কিডনিৰ বাবে উপকাৰী ৭ বিধ খাদ্যঃ
মানৱ দেহৰ মগজু, হৃদপিণ্ড যিদৰে গুৰুত্বপূৰ্ণ অংগ ঠিক তেনেদৰে কিডনিও অতি গুৰুত্বপুৰ্ণ অংগ। কিডনি দুটাৰ অবিহনে মানুহ জীয়াই থকা অসম্ভৱ। কিডনিয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু ক্ষতিকাৰক টক্সিন প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰাৰ লগতে আমাৰ শৰীৰৰত থকা ইলেক্ট্ৰোলাইট আৰু বিভিন্ন তৰল পদাৰ্থ বোৰৰ ভাৰাসাম্য ৰক্ষা কৰে।
এই কিডনিৰ ৰোগ হোৱাৰ ফলত প্ৰসাবৰ বিভিন্ন সমস্যা, চকুৰ চাৰিওফাল ফুলি ওঠা, হাত-ভৰি ফুলি উঠা আদি সমস্যাই দেখা দিব পাৰে। যিসকল ব্যক্তিৰ কিডনিৰ সমস্যা থাকে তেনে ব্যক্তিসকলৰ হাৰ্টএটেক হোৱাৰো সম্ভাৱনা থাকে। আমি যদি সঠিক সময়ত সঠিক মাত্ৰাত উপযুক্ত খাদ্য গ্ৰহণ কৰো তেতিয়া আমাৰ অংগ বোৰেৰ সঠিক মাত্ৰাত কাৰ্য সম্পাদন কৰিবলৈ সহায়ক হয়। যিবোৰ খাদ্যত এণ্টিঅক্সিডেণ্ট যেনে ফ্লাভনয়েড আৰু লাইকোপেন, বিটা কেৰটিন লগতে ভিটামিন চি থাকে এনেবোৰ খাদ্যই আমাৰ কিডনি ভালে ৰখাত সহায় কৰে। কিডনি সমস্যাৰ প্ৰধান কাৰণ হৈছে আমাৰ শৰীৰত জমা হোৱা দূষিত আৱৰ্জনা। এণ্টিঅক্সিডেণ্টে এই দূষিত আৱৰ্জনাবোৰ বাহিৰ কৰাত সহায় কৰে।
আহক আমি জানো আমাৰ কিডনি কেইটা সুস্থ ৰাখিবৰ বাবে কি কি খাদ্য খাব লাগে-
১) বন্ধা কবিঃ-
কিডনিৰ কাৰ্য ক্ষমতা আৰু পুষ্টিৰ বাবে প্ৰাকৃতিক ঔষধ হিচাপে বন্ধাকবি ব্যৱহাৰ কৰিব পাৰি। বন্ধাকবিয়ে

কিডনিৰ কাৰ্য ক্ষমতা বঢ়ায়। যদিহে আপোনি কিডনিৰ সমস্যাত ভুগিছে তেতিয়া হলে আপোনাৰ খাদ্যৰ তালিকাত বন্ধা কবি অপৰিহাৰ্য। আপোনাৰ শৰীৰৰত জমাহোৱা ফ্ৰি ৰেডিকেলে কোনো ক্ষতি কৰাৰ আগেয়ে ফাইটোকেমিকেল যুক্ত বন্ধাকবিয়ে ফ্ৰি ৰেডিকেল নাষ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও ইয়াত ফাইবাৰ আৰু ফলিক এছিডৰ লগতে ভিটামিন-B6 আৰু ভিটামিন C থাকে। বন্ধা কবি ডায়েটৰ বাবেও বৰ উপযোগি। কাৰণ বন্ধাকবিত পটাচিয়ামৰ পৰিমাণ কম থাকে।
২) জাম জাতীয় ফলঃ-
মেগনেচিয়াম, ভিটামিন চি, ফাইবাৰ আৰু ফলিক এচিড বহুত বেছি মাত্ৰাত জাম জাতীয় ফলত পোৱা যায়।

যেনে – জাম, স্ট্ৰবেৰি আদি কিডনিৰ বাবে বৰ উপকাৰী। এইবোৰত এণ্টিঅক্সিডেণ্টৰ সমপৰিমাণে এণ্টিইনফ্লামেটৰি উপাদানো থাকে। যি প্ৰদাহ কমাবৰ বাবে আৰু মুত্ৰাশয়ৰ কাম সূচাৰু ৰূপে পৰিচালিত কৰিবলৈ অৰিহণা যোগায়।
৩) কণীৰ বগা অংশঃ-
কিডনিৰ সমস্যা থকা ব্যক্তিসকলক কণীৰ বগা অংশ খাবলৈ পৰামৰ্শ

দিয়া হয়। কাৰণ ইয়াত ফচফৰাচৰ পৰিমাণ কমকৈ থাকে আৰু প্ৰটিনৰ পৰিমাণ বেছিকৈ পোৱা যায়। উচ্চ মাত্ৰাৰ প্ৰটিনৰ লগতে প্ৰয়োজনীয় এমাইনো এছিড থাকে। সেয়েহে ই কিডনিৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উচ্চমাত্ৰাৰ প্ৰটিনৰ বিপাকৰ পাছত কম বৰ্জ্য বা আৱৰজনা উৎপন্ন হয়। অন্যহাতে কিডনিৰ সমস্যা থকা লোকসকসক কণীৰ হালধীয়া অংশ খাবলৈ দিয়া নহয়। কাৰণ অতিৰিক্ত আমিষ কিডনিৰ বাবে বোজাৰ দৰে হয়।
৪) গাজৰঃ-

হাইপাৰটেনচন কিডনিৰোগৰ অন্য এটি কাৰণ। গাজৰ এনে এবিধ খাদ্য, যিয়ে হাইপাৰটেনচন কমোৱাত সহায় কৰে। ইয়াৰ বাহিৰেও ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায়ক। যিহেতু ডায়েবেটিছ কিডনি ৰোগৰ অন্য এটা কাৰণ। কেঁচা গাজৰত উচ্চ মাত্ৰাত পটাচিয়াম থাকে সেয়েহে কিডনিৰ ৰোগীসকলে পৰ্যাপ্ত পৰিমানে গাজৰ খাব লাগে।
৫) অলিভ অয়েলঃ-

হৃদপিণ্ডৰ বাবে অলিভ অয়েল যিমানেই উপযোগি ঠিক কিডনিৰ সুৰক্ষাৰ বাবেও সিমানেই উপযোগি। এই তেল বিধত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লামেটৰি ফেটি এচিডৰ উৎকৃষ্ট উৎস। সেয়েহে এই তেলে অক্সিডেচন কমাই কিডনি ভালে ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও ইয়াত পলিফেনল আৰু এণ্টিঅক্সিডেণ্ট উপাদান থাকে, যিয়ে প্ৰদাহ আৰু জাৰণ প্ৰতিৰোধ কৰে। অলিভ অয়েলত উচ্চ মাত্ৰাত এন্টিঅক্সিডেণ্ট পোৱা যায়।
৬)নহৰুঃ

এণ্টিঅক্সিডেণ্ট আৰু এণ্টিক্লটিং উপাদানেৰে পৰিপূৰ্ণ নহৰুৰ ব্যৱহাৰে কিডনি সমস্যাৰ লগতে হাৰ্টৰ সমস্যাৰ সম্ভাৱনা কম কৰে। প্ৰতিদিনে ৰাতিপূৱা খালিপেটত নহৰু এক ফুটা বা দুই ফুটা খোৱাৰ অভ্যাস কৰিলে অপ্ৰয়োজনীয় কলেষ্টেৰল কমোৱাৰ লগতে প্ৰদাহ কমোৱাত সহায় কৰে। যি সকলৰ ধাতু জনিত ৰোগৰ প্ৰভাৱ বেছি সেই সকলৰ বাবেও উপযোগি।
৭) মাছঃ-

কিছুমান সাগৰীয় মাছত ওমেগা-3 ফেটি এচিড থাকে। যিয়ে কিডনিৰ প্ৰদাহ কমাই বিভিন্ন ৰোগৰ পৰা বছাই ৰাখে। ইয়াৰ বাহিৰেও মাছত বিভিন্ন প্ৰকাৰৰ ভিটামিন পোৱা যায়। ২০০৮ বৰ্ষৰ আমেৰিকান জাৰ্নেল অফ কিডনি ডিজিজত প্ৰকাশিত প্ৰতিবেদন অনুযায়ী ডায়েবেটিছ ৰোগীসকলে মাছ খালে প্ৰস্ৰাৱত অস্বাভাৱিক ভাৱে প্ৰটিনৰ মাত্ৰা কমে। যদিহে আপোনি আপোনাৰ কিডনি ভালে ৰাখিব বিছাৰে তেন্তে এই খাদ্যবোৰ দৈনন্দিন খাদ্যৰ তালিকাত অন্তভূক্ত কৰিবলৈ নাপাহৰিব। লগতে বজাৰত ফল কিনাৰ সময়ত সতেজ ফলহে কিনিব।