গৰ্ভনিৰোধক পিল কোন সকল মহিলাই খাব নালাগে

গৰ্ভনিৰোধক পিল কোন সকল মহিলাই খাব নালাগেঃ(oral contraceptives)

ৰ্ভনিৰোধক বড়ি। বৰ্তমান সময়ত মহিলাসকলৰ মাজত ব্যাপক ৰূপত ব্যৱহাৰ হোৱা দৰবৰ ভিতৰত অন্যতম। এই জন্মনিৰোধক বড়িয়ে কেতিয়াবা বিপদ ঘটাব পাৰে। আমি জানো আহক কোন সকল মহিলাই এই জন্ম নিৰোধক বড়ি খাব নালাগে।

এই জন্মনিৰোধক পিল বা বড়িয়ে হাৰ্টৰ সমস্যা যেনে- ব্লাড ক্লট, হাৰ্ট এটেক অথবা ষ্টোকৰ সম্ভাৱনা বৃদ্ধি কৰে। হাঁওফাঁও সমস্যা, উচ্চৰক্তচাপ, বিনাইন লিভাৰ টিউমাৰ (Benign Liver tumor) আৰু কেন্সাৰৰ সৈতেও ইয়াৰ সম্পৰ্ক পোৱা গৈছে।

জন্মনিৰোধক পিল বা বড়ি কোনসকল মহিলাই খাব নালাগেঃ

pill

১) ৩৫ বছৰৰ ওপৰৰ মহিলা।
২) বিৰি, ছিগাৰেট, চুন-চাধা আদি খোৱা মহিলা।
৩) মেদ বহুল বা অত্যাধিক শকত মহিলা।
৪) কিবা শাৰীৰিক সমস্যাৰ বাবে ঔষধ খাই থকা মহিলা।
৫) হাৰ্টৰ বেমাৰ থকা মহিলা।
৬) মাইগ্ৰেন বা মূৰৰ বিষ থকা মহিলা।
৭) লিভাৰৰ বেমাৰ থকা মহিলা।
৮) দীৰ্ঘ সময় ধৰি ডায়েবেচিছত ভুগা মহিলাই এই গৰ্ভনিৰোধক পিল বা বড়ি খাব নালাগে।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles