ভিটামিন চি প্ৰয়োজনীয়তা Impressive Ways Vitamin C Benefits Your Body

ভিটামিন চি প্ৰয়োজনীয়তাঃ

ভিটামিন-চি-প্ৰয়োজনীয়তা
ভিটামিন চি প্ৰয়োজনীয়তা

আমাৰ শৰীৰক পুষ্টিযোগানৰ বাবে ভিটামিন অত্যাৱস্যকীয়। বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি শৰীৰটোক নিৰোগী কৰি ৰাখিবৰ বাবে অন্যান্য ভিটামিন সমূহৰ লগতে প্ৰয়োজন হয় ভিটামিন-চি।
এজন প্ৰাপ্ত বয়স্কৰ ব্যক্তিক দৈনিক ৫০ মিলি গ্ৰাম ভিটামিন-চি প্ৰয়োজন হয়। শিশুক ৩০-৫০ মিলি গ্ৰাম আৰু পসুতি মাতৃক ৮০ মিলি গ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়।

ভিটামিন চিৰ কাৰ্যসমূহৰ ভিতৰত হল-

(২) যিকোনো ধৰণৰ ঘাঁ-ফোহা শুকুৱাত সহায় কৰে।

(৩) শৰীৰৰ কটা-চিঙাৰ পৰা ওলোৱা তেজ গোট মাৰি তেজৰ প্ৰৱাহ বন্ধ কৰাত সহায় কৰে।

(৪) আমি খোৱা খাদ্যত থকা আইৰণ শোষণ কৰি ৰক্তহীনতা সমস্যা দূৰ কৰাত সহায় কৰে।

(৫) আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

(৬) আমি যদি এন্টিঅক্সিডেন্ট কথা ভাবো তেনে হলে ভিটামিন-চি নিসন্দেহে এবিধ উৎকৃষ্ট এন্টিঅক্সিডেন্ট।

(৮) দাঁতৰ ৰোগ যেনে- পায়েৰিয়া, দাঁতৰ গুৰিৰ পৰা তেজ -পূঁজ ওলোৱা আদি সমস্যাৰ পৰা মুক্ত হোৱাত সহায় কৰে।

(৯) শুকান কাহ, কফ অদি ৰোগ ভাল কৰাত সহায় কৰে।

(১০) দেহত এলাৰ্জি প্ৰতিৰোধ কৰে, চৰ্দি, কাহ, হাঁচি আদি হোৱাত বাধা দিয়ে।

(১) কিডনীত পাথৰ হোৱাত বাধাদি কিডনীক সুৰক্ষা প্ৰদান কৰা।

ভিটামিন-চি কত পোৱা যায়ঃ

অমলখিত প্ৰচুৰ পৰিমানে ভিটামিন চি থাকে। ভিটামিন-চিৰ মুখ্য উৎস হল- টেঙা ফল-মূল যেনে- বিভিন্ন প্ৰজাতিৰ নেমুটেঙা, সুমথিৰা, মৌছম্বী, নগাটেঙা, জৰাটেঙা, চকলাটেঙা,‌ ৰবাব, মধুৰিআম, বিলাহী আদি। ইয়াৰোপৰি কিছুমান শাক-পাচলিত কম পৰিমাণে এচকৰ্বিক এচিড পোৱা যায়।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles