জাপানী লতাঃ জণ্ডিছ, খৰ, খজুৱতীৰ ঘৰুৱা চিকিৎসা(skin conditions)

জণ্ডিছ, খৰ, খজুৱতীৰ ঘৰুৱা চিকিৎসা

জাপানী-লতা
জাপানী লতা
বিধ লতা বাটে ঘাটে এতিয়া উভৈনদী। নাম জাপানী লতা বা জাৰ্মানী লতা। ইয়াক ফিৰিঙি লতা বুলিও কোৱা হয়।
এই লতা নিজে নিজে য’তে ত’তে হয়। ইয়াৰ কোনো যত্ন ল’ব নালাগে। অযত্নত হোৱা উদ্ভিদ বোৰক আমি অলাগতীয়াল বুলি অবহেলা কৰো। কিন্তু উদ্ভিদ মানেই কিবা নহয় কিবা গুণ থাকে। সেই গুণ বোৰ আমি উদ্ঘাটন কৰিব পাৰিব লাগিব।জণ্ডিছ-খৰ-খজুৱতীৰ-ঘৰুৱা-চিকিৎসা
  • এই জাৰ্মানী লতাৰো কিছুমান আচৰিত গুণ আছে। কটা চিঙাত এই লতা মিহিকৈ পিচি  লগাই দি কিছু সময় বান্ধি থলে তেজ বন্ধ হয় আৰু  বিষ কমি যায়।
  • ছালৰ ৰোগত জাৰ্মানী লতা পিচি ৰসখিনি সানি কিছু সময় থৈ  দিব। এনেকৈ এসপ্তাহ লগালে ছালৰ ৰোগ ভাল হয়।
  • কিডনীত পাথৰ হ’লে দুটা পাত প্ৰতিদিনে চোবাই খালে পাথৰ আলি যায়।
  • জণ্ডিছ হ’লে জাৰ্মানী লতা ৰুচুনৰ পাত দহটা মান পিচি ৰস উলিয়ায় এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে ভাল হয়।
  • মুত্ৰ থলীৰ ৰোগ হলে তেনেদৰে পাত দহটা পিচি মৌ এচামুচৰ লগত মিহলাই পুৱা খালী পেটত দহ দিন মান খালে উপকাৰ পাব।
(সংগ্ৰহীত)
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles