কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে?

কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে?

কেলচিয়ামৰ-অভাবত-শৰীৰত-কি-কি-সমস্যা-হব-পাৰে?
কেলচিয়াম
⇒ কেলচিয়াম কমাৰ লক্ষণ-
⇒ কেলচিয়ামৰ অভাৱৰ বাবে শৰীৰত কি 
   সমস্যাই দেখাদিব পাৰে ?
⇒ কেলচিয়াম কি কাৰণত কমিব পাৰে ?
⇒ কেনেধৰণৰ ঘৰুৱা উপায়েৰে বা কেনে 
   ধৰণৰ খাদ্য গ্ৰহণ কৰি কেলচিয়ামৰ 
   অভাৱ পূৰাব পাৰি ?

কেলচিয়াম এনে এবিধ খনিজ মিনাৰেল যি আমাৰ হাড় আৰু দাঁতৰ সমস্যাৰ পৰা বাছি থকাত সহায় কৰে। আমাৰ শৰীৰৰ ৯৯% কেলচিয়াম হাড় আৰু দাঁতৰ বাবে আৱস্যক হয়। বাকী থকা ১% কেলচিয়ামহে শৰীৰৰ অন্য কাৰ্যত ব্যৱহাৰ হয়। যেনে- মাংস পেশীৰ কাৰ্য ক্ষমতা বঢ়োৱা, হৃদযন্ত্ৰক শক্তিশালী কৰি ৰখা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা ইয়াৰ উপৰিও শৰীৰৰ কোষবোৰতো কেলচিয়ামে মুখ্য কাৰ্য সম্পাদন কৰা দেখা যায়।

কেলচিয়ামৰ অভাৱৰ বাবে আমাৰ শৰীৰত কি কি সমস্যাই দেখা দিব পাৰেঃ

এক সমীক্ষাত দেখা গৈছে যে শৰীৰত কেলচিয়ামৰ অভাৱ থাকিলে কেন্সাৰ ৰোগে দেখা দিব পাৰে। ইয়াৰ কাৰণ হল আমাৰ দেহটো কোষেৰে গঠিত আৰু এই কোষ বোৰে যদি পৰ্যাপ্ত পৰিমাণে কেলচিয়াম নাপায় তেতিয়া শৰীৰৰ কোষ সমূহ বিকল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, আৰু তেতিয়া আমাৰ কোষবোৰ বিপথে পৰিচালীত হবলৈ ধৰে আৰু তেতিয়াই কেন্সাৰৰ দৰে দূৰাৰোগ্য ৰোগে দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি হয়।

কেলচিয়ামৰ অভাৱৰ ফলত ৰক্তচাপৰ সমস্যাও হব পাৰে।

কেলচিয়ামৰ অভাবৰ বাবে ৰক্ত সঞ্চালনৰ তাৰতম্য ঘতিব পাৰে। সঠিক সময়ত সঠিক মাত্ৰাত ষদি হৃদপিণ্ডত ৰক্ত প্ৰবাহ নহয় তেতিয়া হৃদৰোগৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি হব পাৰে। যেনে- হাৰ্টএটেক, হাৰ্টষ্ট্ৰোক আদি সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

কেলচিয়ামৰ অভাবত ৰোগীৰ অষ্টিঅপৰচিছ ৰোগে দেখা দিব পাৰে বা শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ হাড় সামান্য আঘাততে ভাগি যাব পাৰে।

যদিহে কেলচিয়ামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হ্ৰাস পায় তেতিয়া ৰোগীৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব, যাৰ ফলত ৰোগীৰ দেহত অন্যান্য বহু সমস্যাত ভুগিব পাৰে।

কেলচিয়ামৰ অভাৱৰ ফলত শীৰাবোৰত ৰক্ত সঞ্চালনৰ গতি বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে আৰু তেতিয়া ৰোগীৰ মূৰৰ শীৰা ফাটি ষ্ট্ৰোক বা পেৰালাইচিছ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে উচ্চৰক্তচাপৰ সমস্যাক এক সাংঘাটিক সমস্যা বুলি আখ্যা দিয়া হয়।

কেলচিয়ামৰ অভাৱ হোৱাৰ মুখ্য কাৰণ কি আৰু কিয় হয়ঃ

যদিহে দৈনিক খোৱা খাদ্যত কেলচিয়াম যুক্ত খাদ্য দব্য ব্যৱহাৰ নকৰে আৰু অত্যাধিক পৰিমাণে মেগনেচিয়াম আৰু ফচছৰাচ যুক্ত খাদ্য গ্ৰহণ কৰে তেতিয়া কেলচিয়ামৰ সমস্যাই দেখা দিব পাৰে।

কেলচিয়ামৰ অভাৱৰ অন্য এক কাৰণ হৈছে সূৰ্যৰ ৰশ্মি আৰু তাপ। যদিহে প্ৰতিদিন সূৰ্যৰ ৰশ্মি আৰু তাপ গাত নলয় শৰীৰত কেলচিয়ামৰ পৰীমান হ্ৰাস পাব পাৰে।

দৈনিক চাহ-কফি অতি মাত্ৰাত সেৱন কৰিলেও শৰীৰত কেলচিয়ামৰ মাত্ৰা কমিব পাৰে।

অধিক মাত্ৰাত মিঠাযুক্ত খাদ্য সেৱনো কেলচিয়াম হ্ৰাস পোৱাৰ কাৰণ হব পাৰে। কেলচিয়াম হ্ৰাসপোৱাৰ লগতে শৰীৰৰ হাড়সমূহ দুৰ্বল হৈ পৰিব পাৰে।

কেলচিয়ামৰ অভাৱে পাচন ক্ৰিয়াটো প্ৰভাৱ পেলাই।

কেলচিয়াম অভাৱৰ ফলত দেখা দিয়া লক্ষণ সমূহঃ-

কেলচিয়ামৰ অভাৱ হলে শৰীৰৰ হড়ৰ বিষ, গাঁঠিৰ বিষ, কেতিয়াবা গোটেই শৰীৰ বিষ আৰু লগতে কিছুপৰ বহাৰ পাছত হৰ্ঠাতে উঠিলে গাঁঠিৰ বিষ হোৱা আদি সমস্যাবোৰ কেলচিয়াম অভাৱৰ অন্যতম কাৰণ।

বহুত বেছি ভাগৰুৱা অনুভৱ কৰা, কাম কৰিবলৈ মন নোযোৱা, এলাহ অনুভৱ কৰা, শৰীৰ শক্তি হীন হোৱা, কোনো এটা কাম সম্পুৰ্ণ কৈ কৰি তুলিব নোৱাৰা বা কামত মন নবহা আদি সমস্যা বোৰৰ মূল কাৰণ কেলচিয়ামৰ অভাৱ।

কেলচিয়ামৰ অভাৱৰ ফলত হাত ভৰিৰ আঙুলিৰ নখ ভাঙি পৰিব পাৰে, শৰীৰৰ কোমল অংশত খজুৱতি হব পাৰে, দাঁতৰ বিষ, দাঁত ক্ষয় যোৱা, দাঁতত কলা দাগ পৰা আদি সমস্যা প্ৰকাশ পোৱা দেখা যায়।

কেলচিয়াম হ্ৰাস পোৱাৰ ফলত হৃদপিণ্ডই ৰক্তসঞ্চালনৰ গতি সলনি কৰিব পাৰে। যেতিয়া ৰক্ত সঞ্চালন তিব্ৰ গতিত হয়, তেতিয়া ৰোগী হতাশাত ভোগা পৰিলক্ষিত হয়।

কেলচিয়ামৰ অভাৱত অধিক মাত্ৰাত চুলি সৰা সমস্যাই দেখা দিব পাৰে। অসাধাৰণ ভাৱে চুলি সৰাৰ অন্যতম কাৰণ কেলচিয়ামৰ অভাৱত হব পাৰে।

এই কেলচিয়ামৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান ঘৰুৱা উপায় যিবোৰ বস্তু ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰি।
কেলচিয়াম
কেলচিয়াম

আদাৰ ৰসঃ

১ৰ পৰা ২ চামুচ পৰিমাণৰ আদাৰ গুৰি ২ কাপ পানীত উতলাই ১ কাপ পৰিমানে বাখি কিছুদিন ব্যৱহাৰ কৰিলে এই কেলচিয়ামৰ সমস্যা দূৰ কৰিব পাৰি।

তিলঃ

তিলৰ গুৰি দৈনিক ১ চামুচ মাত্ৰাত কিছুদিন সেৱন কৰিলে কেলচিয়ামৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

কাঠ বাদামঃ

৪ ৰ পৰা ৫ টা কাঠ বাদাম ৰাতি তিয়াই ৰাখি পূৱা বাকলি গুছাই খাব লাগে আৰু লগত ১ গিলাচ গাখীৰ খাব পাৰে। গাখীৰ আৰু কাঠবাদাম কেলচিয়ামৰ ভাল উৎস।

জিৰাঃ

১ চামুচ জিৰা ২ গিলাচ পৰিমাণৰ পানীত এটা বাছনত উতলাই  ১ গিলাচ পৰিমানে ৰাখি চাহ খোৱাৰ দৰে খাব লাগে কেলচিয়ামৰ সমস্যাৰ বাবে ই বৰ উপযোগী।

ইয়াৰ উপৰিও ভিটামিন D যুক্ত খাদ্য যেনে –

গাখীৰ, মাখন, পনীৰ, মাছ, কণী আদিৰ লগতে ঘেহু, ৰাজমাহ, মগু, মতৰ আদি ব্যৱহাৰ কৰি এই কেলচিয়াম সমস্যা দূৰ কৰিব পাৰি।

সেউজীয়া শাক-পাচলীঃ

পালেং, ফুলকবি, চালগুম, গাজৰ, বিলাহী ইত্যাদি।

ফল মূলঃ

অমিতা, কমলা, লিচু, অনাৰস, ইত্যাদি কেলচিয়ামৰ ভাল উৎস।

কেলচিয়ামৰ সমস্যাৰ পৰা মুক্তি পাবৰ বাবে ৰাতিপূৱা ৮ বজাৰ পৰা ১০ বজাৰ মাজৰ সময়চোৱাত ১০ ৰ পৰা ১৫ মিনিত সময় সূৰ্যৰ তাপ ললে এই কেলচিয়ামৰ সমস্যা দূৰ হয়।

ডা. হৰিকান্ত দাস।
Dr Haris homeopathic and Physiotherapy Clinic.

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

12 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles