ভাৰত আৰু চীনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ Cancer

ভাৰত আৰু চীনত পৃথিৱীৰ আধাতকৈও বেছি কেন্সাৰ ৰোগীয়ে বাস কৰেঃ

cencerভাৰতৰ এটা বিখ্যাত নিউজ চেনেলত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি ভাৰতত আতি দ্ৰুত গতিত বৃদ্ধি পাইছে কেন্সাৰ আক্ৰান্তৰ সংখ্যা। বৰ্তাম সময়ত পৃথীৱীৰ আধাতকৈও বেছি কেন্সৰ ৰোগীৰ বাসস্থান ভাৰত আৰ চীন। এচিয়া মহাদেশৰ এই দুই বৃহৎ উন্নয়নশীল দেশত এই দুৰাৰোগ্য ব্যাধিয়ে লক্ষ্য লক্ষ্য মানুহৰ জীৱন কাঢ়ি নিয়াৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নটো বাধা প্ৰদান কৰিছে্। প্ৰতি বছৰে ভাৰতত ১০ লক্ষ্যাধিক মানুহ এই কেন্সাৰ বেমাৰত আক্ৰান্ত হয়। ২০৩৫ চনত এই সংখ্যা ১৭ লাখৰো অধিক হোৱাৰ সম্ভাৱনা আছে।

এক সমীক্ষাত চীনত প্ৰতি ৫ জন মানুহৰ এজন কেন্সাৰ বেমাৰত মৰে বুলি কোৱা হৈছে। সমীক্ষা অনুযায়ী অত্যাধিক ধপাত সেৱন কৰা, ৰোগ নিৰ্নয়ত পলম হোৱা, অস্বাস্থকৰ পৰিবেশ, দেশৰ সাধৰণ শ্ৰেণীৰ মানুহৰ মজত উপযুক্ত স্বাস্থ্য সেৱাৰ অভাবেই ভাৰতত কেন্সাৰ বেমাৰৰ প্ৰকোপ বৃদ্ধি মূল কাৰণ বুলি গন্য কৰা হৈছে।

    আন্যহাতে সৰ্বসাধাৰণ মানুহৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ অভাৱ আৰু পৰম্পৰাগত চিকিৎসা আৰু অন্ধবিশ্বাস, কূ-সংস্কাৰেও ভাৰতত এই ৰোগত মৃত্যুৰ সংখ্যা বঢ়াই তুলিছে। এই কেন্সাৰ ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতত ব্যাপক সজাগতা অভিযানৰ প্ৰয়োজন আছে।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles