ভটামিন B – 12

ভটামিন B – 12

ভিটামিন-B-12
ভিটামিন B-12
১) ভিটামিন B - 12 ৰ অভাৱত কি হব পাৰে ?
২) ভিটামিন B - 12 ৰ অভাৱ কিয় হয় ?
৩) ভিচামিন B - 12 ৰ সমস্যাৰ পৰা পৰিত্ৰাণ 
   পাবৰ বাবে কেনেকোৱা ধৰণৰ সাৱধানতা 
   অৱলম্বন কৰিব লাগিব?
৪) ভিটামিন B-12 ৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে 
   কেনে ধৰণৰ খাদ্য খাব লাগিব ?

ভিটামিন B-12 আমাৰ শৰীৰৰ বাবে এক অত্যন্ত উপকাৰী ভিটামিন। এই ভিটামিন B-12 এ শৰীৰৰ শ্বেতৰক্ত কণীকা সৃষ্টিত সহায় কৰে। ভিটামিন B-12 এ শৰীৰৰ চৰ্বি সমূহক শক্তিলৈ ৰুপান্তৰ কৰে আৰু শীৰা সমূহক সক্ৰিয় কৰি ৰাখে।

ভিটামিন B-12 বিশেষকৈ আমিষ খাদ্যত অধিক মাত্ৰাত পোৱা যায়। নিৰামিষ ভোজী লোকৰ ভিটামিন B-12 ৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে। ভিটামিন B-12 ক কোবোলামিন নামেৰেও নামাকৰণ কৰা হয়। ভিটামিন B-12 ৰ অভাৱত আমাৰ দেহত কিছুমান গুৰুতৰ ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ অভাৱত শৰীৰত কেনেধৰণৰ সমস্যা প্ৰকাশপোৱাৰ সম্ভাৱনা থাকেঃ

শৰীৰৰত ৰক্ত উৎপাদন কাৰী কোষবোৰৰ বাবে এই ভিটামিন B-12 অতি প্ৰয়োজনীয় উপাদান। দীৰ্ঘ সময় ধৰি এই ভিটামিন B-12 ৰ সমস্যাত ভোগিলে ৰোগীৰ শৰীৰত তেজৰ মাত্ৰা কমি যোৱা বা এনিমিয়াৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ অভাৱত ৰক্তসঞ্চালন প্ৰক্ৰিয়াত ব্যাঘাত জন্মাৰ সম্ভাৱনা থাকে। যদিহে ভিটামিন B-12 ৰ অভাৱৰ ফলত ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে, যেনে- হাৰ্ট এটেক আৰু কিছুমান হৃদ ৰোগৰ লক্ষণ প্ৰকাশ পোৱাৰ সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ মাত্ৰা যদিহে অধিক হ্ৰাস পায় ৰাজহাড়ৰৰ সমস্যাত ভোগাৰো সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ মাত্ৰা শৰীৰত বেছি পৰিমানে কমি যোৱাৰ ফলত দেহত পেৰেলাইচিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ভিটামিন B-12ৰ অভাৱত মস্তিস্কৰ কাৰ্য প্ৰণালীত ব্যাঘাত জন্মিব পাৰে। লগতে বিভিন্ন ধৰণৰ মানসিক সমস্যা যেনে- ডিপ্ৰেচন, উদ্যম হীনতা, স্মৃতি শক্তিৰ লোপ পোৱাৰ লগতে মানসিক ভাৰাসাম্য হেৰুৱাৰ সম্ভাৱনা থাকে।

ভিটামিন B-12ৰ অভাৱত হাড়ৰৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। শৰীৰৰ বিভিন্ন অংগ যেনে-কঁকালৰ বিষ, আঁঠুৰ বিষ, পিঠিৰ বিষ ইত্যাদি সমস্যা সমূহ দীৰ্ঘদিন ধৰি হৈ থাকিলে ৰোগীৰ ৰাজহাড়ৰৰ হাড় ক্ষয় হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ভিটামিন B-12 ৰ অভাৱ হোৱাৰ কাৰণ কিঃ

ভিটামিন B-12 ৰ অভাৱ হোৱাৰ মুখ্য কাৰণ খাদ্যত ভিটামিন B-12 যুক্ত উপানৰ অভাৱ। ভিটামিন B-12 কেৱল মাছ, মাংস, কণী, গাখীৰ এই বোৰত হে অধিক পৰিমানে পোৱা যায়। শাক-পাচলি আদিত এই ভিটামিন কমকৈ পোৱা যায়। সেয়েহে নিৰামিষ খাদ্য খোৱা ব্যক্তি সকল ভিটামিন B-12 ৰ অভাৱত সৃস্টি হোৱা ৰোগ সমূহত ভোগাৰ সম্ভাৱনা থাকে।

এক সমিক্ষাত পোৱা গৈছে যে যিসকল ব্যক্তিয়ে বিভিন্ন কাৰণত চাৰ্জাৰী কৰে, যেনে-ওজন কমাবৰ বাবে বা কিবা কাৰণত শৰীৰৰ অন্য অংগৰ চাৰ্জাৰী  ফলত ভিটামিন B-12 ৰ অভাব হব পাৰে। কাৰণ চাৰ্জাৰী কৰোৱাৰ ফলত শৰীৰত চেতৰক্ত কনিকা কমি যায়। সেয়েহে ভিটামিন B-12 ৰ অভাৱৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ অভাৱত পাচন ক্ৰিয়াটো প্ৰভাৱ পৰিব পাৰে। পাচন ক্ৰিয়া লেহেমীয়া গতিত হয়, সেইবাবে পেটৰ অন্য কিছুমান সমস্যাও হব পাৰে।

এনে কিছুমান ঔষধ আছে যিবোৰ সেৱনৰ ফলত ভিটামিন B-12 ৰ অভাৱ জনিত সমস্যাৰ প্ৰভাৱ পৰিব পাৰে। যেনে- ডায়েবেটিচৰ ঔষধ, বুকু জ্বলা-পুৰা কৰাত ব্যৱহাৰ কৰা ঔষধ সেৱনৰ ফলত ভিটামিন B-12 অভাৱ জনিত সমস্যা প্ৰকাশ পোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

যি সকল ব্যক্তিয়ে অধিক মাত্ৰাত কেৱল শাক – পাচলি তথা আমিষ আহাৰহে গ্ৰহণ কৰে। দৈনন্দিন খাদ্য তালিকাত মাছ, মাংস, গাখীৰ, পনীৰ আদি অন্তভূক্ত নকৰে, এই ব্যক্তিসকলৰ দেহত ভিটামিন B-12 ৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ অভাৱৰ ফলত দেখা দিব পৰা অন্যন্য কিছুমান লক্ষণ হল- অত্যাধিক ভাগৰ অনুভৱ কৰা, এলাহ, কাম কৰিবলৈ মন নোযোৱা, শৰীৰৰ দুৰ্বল অনুভৱ কৰা, কোনো কাম সম্পুৰ্ণ কৈ কৰি তুলিব নোৱাৰা, মুখ গহ্বৰৰ চাল বাৰে বাৰে এৰি থকা বা মুখত ঘাঁ লগা ইত্যাদি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।

ভিটামিন B-12 ৰ অভাৱৰ ফলত হৃদযন্ত্ৰৰ ধপধপনি অকস্মাত বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াৰ ফলত ৰোগীৰ হতাশাত ভোগে, লগতে ৰোগীৰ মানসিক ভাৰাসাম্য হেৰুৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ভিটামিন B-12 ৰ অভাৱত চকুৰে অশ্ৰু নিৰ্গত হব পাৰে। কাৰণ ভিটামিন B-12 এ চকুৰ ৰশ্মি বঢ়োৱাত সহায় কৰে।

অসাধাৰণ ভাৱে চুলি সৰা, সুউব কম বয়সতে চুলি পকা এই বোৰ ভিটামিন B-12 ৰ অভাৱ জনিত লক্ষণ হব পাৰে।

ডিপ্ৰেচনত ভোগিব পাৰে। সামান্য কথাত গুৰুত্বৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰা আদি ভিটামিন B-12 ৰ লক্ষণ। কাৰণ শৰীৰৰ শীৰা সমূহ সক্ৰিয় কৰি ৰখাত এই ভিটামিন B-12 এ মুখ্য ভূমিকা পালন কৰে।

ভিটামিন B-12 ৰ অভাৱৰ ফলত সুস্থিৰ ভাৱে চলা-ফুৰা অসুবিধা হব পাৰে। বিষেশকৈ বৃদ্ধ সকৰলৰ মাজত এই সমস্যাৰ প্ৰকোপ বেছিকৈ দেখা যায়।

ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিবঃ

জীৱ জন্তুৰ লিভাৰ কিডনী আদি ভিটামিন B-12 ৰ ভাল উৎস। মাছ, মাংস, কনী, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী যিকোনো ধৰণৰ খাদ্য দব্যত ভিটামিন B-12 পোৱা যায়। সাগৰীয় মাছ- টুনা, মাকৰেল আদিতো ভিটামিন  B-12 পোৱা যায়।

যিসকল লোকে নিৰামিস খায় তেখেত সকলে দৈনন্দিন খাদ্যৰ তালিকাত কিছুমান উপাদান অন্তভূক্ত কৰাটো খুবেই প্ৰয়োজন। ইয়াৰ ভিতৰত-

জিৰাঃ-

দৈনিক জিৰাৰ পানী সেৱন কৰিলে ভিটামিন B-12 ৰ অভাৱ পূৰাব পাৰী। ভিটামিন B-12ৰ অভাৱৰ ফলত এনিমীয়াৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে। জিৰাত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায় আৰু নিয়মিত জিৰা ব্যৱহাৰ কৰি এনিমিয়া সমস্যাৰ ফলত প্ৰকাশ পোৱা লক্ষণ সমূহৰ পৰা মুক্তি পাব পাৰি।

জিৰাৰ পানী প্ৰস্তুত প্ৰণালীঃ-

এটা পাত্ৰত ২ গিলাচ পানী লগত ১ চামুচ পৰিমাণৰ জিৰা লব সেই সিনি উতলাব। যেতিয়া পানীখিনি ১ গিলাচ হব, সেই পানীখিনি চাহ খোৱাৰ দৰে সেৱন কৰিব। এনেকৈ কিছুদিন ব্যৱবাৰ কৰিলে এই সমস্যাৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰিব।

আদাৰ পানীঃ-

আদাৰ পানী সেৱন কৰিলে পাচন ক্ৰিয়াট হোৱা বিসংগতি পৰা মুক্তি পাব পাৰী। আদাৰ পানী সোৱনে ভিটামিন B-12 ৰ অভাৱৰ ফলত হোৱা পাচনৰ লেহেমীয়া গতিক সঠিক মাত্ৰালৈ অনাত সহায় কৰে।

আদাৰ পানী প্ৰস্তুত প্ৰণালীঃ-

১ ইঞ্চি পৰিমাণৰ আদা ৰুকি লৈ ২ কাপ পৰিমাণৰ পানীৰ সৈতে উতলাই ১ কাপ পৰিমাণে ৰাখি চাহৰ খোৱাৰ দৰে কিছুদিন খালে এই পাচনৰ সমস্যাৰ পৰা হাত সাৰিব পাৰী।

ঘৰুৱা চাউলঃ-

ঘৰুৱা চাউলৰ ভাত ৰান্ধি অলপ গৰম হৈ থাকোতেই এটা পাত্ৰত বাঢ়ি লৈ অলপ পানী ঢালী ১০ ৰ পৰা ১২ ঘন্টা সময় ভালকৈ ঢাকী ৰাখিলে ভিটামিন B-12 ভৰপূৰ মাত্ৰাত পাব পাৰী। এনেকৈ মাজে মাজে ব্যৱহাৰ কৰিলে ভিটামিন B-12 ৰ সমস্যাৰ পৰা মুক্তি পাব পাৰী।

ৰাগীঃ-

ragi-ৰাগী
ragi-ৰাগী

২ ৰ পৰা ৩ ঘন্টা ৰাগী তিয়াই ৰাখি সেই পানী সেৱন কৰিব পাৰে নাইবা ৰাগীৰে তৈয়াৰী খাদ্য-দৌচা, ইডলি ইত্যাদি খাদ্য গ্ৰহণ কৰিও এই সমস্যাৰ পৰা মুক্ত হব পাৰী।

ডা. হৰিকান্ত দাস।

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles