হৰিনাম আৰু একশৰণবাদ
⇒ বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰম দাস।
এই নিখিল জগত পৰমেশ্বৰৰ এক মহৎ সৃষ্টি ৷ এই জগতত দেখা প্ৰাণী সমূহৰ ভিতৰত মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ৷ ই শাস্ত্ৰৰ প্ৰতিপাদিত কথা৷ উৰণ, বুৰণ, গজন, ভ্ৰমণ এই চাৰি বিধ জীৱৰে আহাৰ নিদ্ৰা, মৈথুন ,ভয় এই চাৰিবিধ সহজাত প্ৰবৃত্তি৷ মনুষ্যৰ শ্ৰেষ্ঠতৰ কাৰণ সমূহ বিশ্লেষণাত্মক দৃষ্টিৰে চালে এই কথা পৰিলক্ষিত হয় যে মানুহক ভগৱানে এটি অমূল্য সম্পদৰ অধিকাৰী কৰিলে সেইয়া হ’ল — বিবেক। এই বিবেকৰ প্ৰচেষ্টাতেই মানুহে ন্যায়, অন্যায়, সত্য, অসত্য, উচিত অনুচিত সকলো ভাৱৰ প্ৰকাশ কৰিব পাৰে৷ কিন্তু মনুষ্য ব্যতিৰেকে অন্যান্য প্ৰাণী এনে বিচাৰ বুদ্ধিক্ষম নহয়৷ মানুহ মাত্ৰেই ভূমিষ্ঠ হোৱাৰ পৰা সমাধিস্থ হোৱা পৰ্যন্ত কৰ্ম অৱস্থাত থকা দেখা যায়৷ কৰ্মহীনভাৱে কোনোৱে থাকিব নোৱাৰে৷ কৰ্মৰ প্ৰধানতঃ ধাৰা দুবিধ৷ সেয়া হ’ল জড়বাদী কৰ্ম আৰু আধ্যাত্মিক কৰ্ম৷ বিজ্ঞান আৰু বিভিন্ন কলা কৃষ্টি সমূহৰ লগত জড়িত থকা কৰ্ম সমূহক জড়বাদী কৰ্ম বুলি কব পাৰি, এক অৰ্থত ভগৱান বা পৰম শ্ৰেয়ৰ প্ৰীতিৰ অৰ্থে কৃত কৰ্মৰ বাবে অন্য সৰ্বাধিক কৃত কৰ্ম সমূহক জড়বাদী কৰ্ম কোৱা যায়৷ আনহাতে ঈশ্বৰৰ সম্বন্ধে আলোচনা থকা শাস্ত্ৰ অধ্যয়ন, সাধনা, ঈশ্বৰৰ লীলা গুণ কৰ্ম সমূহৰ লগত যি গীত মাত,নাচ আদি জড়িত কৰ্ম সমূহক আধ্যাত্মিক কৰ্ম বুলি তত্বদৰ্শী পুৰুষ সকলে কৈ গৈছে ৷ জড়বাদী কৰ্ম সমূহ অন্তিম অৱস্থাত দুখজনক৷ আধ্যাত্মিক কৰ্ম সমূহ অনাবিল আনন্দেৰে পুষ্ট, অন্তিম অৱস্থাত সদায় সুখদায়ক৷ হৰি নাম হ’ল আধ্যাত্মি কৰ্মৰ আধাৰ স্বৰূপ৷ হৰি নামত ঈশ্বৰৰ শক্তি, আনন্দ, নিহিত আছে ৷ ঘোষা শাস্ত্ৰই সিদ্ধান্ত দিছে —
আপোন নামৰ সংগ নছাৰন্ত হৰি ৷
যেই নাম সেই কৃষ্ণ জানা নিষ্ট কৰি ৷৷
অসম ৰাজ্যৰ পুৰণি নাম আছিল কামৰূপ৷ গুৰুজনাৰ ধৰ্মাদৰ্শত বৰ্ত্তমান অসমত কিছু ভক্তি পিপাসী লোকৰ প্ৰচেষ্টাত যি ভক্তিৰ জোৱাৰ প্লাৱিত হৈছে, আজিৰ পৰা প্ৰায় ৫০০ বছৰ আগতে এই হৰিনামৰ জোৱাৰ প্লাৱিত হোৱা নাছিল৷ ইয়াৰ বাসিন্দা সকল আছিল পৌত্তলিক, ভূত, প্ৰেত, অপদেৱতা আদিত বিস্বাসী৷ এই লোক সকলে হাঁহ, পাৰ, ছাগ, ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত বলি দিছিল৷ (অৱশ্যে সেই প্ৰথা এচামে এতিয়াও প্ৰচলন কৰি আছে) সেয়ে চৰিত পুথিত তাৰ বিৱৰণ আছে –
পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি ৷
নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি ৷৷
নানা দেৱ পূজা কৰে কৰে বলি দান ৷
হংস,ছাগ,মহিস কাটে অসংখ্য প্ৰমান৷৷
লোক তল গৈল কলি পাপ সাগৰত ৷
কৃপাময় কৃষ্ণে চিন্তা কৰৈ বৈকুন্ঠত ৷৷
ইটোলোক সমস্তক কৰিতে উদ্ধাৰ ৷
শংকৰ স্বৰূপে মই হৈবো অৱতাৰ ৷৷
গোটেই দেশ এই অপদেৱতাৰ পূজা, যাগ-যজ্ঞ ভূত পিশাঁচৰ পূজা আদিৰে বিৰাজ কৰিলে৷ মানুহৰ মাজত আধ্যাত্মিক চিন্তাৰ বিলুপ্তি হ’ল৷ হিংসা, দ্বেষ আদিয়ে লোক সমাজৰ মাজত বিয়পি পৰিল৷ সেই সময়ত তত্বদৰ্শী পণ্ডিত সকলৰ মাজত শাস্ত্ৰ পাঠৰীতি,বেদজ্ঞ পণ্ডিতসকলৰ মাজত বেদশাস্ত্ৰ পাঠৰীতি, বেদজ্ঞ পণ্ডিতবৃন্দৰ মাজত বেদ অধ্যয়ন হৈছিল৷ কিন্তু বেদৰ তত্ত্ব উদ্ঘাটন হোৱা নাছিল৷ লোকসমূহৰ মাজত বেদৰ শিক্ষা প্ৰদান কৰি মানুহক ভক্তিমুখী কৰিব পৰা নগৈছিল৷ দেশৰ পৰা আধ্যাত্মিক ভাৱৰ বিলুপ্তি হৈছিল৷ আধ্যাত্মিক ভাৱ এখন দেশৰ-শক্তি, মেৰুদণ্ডস্বৰূপ৷ যি দেশ আধ্যাত্মিক শিক্ষাত অনগ্ৰসৰ সেই দেশৰ মানদণ্ড, আচাৰ বিচাৰ, মানুহৰ জীৱন ধাৰণ পদ্ধতিও পিছ পৰা৷ অসম দেশতো তদ্ৰুপ অৱস্থাই পৰিলক্ষিত হ’ল ৷
এনে যুগসন্ধিত অসমৰ ভাগ্যোদয় হ’ল৷ অসমত জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে অৱতৰি হৰিনাম প্ৰকাশ কৰিলে৷ যি হৰিনাম বৈকুন্ঠত আছিল—-হৰিনাম ৰসে বৈকুন্ঠ প্ৰকাশে—নামঘোষা ৷
বেদ সমস্ত ধৰ্মৰ মূল৷ হৰি নাম বেদ নিধি স্বৰূপ৷ মহাপুৰুষ শঙ্কৰদেৱে বেদৰ পৰা হৰিনাম প্ৰকাশ কৰি ভক্তি বিমুখী জীৱ সমূহক দয়া পৰবশে হৰিভক্তি দান কৰি অমৃতৰ সন্ধান দিলে৷ এই যুগসন্ধিত মহাপুৰুষ শঙ্কৰদেৱৰ আপদালত অসমীয়া সমাজখন প্ৰগতিৰ পথত অগ্ৰসৰ হ’ল৷ সেই অৰ্থে তাৰাই কৃষ্ণমুখী সাহিত্য, কৃষ্টি, সংস্কৃতিৰ সৃষ্টি কৰি জনগণক ভক্তিৰ মঞ্চলৈ আকৃষ্ট কৰে ৷
মহাপুৰুষ শঙ্কৰদেৱে ’অৱনিশি’ অৰ্থাৎ দিনে ৰাতিয়ে বেদৰ সমীক্ষাত্মক দৃষ্টিভংগীৰে হৰিনাম প্ৰকাশ কৰিলে৷ সেয়ে মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰধান শিষ্য শ্ৰী মাধৱদেৱ পুৰুষে গুৰুভটিমাত কৈছে—অৱনিশি চাৰি বেদ বিছাৰি
বেকত কৰু হৰি নাম ৷
যাকেৰি বয়নে মিলাই গাই
পায় মনোৰথ কাম ৷৷–গুৰুভটিমা ৷
হৰিনাম বেদৰ প্ৰতিপাদিত বস্তু ৷ সেই কথাৰ প্ৰমাণ আদি ঋক্বেদত চালে পাম— কৃষ্ণ শৃণন্তং জৰিতুহবং কৃষ্ণস্য স্তুৱতোনাৰা
মাধৱঃ সোমস্য পাতয়ে ৷ ( ৮৫ সুক্ত,৪ সূত্ৰ )
অৰ্থ — হে মনুষ্যগণ,আধ্যাত্মিক মধূৰস পান কৰিবৰ কাৰণে তোমালোকে সংসাৰ বন্ধন নাশকাৰী সকলোৰে স্তুতিযোগ্য সৰ্বকৰ্মৰ সমুচিত ফলদাতা কৃষ্ণ দেৱৰ উপদেশ বাণী শ্ৰৱণ কৰাহঁক ৷
আকৌ বেদত কৈছে —
তিস্ৰো বাচ উদাৰতে গাবঃ মিমন্তি বোধঃ
হৰিৰেতি কনিক্ৰদৎ — (ঋক্ ৯মঃ ৩৩ সুক্তঃ ৪ সূত্ৰ )
তিনিওখন বেদৰ (ঋক্ ,সাম,যজু) বাক্যৰে ভক্তি জ্ঞান, কৰ্ম, বিষয়ক তত্ত্ববোৰ শিক্ষা দিবৰ কাৰণে জগতৰ সাধু সকলৰ পৰা তাপ হৰণ কৰ্তা ভগৱান হৰিয়ে উচ্চস্বৰে মাতি মাতি মনুষ্যগণৰ ওচৰ চাপি আহিছে৷ যেনেকৈ খিৰতি গাইয়ে দুগ্ধৰস পোৱালিক পান কৰাবলৈ বুলি হেম্বেলিয়াই হেম্বেলিয়াই খৰকৈ ওচৰ চাপি আহি থাকে ঠিক সেইদৰে ভগৱান হৰিয়েও তিনিবেদৰ বাক্যেৰে স্ত্ৰী-পুৰুষৰ উভয় বিধকে ভক্তি জ্ঞান, কৰ্মৰ জ্ঞান ৰূপৰস পান কৰিবলৈ উচ্চস্বৰে মাতি আছে, যাতে তেওঁৰ ওচৰলৈ মনুষ্য বিলাক আগবাঢ়ি যায়৷ এয়ে বেদৰ গুঢ় অভিপ্ৰায় ৷
মহাপুৰুষ শঙ্কৰদেৱে পুৰাণৰ বহু দেৱতাৰ প্ৰভাৱৰ পৰা, কামনা বাসনাৰ দ্বাৰা তাপিত প্ৰভাৱৰ পৰা জীৱ সমূহক ত্ৰাণ কৰিৱলৈ অমৃত তুল্য হৰিনামৰ প্ৰকাশ কৰিলে ৷ এই হৰিনাম সত্যযুগত দেৱতা সকলে গুপ্ত কৰি ৰাখিছিল৷ গুৰুজনাই জীৱসমূহৰ কল্যাণাৰ্থে জগতত ব্যক্ত কৰিলে ৷
সত্যযুগে প্ৰথমতে ব্ৰহ্মা আদি দেৱ যত
হৰিনাম কৰিলে গুপুত ৷
কিনো দয়াময় হৰি নামক বেকত কৰি
কলি পাপ কৰিলা লুপুত ৷৷
হৰিনামৰ গুণ প্ৰকাশ কৰি গুৰুজনে কৈছে —-
যিতো মহা ম্লেছ জাতি সিয়ো শুদ্ধ হোৱে আতি
মুখে মাত্ৰ হৰি নাম লয় ৷
কিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া
ৰহিল সমস্ত ধৰ্মচয় ৷৷
ইটো কলি কালঘোৰ পাপৰ নাহিকে ওৰ
আতহিত চিন্তিলা প্ৰজাৰ ৷
জগতৰে পাপহৰে স্মৰণে নিস্তাৰ কৰে
হেন নাম কৰিলা প্ৰচাৰ ৷৷
–কীৰ্তন
ঠিক একে কথাকে মাধৱদেৱ পুৰুষ,নামঘোষাত প্ৰকাশ কৰিছে—
পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰা
অতি গুপ্ত স্বৰূপে আছিল ৷
লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল ৷৷
হৰিনাম গুপ্ত ভৈলা মনুষ্যত পূজাৰৈলা
বুলি ৰংগ কৰে দেৱ সৰ্ব ৷
হেন হৰিনাম ধৰ্ম শঙ্কৰে বেকত কৰি
চুৰ কৈলা দেৱতাৰ গৰ্ব ৷৷
মহাপুৰুষ শঙ্কৰদেৱে সকলো শাস্ত্ৰ, বেদ বেদান্তৰ প্ৰতি পাদিত বস্তু হৰি নাম প্ৰচাৰ কৰি বহুতৰ মাজত একক শ্ৰেয়ঃ কৰিছে৷ সেই’এক’পৰমেশ্বৰ কৃষ্ণ৷ কলিযুগৰ জীৱ সমূহৰ অৰ্থে হৰি নামকে সকলো ধৰ্মৰ সাৰ সম্পদ বুলি সাব্যস্ত কৰি গৈছে ৷ শঙ্কৰদেৱৰ ভক্তি ধৰ্মৰ সাব্যস্ত শাস্ত্ৰ হ’ল গীতা ভাগৱত৷ এই দুই শাস্ত্ৰ সৰ্বকালৰ বাবে সেইয়েই কালজয়ী, সৰ্বজনৰ বাবে সেয়ে ই সৰ্বজনপ্ৰিয়, সৰ্বদেশৰ বাবে সেইয়েই সকলো স্থানতে সমাদৰ লাভ কৰি আহিছে৷ শ্ৰীমদ্ভাগৱত সমস্ত পুৰাণশাস্ত্ৰৰ সাৰ সংগ্ৰহ৷ আনহাতে বেদান্তৰো সাৰপুষ্ট৷ কলিযুগৰ জীৱৰ বাবে ভাগৱত শাস্ত্ৰই হৰিনাম ধৰ্মকে মুখ্য ধৰ্মবুলি সিদ্ধান্ত দিছে ৷
কৃতে যৎ ধায়তে বিষ্ণো ত্ৰেতায়ঃ যজতে নখৈ
দ্বাপৰে পৰিচৰ্যাং কলিত তৎ হৰিকীৰ্ত্তনাত৷
সত্য যুগে কৰি ধ্যান সমাধি৷
দ্বাপৰে পূজে নানা ভক্তি ভাৱে৷
কলিত কীৰ্ত্তনে সিগতি পাৱে ৷৷
সত্যযুগত ঋষিমুনি সকলে শ শ বছৰ ধ্যান ধাৰণা কৰি, ত্ৰেতাত ৰাজসুয়যজ্ঞ, ত্ৰুতুযজ্ঞ, অশ্বমেধ যজ্ঞ কৰি, দ্বাপৰত ঈশ্বৰ কৃষ্ণক পুজা কৰি যি ফল পাইছিল, কলিত একমাত্ৰ ঈশ্বৰৰ নাম কীৰ্ত্তন শ্ৰৱণ কৰি একে ফল পায় বা একে গতি পায়৷ গুৰু জনাৰ ধৰ্মৰ ই এটি বৈশিষ্ট্য৷ হৰিনাম ব্যতিৰেকে কলিযুগৰ জীৱৰ তৰণৰ অন্য পন্থা নাই৷ হৰিনাম জীৱৰ পৰকালৰ সম্বল ৷
হৰ্ৰে নামে হৰ্ৰে নামে হৰ্ৰে নামেৱ কেৱলম্ ৷
কলৌ নাস্তেৱ নাস্তেৱ নাস্তেৱ গতিৰ অন্যথা ৷
হৰিনামে হৰিনামে হৰিনামে গতি ৷
হৰিনামে ভকতৰ কেৱলে ভকতি ৷৷
এইদৰে গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মত এক ঈশ্বৰকে শ্ৰেয়,ধেয় বস্তু বুলিপ্ৰতিপন্ন কৰা হৈছে ৷
ভাগৱত শাস্ত্ৰ দৰে গীতা শাস্ত্ৰয়ো জীৱৰ মুক্তি দাতা ,কল্যাণ কৰ্ত্তা ,বুলি এজন ঈশ্বৰকে নিৰ্দিষ্ট কৰি দিছে ৷ গীতাত ভগৱান কৃষ্ণই নিজেই ঘোষণা কৰিছে —
মত্তঃ পৰতং নান্যৎ কিঞ্চিৎদস্তি ধনঞ্জয় ৷
ময়ি সৰ্বামিদং প্ৰোতং সূত্ৰে মণিগণাইৱ ৷৷
অৰ্থ– হে ধনঞ্জয় মোতকৈ শ্ৰেষ্ঠ আন একো নাই ,সূতাৰে গঁঠা মণিৰ নিচিনা এই সমস্ত (বিশ্বব্ৰহ্মাণ্ড) মোত গঁঠা আছে ৷
আকৌ গীতাত কৈছে —
মন্মনা ভৱ মদ্ভৱো মদ্যাজী মাং নমস্কুৰু ৷
মামেৱৈষ্যসি সত্যংতে প্ৰতিজানে প্ৰিয়োহুসিমে ৷৷
সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ৷
অহং তাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ
অৰ্থাৎ তোমাৰ মন মোত নিবিস্ত কৰা,
মোৰ ভক্ত হোৱা,মোক উপাসনা কৰা,
মোক নমস্কাৰ কৰা,(ইয়াকে কৰিলে) মোক পাবা ৷
সঁচাকৈ প্ৰতিজ্ঞা কৰি কৈছো,তুমি মোৰ (অতি) প্ৰিয় ৷
(তুমি) সমস্ত ধৰ্ম পৰিত্যাগ কৰি একমাত্ৰ মোত শৰণ লোৱা, তোমাক মই সমুদায় পাপৰ পৰা (কৰ্ম বন্ধনৰ পৰা) মুক্ত কৰিম ৷ শোক নকৰিবা ৷
এই দুয়োটা শ্লোকেই মহাপুৰুষীয়া ধৰ্মৰ মূলভেটি ৷
(লেখাটো সংগৃহিত কৰা হৈছে একশৰণ ভাগৱতী সমাজ ৰ বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত ২৭ তম বাৰ্ষিক অধিৱেশন আৰু মহা পালনাম ত প্ৰকাশিত “যুগনায়ক” নামৰ স্মৃতিগ্ৰন্থ খনিৰ পৰা)