ব্ৰইলাৰ মাংসৰ দ্বাৰা মানুহৰ দেহত সোমাইছে অপ্ৰয়োজনীয় এন্টিবায়টিকঃ

ব্ৰইলাৰ মাংসৰ দ্বাৰা মানুহৰ দেহত সোমাইছে অপ্ৰয়োজনীয় এন্টিবায়টিকঃ

ব্ৰইলাৰ-মাংসৰ-দ্বাৰা-মানুহৰ-দেহত-সোমাইছে-অপ্ৰয়োজনীয়-এন্টিবায়টিক
ব্ৰইলাৰ মাংসৰ দ্বাৰা মানুহৰ দেহত সোমাইছে অপ্ৰয়োজনীয় এন্টিবায়টিকঃ
আজি এই লেখাটোৰ জৰিয়তে আপোনালোকক জনস্বাস্থ্যৰ প্ৰতি ভয়াবহ ভাবুকি স্বৰূপ হৈ পৰা ব্ৰয়লাৰ চিকেনৰ বিষয়ে কম। বিশ্বত আজি ব্ৰয়লাৰ মাংসৰ ব্যাপক চাহিদাৰ বিষয়ে হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই। আপোনাৰ লগতে আপোনাৰ কণমানি টোৰো নিশ্চয় চিকেন অতি প্ৰিয়? এপিচ চিকেন নহলে হয়টো আপোনাৰ কণমানিটোৱে ভাত খাবই নোখোজে? কিন্তু আপোনি কেতিয়াবা ভাবিছেনে এই ব্ৰয়লাৰ চিকেনে যে আপোনাৰ জীৱনলৈ বিপদ মাতি আনিছে?
ব্ৰইলাৰ চিকেনৰ জনপ্ৰিয়তা আৰু দিনক দিনে বৃদ্ধি পেৱা ব্যাপক চাহিদা পূৰণ কৰি অত্যাধিক মোনাফা লাভৰ স্বাৰ্থত একাংশ অসাধূ পোল্টি ব্যৱসায়ীয়ে এই ব্ৰয়লাৰ মূৰ্গী সমূহত ব্যাপক ৰূপত এন্টিবায়টিক ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গৈছে। আৰু এই মাংসৰ দ্বাৰা অপ্ৰয়োজনীয় এন্টিবায়টিক বোৰ সোমাইছে মানুহৰ দেহত।(the Study by the centrer for science and Environments) CSE ৰ পদূষ পৰ্যবেক্ষণ লেবটৰীৰ এক গৱেষণাত দেখাগৈছে পোল্টিবোৰত ব্যাপক হাৰত ৬ বিধৰ এন্টিবায়টিক ব্যৱহাৰ হৈছে। এই বোৰ হলঃ-oxytetracycline, chlortetracycline, Doxycycline, Enrofloxacin, ciprofloxacin And Neomycine. এই এন্টিবায়টিক পোল্টিৰ কিবা ৰোগ হলেহে ব্যৱহাৰ কৰে এনে নহয় কোনো কাৰণ নোহোৱাকৈয়ে এই এন্টিবায়টিকচ বোৰ ব্যৱহাৰ কৰা হয়। এই এন্টিবায়টিকচ সমূহ বিভিন্ন জীৱাণুৰ দ্ধাৰ সৃষ্টি মানুহৰ বেমাৰত খুউবেই প্ৰয়োজন।
কিন্তু অকাৰণে মূৰ্গীৰ মাংসৰ দ্ধাৰা মানুহৰ শৰীৰত প্ৰবেশ কৰাত বিভিন্ন মাইক্ৰ বেক্টেৰীয়া বা জীবাণু সমূহৰ এই এন্টিবায়টিকৰ প্ৰতিৰোধী ক্ষমতা দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷ যাৰ বাবে বৰ্তমান সময়ত মানুহৰ দেহত সৰু সুৰা ৰোগ হলেওঁ সহজতে ভাল হোৱাটো দুসাধ্য হৈ পৰিছে আৰু মানুহৰ জীৱনৰ প্ৰতি আশংকা নামি আহিছে।
চেপটিক, নিউমোনিয়া, টিউবাৰকুলচিচৰ দৰে ৰোগৰ চিকিৎসা দিনক দিনে জটিল হৈ পৰিছে। এই খিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে ইউৰোপৰ দেশ সমূহত পশু-পক্ষীক এন্টিবায়টিক দিয়াটো দণ্ডনীয় অপৰাধ। যিটো আমাৰ দেশত বাধাহীন ভাৱে ব্যৱহাৰ কৰি থকা হৈছে।
ডা. হৰিকান্ত দাস।
মা হোমিঅ আৰু ফিজিঅথেৰাপি ক্লিনিক। গোগামুখ,ধেমাজি(অসম)
ফোন-9954340102
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles