গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক

0
গেষ্ট্ৰিক-আলচাৰ

গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক

গেষ্ট্ৰিক আলচাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। স্তমাক আলচাৰ বা gastric ulcer, duodenal and peptic ulcer, যিটো আমি সৰ্বসাধাৰণতে পেটৰ ঘাঁ বুলি কওঁ। ই এনে এক ভয়াৱহ সমস্যালৈ পৰিণত হৈছে, বৰ্তমান সময়ত আমাৰ দেশৰ ২৮.৮ শতাংশ মানুহে এই সমস্যাত ভুক্তভোগী। গতিকে এই সমস্যা জনজীবনৰ কাৰণে এক ভাবুকি স্বৰুপেই হৈ পৰিছে। সেইয়েহে আজি আমি কথা পাতিম পেটত ঘাঁহোৱাত বাধাদিয়া আৰু পেটত হোৱা ঘাঁ শুকুৱাবৰ বাবেসহায়ক হোৱা কেইবিধমান খাদ্যৰ বিষয়ে। লগতে নাখাবলগা কিছুমান খাদ্য যিবোৰে ঘাঁৰ বৃদ্ধিত সহায় কৰে তাৰ বিষয়েও আপোনালোকক জনাম।গেষ্ট্ৰিক-আলচাৰ

সাধাৰণতে আমাৰ পেটত যি ঘাঁ হয় সেয়া আমাৰ পাকস্থলি বা খাদ্যৰ ভৰালটোত বেছিকৈ হয়। এই ঘাঁ সাধাৰণতে তিনিতা কাৰণত হয়।

যদি আমাৰ পাকস্থলীত বেছি এছিডিটি হয় তেতিয়া ই আমাৰ পাকস্থলীটোত ঘাঁ লগাব পাৰে।

যদি আমাৰ পাকস্থলী বা খাদ্য নলীত বেক্টেৰীয়াৰ সংক্ৰমণ হয়,  যিতো আমি হেলিকবেক্টাৰ পাইলৰি বুলি কওঁ, এই বেক্টেৰীয়াৰ অধিক সংক্ৰমণৰ বাবেওঁ ঘাঁ হ’ব পাৰে।

আৰু যদি আপোনি অত্যাধিক বিষ নাশক ঔষধ সেৱন কৰে তেতিয়াও ঘাঁ হ’ব পাৰে। আমি যিবোৰ বিষনাশক ঔষধ খাওঁ সেই বোৰে আমাৰ পেটত ঘাঁৰ সৃষ্টি কৰিব পৰা ক্ষমতা থাকে।

এতিয়া আহো কি কি খাদ্য আমি খাব লাগিব যি আমাক আলচাৰ হোৱাৰ পৰা বছাব আৰু যদি আলচাৰ হৈ গৈছে এই আলচাৰ বা ঘাঁ শুকোৱাত সহায় কৰিব।গেষ্ট্ৰিক-আলচাৰ

প্ৰথমে হ’ল প্ৰবায়টিকছ জাতীয় খাদ্য। প্ৰবায়টিকছ হ’ল এক উতকৃষ্ট খাদ্য যত আমাৰ পাকস্থলীৰ বাবে লগতিয়াল বেক্টেৰীয়া থাকে, যি আমাৰ ঘাঁ শুকুৱা প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰথমে আমি কব পাৰো ‘দৈ’ । দৈ প্ৰ’বায়টিকচ যুক্ত উৎকৃষ্ট খাদ্য। দৈয়ে পাকস্থলীত উপকারী বেক্টেৰীয়াৰ দ্ৰুত প্রজনন ঘটায়, ইয়াৰ ফলত  উপকাৰী বেক্টেৰিয়াৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পায়। এই উপকাৰী বেক্টেৰিয়াই স্তমাকত জমাহোৱা ক্ষতিকাৰক ৰসায়নিক উপাদানবোৰ নস্তকৰাৰ লগতে অপকাৰী বেক্টেৰীয়া ধংসকৰি খাদ্য পৰিপাক ক্ৰিয়া দ্ৰুত কৰে। যি এচিডিটিৰ সমস্যা ৰোধ কৰি পেটত ঘাঁহোৱাৰ পৰা ৰক্ষা কৰে আৰু ঘাঁ হলেও শুকুৱাত সহায় কৰে। আচাৰতো প্ৰ’বায়টিকচ থাকে। কিন্তু যিহেতু আচাৰত বিভিন্ন প্ৰকাৰৰ মচলা প্ৰয়োগ কৰা হয় গতিকে আলচাৰত আচাৰ খালে অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। গতিকে প্ৰ’বায়টিকচ ৰূপে আমি প্ৰথমে দৈক আগস্থান দিব লাগিব।গেষ্ট্ৰিক-আলচাৰ

দ্বিতীয়তে যিবোৰ খাদ্যত আঁহ বেছি থাকে। যেনে দালিয়া, অটচ, নাচপতি, আপেল আদি আহ জাতীয় খাদ্য। এই আঁহ জাতীয় খাদ্যই দুই ধৰণেৰে সহায় কৰে। ই আমাৰ এচিডৰ সমস্যা কমাই ৰাখে। আৰু যেতিয়া এচিডৰ পৰিমাণ কমিব আমাৰ পাকস্থলীৰ চালখন ঘাঁ হোৱাৰ পৰা বাছি থাকিব বা আলচাৰৰ দৰে বেমাৰ হ’বলৈ সুবিধা নাপাব। যদিওঁ আলচাৰ হৈ গৈছে, তাৰ পাছতো যেতিয়া এচিড কম উৎপন্ন হ’ব তেতিয়া আলচাৰ বা ঘাঁ শুকোৱা প্ৰক্ৰিয়া দ্ৰুত হ’ব। গতিকে এই আঁহ জাতীয় খাদ্যই আলচাৰ হোৱাতো বাধা দিয়ে আৰু আলচাৰ দ্ৰুতভাৱে শুকোৱাতো সহায় কৰে।

যিবিলাক খাদ্য অধিক A ভিটামিন যুক্ত। যেনে মিঠা আলু। মিঠা আলু আমাৰ গাওঁবোৰত অপৰ্যপ্ত পোৱা যায় বা আমাৰ বজাৰসমূহতো সহজে পোৱা যায়। এই মিঠা আলুত অধিক মাত্ৰাত ভিটামিন A থকাৰ বাবে ই আলচাৰ হোৱাতো বাধা দিয়ে আৰু আলচাৰ হলেও শুকোৱাত সহায় কৰে।গেষ্ট্ৰিক-আলচাৰ

আন্যহাতে গাজৰতো ভিটামিন A যথেষ্ট পৰিমাণে থাকে লগতে ই আঁহ সমৃদ্ধ গতিকে গাজৰ আলচাৰৰ বাবে ভাল খাদ্য।

পালেং শাকো ভিটামিন A ৰ ভাল উৎস। গতিকে এই পালেং শাকেওঁ ঘাঁ শুকোৱাত সহায় কৰে। গতিকে মিঠা আলু, গাজৰ, পালেং এই আটাইবোৰে ঘাঁ শুকোৱাত সহায়ক খাদ্য।

RED BELL PEPPERS – যিটো আমি ৰঙা কেপচিকাম বুলিওঁ কয়। ই ভিটামিন C ৰ ভাল উৎস। ইয়াত অধিক মাত্ৰাত এন্টিঅক্সিডেন্টতো থাকে। ইয়াত থকা ভিটামিন C য়ে ঘাঁ শুকোৱাত যথেষ্ট সহায় কৰে।চিগাৰেট

পেটৰ ঘাঁ হলে কি কি নাখাবঃ

প্ৰথমে হল- গাখীৰ। গাখীৰ খাব নালাগে। কাৰণ গাখীৰত কেলচিয়াম উপাদান যথেষ্ট বেছি থকাৰ কাৰণে ই সহজতে পাচন নহয় আৰু পাকস্থলীত এচিডৰ মাত্ৰা বঢ়ায়। আলচাৰৰ সমস্যা বৃদ্ধি হয়। যদি আলচাৰৰ সমস্যাত বেছিকৈ গাখীৰ খায় তেনে হলে গেছ উৎপন্ন হ’ব, পেট ফোলিব, পেটৰ সমস্যা বৃদ্ধি হৈ অশান্তিৰ সৃষ্টি হ’ব। অত্যাধিক এচিড বৃদ্ধিৰ বাবে আলচাৰ ঠিক হোৱাৰ বিপৰীতে বৃদ্ধি হৈ যাব।

চিগাৰেট আৰু মাদক দব্যঃ-

মাদক দব্যই আমাৰ  পাকস্থলীক পোনপটীয়াকৈ ক্ষতি কৰি পৰা ক্ষমতা থাকে। ই এচিডৰ সমস্যা বৃদ্ধি কৰি আমাৰ পাকস্থলীৰ চালখনক পাতল কৰি আলচাৰৰ সম্ভাৱনা দুগুণ বৃদ্ধি কৰি দিয়ে। একহলে আমাৰ পাকস্থলীৰ এচিডৰ মাত্ৰাওঁ বৃদ্ধি কৰি দিয়াৰ ফলত ঘাঁ হোৱাৰ সম্ভাৱনা ১০০ শতাংশই বৃদ্ধি হয়।

ধূম্ৰপানত ব্যৱহৃত ধপাতজাতীয় সকলোবোৰ দব্যতেই নিকটিন থাকে। এই নিকটিনে আমাৰ পাকস্থলীত প্ৰবেশ কৰি এচিডৰ মাত্ৰা বৃদ্ধি কৰি দিব। যি আমাৰ পাকস্থলীত ঘাঁ হোৱাত পোনপটীয়াকৈ সহায় কৰি সমস্যা দুগুণ বৃদ্ধি কৰিব। গতিকে এলকহল আৰু ধপাত দুইবিধেই আলচাৰৰ বাবে হানিকাৰক আৰু স্বাস্থ্যৰ পক্ষেও হানিকাৰক হয়।

ফাষ্টফুড, জাংফুড আদি যিবোৰ আমাৰ হোটেল ৰেষ্টুৰাত পৰ্যাপ্ত মাত্ৰাত পোৱা যায় এই সকলোবোৰ আলচাৰৰ কাৰণে হানিকাৰক খাদ্যবুলি কোৱা হৈছে। এই সকলোবোৰ খাদ্যত অত্যাধিক ছৰ্বি থাকে আৰু এই ছৰ্বিযুক্ত খাদ্যই আমাৰ পাকস্থলীত এচিডৰ মাত্ৰা বঢ়াই পাকস্থলীৰ ঘাঁৰ সমস্যাৰ বৃদ্ধি কৰাত সহায় কৰে। চিংৰা, কচৰি, ফ্ৰাইড্ৰাইচ, অত্যাধিক জ্বলা, ভজা মচলা আদি বোৰে আলচাৰ হোৱাত সহায় কৰে আৰু আলচাৰৰ ঘাঁ শুকোৱাতো বাধা দিয়ে। গতিকে যদি আপোনাৰ আলচাৰৰ দৰে বেমাৰ আছে তেনে হলে আপোনি এই খাদ্যবোৰৰ পৰা আতৰি থকাতো অত্যন্ত প্ৰয়োজন।

শুকান জলকীয়া, জলকীয়া গুড়ী আদিবোৰো খাব নালাগে।শুকাল-জলকীয়া

আমাৰ মানুহৰ মাজত এটা ভূলধাৰণা আছে। যদি ঘাঁ সমস্যা আছে ঘাঁ লাগিলে পাকস্থলীতে হওঁক বা অন্য থাইতে হওঁক নেমু, কমলা আদি খাব নালাগে বুলি আমাক বাধা দিয়ে। আৰু পেটত এচিডৰ সমস্যা হ’লে নেমু খাব নালাগে বুলি কয়। আচলতে ই এটা ভুলধাৰণা হয়। নেমু, কাজিনেমু, গুলনেমু, কমলা, মৌচুমী আদি যিমানবোৰ চাইট্ৰাছ জাতীয় ফল আছে এই সকলোবোৰত ভিটামিন c থাকে। গতিকে ই ঘাঁ শুকোৱাত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে। আপোনি চাব যদি এই জাতীয় ফল খোৱাৰ পাছত কোনো সমস্যা পোৱা নাই তেনে হলে খোৱাত কোনো বাধা নায়।

চাহ, কফি নাখাব

চাহ আৰু কফিত কেফেইন উপাদান থাকে। কফি আলচাৰৰ বাবে অপকাৰী ই ঘাঁ শুকোৱাত বাধা প্ৰদান কৰে। কাৰণ কফিয়ে পাকস্থলীত এচিডৰ মাত্ৰা বঢ়ায়। ঠিক একেদৰে কাৰাকৈ বনোৱা চাহেও পেটত এচিডৰ মাত্ৰা বঢ়াব পাৰে। আমাৰ মানুহে দেখিবলৈ পাওঁ কাড়াকৈ চাহপাত দি চাহ খাইহে ভালপায়। অত্যাধিক চাহপাত দি বনোৱা চাহ খাব নালাগে। কফিৰ দৰে ইও  এচিড উৎপন্ন কৰে। গতিকে যদি নাখালে নহয় তেনে হলে কম পৰিমাণে চাহপাত দি খাব।

ডাঃ হৰিকান্ত দাস।

৯৯৫৪৩৪০১০২

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here