম নকৰাৰ ফলতো কিডনী ৰোগ হব পাৰে। শৰীৰ ভালে ৰাখিবলৈ আমি অন্তৰ সপ্তাহত ৪ দিন ৩০-৬০ মিনিট সময় ব্যায়াম কৰিব লাগে। তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ বেছি থকা লোকে কঠোৰ শাৰীৰিক পৰিস্ৰম নকৰিব।

কিডনী ৰোগৰ ৮ মঃ কাৰণঃ জাংক ফুড —

অত্যাধিক জাংক ফুড গ্ৰহণ কৰাৰ বাবেও কিডনীৰ লগতে ডায়েবেটিছ ৰোগ হয় বুলি এক নিৰ্ভৰ যোগ্য চিকিৎসা সুত্ৰই প্ৰকাশ কৰিছে।

মাত্ৰাধিক চাহ, কফি—

অত্যআধিক কেফেইনে কিডনীৰ ক্ষতি কৰিব পাৰে। শৰীৰ সুস্থ ৰাখিবলৈ হলে দিনটোত ৩ কাপ চাহ বা ২ কাপ কফিত কৈ বেছি গ্ৰহণ কৰা অনুচিত।

নিদ্ৰাহীনতা বা টোপনি ক্ষতি —

মানুহৰ সুস্থহৈ থাকিবৰ বাবে ৰাতি ৭ ঘণ্টাৰ টোপনি হোৱাটো প্ৰয়োজন। যদি দীৰ্ঘদিন ধৰি টোপনি খতি হয় তেনে হলে কিডনিৰ ৰোগ হব পাৰে।

কৃত্ৰিম মিঠা (Artificial sweetener) গ্ৰহণ–

Saccharin, Aspartame  (Sweet’ N Low), Sucralose (Splenda)  দৰে কিত্ৰম মিঠাস্বাদ যুক্ত দব্যই কৰ্কট ৰোগৰ সম্ভাৱনা বদ্ধি কৰে। ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু কিডনীৰ বেমাৰ উতপন্ন কৰিব পাৰে।

অত্যাধিক আমিষ খাদ্য গ্ৰহণ —

অত্যাধিক ৰেড মিট (ৰঙা মাংস) যনে— গাহৰী, বীফ আদি খোৱাৰ বাবেও কিডনীৰ ৰোগ হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থ্যাৰ সূত্ৰ অনুসৰি গুৰুপাকী ৰঙা মাংস কিডনীৰ আৰু দেহৰ অনান্য অংগৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে।

দৈনিক পৰ্যাপ্ত পৰিমানৰ পানী সেৱন নকৰা—

এজন ব্যক্তিয়ে নিজকে সুস্থ ৰাখিবৰ বাবে দিনত ৩ ৰ পৰা ৪ লিটাৰ পানী খাব লাগে। ইয়াতকৈ কমকৈ পানী খালে কিডনীৰ ক্ষতি সাধন হব পাৰে।
কিডনিৰ সংক্ৰমন আৰু কিডনি পাথৰ- দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱৰ সংক্ৰমণ বা কিডনীৰ পাথৰ ধৰা পৰাৰ পিছতো উপযুক্ত চিকিৎসা নকৰোৱাৰ ফলতো কিডনিৰ ক্ষতি হব পাৰে।
চিকিতসকৰ পামৰ্শ অবিহনে বিষনাশক দৰব,  এণ্টিবায়টিক আদি সঘনাই সেৱন কৰাৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও কিডনীৰ ৰোগ হব পাৰে।

শেহতীয়াকৈ প্ৰকাশিত গৱেষণাৰ তথ্য অনুসৰি এচিডিটী কমোৱা দৰব অমিপ্ৰাজল, পেণ্টপ্ৰাজল আদি সঘনাই ব্যৱহাৰ কৰাৰ বাবেও কিডনীৰ ক্ষতিসাধন হব পাৰে।

প্ৰদূষিত প্ৰাকৃতিক পৰিৱেশৰ —

আমাৰ চাৰিওফালৰ পাৰিপাৰ্শ্বিক আৱস্থাইও কিডনি ৰোগৰ উদগনি যোগাব পাৰে। শাক-পাচলিত ব্যৱহাৰ কৰা পেষ্টিচাইড, মাৰকিউৰি, লিড, আৰ্চেনিক, কেডমিয়াম আদি ধাতু কুপ্ৰভাৱত হাওঁফাওঁৰ ৰোগ, হৃদৰোগ, কৰ্কট ৰোগ আদিৰ উপৰি ক্ৰনিক কিডনীৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

কিডনীৰ ৰোগ হৈছেনে নাই কেনেকৈ জানিব—

প্ৰাৰম্ভিক অৱস্থাত কিডনীৰ ৰোগ হৈছেনে নাই তাক চিনাক্ত কৰাটো কঠিন। কাৰণ কিডনীৰ গুৰুতৰ ক্ষতিসাধন নোহোৱা লৈকে ইয়াৰ লক্ষণসমূহ চকুত নপৰে।

 কিছুমান লক্ষণলৈ নজৰ ৰাখকঃ

কম পৰিমাণত সঘনাই প্ৰস্ৰাৱ হোৱা। বিশেষকৈ ৰাতিৰ ভাগত। প্ৰস্ৰাৱ কৰোতে কষ্ট বা বিষ অনুভৱ কৰা। প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং পৰিৱৰ্তন হোৱা। প্ৰস্ৰাৱত অকস্মিক ভাবে তেজ যোৱা। প্ৰস্ৰাৱত অধিক ফেন উঠা।
• হাত, ভৰি, মুখ বা শৰীৰ ফুলিবলৈ ধৰা(Oedema)।
• এনিমিয়া ৰক্তহীনতা, শাৰীৰি অত্যন্ত দুৰ্বল হোৱা, অলপতে ভাগৰ লগা।
• সঘনাই ছালৰ ৰোগ, খজুৱতি আদি হোৱা।
• মুখৰ দুৰ্গন্ধ হোৱা, খাদ্যৰ খাবলৈ মন নোযোৱা।
• বমি বমি ভাব বা বমি হোৱা।
• ব্লাড প্ৰেছাব বৃদ্ধি হোৱা।
• শৰীৰৰ গাঁঠি গাঁঠি বিষ হোৱা, কঁকালৰ বিষ হোৱা।
• শৰীৰৰত ৰক্তকণিকা কমি যোৱাৰ বাবে বেছি ঠাণ্ডাৰ অনুভৱ হোৱা।
• অক্সিজেন হ্ৰাস পোৱাৰ বাবে নিশ্বাসত কষ্ট অনুভৱ হোৱা ।
• বুকুৰ বিষ হোৱা।
• নিদ্ৰা ব্যাহত হোৱা, টোপনি কমি অহা।
• স্মৃতিশক্তি হ্ৰাস পোৱা।
• শৰীৰৰ মাংসপেশীৰ বিষ হোৱা আদি।

কিডনীৰ ৰোগ সোনকালে চিনাক্ত কৰিব নোৱাৰীলে ই ক্ৰনিক কিডনী ৰোগলৈ পৰিনত হ’ব পাৰে।

কিডনীৰ সক্ৰিয়তা কেনেকৈ পৰীক্ষা কৰিবঃ

কিডনীৰ সক্ৰিয়তা জানিবৰ বাবে Glomerular filtration rate (GFR) নামক পৰীক্ষা কৰিব পাৰি।

GFR-ৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কিডনীৰ ৰোগক পাঁচটা পৰ্যায়ত ভগোৱা হয়—

GFR ৯০ প্ৰথম পৰ্যায়(First stage)
GFR ৬০ৰ পৰা ৮৯ৰ ভিতৰত থাকিলে দ্বিতীয় পৰ্যায়

GFR ৩০ৰ পৰা ৫৯ৰ ভিতৰত থাকিলে তৃতীয় পৰ্যায়(3A & 3B)
GFR ১৫ৰ পৰা ২৯ৰ ভিতৰত থাকিলে চতুৰ্থ পৰ্যায়
GFR ১৫ৰ তল পঞ্চম পৰ্যায় ( কিডনী ফেইলাৰ, ৰোগী ডায়েলাইছিছত)।

প্ৰস্ৰাৱত প্ৰটিন নিৰ্গত হৈছেনেকি পৰীক্ষা কৰাব পাৰে। প্ৰস্ৰাৱত সকলো সময়তে প্ৰ’টিন নিৰ্গত হোৱা ধৰাপৰিলে ক্ৰনিক কিডনী ৰোগৰ হোৱা বুলি সন্দেহ কৰিব পাৰি।

তেজৰ ক্ৰিয়েটিনিনৰ পৰিমাণ নিৰ্ণয়ৰ দ্বাৰাও ক্ৰনিক কিডনি ৰোগৰ বিষয়ে ধাৰণা কৰিব পৰা যায়।

এজন পুৰুষৰ ক্ৰিয়েটিনিনৰ স্বাভাৱিক পৰিমাণ হ’ল  ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম আৰু মহিলাৰ ০.৬ ৰ পৰা ১.১ মিলিগ্ৰাম।

ক্ৰিয়েটিনিনৰ বৃদ্ধিৰ পৰিমাণৰ পৰাও কিডনীৰ সক্ৰিয়তা নিৰ্ণয় কৰিব পাৰি।
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰ তেজত ১.৫ মিলিগ্ৰাম হলে – ২৫% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিতাৰত ২ মিলিগ্ৰাম হলে ৫০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ প্ৰতি ডেচিলিটাৰত পৰিমান ৩.৫ মিলিগ্ৰাম হলে ৭৫% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰত ৫ মিলিগ্ৰাম হলে ৯০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।

ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮মিলিগ্ৰাম প্ৰতি ডেচি লিতাৰ হলে ৯৫% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।

কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা ল’ব— ?

শৰীৰত ছুগাৰ, ক’লেষ্টৰলৰ পৰিমাণ আৰু ৰক্তচাপ যাতে বৃদ্ধি হব নোৱাৰে তাৰবাবে সন্তুলিত খাদ্য গ্ৰহণ কৰক।

কেৱল সঠিক খাদ্যই গ্ৰহণ কৰি ৫০ শতাংশৰো অধিক কিডনী ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।
কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিবঃ
• সতেজ সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক।
•পৰ্যাপ্ত পৰিমানৰ ফলমূল গ্ৰহণ কৰক।
• ভেন্দি, পটল, তিঁয়হ, লাউ, কোঁমোৰা, কেপচিকাম, বেঙেনা, ভাঁত কেৰেলা, তিতা কেৰেলা আদি গছত লগা পাচলি পৰ্যাপ্ত পৰিমানে খাওক।
• কিডনী ৰোগীয়ে পিঁয়াজ, আদা, বিট, গাজৰ, মূলা আদি মাটিৰ তলত হোৱা পাচলি খাব পাৰে।
শুকান ফল-মূল (ড্ৰাই-ফ্ৰোটচ) কমকৈ খাব লাগে।
• টেনেমুৰ ৰসৰ বাহিৰে অন্য টেঙা ফল নাখাব। টেনেমুৰ ৰস মৌজোলৰ সৈতে খালে উপকাৰ হয়।
• কুঁহিয়াৰ ৰস, গুড়, মৌজোল, খেজুৰ আদি খাব পাৰে।
• জামুক, মাটিকঁঠাল খাব পাৰে। ইয়াক কিডনীৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।
• ডালিয়া, পাষ্টা, নুডলছ্, চাটু, চিৰা, অ’টছ, চাবুদানা, ব্ৰাউন ব্ৰেড খাব পাৰে।
• আটা খাব পাৰে।
• ভাৰ ৰন্ধাৰ আগতে চাউলখিনি তিয়াই ৰাখিলে ভাল।

কি কি নাখাবঃ

• চচ্, চুপ, জুচ, গ্ৰেভী পৰাপক্ষত নাখাব।
• কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বা সংৰক্ষিত (প্ৰিজাৰভেটিভ) যিকোনো খাদ্য এৰাই চলিব লাগিব।
• এৱাঁগাখীৰ, গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য নাখাব।
• ছৰ্বী বা তেল যুক্ত খাদ্য নাখাব।
• মাংস, মাছ, কণীৰ আদি কমাই খাব।
• চেনি বা চেনি যুক্ত খাদ্য পৰাপক্ষত এৰাই চলিব।
• নিমখ একেবাৰে কম কৰিমানেহে খাব।
• মদ, ভাং, চিগাৰেট আদিৰ সম্পূৰ্ণ বৰ্জন কৰক।

Dr Harikanta Das

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles