কঁকালৰ বিষৰ হোমিঅ’পেথিক মেডিচিন

কঁকালৰ বিষ হলে কি কি হোমিঅ’পেথিক মেডিচিন খাব ?

কঁকালৰ-বিষআমাৰ ৰাজহাড়দালক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশটো CERVICAL, দ্বিতীয় অংশটো THORACIC, তৃতীয় অংশটো লাম্বাৰ(LUMBER) আৰু চতুৰ্থ অংশটো অৰ্থাত একেবাৰে শেষৰ অংশটো secrum চেক্ৰাম। যেতিয়া আমাৰ LUMBER অংশত বিষ হয় তেতিয়া তাক আমি কঁকালৰ বিষ হোৱা বুলি কওঁ। সাধাৰণতে আমি আমাৰ ৰাজহাড় ডালৰ কঁকালৰ অংশ অৰ্থাৎ LUMBER ত বেছিকৈ সমস্যা হোৱা দেখিবলৈ পাওঁ। আমাৰ প্ৰতিজন মানুহৰেই কঁকালৰ বিষত ভোগাৰ অভিজ্ঞতা আছে। কাৰণ যিহেতু বিশ্বৰ প্ৰতি ১০ জনৰ ভিতৰত এজন লোক কঁকালৰ বিষত ভুক্তভোগী। পুৰুষৰ তুলনাত মহীলা সকলৰ কঁকালৰ বিষ বেছি হোৱা দেখিবলৈ পোৱা যায়।

ককাঁল বিষৰ হোমিঅ’পেথিক মেডিচিনঃ-

ARNICA MONTANA 200ARNICA-MONTANA-200

কঁকালৰ অত্যন্ত বিষ, বহিব নোৱাৰে। বহা চকীত পিঠিৰ অংশ স্পৰ্শ হোৱাৰ লগে লগে বিষ বৃদ্ধি হয়, কঁকালৰ বিষহোৱা অংশটোত হাত লগোৱাৰ লগে লগে বিষ হয়। ৰোগীয়ে বিষোৱা অংশত স্পৰ্শ কৰিলে চিঞৰি উঠে। বিছনাত শুব নোৱাৰে, শুৱা বিছনা টান অনুভৱ কৰে। কঁকালৰ বিষ কেতিয়াবা একেবাৰে ভৰিলৈকে অনুভৱ কৰে। বিষৰ প্ৰকোপত হাত, ভৰি লৰাব নোখুজে।

এনেধৰণৰ লক্ষণ প্ৰকাশ পালে ARNICA MONTANA 200  মেডিচিনটো ৩ টোপাল কৈ দিনে ৩-৪ বাৰকৈ খাব। ১৫-২০ দিন ব্যৱহাৰ কৰাৰ পাছত বিষৰ পৰা উপশম পাবলৈ সক্ষম হ’ব।

আপোনাৰ বিষ কিয় হৈছে বা কি হৈছে জানৰ প্ৰয়োজন নাই। যদি এই লক্ষণ সমূহ হৈছে। লাগিলে শ্লিপডিক্স হওঁক বা ডিক্স হানিয়েচনেই হওঁক বা অষ্টিয়আৰথাৰাইটিচেই হওঁক বা পোৰণা দূৰ্ঘটনা বসত দুখ পোৱা বিষেই হওঁক আপোনি এই দৰব ব্যৱহাৰ কৰি কঁকালৰ বিষ দূৰ কৰিবৰ বাবে সক্ষম হ’ব।

BRYONIA ALB 200 BRYO-NIA-ALB-200

বেজীয়ে বিন্ধাৰ দৰে, ফালি যোৱাৰ দৰে কঁকালৰ বিষ। বিষ ৰাতি বৃদ্ধি হয়। লৰচৰ কৰলে, উশাহ লোৱাৰ সময়ত, কাহ মাৰিলে বিষ বৃদ্ধি হয়। কঁকালৰ বিষ হোৱাৰ অংশত চাপদি শুলে উপশম হয়। এই লক্ষণ থাকিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ৩ টেপালকৈ দিনে ৩-৪ বাৰ কৈ কিছুদিন ব্যৱহাৰ কৰিলে বিষৰ উপশম হয়।

RHUSTOXICODENDRON 30

কঁকালৰ বিষ। মোচোকা খোৱাৰ বাবে বা বৰকৈ কঁকালৰ পেক্ষীবন্ধনী টান খোৱাৰ ফলত হোৱা বিষ। অতিৰিক্ত গধূৰবস্তু দাঙি তুলিবলৈ টেষ্টা কৰাৰ ফলত মোচোকা খাই হোৱা কঁকালৰ বিষ বা উখ ঠাইৰ পৰা কোনো বস্তু হাতেৰে ঢুকি পোৱাৰ চেষ্টা কৰাৰ ফলত হোৱা কঁকালৰ বিষ। বিষ ইমানে বৃদ্ধি হয় যে, কঁকালৰ পেক্ষীবন্ধনী সন্ধীস্থানৰ পৰা বিছিন্ন হৈ গৈছে যেন অনুভৱ হয়।

RHUS-TOXICO-DENDRON-30কটাৰীৰে হাড়বোৰ চাঁচি থকাৰ দৰে অনুভৱ হয়। বিষ মাজনিখাৰ পাছত আৰু বৰষুণৰ বতৰত বা বৰষুণত তিতিলে বৃদ্ধি হয়।

কঁকালৰ বিষ হোৱা অংশত স্পৰ্শ কৰিলে ঘাঁ লগাৰ দৰে অনুভৱ হয়।

ৰাতিপূৱা বিছনাৰ পৰা উঠাৰ সময়ত যেতিয়া খোজকাঢ়িব কঁকালত ঘাঁ লগাৰ দৰে অনুভৱ হয়। একেবাৰে জঠৰ হৈ পৰাৰ দৰে হ’ব। অলপ সময় খোজকাঢ়িলে বিষ লাহে লাহে উপষম হ’ব।

বহিলে বা শুই থাকিলে বিষ বৃদ্ধি হয়। চলাফুৰা কৰিলে বিষ উপশম হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধৰ ৩০ ক্ষমতাৰ ৩ টোপাল কৈ দিনে ৪-৫ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

RUTA GRAVEOLENS

ৰোগী বিষত অস্থিৰ হৈ পৰে। শুই থকাৰ সময়ত সঘনাই ইকাতি সিকাতি কৰি থাকে। কঁকালৰ তলত ৰোগীয়ে এখন হাত ভৰাই বিষোৱা অংশত চাপ দি শুব বিছাৰে বা কিবা টানবস্তু বিষোৱা অংশত

RUTA-GRAVEOLENS-200

 ভৰাই লৈ শুব বিছাৰে। ৰোগীৰ কঁকালৰ হাড় স্থানচ্যুত হয়, যিটো ডিক্স হাৰ্নিয়েচন বুলি কোৱা হয়।

কঁকালৰ অংশৰ ৰাজহাড়ৰ ডিক্স বাহীৰলৈ উলাই আহে ৰাজহাড়ৰৰ ভৰ্টিব্ৰা ক্ষয় হয়। হাড়ৰ আৱ

ৰনিৰ প্ৰদাহ হয়। কেতিয়াবা দূৰ্ঘটনাত আঘাট পোৱাৰ পাছত টি বি হয়। হাড়ৰৰ টি বি ৰোগৰ বাবে হোৱা কঁকালৰ বিষ বা টিবিৰ বাবে হোৱা যিকোনো বিষতে এই ঔষধ অত্যন্ত উপকাৰী।

CALCEREA FLOR

কেতিয়াবা আপোনালোকে USG, CT, MRI  কৰালে ৰিপৰ্টত লিখে নহয় অষ্টিয় ফাইট হোৱা (osteophyte formation)CALCEREA-FLOR-200

বুলি অৰ্থাত কঁকালৰ ভাৰটিব্ৰাত অকনমানি জোঙা গজালৰ নিচিনা হাৰ বাড়ি আহে, সূচা-বিন্ধাৰ আৰম্ভ কৰে। ৰেডিয়েটিং পেইন হয়। একেবাৰে কঁকতালৰ পৰা তললৈকে। ভৰীৰ কলাফুলৰ লৈকে। কাৰণ এই জুঙা টুকুৰাটোৱে নাৰ্ভত খুচা মৰাৰ বাবে ৰক্ত সঞ্চালনত বাধা আহি পৰাৰ ফলত জিন জিনোৱা বিষ,  জ্বলা – পাোৰা কৰা বিষ, একেবাৰে কাৰেণ্ট লগাৰ দৰে অনুভৱ হয়। এই অৱস্থাটোত ৰোগীৰ একেবাৰে অসহ্যকৰ অৱস্থা হয়।

চিন্তাৰ প্ৰয়োজন নাই ১৫-২০ দিনৰ ভিতৰত অষ্টিয়ফাইট গলি যাব। নোহোৱা হৈ যাব। এই মেডিচিনৰ ২০০ ক্ষমতাৰ ২ টোপাল কৈ দিনে ২ বাৰ বা ৩ বাৰ ব্যৱহাৰ কৰক।

LEDUM PALLEDUM-PAL

কঁকালৰ বিষ বৰফ লগালে বা ঠাণ্ডা পানী লগালে আৰাম পালে লিডাম পাল মেডিচিনটোৰ ২০০ ক্ষমতাৰ ৩ টোপাল কৈ ২ বাৰ কিছুদিন ব্যৱহাৰ কৰিলে কঁকালৰ বিষৰ পৰা উপশম পাব পাৰি।

HYPHERICUM

পোৰণা আঘাট লগাৰ বাবে বহুদীনিয়া কঁকালৰ বিষত এই ঔষধ উপযোগী।

কঁকালৰ-বিষৰ-হোমিঅ-পেথিক-মেডিচিন

KALICARB

পোৰনি কঁকালৰ বিষত এই ঔষধ অতি ফলপসু। বিশেষ কৈ কঁকাল বিষৰ ৰোগীয়ে ৰাতি শুব নোৱাৰে, বহি থাকিবলৈ বাধ্য হয়। ৰাতি ২ ৰ পৰা ৩ বজাৰ ভিতৰত বিষৰ প্ৰকোপ বৃদ্ধি হয়। এনে ধৰণৰ লক্ষণ থাকিলে এই ঔষধ ব্যবহাৰ কৰি কঁকালৰ বিষৰ পৰা অতি সহজে উপশম পাব পাৰি।

 

ডাঃ হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

2 COMMENTS

  1. Is there any authentic treatment to cure chronic pain and inflammation in Spermatic cord with Diabetes 2 and ED in Homeopathic . Thank you .

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles