6 Signs you have a weakened immune system

আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে বুলি কেনেকৈ জানিব?

immune-systemএজন ব্যক্তি সুস্থ হৈ থাকিবৰ বাবে শৰীৰ আৰু মন ভালে থকাতো অতি জৰুৰী। যদি শৰীৰ সুস্থ থাকে আমাৰ মনো সদায় প্ৰফুল্ল থাকে। আৰু যদি মন বা মানসিক স্থিতি ভালে থাকে তেতিয়া শৰীৰ শক্তিশালী হয়। গতিকে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি আমি সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। মন ভলে থাকিলে শৰীৰ ভালে থাকে আৰু শৰীৰ ভালে থাকিলে মন ভালে থাকে।

গতিকে আমাৰ শৰীৰৰতোক সুস্থ ৰাখিবৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাতো প্ৰয়োজন।

আপোনাৰ শৰীৰত যে ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গৈছে আপোনি কেনেকৈ জানিব। গতিকে আজি আপোনালোকক কম এনেকুৱা ৬ টা লক্ষণৰ বিষয়ে। যিটো জনাৰ পাছত আপোনি আপোনাৰ শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বা ইমিউনিটি কমাৰ কথা জানিব পাৰিব।

বৰ্তমান সময়ত ব্যাপক ভাৱে চৰ্চাত থকা বিষয়টোৱে হ’ল ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা। যি আমাক বিভিন্ন ৰোগৰ পৰা বছাই ৰাখি সুস্থ হৈ থকাত সহায় কৰে। ২০১৯ ৱবৰ্ষৰ কোভিড ১৯ মহামাৰীৰ পিছৰ পৰাই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই এই মহামাৰীৰ পৰা বাছি থাকিবৰ বাবে নিজৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণেৰে প্ৰয়াস কৰি আহিছে। লগতে যাতে বিভিন্ন সংক্ৰামক ৰোগৰ পৰা বাছি থাকিব পাৰি তাৰ বাবেও ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাতো প্ৰয়োজন হৈ পৰিছে।

কেনেকৈ জানিব আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কম হোৱা বুলি। দেহৰ ইমিউনিটি কম হোৱাৰ প্ৰথম কাৰণতো হ’ল

ইমিউনিটি কম হোৱাৰ প্ৰথম কাৰণ হল অত্যাধিক মানসিক চাপঃ-

সানসিক-চাপআমেৰিকান চাইকলজিকেল এচচিএচনৰ এক প্ৰতিবেদন অনুসৰি দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগিলে বা মানসিক অশান্তিত ভুগিলে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস হ’ব পাৰে। কাৰণ অত্যন্ত মানসিক চাপৰ ফলত শৰীৰত লিম্ফচাইট হ্ৰাস হয়, বিভিন্ন ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুজঁদি আমাক বিভিন্ন ৰোগৰ পৰা বছাই ৰখা তেজৰ যি চেতৰক্ত কণিকা, সেই চেত ৰক্ত কণিকা কমাই ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস কৰে। আপোনাৰ যেতিয়া লিম্ফচাইটৰ কমি য়াব তেতিয়া আপোনি সাধাৰণ চৰ্দি , ফ্লু আদি ভাইৰাচত খুউব সঘনাই আক্ৰান্ত হ’ব। সঘনাই চৰ্দি, ফ্লু হ’ব, জ্বৰ, পানী লগা আদি সমস্যাত ভুগিব।

ইমিউনিটি কম হোৱাৰ দ্বিতীয় লক্ষণ হল সকলো সময়তে চৰ্দি হোৱাঃ-

প্ৰাপ্ত বয়স্ক লোকৰ ক্ষেত্ৰত বছৰত ২ বাৰ বা তিনি বাৰ চৰ্দি কাহত ভুগাটো একেবাৰে স্বাবাৱিক কথা। আৰু সপ্তাহ বা ১০ দিনৰ ভিতৰত পূণৰ স্বাভাৱিক অৱস্থালৈ আহে। আৰু আমাৰ দেহত এই চৰ্দি ফ্লুৰ ভাইৰাচ প্ৰতিৰোধী এন্টিবডিবোৰে ৩/৪ দিনৰ ভিতৰত এইবোৰ প্ৰতিৰোধ কৰি লয়। কিন্তু যদি আপোনাৰ একেৰাহে সকলো সময়তে চৰ্দি লাগি থাকে, চৰ্দি যদি সহজে ভাল হ’ব নুখুজে, তেলে হলে জানিব লাগিব যে আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা দূৰ্ব্বল হৈছে।

ইমিউনিটি কম হোৱাৰ তৃতীয় লক্ষণ হল সঘনাই মাত্ৰাধিক পেটৰ সমস্যা হোৱাঃ-

immune-systemআপোনাৰ যদি সঘনাই ডায়েৰীয়া, গ্ৰেছ, কোষ্ঠকাঠিন্যৰ সমস্যা হয় তেনে হলে আপোনি বুজিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা কৰবাত নহয় কৰবাত দূৰ্ব্বল হৈছে।

গৱেষণাৰ তথ্য অনুসৰি প্ৰায় ৯০ শতাংশ ৰোগ প্ৰতিৰোধী ক্ষমতা কম হোৱাতো পৰিপাক সম্বন্ধীয় সমস্যাৰ পৰাই হয়। বা পৰীপাক তন্ত্ৰৰ পৰাই হয়। কাৰণ আমাৰ পৰিপাক তন্ত্ৰত থকা প্ৰ’বায়টিকচ বা উপকাৰী বেক্টেৰীয়া বা অনুজীৱই আমাৰ অন্তক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিত সহায় কৰে। যদি এই উপকাৰী বেক্টেৰীয়াবোৰ আমাৰ অন্তত কমি যায় তেতিয়া আমাৰ দেহত ভাইৰাছ, দীৰ্ঘস্থায়ী পদাহ, গেছটাইটিছ, আলচাৰ,মেলিনা, এচিডিটি আদিৰ লগতে অট ইমোন ডিজিজ, ৰিমাটইড আঠাৰাইটিছ, এচিলি, ভিটিলেগ’ আদিৰ দৰে ৰোগ হোৱাতো সহায় কৰে।

ইমিউনিটি কম হোৱাৰ চতুৰ্থ লক্ষণটো হল শৰীৰত ঘাঁ শুকোৱাত পলম হোৱাঃ-

immune-system

আপোনাৰ যদি কটা-চিঙা ঘাঁ, পোৰা ঘাঁ বা আচোঁৰ খোৱা ঘাঁ হয় আৰু এই ঘাঁ সমূহ শুকোৱাত স্বাবাৱিকতে বেছি দিন লাগে। তেনে হলে বুজিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে। কাৰণ যেতিয়া আমাৰ কটা-চিঙা,পোৰা ঘাঁ হয় তেতিয়া সেই ঠাইখিনিত নতুন চাল উৎপন্ন কৰিবৰ বাবে আমাৰ শৰীৰে বিশুদ্ধ তেজ (NUTRIENT RICH BLOOD) যোগান দিয়ে। যাৰ বাবে দ্ৰুতগতিত ঘাঁ শুকোৱাত সহায় হয়।

এই ঘাঁ শুকোৱাৰ প্ৰক্ৰিয়া স্বাস্থ্যকৰ প্ৰতিৰোধক কোষৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যদি আপোনাৰ ইমিউনিটি চিষ্টেম দূৰ্ব্বল হয় তেতিয়া আপোনাৰ চাল পূণৰ তৈয়াৰ কৰিব নোৱাৰা হয়। যাৰ বাবে আপোনাৰ ঘাঁ শুকোৱাৰ প্ৰক্ৰিয়া দীঘলীয়া হয়।

ইমিউনিটি কম হোৱাৰ পঞ্চম লক্ষণ হল সঘনাই সংক্ৰমণ বা (infections) হোৱাঃ-

যদি আপোনি সঘনাই সংক্ৰমণৰ সমস্যাৰ সন্মোখীন হয় তেতিয়া হলে আপোনি জানিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমিছে।

আমেৰীকান একাডেমি অফ এলাৰ্জী, এজমা এণ্ড ইমিওন’লজিৰ তথ্য অনুসৰি প্ৰাপ্ত বয়স্কৰ লোকৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ কেইটামান লক্ষণৰ কথা উল্লেখ কৰিছে ।

ইয়াৰ ভিতৰত হ’লঃ-

What-is-black-fungus-in-human?

১) কাণৰ সংক্ৰমণঃ- এক বছৰত কৈ অধিক সময় কাণৰ সংক্ৰমণ হ’ব পাৰে।

২) বছৰত ২ বাৰ নিমোনিয়াত ভুগা।

৩) ক্ৰণিক ছাইনো ছাইটিছ বা বছৰত তিনিবাৰ লৈকে বেক্টেৰীয়েল ছাইনোছাইটিছত ভুগা।

৪) বছৰত যদি দুবাৰ কৈ এণ্টিবায়টিকছ লব লগা হয়। তেনে হলে আপোনি জানিব লাগিব যে আপোনাৰ ইমিউনিটি কমিছে।

৫) সকলো সময়তে ভাগৰুৱা বা দূৰ্ব্বল অনুভৱ কৰাঃ-

সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা, খোজকাঢ়িলে ঘৰুৱা কাম কৰিলে, বা খেলা-ধূলা কৰিলে যদি অলপতে ভাগৰ লাগে , কাম কৰিবলৈ মন নাযায়, টোপনী টোপনী অনুভৱ কৰি থাকে তেনে হলে আপোনি জানিব লাগিব যে আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি গৈছে।

weakened-immune-system

এই লক্ষণ সমূহ যদি আপোনি দেখিবলৈ পায় তেনে হলে আপোনি সতৰ্ক হোৱা উচিত। আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে আপোনী আপোনাৰ জীৱন যাত্ৰাত কিছু পৰিৱৰ্তন কৰিব লাগিব।

১) আপোনি সদায় পুষ্টিকৰ সুষম খাদ্য গ্ৰহণ কৰক।

২) টোপনি খতি নকৰিব। যথেষ্ট সময় তোপনি মাৰক।

৩) নিয়মিত শাৰীৰিক ব্যায়াম কৰক। সপ্তাহত কমেউ ৫ দিন ব্যায়াম কৰক।

৪) সদায় খাদ্য খোৱাৰ আগত হাত পৰিস্কাৰ কৈ চাবোনেৰে ধুৱক।

৫) অত্যাধিক ওজন বা মেদ বহুল লোক সকলে দেহৰ স্বভাৱিক ওজন বজাই ৰাখিবৰ বাবে চেষ্টা কৰক।

৬) ধূম্ৰপাণ, মদ্ৰপাণ, চাধা, ঢপাত আদিৰ সেৱন বৰ্জন কৰক।

৭) সদায় মানসিক চাপ এৰাই চলি হাঁহি- ফুৰ্টি কৰি থাকক, পৰিয়ালৰ লগত সময়কটাওক। আপোনাৰ সক্ৰিয়তাই তথা কাৰ্য ক্ষমতাই সুস্বাস্থ্যৰ মূল চাবি-কাঠি। গতিকে সুস্থ জীৱনৰ বাবে সকলোৱে স্বাস্থ্য ৰক্ষাৰ নীতি মানি চলক।

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles