নৱজাতক শিশুৰ মালিচ কেনেকৈ কৰিবঃ

শিশুৰ-মালিচ-কেনেকৈ-কৰিব
শিশুৰ মালিচ
⇒ নৱজাতক শিশুৰ মালিচ
⇒ মালিচ কি?
⇒ মালিচৰ পৰা শিশুৰ কি লাভ হয়?
⇒ আপোনাৰ শিশুটিক কেতিয়াৰ পৰা মালিচ কৰিব? 
⇒ আপোনাৰ শিশুটিক কোন সময়ত মালিচ কৰিব?
⇒ মালিচ কৰোতে কি তেল ব্যৱহাৰ কৰিব?
⇒ পৰ্যায়ক্ৰমে শিশুক মালিচ কেনেকৈ কৰিব?

নৱজাতক শিশুৰ মালিচ

হু প্ৰতীক্ষাৰ অন্তত নৱজাতক এটি মাতৃৰ কোলালৈ অহাৰ পাছতেই সকলো লোক শিশুটিক লৈ বিশেষ ভাবে ব্যস্ত হৈ পৰে। নিজৰ শিশুটিক সুস্থ-সৱল কৰি ৰাখিবলৈ কেনেদৰে তেল মালিচ কৰিব, কি চাবোনেৰে গা ধুৱাব, কি ক্ৰীম গাত লগাব আদি বিষয় সমূহক লৈ চিন্তিত হৈ পৰে। বহুতেই অকৌ নৱজাত শিশু জন্মৰ কিমান দিনৰ পৰা মালিচ কৰিব, কেনেকৈ কৰিব সেই বিষয়েও অজ্ঞ।

অন্যহাতে বহু লোকৰ ক্ষেত্ৰত দৃষ্টিকটু ভাবে দেখিবলৈ পোৱা গৈছে যে, নিজৰ নৱজাতকটিক মাচাজ কৰিবৰ বাবে মাহেকীয়া পাৰিশ্ৰমিক দি কোনোধৰণৰ ব্যৱহাৰীক শিক্ষাৰ জ্ঞান নথকা ধাই নিযুক্ত কৰে। ই অত্যন্ত দূৰ্ভাগ্যজনক কথা।

নিজৰ শিশুটিক পৰিচৰ্যাৰ বাবে অন্তত ১ ঘন্টা সময় উলিয়াই লওক। ধাই বা তেনে ধৰণৰ বাহিৰা মানুহৰ হতুৱাই মালিচ দিয়াটো একেবাৰে অনুচিত কথা। প্ৰয়োজন সাপেক্ষে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

মালিচ কিঃ

শিশু এটিয়ে সহ্য কৰিব পৰাকৈ নিৰ্দিষ্ট চাপত বেবী অইল বা লোচন লৈ শৰীৰত হাত বোলাই থকা কাৰ্য্যই হৈছে মালিচ।

মালিচৰ পৰা শিশুৰ কি লাভ হয়ঃ

  1. মালিচে শিশুৰ মানসিক আৰু শাৰীৰিক উন্নতি সাধনত সহায় কৰে।
  2. মালিচ কাৰ্যৰ জৰিয়তে মাতৃ আৰু শিশুটোৰ সম্বন্ধ অধিক গাঢ় হয়, মৰম বাঢ়ে।
  3. ভাগৰ দূৰকৰে আৰু শৰীৰক যথেষ্ট আৰাম দিয়ে।
  4. শৰীৰৰ সিৰা-উপসিৰাবোৰ সক্ৰীয় কৰি তোলে।
  5. টোপনি গভীৰ হোৱাত সহায় কৰে।
  6. চাল মসিন হয় আৰু চালৰ উজ্জলতা বৃদ্ধি কৰে।
  7. বিশেষ ভাবে সক্ষম শিশুসকলৰ বাবে মালিচ অত্যন্ত উপযোগী।
  8. শিশুৰ স্বাস প্ৰস্বাস প্ৰক্ৰিয়া সঠিক ৰখাৰ বাবে মালিচ উপকাৰী, মালিচে ৰক্ত সঞ্চালন উন্নত কৰে, গ্ৰেছ এচিডিটিৰ সমস্যা কম কৰে, সিৰা-উপসিৰা সমূহ অধিক কাৰ্যক্ষম কৰি তোলে, ফলত শিশুৰ পাচন প্ৰক্ৰিয়াও ভাল হয়।
  9. নিয়মিত ভাবে মালিচ কৰা শিশু এটিৰ দেহৰ গঠন মজবুট হোৱাৰ লগতে শিশুটো উজ্জীৱিত আৰু স্বাস্থ্যবান হোৱা দেখা যায়।

আপোনাৰ শিশুটিক কেতিয়াৰ পৰা মালিচ কৰিবঃ

সাধাৰণতে অতি কমেও ১৫ দিনৰ বা ১ মাহৰ  পৰাই শিশু এটিক মালিচ কৰিব পৰা যায়। কাৰণ শিশুৰ কোমল চালখনে ১৫ দিনৰ পাছৰ পৰাহে তেল, পানী আদিৰ স্পৰ্শ ভালদৰে সহ্য কৰিব পৰা হয়। তাৰ আগৰ সময়সিনিত শিশুটিৰ চালখন সহ্যকৰিব পৰাকৈ বিকশিত অৱস্থাত নাথাকিবও পাৰে। ১৫ দিনলৈ প্ৰায় সকলো নৱজাতকৰে নাড়ী খৰি যায়, ইয়াৰ আগতে ক্ৰীম বা অন্য কোনো লোচনৰ স্পৰ্শ পালে সংক্ৰমন হোৱাৰ সম্ভাৱনা থাকে, কাৰণ নাড়ীডালে ক্ৰমান্বয়ে শুকাবলৈ লোৱাৰ কাৰণে তেল বা অন্য পদাৰ্থ সহজতে শুহি লব পাৰে, যাৰ ফলত ধূলি-মাকতি লাগি ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে।

আপোনাৰ শিশুটিক কোন সময়ত মালিচ কৰিবঃ

শিশু এটাক মালিচ কৰাৰ কোনো নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাই। শিশু আৰু মাতৃ গৰাকীৰ নিজৰ সুবিধা অনুজায়ী মালিচ কৰাৰ সময় ঠিক কৰি ল’ব লাগে। সাধাৰণতে দিনত দুবাৰ আহাৰ খোৱাৰ ঠিক মাজৰ সময়খিনিত শিশু এটা সতেজ হৈ থাকে আৰু এই সময়ত শিশুটোৱেও মালিচ কাৰ্যত সহযোগিতা আগবঢ়াব। দিনত গা ধুৱাৰ আগতে শিশুটিক মালিচ কৰিলে ভাল।

শিশুক মালিচ কৰোতে কি তেল ব্যৱহাৰ কৰিবঃ

মালিচ কৰোঁতে তেল বা লোচন ব্যৱহাৰ কৰিব। ভাল কোম্পানীৰ উন্নতমানৰ তেল ব্যৱহাৰ কৰিব। কিছুমানে শিশুৰ মালিচৰ বাবে সৰিয়হৰ তেল ব্যৱহাৰ কৰা দেখা যায় কিন্তু ই শিশুৰ কোমল ছালৰ কাৰণে উপযোগী নহয় আৰু এই তেল ব্যৱহাৰ কৰা অনুচিত। তাৰ পৰিৱৰ্তে নাৰিকল তেল বা বজাৰত পোৱা উৎকৃষ্ট মানৰ গোন্ধবিহীন অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। বজাৰত পোৱা যিকোনো তেল জধে-মধে ব্যৱহাৰ কৰিলে শিশুটোৰ ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। বৈজ্ঞানিক গৱেষণাৰ পৰা গম পোৱা গৈছে যে শিশুৰ বাবে নাৰিকলৰ তেল মালিচৰ বাবে বিশেষ উপযোগী। মালিচ কৰাৰ সময়ত তেলখিনি অলপ তপতাই ললে ভাল।

শিশুক মালিচ কেনেকৈ কৰিবঃ

মালিচ কৰাৰ সময়ত চাব যাতে শিশুটিক শুৱা বিছনাখন কোমল হয়। শিশুটি যেতিয়া স্ফুটিত থাকিব, সক্ৰীয় হৈ থাকিব তেতিয়া আপোনি শিশুটিৰ মালিচ আৰম্ভ কৰিব। শিশুটি কান্দি থকাৰ সময়ত মালিচ নকৰিব। মালিচ কৰোঁতে প্ৰথমতে ভৰিৰ পৰা আৰম্ভ কৰিব। ভৰিৰ পিছত ক্ৰমে হাত, বাহু, বুকু, পেট, মুখ, মূৰ, আৰু একেবাৰে শেষত পিঠি, মালিচ কৰিব।

ভিডিঅটো চাবৰ বাবে তলৰ লিংটোত ক্লিক কৰক↓

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles