আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

0
গেষ্ট্ৰিক-আলচাৰ

আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

♦ আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

♦ কেনেকুৱা ধৰণক আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হব পাৰে?

♦ আপোনাৰ যে পেটত ঘাঁ হৈছে আপোনি কেনেকৈ জানিব?

আমাৰ ওচৰলৈ বহু ৰোগী আহে আৰু কয় আলচাৰ সমস্যাৰ পৰা তেখেঁতৰ ভয় হৈছে কাৰণ আলচাৰৰ পৰাইতো কেন্সাৰ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা এটা সাধাৰণ কথা আলচাৰ মানেই যেন কেন্সাৰ। ই এটা ভুল ধাৰণা।

গেষ্ট্ৰিক-আলচাৰ

আলচাৰ দুই ধৰণৰ হয়ঃ

আমাৰ পেটত দুই ধৰণৰ আলচাৰ হয় এক গেষ্ট্ৰিক আলচাৰ আৰু দ্বিতীয়টো ডিওডেনেল আলচাৰ। ডিওডেনেল আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা একেবাৰেই নাথাকে, কৰবাত .০০১ শতাংশহে কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। ৯৯.৯৯৯% কেন্সাৰ হোৱাৰ সম্ভাৱনা নাথাকে।

গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত ভালদৰে চাবলগা হয়। কেতিয়াবা পৰীক্ষা কৰি চাবলগা হয় ই সাধাৰণ আলচাৰ নে? অথবা আলচাৰৰ দৰে ই গেষ্ট্ৰিক কেন্সাৰ। এনেকুৱা নহয় যে আলচাৰ কেন্সাৰলৈ ৰুপান্তৰ হৈছে। জলিংগাৰ এলিচাৰ চিণ্ডম নামৰ এক বেমাৰৰ বাবে কিন্তু কেতিয়াবা কেন্সাৰ হ’ব পাৰে। এই বেমাৰ হ’লে আমাৰ লিভাৰত টিউমাৰ হ’ব পাৰে বা পেনক্ৰিয়াচ, ক্ষুদ্ৰান্ত আদিত হব আৰু ইয়াৰ কাৰণে এচিড অধিক উৎপন্ন হব। ইয়াৰ বাবে জলিংগাৰ এলিচাৰ চিণ্ডম আৰম্ভ হব আৰু ই কেন্সাৰৰ দৰে আলচাৰৰ সৃষ্টি কৰিব পাৰে। কিন্তু ই একেবাৰে কম, কেতিয়াবা কৰবাত দেখা পোৱা যায়।

যেতিয়া আমি আলচাৰৰ কথা ভাবো তেতিয়া কেন্সাৰৰ কথা ভবাৰ স্থল নাথাকে। ডিওডেনেল আলচাৰৰ কথা আহিলেও কেন্সাৰৰ সম্ভাৱনাৰ কথা একেবাৰে নাহে। কিন্তু গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত কেন্সাৰৰ কথা ভবা হয়। সেইয়েহে যেতিয়া এণ্ডস্কপি কৰা হয় আৰু এণ্ডস্কপিত য়েতিয়া গেষ্ট্ৰিক আলচাৰ ধৰা পৰে, তেতিয়া চিকিৎসকে সেই আলচাৰৰ ওচৰৰ পৰা অলপ মাংস সংগ্ৰহ কৰি ইয়াৰ বা’য়পচি কৰায় নিশ্চত হয় যে কেন্সাৰৰ দৰে কিবা ডেভলপ হৈছে নেকি।

গেষ্ট্ৰিক-আলচাৰআলচাৰৰ লক্ষণঃ-

যদি আপোনাৰ আলচাৰৰ দৰে বেমাৰ আছে তেনে হলে আপোনাৰ কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পাব।

১) প্ৰথম লক্ষণ হ’ল অত্যাধিক এচিডিটিৰ বাবে পেটৰ পোৰণি হ’ব। পোৰণি নাভিৰ ওপৰৰ অংশত হ’ব।

২) বিষঃ-

বিষ হ’ব। যদি আপোনাৰ ডিওডেনেল আলচাৰ হৈছে তেনে হলে বিষ খালীপেটত হ’ব। আৰু যেতিয়া আপোনি কিবা খাব- পানী খালে, নাচপতিখালে বা বিস্কুত খালে বা যিকোনো বস্তু খোৱাৰ পাছত আপোনাৰ বিষ উপষম হ’ব।

যদি আপোনাৰ গেষ্ট্ৰিক আলচাৰ হৈছে আপোনি কিবা খোৱাৰ লগে লগে আপোনাৰ বিষ আৰু অধিক বৃদ্ধি হৈ যাব।

এই বিষ যেতিয়া ডিওডেনেল আলচাৰ হয় তেতিয়া কেতিয়াবা আপোনি ৰাতি ১/২ বজাত সাৰ পাব। কাৰণ ধৰক আপোনি ৰাতি ৯ বজাত খাদ্য খালে আৰু ৰাতি ১/২ বজা মানত আপোনাৰ খাদ্য খোৱাখিনি স্তমাকৰ পৰা আগলৈ গতি কৰিব আৰু ডিউডেনামটো খালী হৈ যাব। যেতিয়া  ডিওডেনামতো খালীহৈ যাব এচিডে পুণৰ আঘাত কৰিবলৈ ধৰিব যাৰ বাবে বিষৰ উৎপতি হৈ যাব, খুউব পেটৰ জ্বলাপোৰা আৰু বিষ হব। গতিকে আপোনি ৰাতি ১/২ বজাত উঠি বিস্কুত, পানী অথবা কিবা খালে যদি পেটৰ বিষ উপশম হয় তেনে হলে আপোনি জানিব লাগিব যে আপোনাৰ ডিওডেনেল আলচাৰ হৈছে। অৰ্থাত খালী পেটত হোৱা বিষ যেতিয়াই নহওঁক কিয়, যদি খাদ্য খালে ঠিক হয়। তেনে হলে আপোনি বুজিব লাগিব আপোনাৰ ডিওডেনেল আলচাৰ হৈছে।বমি-ভাৱ-হোৱা,

পেটৰ বিষ, জ্বলা-পোৰা যেতিয়া খাদ্যখালে বৃদ্ধি হয় তেনে হলে আপোনি বুজিব লাগিব যে আপোনাৰ গেষ্ট্ৰিক আলচাৰ হৈছে। কেৱল জ্বলা-পোৰা আৰু বিষেই নহয় ইয়াৰ ওপৰিও পেট গধূৰ লগা, পেটত খামুচি ধৰা, পেট কামুৰা আৰু  কেতিয়াবা বমি বমি ভাৱ বা বমিও হ’ব পাৰে। লগতে দেহৰ ওজন কমি যাব পাৰে। কাৰণ আলচাৰৰ দৰে বেমাৰ হ’লে ভুক কমি যায় যাৰ ফলত দেহৰ ওজনো কমি যোৱাৰ সমস্যা হ’ব পাৰে।

আটাইতকৈ ভয়াৱহ কথাটো হল ৫০ শতাংশ লোকৰ ক্ষেত্ৰত কিন্ত আলচাৰৰ দৰে গুৰুতৰ সমস্যাৰ কোনো ধৰণৰ লক্ষণ দেখা দিয়াৰ পৰিলক্ষিত নহয় বুলি এক চিকিৎস্যা সম্পৰ্কীয় অধ্যয়নত দেখা গৈছে। বহু সংখ্যক ব্যক্তিৰ দেখা যায় পেটত আলচাৰ আছে কিন্তু কোনো ধৰণৰ লক্ষণ প্ৰকাশ পোৱা নাই। কিবা বেলেগ সমস্যাৰ বাবে এণ্ডস্কপি কৰোৱাৰ পাছত ই ধৰা পৰে। যে ব্যক্তিজনৰ আলচাৰ হৈছে। ৫০ শতাংশ ৰোগীৰ আলচাৰ উহ্য হৈ থাকে।

DR HARIKANTA DAS

LEAVE A REPLY

Please enter your comment!
Please enter your name here