জন্মনিৰোধক বড়িৰ ৯টা পাৰ্শ্বপ্ৰতিক্ৰিয়া

জন্মনিৰোধক বড়িৰ ৯টা পাৰ্শ্বপ্ৰতিক্ৰিয়াঃ

  • ৰ্ভনিৰোধক বড়ি বা পিল। এটা হৰমনক প্ৰদ্ধতিগত ভাবে প্ৰস্তুত কৰি প্ৰেগনেন্সি প্ৰতিৰোধক বড়ি বা পিল প্ৰস্তুত কৰা হয়। যাক আমি অৰেল কন্টাচেপটিক পিল বা গৰ্ভনিৰোধক পিল বুলি কওঁ। এই টেবলেটে মহিলা সকলৰ অনিয়মীয়া মাহেকীয়া, মাহেকীয়াৰ সময়ত পেটৰ বিষ, অত্যাধিক ব্লিডিং, এণ্ডমেট্ৰিয়চিচ, ব্ৰণ বা শালমন হোৱাত উদগনি যোগায়।

গৰ্ভনিৰোধক বড়ি পাৰ্শ্বক্ৰিয়া সমূহ হল-

১) বমি বমি ভাবঃ

জন্ম-নিৰোধক-বড়িৰ-৯-টা-পাৰ্শ্ব-প্ৰতিক্ৰিয়া
জন্মনিৰোধক বড়িৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া

প্ৰথম অৱস্থাত এই পিল গ্ৰহণ কৰাৰ পাছত কোনো কোনো মহিলাৰ বমি বমি ভাব হব পাৰে। পিছত এই সমস্যা থিক হৈ যায়। যদি এই সমস্যা একেৰাহে ৩ মাহ ধৰি উপশম নহয় তেনে হলে ডাক্তৰৰ পৰামৰ্শ কৰাটো বাঞ্চনীয়।

২) স্তনত বিষঃ

জন্মনিয়ন্ত্ৰক পিলে পাৰম্ভিক অৱস্থাত মহিলাৰ স্তন ডাঙৰ হোৱাৰ লগতে স্তনৰ বিষৰো সৃস্টি কৰিব পাৰে। ই এটা সাধাৰণ সমস্যা। কেইসপ্তাহ মান ব্যৱহাৰ কৰাৰ পাছত এই সমস্যা ঠিক হৈ যায়। যদি ঠিক নহয় ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব।

৩) মাহেকীয়াৰ বিসংগতিঃ

নিৰ্দ্ধাৰিত সময়ৰ মাজভাগতেই পুনৰ ব্লিডিং হোৱা সমস্যা হব পাৰে। ব্লিডিং ৩ ৰ পৰা ৫ দিনৰ ভিতৰত নকমিলে চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

৪) মাথাৰ বিষ আৰু মাইগ্ৰেনঃ

জন্ম নিৰোধক পিলত থকা হৰমনে মাথাৰ বিয আৰু মাইগ্ৰেনৰ সমস্যা সৃষ্টি কৰিব পাৰে।

৫) শৰীৰৰ ওজন বৃদ্ধিঃ

গৱেষণাত পোৱাগৈছে জন্মনিৰোধক বড়ি খালে স্তন আৰু নিতম্বৰ আশেপাশে পানী জমা হোৱা সম্বাৱনা বৃদ্ধি আৰু শৰীৰৰ ওজনো বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। গবেষণাৰ তথ্যঅনুসৰি একেৰাহে ১২ মাহ প্ৰজেষ্টেৰণ অনলি বাৰ্থ কন্ট্ৰল পিল খোৱাৰ পাছত ৪.৪ পাওণ্ড অৰ্থা- ২ কিলোগ্ৰাম শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ ইতিহাস পোৱা গৈছে।

৬) মানসিক আশান্তিঃ

এক গবেষণাৰ তথ্য অনুসৰি কন্টাচেপটিভ পিল ব্যৱহাৰ কৰী মহিলাৰ কেতিয়াবা মানসিক অশান্তিৰ সমস্যও হব পাৰে। মানসিক অস্থিৰতা, কৰ্মৰ প্ৰতি অনিহা আৰু অমনোযোগিতা আদি সমস্য হব পাৰে। মানসিক পৰিৱৰ্তণ বা মানসিক সমস্যই দেখাদিলে শীঘ্ৰ ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব।

৭) মাহেকীয়া মিচ হোৱাঃ

সঠিক ভাৱে গৰ্ভনিৰোধক পিল ব্যৱহাৰ কৰি থকিলেও যদি পিৰিয়ড মিচ হব পাৰে। এনে সমস্যা হলে প্ৰেগনেনচি টেষ্ট কৰাব লাগে।

৮) যৌন ইচ্ছা কমিযোৱাঃ

গৰ্ভনিৰোধক বৰিয়ে যৌন শক্তিক প্ৰভাৱিত কৰিব পাৰে। যদি যৌন শক্তি কমি যোৱা সমস্য হোৱা যেন অনুভৱ কৰে তেনে হলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। কেতিয়াবা এই জন্মনিয়ন্ত্ৰক পিলে যৌন কামনা বৃদ্ধিও কৰিব পাৰে।

৯) ভেজাইনেল ডিচাৰ্জঃ

এই পিল বহুদিন ধৰি ব্যৱহাৰ কৰিলে ভেজাইনেল ডিচাৰ্জৰ পৰিৱৰ্তণ আহিব পাৰে। ভেজাইনেল লুব্ৰিকেন কমি যাব পাৰে বা কেতিয়াবা বৃদ্ধি হব পাৰে। এই পৰিৱৰ্তণ ক্ষতিকাৰক নহলেও যদি ভেজাইনেল ডিচাৰ্জ গোন্ধ হয় তেনে হলে সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। এনে সমস্যা সৃস্টি হলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles