ব্ৰকলিৰ উপকাৰীতা

ব্ৰকলিৰ উপকাৰী গুণঃ

মাৰ স্বাস্থ্য ৰক্ষাত বিভন্ন সেউজীয়া শাক-পাচলিবোৰৰ গুৰুত্ব অপৰীসীম। ব্ৰকলিও এনে এবিধ পাচলি যি আমাৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ই সুস্বাদু হোৱাৰ উপৰিও ই গুণগত মানৰ ফালৰপৰা সকলোৰে শীৰ্ষত বুলি কলেও ভুল নহব। এই ব্ৰকলিৰ বিভিন্ন গুণ সমূহৰ ভিতৰত হল-

ব্ৰকলি এন্টিঅক্সিডেন্টঃ

ব্ৰকলিৰ-উপকাৰী-গুণ
ব্ৰকলিৰ উপকাৰী গুণঃ

ব্ৰকলি এন্টিঅক্সিডেন্টৰ ভাল উৎস। ইয়াত যথেষ্ট পৰিমানে ভিটামিন চি পোৱা যায়। ই আমাৰ শৰীৰক পৰিপুষ্টি প্ৰদান কৰি শক্তি যোগান ধৰে।

ব্ৰকলিয়ে হাড়ৰ গঠন মজবুট কৰেঃ

ব্ৰকলিত উচ্চহাৰত কেলচিয়াম আৰু ভিটামিন কে থাকে। গতিকে ই হাড় মজবুট কৰি ৰখাত সহায় কৰে। লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ দব্য মেগনেচিয়া, জিং, ফচফৰাচ আদি যোগান ধৰে। ব্ৰকলি প্ৰচুৰ ফাইবাৰৰ সমাহাৰ। হাড়ৰ ক্ষয়ৰোগ বা অষ্টিয়পৰছিছ ৰোগীয়ে এই ব্ৰকলি খোৱাটো অতি প্ৰয়োজন। ব্ৰকলিয়ে শিশুৰ হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে। শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ লগতে ডায়েবেটিছ ৰোগীয়েও ব্ৰকলি খালে তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণ হয়।

ব্ৰকলিয়ে এলাৰ্জি নিৰাময়কৰেঃ

ব্ৰকলিয়ে আৰ্থাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ইয়াত থকা ওমেগা ফেটিএচিডে শৰীৰত এলাৰ্জী প্ৰতিৰোধ কৰিব পৰা শক্তি যোগায়। সেইয়েহে এলাৰ্জীৰ সমস্যাত ভুগা মানুহৰ বাবে ব্ৰকলি অতি উপযোগী।

ব্ৰকলিয়ে কেন্সাৰ প্ৰতিৰোধকৰেঃ

এক গৱেষণাৰ তথ্য অনুসৰি ব্ৰকলিত এন্টিকেন্সাৰ উপাদান থাকে। ই বিশেষভাবে জৰায়ু আৰু স্তনকেন্সাৰ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

ব্ৰকলিয়ে তেজত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰেঃ

ব্ৰকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বাবে ই তেজত জমাহোৱা কলেষ্টৰেল বাহিৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ব্ৰকলি চালৰ বাবে উপকাৰীঃ

ব্ৰকলিত যথেষ্ট পৰিমানে জিং, কপাৰ আদি খনিজ পদাৰ্থ আৰু ভিটামিন চি, এন্টিঅক্সিডেন্ট থকাৰ বাবে ই আমাৰ চালখনকো সুৰক্ষা দিব পৰা ক্ষমতা আছে। চকুৰ দৃষ্টি শক্তি বৃদ্ধিৰ বাবেও ব্ৰকলি উপযোগী।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles