বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাস

0
বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাস

বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাসৰ সম্পৰ্কত বৌদ্ধিক মহলৰ মতামত

আচাৰ্য-ইলা-ৰাম-দাস
আচাৰ্য ইলাৰাম দাসবাপ

শ্ৰীমন্তশঙ্কৰদেৱৰ একান্ত অনুগামী একশৰণ নাম ধৰ্মৰ শক্তিশালী প্ৰচাৰক, সুবক্তা, সাধক পণ্ডিত আচাৰ্য ইলাৰাম দাস বাপক বহু ভকতে শ্ৰদ্ধাতে বাপঈশ্বৰ বুলি সম্বোধন কৰে৷ এতিয়াও তেখেতৰ সকলো অনুগামীয়েই বাপঈশ্বৰ বুলিয়ে উল্লেখ কৰে৷ আচাৰ্য গৰাকীয়ে অসম ভূমিত শদিয়াৰ পৰা ধুবুৰীলৈকে মহাপুৰুষ দুজনাৰ একশৰণ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অভিযান কৰি ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি থাকোতে অসমত ইতিপূৰ্ৱেই প্ৰৱেশ ঘটা পশ্চিমৰ পৰা অহা গৌড়ীয়, চৈতন্য পন্থী, অনুকূল ধৰ্মৰ পণ্ডিত সকলৰ লগত হোৱা ধৰ্ম তৰ্ক যুদ্ধসমূহ আৰু অসমৰে শাক্ত পন্থীসকলৰ পৰা অহা আক্ৰমণ আৰু প্ৰত্যাহ্বান সমূহৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিম৷ তাকে কৰিবলৈ যোৱাৰ আগতে অসমৰ বৌদ্ধিক মহলৰ বিভিন্নজন জ্ঞানী গুণীয়ে তেখেতৰ সম্পৰ্কত মূল্যবান প্ৰৱন্ধ পাতি লিখি কোনে কি মন্তব্য আগবঢ়াইছিল তাৰে কিছু সংখ্যক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো ৷

১। আচাৰ্য ইলাৰাম দাস এজন “মহাপুৰুষৰ আদৰ্শ সেৱক” ⇒ড°নগেন শইকীয়া ৷
২। “শঙ্কৰী ধৰ্ম আৰু কৃষ্টিৰ বিষয়ে তেওঁৰ দৰে প্ৰাঞ্জল ভাষাত লানি নিছিগা ধাৰাৰে বক্তৃতা দিয়া ব্যক্তি মই এতিয়ালৈকে অসমত লগেই পোৱা নাই ৷  ⇒ৰামচৰন ঠাকুৰীয়া।
৩। বহুতে জন্মসূত্ৰে কৈৱৰ্ত দাসবাপক সাম্প্ৰদায়ীক আখ্যা দিব খোজে ৷ কিন্তু জন্মসূত্ৰে কৈৱৰ্ত হলেও আচাৰ্য দাস দেৱ কৰ্মসূত্ৰে ব্ৰাহ্মণ ৷ ⇒ড° গিৰিশ বৰুৱা ৷
৪। “ভাগৱতত যে কলিত কৈৱৰ্ত প্ৰধান শ্ৰীশঙ্কৰদেৱে লিখিথৈ গৈছে তাৰে উদ্বোধন কৰিলে আচাৰ্য ইলাৰাম দাসে৷ ⇒সাহিত্যিক নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকা৷
৫। “তেওঁৰ একাষাৰ হিত পৰামৰ্শই আজিও মোক সকলো কামতেই উৎসাহ যোগাই আহিছে ৷ ⇒ৰাজনীতিবিদ দূৰ্গাদাস বড়ো৷
৬। “ইলাৰাম দাসে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ যুগমীয়া আদৰ্শ একশৰণ ভাগৱতী সমাজ প্ৰতিষ্ঠাৰে একৈশ শতিকাটো বুঢ়া লুইতৰ সুঁতিৰ দৰে প্ৰবাহিত কৰি ৰাখিছে৷ ⇒ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য৷।
৭। “কেৱল বেশ-ভূষাই বা বিশ্ব বিদ্যালয়ৰ সু উচ্চ উপাধিয়ে মানুহক আধুনিক কৰি নুতোলে, চিন্তাৰ গভীৰতা আৰু দৃষ্টিভংগীৰ উদাৰতাইহে আধুনীক মানসীকতাৰ উৎস৷ সেই দুয়োবিধ সম্পদ আহৰণ কৰিব পাৰিছিল আচাৰ্য ইলাৰাম দাসে৷ ⇒যোগেন্দ্ৰ নাৰায়ন ভূঞা।
৮। দুজনা গুৰুৰ সুযোগ্য উত্তৰাধিকাৰী আচাৰ্য ইলাৰাম দাস ৷ ⇒ডা°অজিত বৰুৱা ৷
৯। “ইলাৰাম দাস বাপ একশৰণ নাম ধৰ্মৰ প্ৰৱক্তা,আচাৰ্য,পৰম ঈশ্বৰ তত্ত্বৰ অধিকাৰী ৷ তাৰা এগৰাকী যুগপুৰুষ ,জীৱন- সংগ্ৰামৰ সিদ্ধ পুৰুষ আছিল ৷ একশৰণ নাম ধৰ্মৰ পূৰ্ণ সাৰ্থকতা তেৰাৰ জীৱন আদৰ্শত প্ৰতিফলিত হৈছে ৷ আচাৰ্য ইলাৰাম দাস বাপ এগৰাকী মহান আদৰ্শ পুৰুষ ৷”⇒শৰৎ চন্দ্ৰ সিংহ ৷ (প্ৰাক্তন মূখ্যমন্ত্ৰী অসম চৰকাৰ )।
১০। “এপাহি সুগন্ধী গোলাপ” ৷ ” ভাৰতৰ বৈষ্ণৱ ধৰ্মৰ জগতখনৰ এপাহি সুগন্ধি গোলাপ শুকাই লেৰেলি গ’ল ৷ তথাপি ফুলপাহৰ সুগন্ধই জগত পৱিত্ৰ কৰি আছে ৷ সেইপাহি সুগন্ধী গোলাপেই হ’ল প্ৰসিদ্ধ বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাস ৷” ⇒উমেশ চেতিয়া ৷
১১। তেখেত আছিল ” গুৰু শঙ্কৰদেৱৰ একান্ত কিংকৰ,শংকৰ-চিন্তাৰ অন্যতম প্ৰৱৰ্তক ,ধাৰক-বাহক,আৰু সিংহনাদে -‘ The Roaring lion’ যিয়ে অবিনশ্বৰ কৰিছে শংকৰীয়া প্ৰজ্ঞাক, আন্তৰ্জাতিক কৰি তুলিছে,শঙ্কৰীয় মানৱতাক নিজৰ ক্ষুৰধাৰ বাগ্মিতাৰে আৰু বিজ্ঞতাৰ যুক্তিৰে ৷ ⇒ জীৱনকৃষ্ণ পাত্ৰ ৷
১২। মহাপুৰুষ মাধৱ দেৱৰ মহান গ্ৰন্থ নামঘোষাৰ সুবিস্তাৰিত ঘোষাৰাজিৰ তত্ত্ব বিচাৰ কৰি আচাৰ্য ইলাৰাম দাসদেৱে মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি তেখেতৰ ঐকান্তক আনুগত্য আৰু গভীৰ পাণ্ডিত্যৰ পৰিচয় দি গৈছে ৷তেখেতৰ “নামঘোষা- ৰসামৃত” চিৰদিন অসমীয়া ভক্তি সাহিত্যৰ বুৰঞ্জীত আৰু গুৰু দুজনাৰ একান্ত অনুৰাগী হিচাৱে অসমীয়া জাতিৰ চেতনাত অম্লান হৈ থাকিব  ৷⇒ড° অনিমা দত্ত ৷
১৩। আচাৰ্য ইলাৰাম দাসৰ উদাৰতা তুলনা বিহীন ৷এদিন একেলগে যাত্ৰা কৰোতে তেখেতে কৈছিল —- “ফাডাৰ ভামিয়ান, ড’নব’স্ক আৰু মাদাৰ টেৰেচা সকো ধৰ্মাৱলম্বীৰেই আদৰ্শ আৰু প্ৰেৰণা ৷ তেওঁলোকে একান্ত ভক্তি – সাধনাৰ লগতে কৰ্ম – সাধনাৰো সমন্বয় ৰাখিব পাৰিছিল ৷তেখেতে কৈছিল — ’ধৰ্মীয় গোড়ামী আৰু ধৰ্মক লৈ দলীয় ৰাজীতিৰ খেল নিন্দনীয় আৰু ধৰ্মৰ গ্লনিকাৰক ৷ ধৰ্ম সম্প্ৰদায় আৰু জাতিবৰ্ণকলৈ সমাজত থকা বৈষম্যবোৰ সমাজৰ প্ৰগতিৰ বাধা স্বৰূপ ৷এনে বৈষম্যমূলক অন্যায়ৰ নিজে ভূক্তভোগী হৈয়ো তেখেতে মনত কাৰো প্ৰতি হিংসা, ঘৃণা প্ৰতিশোধৰ ভাৱ নাৰাখিছিল ৷ তাৰবিপৰীতে আছিল সমবেদনা আৰু অজ্ঞজনৰ প্ৰতি পুতৌ আৰু পৰাখিনি সংস্কাৰ কৰি যাবলৈ দৃঢ়মন ৷-⇒ফাডাৰ জি,কে, প্ৰকাশ ৷
১৫। আচাৰ্য ইলাৰাম দাসদেৱৰ বিস্ময়কৰ বাগ্মিতা শুনি প্ৰমাদ গণিছো ৷ একেৰাহে চৈধ্যঘন্টা বক্তৃতা প্ৰদান কৰি লাখ লাখ সাধাৰন শ্ৰোতাক বিমুগ্ধ কৰি ৰাখিব পৰা গুণ পৃথিৱীৰ কিমান মানুহৰ আছে নেজানো ৷ আচাৰ্য গৰাকীৰ এই ক্ষমতা সমগ্ৰ বিশ্বতে নিশ্চয় বিৰল ৷ আমি জনাত যিমান সুৱলাকৈ গীত নেগালেও শ্ৰোতাই দহ বাৰ ঘন্টা কোনো এগৰাকী শিল্পীৰ গীত নুশুনে ৷ অথচ এক সমাজ সংস্কাৰক ধৰ্মীয় দাৰ্শনিক বক্তাৰ বক্তৃতা অগণন মানুহে একাগ্ৰচিত্তে ১২/১৪ ঘন্টা ধৰি শুনে ৷
শঙ্কৰ-মাধৱৰ পিছতেই আচাৰ্য ইলাৰাম দাসদেৱে ধন্য কৰিলে অসম ভূমি ⇒ড° দিনেশ বৈশ্য ৷
’১৬। সুগঢ়ী, মিষ্টভাষী, মুখত আশাৰে বৰষা মৃদু হাঁহিৰে এজন সুবক্তা৷ শাস্ত্ৰৰ উদ্ধিতিৰে প্ৰতিটো কথা তত্ত্বদৰ্শী, প্ৰাঞ্জল আৰু আকৰ্ষণীয়৷ পিন্ধনে- উৰণে ,আচৰণে-ব্যৱহাৰে এগৰাকী একান্ত ভকত৷ নামৰ একান্ত সাধক৷ প্ৰজ্ঞাৰে সমাজক প্ৰত্যয় দিব পৰা লোক৷ জন্ম সূত্ৰে কৈৱৰ্ত, কৰ্ম সূত্ৰে এগৰাকী প্ৰজ্ঞাৱান ব্ৰাহ্মণ৷ যি কোনো সমস্যাৰ মুখামুখি হব পৰাকৈ প্ৰজ্ঞা,চিন্তা, যুক্তি, ব্যক্তিত্ব, প্ৰতিভা আৰু আত্ম-প্ৰত্যয়েৰে সামৰ্থৱান লোক গীতা-ভাগৱত, ৰামায়ন, মহাভাৰত, বেদ-উপনিষদ, শ্ৰীমন্তশংকৰ-মাধৱ প্ৰণীত শাস্ত্ৰসমূহকে ধৰি বিপুলশাস্ত্ৰ অধ্যয়ন কৰি যুক্তি আৰু দৰ্শনৰ ভেটিত শাস্ত্ৰ সন্মত স্থিতিৰে এগৰাকী আত্মজয়ী পুৰুষ ৷ ⇒নৰেন্দ্ৰ নাথ কেওঁট ৷
১৭। ” এজন মানুহ আহিছিল ৷ প্ৰাণৱন্ত, প্ৰাঞ্জল, ব্যক্তিত্বসম্পন্ন এজন কৰ্মযোগী৷ উচ্চ-নীচ জাত কুল, বৰ্ণবাদ আৰু ধৰ্মীয় গোড়ামীৰ প্ৰাচীৰ ঠেলি মানুহজন আহিছিল মানুহৰ বুকুৰ মাজলৈ৷ তেখেতে যেন এগৰাকী ব্যক্তিয়েই নহয়, উশৃঙ্খল, অনৈক্যৰে আবৰা সমাজত মানৱতাৰ জয়গানেৰে বিভিন্ন জনৰ হৃদয় স্পৰ্শ কৰি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধিবলৈ প্ৰয়াস কৰা এটি যেন জাতীয় অনুষ্ঠান ৷”   ⇒মুহিবুল হক ৷
১৮। একোজনা ক্ষণজন্মা আদৰ্শ পুৰুষে সমাজক পথ প্ৰদৰ্শন কৰিবলৈকে ঈশ্বৰপ্ৰদত্ত বিশিষ্ট গুণৰাজিৰে পৃথিৱীত অৱতীৰ্ণ হয়৷ তেনে একোজনা পুৰুষৰ বিশাল হৃদয়, উচ্চ আৰু গভীৰ জ্ঞান, সহনশীলতা আৰু দৃঢ় আত্মবিস্বাসে বহুজনক সাহস আৰু প্ৰেৰণা যোগায় ৷ আচাৰ্য ইলাৰাম দাসদেৱ ৰ জীৱনতো এই আটাইকেইটি গুণৰে সমাৱেশ হৈছিল। ⇒ শকুন্তলা চৌধাৰী ৷
১৯। “বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বিশ্বভ্ৰাতৃত্বৰ প্ৰৱক্তা আৰু প্ৰসিদ্ধসমাজ সংস্কাৰক আচাৰ্য ইলাৰাম দাসৰ বহুমুখী কৰ্মৰাজিয়ে মানৱ জাতিৰ চিৰন্তন প্ৰমূল্যৰ সম্পৰ্কে তেখেতৰ গভীৰ উপলব্ধি আৰু চিন্তাৰ পৰিপূৰ্ণতা প্ৰতিফলিত কৰে ৷ সামাজিক ক্ষমতা আৰু ন্যায়ৰ বিকাশৰ অৰ্থে নিজৰবিৰহীন প্ৰচেষ্টাৰে তেখেতে অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক স্থায়ী প্ৰভাৱ পেলাইছে৷ সমাজ সংস্কাৰৰ দিশত আৰু অসমৰ সাংস্কৃতিক জীৱনলৈ তেখেতৰ বিশিষ্ট অৰিহণাৰ স্বীকৃতি স্বৰূপে আচাৰ্য ইলাৰাম দাসক সাৰ্বজনীন মানৱীয় প্ৰমূল্য প্ৰতিস্থাৰ বাবে উচ্ছৰ্গা কৰা ২০০১ চনৰ শ্ৰীমন্ত শঙ্কৰদেৱ বঁটাৰে সন্মানিত কৰি অসম চৰকাৰ আৰু অসমৰ ৰাইজে পৰম গৰ্ব অনুভৱ কৰিছো ৷ ⇒ অসম চৰকাৰৰ হৈ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷

বৈষ্ণৱ পণ্ডিত একান্ত নামসাধক সমাজ সংস্কাৰক ভকত আচাৰ্য ইলাৰাম দাস দেৱৰ সম্পৰ্কত অসমৰ বিশিষ্ট ব্যক্তি সকলৰ মতামত ৷

হাপুৰুষ শঙ্কৰদেৱৰ একশৰণ ভাগৱতী ধৰ্ম অথবা নামধৰ্মৰ একান্ত সাধক আচাৰ্য ইলাৰাম দাস দেৱে অসমীয়া সমাজখনক জাতীয় গুৰু দুজনাৰ আদৰ্শেৰে সংস্কাৰ দিবলৈ তেখেতৰ জীৱনৰ অহোপুৰুষাৰ্থ সাধনা কৰিছিল ৷ তেখেতে সমাজত ধৰ্মৰ নামত দেখাদিয়া বিভেদ বৈষম্য অনীতিবোৰ দেখি কলেজীয়া কালতে বিদ্ৰোহী হৈ পৰিছিল যদিও সেইয়া তেওঁ যোগাত্মক দিশেৰে সমাধান সূত্ৰ বিছৰাত মনোযোগ দিছিল৷ সেইয়েহে তেওঁ বিছাৰি লৈছিল গভীৰ অধ্যয়নৰ পথ৷ যি ধৰ্মীয় কাৰণত এচামে সমাজত বিভেদ বৈষম্যৰ সৃষ্টি কৰি মানুহৰ মাজত ঘৃণা অস্পৃশ্যতা বিয়পাই গুৰু দুজনাই সৃষ্টি কৰি যোৱা সমন্বয় অসমীয়া জাতিৰ বৰভেটিত খহনীয়াৰ সৃষ্টি কৰিছে সেই ধৰ্মৰ নামত চলাই থকা বিভেদৰ বিষবাষ্প শেষ কৰিবলৈ লোহাক লোহাই কটাৰ দৰে ধৰ্মৰ্মীয় বৈষম্যক ধৰ্মশাস্তৰেই নাশ কৰাৰ উপাই বিছাৰি ধৰ্ম শাস্ত্ৰই কি কয় ? জাতি গঠনৰ ইতিহাসে কি কয় ? তাক জানিবলৈ দেশ বিদেশৰ বহু গ্ৰন্থ পঢ়াৰ ওপৰিও গুৰু দুজনাৰ সকলো গ্ৰন্থ পঢ়ি শেষ কৰিছিল৷ শেষত তেওঁ দেখিলে ক’তা ক’তো দেখুন মানুহক মানুহে ঘৃণা অথবা অস্পৃশ্য জ্ঞান কৰিব লাগে বুলি পোৱা নাই?

আনকি গুৰু দুজনাই দেখুন নগা, গাৰো, মিৰি, যৱন, কঙ্কৰ, কছাৰী কোঁচ, কাৰ্বি, কৈৱৰ্ত, কলিতা, বামুণ, ৰাভা, বড়ো ইত্যাদি পাহাৰ -ভৈয়াম সকলো জনগোষ্ঠীৰ মাজতে সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধি থৈহে গৈছিল! সেইয়েহে তেওঁ সেই পথেৰেই যাত্ৰা আৰম্ভ কৰিলে আৰু প্ৰথমে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ জড়িয়তে আৰু পিছত একশৰণ ভাগৱতী সমাজ প্ৰতিস্থাৰে গুৰুদুজনাৰ আদৰ্শেৰে সংগ্ৰাম আৰম্ভ কৰি দিলে৷ কিন্তু এই যাত্ৰাও বৰ মশ্ৰিন নাছিল, বহুতো খলা বমা ঘাত প্ৰতিঘাতৰ আৰু অতি কঠিনতাৰ মাজেৰে আগবাঢ়িব লগা হৈছিল৷ শেষত সমগ্ৰ অসমবাসীক নোৱাৰিলেও লাখ লাখ শোষিত অৱহেলিত লোকক গুৰুজনাৰ বিশুদ্ধ একশৰণ নাম ধৰ্ম প্ৰদান কৰি বৰ্ণবাদৰ কড়াল গ্ৰাসৰ পৰা উদ্ধাৰ কৰিথৈ গ’ল৷ তাৰ বাবে তেখেতে জীৱনৰ সৰহভাগ সময় সৰ্বস্ব ত্যাগ কৰিব লগা হৈছিল, ঘৰ সংসাৰ আনকি নিজৰ চৰকাৰী চাকৰি পৰ্যন্ত৷

সেইয়েহে অসমৰ বহুজন বিশিষ্ট ব্যক্তিয়ে তেখেতৰ এই মহান কাৰ্যক আন্তৰিকতাৰে স্বীকৃতি দি বিভিন্ন গ্ৰন্থত বহু প্ৰৱন্ধ পাতি লিখিছে আৰু বহুতে বহু মূল্যবান মন্তব্য দিছে৷ সেই সমূহ অধ্যয়ন কৰি  এই প্ৰবন্ধতি আগবঢ়োৱা হৈছে।

২০। সূৰ্য কান্ত হাজৰিকাঃ—
“আচাৰ্য ইলাৰাম দাস বাপৰ ’ভাষণামৃত সাৰ’ নামৰসৰু অথচ বহুমূল্যৱান পুস্তিকাখনত কোৱাৰ দৰে আমিও কওঁ – সনাতন একশৰণ হৰি নাম ধৰ্ম সাধনৰ শ্ৰেষ্ঠ বিভূতি স্বৰূপ মহান সাধক একান্ত ভক্ত গুৰু পৰম শ্ৰদ্ধেয় আচাৰ্য ইলাৰাম দাস বাপৰ তত্ত্বপূৰ্ণ বক্তব্যসমূহ আমাৰ সমাজে কাৰ্যকৰি কৰিলে সমাজৰ পৰম উন্নতিসাধন হব আৰু অসমীয়া জাতি,জগতৰ অন্যান্য উন্নত জাতিৰ লোকৰ লগত শাৰীত শাৰী পূৰাৱ পৰাকৈ আত্ম- প্ৰতিষ্ঠা লভিব,ই ধূৰূপ ৷”

২১। কনকসেন ডেকা-
পণ্ডিত প্ৰবৰ ইলাৰাম দাস এগৰাকী অধ্যয়নপুষ্ট লোকেই যে আছিল সি নহয়, তেওঁ বাগ্মিতাও আছিল অতুলনীয়৷ আচাৰ্য ইলাৰাম দাসৰ দৰে একেধাৰে চৈধ্য ঘন্টা পৰ্যন্ত জ্ঞানগৰ্ভ ভাষণ দিব পৰা লোক ভাৰতবৰ্ষতেই বিৰল, কিন্তুসেই বিৰল কৰ্মকো তেওঁ সাধনাৰ জড়িয়তে সম্ভৱ কৰিবলৈ সক্ষম হৈছিল৷ বহুমুখী প্ৰতিভাসম্পন্ন ইলাৰাম দাসৰ পৰিচয় অৱশ্যে তেওঁৰ পাণ্ডিত্য, বাগ্মিতা, বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ইত্যাদিৰ মাজতে সীমাবদ্ধ থকা বুলি কলে ডাঙৰ ভুল কৰা হব৷ আচাৰ্য দাসে অমৰত্ব লাভ কৰাৰ মূলতে তেওঁৰ সামাজিক দায়বদ্ধতা আৰু সেইহেতুকেই আচাৰ্য গৰাকীয়ে নিজে শ্ৰীমন্তশংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷”

২২। কুমাৰ দিপক দাস
“আচাৰ্য ইলাৰাম দাস, যিজনাৰ হৃদয় এখন মৌচাক৷ নানা ফুলৰ মৌ য’ত সঞ্চাত আছিল ৷ সেই মৌৰ সোৱাদ আমাক বিলাই গ’ল৷ বিলাই বিলাই বিলিন হৈ গ’ল৷ তেওঁ দাৰ্শনিক, তেওঁ বৈজ্ঞানিক, তেওঁ ধাৰ্মিক, তেওঁ শিল্পী, যি সত্যৰ অনুসন্ধানত ওলাইছিল৷ সত্যক বিচাৰি উলিয়াইছিল, চুই চাইছিল, ধাৰণ কৰিছিল আৰু বিলাই দিছিল৷ তেওঁ আছিল মহাপুৰুষীয়া অমূল্য ৰত্ন আচাৰ্য ইলাৰাম দাস “।

২৩। গিৰিধৰ কলিতা
“মঙ্গলদৈত মহাপুৰুষীয়া ধৰ্মৰ শুদ্ধ ভেটি প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস “গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ছয়কুৰি বছৰ নৰলীলা কৰি বৈকুন্ঠগামী হয়৷ তাৰ পৰবৰ্তী কালত এক বিশেষ শ্ৰেণীৰ লোকৰ চক্ৰান্তত অমৃতত বিষ মিহলোৱাৰ দৰে এই মহা ভক্তিধৰ্মত কৰ্মকাণ্ডৰ প্ৰৱৰ্তন কৰি মানুহক আকৌ নৰকলৈ নিয়াৰ পথ সুগম কৰত লাগি গ’ল৷ হৰিণাৰ মুণ্ড আগত ৰাখি গো-মাংস বিক্ৰী কৰাৰ দৰে মহাপুৰুষীয়া বুলি তলে তলে কৰ্মকাণ্ডি বিধিৰে কৰ্ম কৰি মহাপুৰুষীয়া ধৰ্মক বিকৃত ৰূপত পৰিচালনা কৰিব ধৰিলে৷ ঠিক তেনেকুৱা সময়তে মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ পুণৰ উদ্ধাৰৰ্থে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰচাৰক হিচাৱে মঙ্গলদৈ অঞ্চলত প্ৰৱেশহৈ আচাৰ্য ইলাৰাম দাস বাপৰ তীক্ষ্ণ মেধা আৰু ওজশ্ৰী ভাষণেৰে শাস্ত্ৰীয় তত্ত্বৰ সৰল ব্যাখ্যাৰে মহাপুৰুষীয়া বিশুদ্ধ ধৰ্ম প্ৰদান কৰি শাক্ত পন্থী মঙ্গলদৈত গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ ঘটালেহি ৷”

২৪। ভৱপ্ৰসাদ চলিহা
.”ইলাৰাম দাস আছিল একেধাৰে বিশিষ্ট বৈষ্ণৱ পণ্ডিত সমাজ সংস্কাৰক, সমাজ সংগঠক, বিশিষ্ট লেখক, সুবক্তা আৰু সুগায়ক৷ নানা ভাষা নানা ধৰ্ম, নানা সংস্কৃতিক বৈশিষ্ট্য্যৰে পৰিপূৰ্ণ অসমত শঙ্কৰদেৱৰ একশৰণ ধৰ্মৰ আদৰ্শেৰে এখন ঐক্যবদ্ধ সমাজ গঢ়াত তেওঁৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷ সামাজিক সমতা আৰু ন্যায়ৰ বিকাশৰ অৰ্থে বিৰামহীন প্ৰচেষ্টাৰে কাম কৰি তেওঁ অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক স্থায়ী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল৷ সমাজ সংস্কাৰৰ ক্ষেত্ৰত আৰু অসমৰ সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা তেওঁৰ বিশিষ্ট দানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে তেওঁক ২০০১ চনৰ মহত্বপূৰ্ণ “শঙ্কৰদেৱ বঁটাৰে বিভূষিত কৰিছে ৷”

২৫। হৰিপ্ৰসাদ হাজৰিকাঃ–
মহাপুৰুষীয়া ধৰ্ম আকাশৰ ভোটাতৰা, ধৰ্মাত্মা ইলাৰাম দাস৷ অগণন জনতাৰ আত্মাক পৰমাত্মাৰ সন্ধান দিবলৈ আজীৱন সাধনা কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ -মাধৱদেৱ প্ৰৱৰ্তিত- প্ৰচাৰিত ধৰ্মক সহজ সৰল ব্যাখ্যাৰে সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ নিৰন্তৰ ব্যাখ্যা কৰি এগৰাকী প্ৰবাদপুৰুষ হিচাপে কাললৈ খ্যাতি ৰাখি থৈ যোৱা সেইগৰাকী মহান পুৰুষেই ’বাপঈশ্বৰ’ বুলি সমাদৃত হৈ থাকিল ৷কৰ্মময় জীৱনত অলেখ ধৰ্মসভাত তেখেতে প্ৰদান কৰা পাণ্ডিত্যপূৰ্ণ শাস্ত্ৰ ব্যাখ্যাৰ সাৱলীলতা কৰ্ণপথে যাৰ হৃদয়ত এবাৰ প্ৰৱেশ কৰিছে সেইজনেই উপলব্ধি কৰিব পাৰিছিল সেইজনা পুৰুষৰ কৃতিৰ বৈশিষ্ট্য ৷তেখেতৰ উদাত্ত কন্ঠৰ গুৰুগম্ভীৰ ভাষণত বিশ্লেষণ কৰা হৈছিল মহাপুৰুষীয়া চাৰি শাস্ত্ৰৰ উপৰিও সৰ্বশ্ৰুতি “শিৰোৰত্ন ভাগৱত” আৰু ” গীতা” শাস্ত্ৰৰ সৰল তত্ত্বাৰ্থ ৷”

২৬। হেলিম হুছেইন
“আমাৰ গাঁৱত বছৰি এখন ’জলছাহ’ অনুষ্ঠিত হৈছিল৷ ধৰ্ম আৰু জীৱন সম্পৰ্কীয় এই জলছাহত অংশগ্ৰহণ কৰিছিল ইছলাম ধৰ্ম সম্পৰ্কে জ্ঞান থকা মুফতি, মৌলানা, হাফিজ,ক্কাৰীসকলে৷ তেওঁলোকেই দিছিল ইছলাম নীতি নিৰ্দ্দেশনাৰ সাৰগৰ্ভ সুন্দৰ বক্তৃতা৷ এবাৰ এনে জলছাহলৈ আমন্ত্ৰিত হৈছিল বৰপেটাৰ ইছলাম ধৰ্ম ভাষা সাহিত্যৰ বিদগ্ধ পণ্ডিত মৌলানা মহিউদ্দিন চাহাব ৷ তেওঁ আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷
সেই জলছাহলৈ উদ্যোক্তাসকলৰ নিমন্ত্ৰন ৰক্ষা কৰি উপস্থিত হৈছিলহি এক বিশাল ব্যক্তিত্বৰ অধিকাৰী,আধুনীক পুৰাণ পুৰুষ হিন্দু মুছলমানৰ হৃদয়ৰ সেঁতু আউলিয়া আচাৰ্য ইলাৰাম দাস৷ সৰুতে মাৰ মুখত শুনিছিলো সাত দিন সাত ৰাতি আউলিয়া দাসদেৱে অনৰ্গল বক্তৃতা দিব পাৰে৷ ইছলাম ধৰ্ম আৰু ইছলামীয় জীৱন সম্পৰ্কে তেখেততকৈ জনামানুহ অতি বিৰল৷ হজৰত (ছঃ) ৰ বিষয়ে তেখেতে যিমান জানে খুওব কম হাফিজ মৌলানাহে ওলাব৷ সেইদিনা এনে অনুভৱ হৈছিল যেন স্বৰ্গৰ পৰা এক শান্তিদূতৰ আৱিৰ্ভাৱ হৈছে আমাৰ জলছাহত৷ অসমীয়া মন- প্ৰাণৰ আমাৰ গাওঁবাসীৰ তেখেত আছিল হিয়াৰ আমঠু৷ সেয়েহে ধুতি পৰিহিত আউলিয়া আচাৰ্য দাসদেৱ ,মৌলানা ,হাফিজ, মুফতি, ইমামৰ সৈতে বহি থকা দৃশ্যত আছিল শ্ৰদ্ধা আৰু স্নেহৰ এক বুজাব নোৱাৰা অনুভৱ ৷”

২৭। মঃ জাকিৰ হুছেইনঃ–
” ১৯৭৪ চন ৷ মই তেতিয়া মৰিগাওঁ উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ অষ্টম মানৰ ছাত্ৰ ৷ এদিন ৰাতি হৰ্থাৎ অতিমাত্ৰা শৌচ আৰু বমি হোৱাত মোৰ পিতৃদেৱ উপায়ন্ত হৈ পৰে ৷ তেওঁ ৰাতিয়েই জালুগুটি ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰক মোৰ চিকিৎসাৰ কাৰণে মাতিবলৈ যায়৷ ৰোগৰ লক্ষণৰ বৰ্ণনা শুনি চিকিৎসাৰ বাবে ডাক্তৰ নাৰ্চ, চেলাইন আদিও লগত লৈ আহিব লাগিব বুলি ক’লে৷ মোৰ পিতা বিমূৰত পৰিল ৷ ডাক্তৰক আনিবৰ বাবে গাড়ী এখনৰ প্ৰয়োজন হ’ল৷ ডাক্তৰৰ গাড়ী নাছিল, সেই সময়ত অঞ্চলৰ দ্বিতীয়খন এম্বেছাদৰ (যিখন আচাৰ্যদেৱে ব্যৱহাৰ কৰিছিল) গাড়ী আচাৰ্যদেৱক খুজিবলৈ গ’ল৷ তেখেতে এক কথাত, বিনা খৰচত ৰাতিয়েই দুজন ভকত পঠিয়াই দি গাড়ীখন দিয়াত ডাক্তৰ নাৰ্চসহ আহি ৰাতি এক বজাত মোক চিকিৎসা নকৰা হেঁতেন নিশ্চিতভাৱে আজি এই নিবন্ধৰ লিখক হব নোৱাৰিলোহেঁতেন ৷ অৱশ্যে অকল মোৰ ক্ষেত্ৰতে নহয়, যিকোনো দুখী-ভিক্ষাৰী লোকক উপকাৰ কৰাতো তেখেতৰ দৈনন্দিন কৰ্তব্যৰ ভিতৰুৱা আছিল ৷
১৯৭৭ চনত অসম একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক পালনাম অধৱেশন মৰিগাঁও চহৰত অনুষ্ঠিত হৈছিল ৷ গোটেই অসমৰ পৰা প্ৰায় দহহেজাৰ প্ৰতিনিধি ভকত এই চাৰিদিনীয়া অনুষ্ঠানলৈ আহিছিল ৷ উক্ত অনুষ্ঠানত ড° ভূপেন হাজৰিকা আছিল মূখ্য অতিথি ৷ এই উপলক্ষে হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছিল৷ এই অনুষ্ঠান সু-পৰিচালনাৰ বাবে এটি বিৰাট স্বেস্বাসেৱক বাহিনীৰ প্ৰয়োজন হৈছিল৷ মৰিগাঁও জিলা ছাত্ৰসন্থাৰ পৰা মই আৰু মোৰ বন্ধুবৰ মঃ জোৱাহীৰ হুছেইন ,জুলহক বৰভূঞা,মঃ ইছাহক আলী আদি মুছলমান ছাত্ৰসকলেও ’স্বেচ্ছাসেৱক ’ হিচাবে ৰাইজৰ সেৱা কৰাৰ সুযোগ পাইছিলো আচাৰ্য গৰাকীৰ জলধি সদৃশ হৃদয়ৰ বাবেহে৷ তেখেতক গোপনে কিছু সংকীৰ্ণমনা হিন্দুত্ববাদী ব্যক্তিয়ে মুছলমান সম্প্ৰদায়ৰ মানুহে স্বেচ্ছাসেৱক ৰূপে কাম কৰিব নেলাগে বুলি বুজাবৰ চেষ্টা কৰোতে তেখেতে তত্বগধুৰ যুক্তিৰ দ্বাৰা তেনেলোকৰ মনৰ সংকীৰ্ণতা নাশ কৰিছিল ৷
বাগ্মীবৰ আচাৰ্যদেৱৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত শ্ৰুতিমধুৰ আৰু তথ্যগধুৰ বক্তৃতা শুনাৰ সৌভাগ্য মোৰ কেইবাবাৰো হৈছিল৷ ১৯৮০ চনত মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ পথাৰত (বৰ্তমান জিলা পুথিভঁৰাল) ইছলাম ধৰ্মৰ এখন বিৰাট ধৰ্মীয় সভা (মিলাড-ই-মেহফিল) অনুষ্ঠিত হৈছিল ৷ ইয়াত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইছলাম ধৰ্মীয় পণ্ডিত সকলে বক্তৃতা প্ৰদান কৰিছিল৷ এই সভাত আচাৰ্যদেৱো নিৰ্দ্দিষ্ট বক্তা হিচাৱে আমন্ত্ৰিত হৈছিল৷ তেখেতে পৱিত্ৰ কোৰাণ শ্বৰিফৰ এটি চুৰাৰদ্বাৰা বক্তৃতা আৰম্ভ কৰিছিল ৷ তেখেতৰ বক্তৃতাত যি মানৱতাবাদী চিন্তাধাৰা ফুটি উঠিছিল আন কাৰো বক্তৃতাত এনে হোৱা নাছিল ৷ বক্তৃতাৰ পিছত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ইছলামীয় পণ্ডিত সকলে তেখেতক আন্তৰিক অভিনন্দন জনাইছিল ৷ তেখেত কথা আৰু কামৰ আছিল এজনেই ব্যক্তি ৷ আচাৰ্য ইলাৰাম দাসতকৈও ব্যক্তি ইলাৰাম দাস আৰু শ্ৰেষ্ঠ আছিল।
১৯৮৩ চনৰ ৰক্তাক্ত ভাতৃঘাটী সংঘৰ্ষৰ সময়ত ইয়াৰ কু প্ৰভাৱৰ পৰা জালুগুটি অঞ্চলক মুক্ত ৰাখিবৰ বাবে তেখেতে ’শান্তি কমিটি ’ৰ গুৰিয়ালৰ ভুমিকা লৈ মছজিদে মছজিদে ,নামঘৰে নামঘৰে দিনে-নিশাই শান্তিৰ হকে প্ৰচেষ্টা চলাইছিল ৷

আজিৰ পণ্য অৰ্থনীতিৰ যুগত উদাৰ বিশ্বয়ণৰ লগতে প্ৰচুৰ ভোগবাদী দৰ্শনে মানুহৰ মনত হতাশা আৰু সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে৷ এনে সন্ধিক্ষণত তেখেতৰ পৃষ্ঠপোষকতাত “একশৰণ ভাগৱতী সমাজ” যেন বিৰাট মৰুভূমিৰ মাজত প্ৰচুৰ শীতল প্ৰচ্ছায়াৰ সৃষ্টি কৰা এটি মৰুদ্যান৷ চাৰিওফালে ধৰ্মীয় আৰু সাম্প্ৰদায়ীক অসহিষ্ণুতাৰ সময়ত তেখেতে নিজেই “মানৱতাবাদী” এক মহান চৰিত্ৰ ৷ তেখেতৰ বক্তৃতাতকৈ তেখেতৰ কাম-কাজক অনুকৰণ কৰিলেই যেন এজন প্ৰকৃত মানৱতাবাদীৰ সৃষ্টি হব ৷ সময় আৰু উত্তৰোত্তৰ ভবিষ্যতে তেখেতৰ কাম-কাজক আৰু মূল্যায়ন কৰিব ৷ তেখেত আজিতকৈ ভবিষ্যতে আৰু মহান হিচাৱে প্ৰতিষ্ঠিত হব ৷ তেখেতৰ আদৰ্শ আৰু ব্যক্তিত্ব তেখেতে প্ৰচাৰ প্ৰসাৰ কৰা বাণীতকৈও মহান ৷
(মঃ জাকিৰ হুছেইন দেবৰ প্ৰৱন্ধটো মোৰ ভাল লগাত ইয়াত দীঘলীয়া অংশ এটি তুলিদিয়া হ’ল )

২৮। সোণধৰ হাজৰিকাঃ–
.”গুণমালা কীৰ্ত্তনৰ নব্য প্ৰণালী তেৰাৰ অতুলনীয় সৃষ্টি ৷ তেৰাই অলৌকিকভাৱে লাভকৰা গুণমালা কীৰ্ত্তনৰ সুৰ অদ্বিতীয় ৷ গুণমালা কীৰ্ত্তনে দিনে দিনে হেজাৰ হেজাৰ লোকৰ হৃদয় আকৰ্ষণ কৰাটোৱে এইটোকে প্ৰতিপন্ন কৰে যে– আচাৰ্যবাপ এজন প্ৰতিভাশালী সুৰকাৰ আৰু সু-গায়কো আছিল ৷”

২৯। জয়ৰাম হাজৰিকাঃ–
আচাৰ্য ইলাৰাম দাস বাপৰ পৰিশ্চয় বহুতে বহু ধৰণে দিলেও আমি কিন্তু তেখেতক কৃষ্ণ নামৰ গজন মহা সাধক বুলিহে পৰিশ্চয় দিব বিচাৰো ৷ কৃষ্ণ নাম প্ৰচাৰ-প্ৰসাৰৰ বাবে ক্লান্তিহীন এখন মহাসমৰত তেখেতে নতৃত্ব দি হাপুৰুষ দুজনা গুৰুৰ ধৰ্মৰ ধাৰক বাহক হিচাপে অসমত কাললৈ খ্যাতি ৰাখি গ’ল ৷ কৃষ্ণ নাম প্ৰচাৰ কৰিবলৈ তেখেতে বিভিন্নপন্থা অৱলম্বন কৰিছিল ৷ যাৰ বাবে তেওঁ সমাজ সংস্কাৰকহ’ল ৷ নাম ঘোষাৰ ওপৰত ব্যখ্যা লিখি “নাম-ঘোষা ৰসামৃত” গ্ৰন্থৰ জৰিয়তে তেওঁ সাহিত্যিক হ’ল ৷ দুজনাগুৰু যোৱাৰ পৰবৰ্তী কেইবা শতিকাধৰি গুৰুদুজনাৰ ধৰ্মৰ সুলোক-ঢোলোক অৱস্থাটো তেখেতে কঠোৰ শ্ৰম কৰি পুনৰ কটকটীয়া কৰি থৈ গ’ল ৷ শঙ্কৰদেৱৰ ধৰ্মৰ শুদ্ধ ধাৰাটোক পূৰ্ণগতি প্ৰদান কৰিবলৈ তেখেত যোগ্য উত্তৰাধিকাৰী হিচাপে আহিছিল ৷ অসমৰ সকলো অঞ্চললৈ ঢাপলি মেলিছিল কেৱল শঙ্কৰ-মাধৱক অসমীয়া লোকক পৰিশ্চয় কৰাবলৈ ৷ তেওঁ বুজিছিল যে অসমৰ অসমীয়া মানুহখিনিয়ে যদি শঙ্কৰ-মাধৱক চিনি নেপাই ,তেতিয়াহ’লে শঙ্কৰ- মাধৱৰ ধৰ্ম,ক’লা,সংস্কৃতি বাহিৰলৈ কেতিয়াও নিব পৰা নেযাব ৷ সেয়েহে তেখেতে গুৰুদুজনাৰ ধৰ্ম,কলা,সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ বাবে সংস্কাৰ কাৰ্য আৰম্ভ কৰিছিল ৷ সমাজৰ উন্নতিৰ বাধা স্বৰুপ মদ,ভাং,ধঁপাত,বিড়ি,চিগাৰেট ইত্যাদি অপকাৰি বস্তুবোৰ ত্যাগ কৰোৱাই তেওঁ হাজাৰ হাজাৰ সমাজৰ পিছপৰা বড়ো,ৰাভা,লালুং,কোঁচ,কৈবৰ্ত,মিচিং,
চাহ বাগিচাৰ বনুৱা ইত্যাদি লোক সকলৰ ওপৰিও অসমৰ অন্যান্য খিলঞ্জীয়া লোক সকলক গুৰুজনাৰ ধৰ্ম পথটোলৈ আকোৱালী আনিছিল ৷ গুৰুজনাৰ ধৰ্ম মতৰ ওপৰত তেখেতে পাঁচ হাজাৰৰো অধিক ভষণেৰে অসমত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত মানুহৰ মাজত প্ৰৱল গতিৰে আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তোলিছিল ৷ একো একোটা ভাষণ একেৰাহে ১৪ ঘন্টা পৰ্যন্ত প্ৰদান কৰি শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিছিল৷ এইজন মহান আধ্যত্মিক পুৰুষৰ বিষয়ে সাহিত্যিক বুদ্ধিজীৱি সকলে চিন্তা-চৰ্চ্চা কৰি লিখা-মেলা কৰাতো প্ৰয়োজন ৷ তেতিয়াহে তেখেতৰ উৎসৰ্গীকৃত ত্যাগী জীৱনটোৰ প্ৰকৃত মূল্যায়ন কৰা হব ৷”

৩০। ৰত্ন ওজাঃ–
” সনাতন হিন্দু ধৰ্মৰ নামত সুবিধা বুজি সুবিধাবাদীয়ে সৃষ্টি কৰা বহুতো অবিজ্ঞানসন্মত ৷জীৱন বিমুখ,মানৱতাৰ প্ৰতিকূল ধৰ্মীয় পন্থাই যে জগতৰ শান্তি -সম্প্ৰীতি ব্যাহত কৰিছে ,মানৱতা তথা বিশ্ব ভাতৃত্ববোধৰ প্ৰবক্তা শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰবৰ্তিত একশৰণ হৰি নাম ধৰ্মইহে যে জগতত মংগল সাধান কৰিব পাৰে এই কথা অকাট্য যুক্তিৰে ,উদাত্ত কন্ঠেৰে হেজাৰ-বিজাৰ সভাত ,সহস্ৰ সহস্ৰ শ্ৰোতাক কোৱাৰ পিছতো অসমৰ পৰাই অশুদ্ধ পন্থাবোৰৰ টিঘিলঘিলনি টুটিছেনে ? একশৰণ হৰিনাম ধৰ্মই জনতাৰ সভাত পাবলগীয়া সন্মান পোৱাৰ ব্যৱস্থা সেই সহস্ৰ শ্ৰোতাৰ শতেকজনেও লবলৈ আগবাঢ়ি আহিছেনে ? তেনেহলে কিয় তেওঁ নহব নিমাত ?
তেওঁ শেষলৈ মাতিবলৈ এৰিছিল ৷ মাতিব কাক ? সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ শৈক্ষিক ,সাংস্কৃতিক, আৰ্থিক উত্তৰণ সমভাৱে ঘটাই শ্ৰেণীহীন আধ্যাত্মিক একেখন মানৱ সমাজ গঠনৰ বাবে তেওঁ বহু বহু ঠাইৰ বহু বহু সভাৰ বহু বহু গণ্যমান্য ব্যক্তিৰ সন্মুখত বহু বহু মাত মাতিলে ৷ কিন্তু সেই মাতৰ সহিৰি আশাকৰা মতে নেপালে ৷ শিক্ষা-সংস্কৃতি-আৰ্থিক উন্নয়নৰ আলোক সৰ্বত্ৰ সমভাৱে পেলোৱাৰ সপক্ষে তেওঁ মতা মাতৰ লগত মাত মাতিলে কিমান জনে ? গতিকে মাতিব তেওঁ কাক ?
শেষলৈ তেওঁ কথাও নেপাতিছিল ৷ পাতিব কাৰ লগত ? একমাত্ৰ ৰাজনৈতিক ক্ষমতা আৰু সামাজিক পতিপত্তি লাভৰ বাবে জনজাতি আৰু চাহশ্ৰমিকা কল্যাণৰ হকে মুখৰোচক কথা কোৱা সকলৰ লগত ? সমাজ পৰিবৰ্তনত মাতৃজাতিৰ ভূমিকাৰ গুৰুত্ব নুবুজা ,নাৰীক কেৱল ভোগ-বিলাসৰ সামগ্ৰী জ্ঞান কৰা ,স্ত্ৰী-শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে তেওঁ জনোৱা আহ্বানৰ প্ৰতি সহাৰি নিদিয়া ,তেওঁ প্ৰতিষ্ঠাকৰা স্ত্ৰী-শিক্ষাৰ প্ৰতিষ্ঠানৰ ক্ৰমোন্নতিত সহায়ৰি নজনোৱা সকলৰ লগত ? নে আমাৰ সমাজখনত সাম্প্ৰদায়ীক সম্প্ৰীতি স্থাপনৰ বাবে কথাৰে ,কামেৰে তেওঁ প্ৰজ্জ্বলিত কৰা আত্মোসৰ্গ বন্তি অক্ষয় কৰিবলৈ তেল- শলিতা দিবলৈ কুন্ঠাবোধ কৰা সকলৰ লগত ?
সৰ্বমংগলৰ বাবে সৰ্বক্ষণত গীতেৰে-পদেৰে-ভাষণেৰে-অংগে-ভংগেৰে সৎচিন্তাক বাঙ্ময় কৰি ৰখা বাগ্মীবৰ গৰাকী মুক-মৌন হোৱা শুনি মোৰ মনৰ প্ৰতিক্ৰিয়া হয় উল্লেখিত বিধৰ ৷ কিন্তু ,আচাৰ্য গৰাকীৰ শিৰত যিহেতু জনগণৰ তৰণৰ তথা সমাজৰ সকলো অপায়-মংগল দূৰতে বিদূৰ কৰণৰ উপায় চিন্তাৰ সৃষ্টিশীল তড়িত প্ৰৱাহিত হৈয়েই আছিল ,গতিকে তেওঁনো কিয় নেমাতিছিল,কথা নেপাতিছিল কিয় সেই বিষয়ে চিত্ৰায়িত ভাষাৰে হ’লেও জানিবৰ মন থাকিল ৷ জানিবৰ মন থাকিল তেওঁ এই মৌনব্ৰত অভিমানৰ প্ৰতিফলন আছিলনেকি ! প্ৰতিফলন আছিলনেকি শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰবৰ্তিত বিশ্বৰ কল্যাণকামী একশৰণ হৰিনাম ধৰ্ম জগত সভালৈ সমদলে নিবলৈ সত্ৰ-সংঘ-সমাজ একগোট হব নোৱাৰাৰ পৰিতাপৰ !
নে মৌনতাৰ পূৰ্ণতাৰ অন্তত আধ্যাত্ম-আগ্নেয় সমস্বৰীয় মুখৰতাৰ বাবে প্ৰতিশ্ৰুতি বিচৰা সকীয়নি আছিল ! “

৩১। নৱকান্ত ৱৰুৱাঃ-

“ইলাৰাম দাসদেৱক মই পৰম আত্মীয় জ্ঞান কৰি কৃতাৰ্থ হওঁ৷ আগতে তেখেতক মই কি বুলি সম্বোধন কৰিছিলো এতিয়া মনত নাই ৷ এতিয়া কিন্তু আতৈ বোলো ৷ আতৈ শব্দটো আত্মাৰ পৰা উদ্ভূত৷
ইলাৰাম দাসদেৱক লগ পালেই তেখেতৰ মুখৰ কথা, বক্তৃতা শুনিলে আদি আৰু তেওঁৰ কথা ভাৱিলেই মোৰ মনলৈ এনেধৰণৰ ভাৱমূৰ্ত্তি এটা আহে৷ তেওঁৰ সকলো কথা আৰু কৰ্মৰ মাজত মই দেখো কল্যাণ চিন্তা, তেওঁ উপলব্ধি কৰা শ্ৰীমন্তশঙ্কৰদেৱৰ তত্ত্ব তেওঁ সকলোৰে লগত ভাগ কৰি ল’ব খোজে৷ ব্যক্তিক তেওঁ সমষ্টিৰ লগত সংযুক্ত কৰে,অথচ সমষ্টি বা সমাজ নামৰ এটা বায়ৱীয় ধাৰণাৰ লগত নহয়৷ প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তি সত্তা সমষ্টিৰ মাজতো যে হেৰাই নাযায় সেই কথা তেওঁ ভালদৰে জানে৷ তেওঁ ধৰ্মধাৰী বুলিব খোজে বোলক, প্ৰচাৰক বুলিব খোজে বোলক৷ কিন্তু দৰাচলতে তেওঁ প্ৰচাৰতকৈ ’প্ৰকাশ’হে কৰে তেওঁৰ উপলব্ধি৷ সূৰ্যই পোহৰ প্ৰচাৰ নকৰে আত্মস্থ শক্তি প্ৰকাশহে কৰে৷ ইলাৰাম আতৈ সেই বাবেই তেওঁৰ সংস্পৰ্শলৈ অহাসকলৰ আনন্দ আৰু পবিত্ৰতাৰ উৎস আৰু তাৰো উৎস হ’ল শ্ৰীমন্ত শঙ্কৰদেৱে বিকীৰিত কৰি জ্যোতিৰ ৰামধেনু ৷ সৰ্বশক্তিমানে তেওঁক ’সদ্ধৰ্ম ’ প্ৰকাশ কৰাৰ বাবে নিবাৰ্চন কৰি লৈছে৷ সেইবাবেই তেওঁ মুখত সত্যবাণী উচ্চাৰিত হয়৷ যি বাণী তেওঁৰ হৃদয়ত নামৰ ভাণ্ডাৰ ৰূপে চিৰকাল বিৰাজমান৷ তেওঁৰ সাধনাৰ যোগেৰেহে সেই বাণী মুখেৰে ব্যক্ত হয় ৷”

৩২। অচ্যুত কৃষ্ণ মিশ্ৰ
সৰ্ব গুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰচাৰিত একশৰণ হৰি নাম ধৰ্ম তথা তেৰাৰ সাহিত্য সংস্কৃতি ক্ষণিকৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰি সমুচিতভাৱে ৰক্ষণাবেক্ষণ দিৱৰ ৱাৱে ত্ৰিশৰ দশকতে মাত্ৰ সাত-আঁঠ গৰাকীমান একান্ত ত্যাগী সেৱকৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়লৈ উঠা শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘ (তেতিয়া শঙ্কৰ সংঘ) সম্প্ৰতি এতি মহান বিশাল অনুষ্ঠান৷ উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় জীৱনৰ অন্যতম ধ্বমনীস্বৰূপ এই অনুষ্ঠানটিক আজিৰ এই গৌৰৱোজ্জ্বল অৱস্থাত উপনীত কৰোৱা যিসকল একান্ত সেৱকে মহান ভাগ্যেৰে সু-সমৃদ্ধ আৰু স্মৰণীয় বৰঙনি আগবঢ়াই আহিছে সেইসকলৰ ভিতৰত শ্ৰদ্ধেয় ইলাৰাম দাসদেৱো অন্যতম৷
দাস বাপক আমি লগ পাওঁ ১৯৫৮ চনত নগাঁৱৰ বৈকুন্ঠগামী পৰম শ্ৰদ্ধেয় হলধৰ ভূঞাদেৱৰ যোগেদি৷ তাৰ পিছৰ পৰা ক্ৰমে আমাৰ দুয়োজনৰ ভিতৰত মহান ভাতৃত্ববোধৰ বান্ধোন গঢ়লৈ উঠে৷ তেতিয়াৰে পৰাই তেখেত শ্ৰীমন্ত গুৰুজনাৰ শুদ্ধ সত্ব পৰম নিৰ্ম্মল একশৰণ হৰি নাম ধৰ্মৰ সমাজত প্ৰচাৰ প্ৰসাৰ তথা সুশৃংখলিত সংগঠিত কৰাৰ মানসে অহোপুৰুষাৰ্থ চেষ্টাৰ ক্ৰুটিকৰা নাই৷ তেখেতৰ ধৈৰ্য , একাগ্ৰতা, সাহসিকতা ,আন্তৰিকতা, পৱিত্ৰতা তথা উদাৰতা ,শৰণতা,আস্থা নিষ্ঠা প্ৰনিধানযোগ্য ৷দাস বাপ এজন সুৱক্তা, তেখেতে ধৰ্ম, সাহিত্য, সংস্কৃতিৰ ওপৰত যি ভাষণ ৰাইজৰ কাৰণে প্ৰদান কৰে সেয়ে সকলোৰে হৃদয় জয় কৰি সকলোৰে অন্তৰত চিৰ প্ৰৱাহিত প্ৰেম মন্দাকিনীৰ ঢৌৱে মন-প্ৰাণ আপ্লুত কৰি ’সত্যম শিৱম সুন্দৰম’ ৰ পিনে মনক আগুৱাই নিয়ে ৷ তেখেত এজন সত্যৰ সাধক ৷ তেখেত নিৰ্ভিক ৷ সত্যৰ কাৰণে তেখেতে কাৰো ওচৰত নতি স্বীকাৰ নকৰে ৷ তেখেতৰ যুক্তি, তেখেতৰ বিচাৰ অখণ্ডনীয়৷ ওৰে জীৱন শুদ্ধ, সত্ত্ব, মহান সংস্কৃতিৰ কাৰণেই ” মা মনুস্মৰ যুদ্ধ্যশ্চ” গীতাৰ এই মহাবাণী সাৰোগত কৰি ,গুৰুজনাৰ ভাগৱতৰ ” ওৱা নৰলোক হৰি ভজিয়োক “ত অনুপ্ৰাণিত হৈ সৰ্বজন হিতায়ঃ সৰ্বজন সুখায়ঃ” সমস্ত জগতৰ হিত, সমস্ত জগতৰ সুখৰ কাৰণেই জীৱন উচ্চৰ্গা কৰি ঘাট প্ৰতিঘাট, সংঘাতৰ মাজেৰে ওৰে জীৱন জাগ্ৰত প্ৰহৰী দৰে মহান সেৱাত ব্ৰতী হৈ আহিছে৷ এনেকুৱা আদৰ্শৱান ভক্তৰ জীৱনৰ ওপৰত কলম ধৰা সহজ সাধ্য নহয় ৷ দাস বাপে ১৯৬৯-১৯৭১ চনৰ মাজবাট আৰু শুৱালকুছিত আয়োজিত শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশনত উপ-পদাধিকা আসনৰ পদ অলঙ্কিত কৰিছিল৷ পৰিতাপৰ কথা যে ১৯৭৩ চনত আয়োজিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নেহেৰুবালি (নগাওঁ) অধিৱেশনত ভক্তিসাধনৰ কিছু কথাৰ মতান্তৰ ঘটি সঙ্ঘৰ পৰা আঁতৰি গৈ “একশৰণ ভাগৱতী সমাজ” প্ৰতিষ্ঠা কৰেগৈ৷ ইয়াৰ মূখ্য কথা হ’ল মতান্তৰ ,মনান্তৰ নহয়৷ মানুহে এটা কথা জনা উচিত যে জীৱন যুদ্ধত মতভেদ হব পাৰে কিন্তু আমাৰ ধাৰণা যে আমাৰ সমাজত যিটো অৱক্ষয় হৈছে তালৈ গভীৰ ভাৱে চিন্তা কৰি আমাৰ মাজত ভেদাভেদ আঁতৰাই ঐক্যবদ্ধ হোৱাতো অতি প্ৰয়োজন আৰু নিতান্তই অপৰিহাৰ্য হৈ আমাৰ সন্মুখত আমাক ৰিঙিয়াই উদাত্তকন্ঠে চিঞঁৰি আমাৰ পিনে সতৃষ্ণনয়নে চাই আছে৷ সময় বৰ নিষ্ঠুৰ ,সময়ে কাকো ক্ষমা নকৰিব৷ আমি ’সত্যম্‌ শিৱম্‌ সুন্দৰম’ ৰ দাস ৷ আমি সত্য, শুদ্ধ নিৰ্মল পথেৰে জনগণৰ তথা বিশ্ব জগতৰ সমস্ত জীৱৰ মঙ্গল কামনাৰে সেৱা কৰি গৈ থাকিম ৷”

৩৩। গোলোক কাকতীঃ–
“দাসদেৱে বিস্তৰ শাস্ত্ৰ অধ্যয়ন কৰি বিস্তৰ জ্ঞান লাভ কৰিলে আৰু সেই জ্ঞান ভাণ্ডাৰৰ কুবেৰৰ ধনৰ দৰে নিজ ভঁৰালতে সাঁচি নেৰাখি শাস্ত্ৰ লিখি আৰু ভকত বৈষ্ণৱৰ মেলা-পাতি সকলোকে বিলাই দিছে ৷
“তাৰাসৱে পূজ্য তাৰাসৱে ধন্য
তাৰাসৱে সুহৃদজন ৷
কলিযুগে হৰি আনকো বোলাৱে
আপুনি কৰে কীৰ্ত্তন
দাসদেৱে সততে হৰিনাম মুখৰ পৰা নেৰে ৷আনকো হৰি নাম শ্ৰৱণ কীৰ্ত্তন কৰোৱাইছে ৷ সেই ব্ৰত দাস দেৱৰ স্বভাৱ সিদ্ধত পৰিণত হৈছে ৷ তেনেলোককো শাস্ত্ৰই মহাজন আখ্যা দিছে ৷ দাসদেৱে হৰিকে জীৱনৰ পৰম বান্ধৱ হিচাৱে গ্ৰহণ কৰি লৈছে ৷
” হৰিক বান্ধৱ বুলি যিটোজনে
কৰয় হৰি কীৰ্ত্তন ৷
সমস্ত শাস্ত্ৰৰ তত্বক জানিলে
জানা সি সি মহাজন ৷৷” মহাজনসকল উদাৰ হৃয়ৰ,অকপট -সৰবৰহী,মায়াহীন ৷ তেনেলোকেই সমাজৰ পূজ্য ৷ আনহাতে ক’ব লাগিব -মায়াহীন, অহংকাৰ শূন্য, সমদৰ্শী, উদাৰ হৃদয়ৰ জনেই হ’ল মহাজন , তেওঁ সকলোৰে পূজ্য ৷
ভগৱন্ত শ্ৰীকৃষ্ণই নিজ মুখে কৈছে যে – তেওঁ বৈকুন্ঠতো ৰৈ নেথাকে,যোগীৰ হৃদয়তো স্থায়ীভাৱে বসবাস নকৰে , তেওঁ একান্ত ভকত সকলে য’ত শুদ্ধভাৱে শুদ্ধ চিত্তে হৰিৰ নাম যশ কীৰ্ত্তন কৰা তালৈ ঢাপলি মেলে আৰু সেই হৰিভক্ত সকলৰ যোগেহে তেওঁক লাভ কৰিব পাৰে ৷
একান্ত ভকত সৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত
বৈকুন্ঠকো পৰি হৰি যোগীৰো হৃদয়এৰি
থাকা হৰি সাক্ষাতে তথাত ৷৷
আৰু
“মোহোক পাইবাৰ জানা ভকতেসে পন্থা ৷
এহিসে কহয় গীতা ভাগৱত গ্ৰন্থা ৷৷
এই শাস্ত্ৰৰ বাণী অনুসৰণ কৰি দাসদেৱে ছাত্ৰৱস্থাৰ পৰাই ভকত বৈষ্ণৱৰ সঙ্গ বিচাৰি ফুৰিছিল আৰু জীৱনৰ মাজবাটত এখন ভকতৰ সমাজ পাতি তাতে হৰি গুণ কীৰ্ত্তন কৰি আনকো কৰিবলৈ সুবিধা দি নিমগ্ন হৈ থাকিল- সেইখনেই হ’ল- “একশৰণ ভাগৱতী সমাজ”  ( ক্ৰমশঃ )

সংগ্ৰাহকঃ
ভদ্ৰেশ্বৰ দাস

LEAVE A REPLY

Please enter your comment!
Please enter your name here