জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে!

জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে!

⇒ জলফাই
⇒ জলফাইৰ পৰিপুষ্টি গুণ
⇒ জলফাই উপকাৰিতা

 

 

 জলফাই-হাৰ্টৰ-বেমাৰ-আৰু-কেন্সাৰ-প্ৰতিৰোধ-কৰে
জলফাই

তেঙা, প্ৰচুৰ আঁহ সমৃদ্ধ এবিধ সৰু ফল জলফাই। জলফাই নিয়মিত খালে খাদ্য হজম হোৱাত সহায় কৰে, লগতে জলফাইয়ে আমাৰ পাকস্থলি, ক্ষুদ্ৰান্ত, বৃহদান্ত আৰু কলন কেন্সাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।জলফাইৰ তেলও স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী। জলফাই আচাৰ কৰি খোৱাতকৈ কেঁচাকৈ খালেহে ইয়াৰ পৰা বেছিকৈ পৰিপুষ্টি পোৱা যায়।

জলফাইৰ পুষ্টিগুণঃ

জলফাই ভিটামিন চিৰ ভাল উৎস। জলফাই খনিজ, ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ।

প্ৰতি ১০০ গ্ৰাম জলফাইত ১১৫-১৪৫ কিলোকেলৰি, ১১-১৫ % শৰ্কৰা, ৭৫-৮০% পানী, ৪-৬ % কাৰ্বহাইড্ৰেট, ৫৯ মিলিগ্ৰাম কেলচিয়াম আৰু ১৩ মিলিগ্ৰাম ভিটিমিন-চি থাকে।

জলফাই উপকাৰীতাঃ

১) জলফাই তেলত ফেটিএচিড আৰু এন্টিঅক্সিডেন্ট থকাৰ বাবে আমাৰ চুলি আৰু চালৰ বাবে অত্যন্ত উপকাৰী। জলফাই তেলে চুলিৰ গুৰি মজবুট কৰি চুলি সৰাত বাধা দিয়ে। জলফাইত থকা ভিটামিন ই এ আমাৰ চাল উজ্বল আৰু মসিন কৰে।

২) জলফাই তেল নিয়মিত সেৱন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে। হাড়ৰ ক্ষয় ৰোধ কৰে।

৩) নিয়মিত জলফাই খালে গেষ্ট্ৰিক আৰু আলচাৰৰ সম্ভাৱনা কমে লগতে খাদ্য পৰিপাক ক্ৰিয়াত সহায়ক হয়।

৪) কলা জলফাই ভিটামিন ই ৰ ভাল উৎস। ভিটামিন ই এ আমাৰ শৰীৰত জমাহোৱা আৱৰ্জনা বাহিৰ কৰাত সহায় কৰি মেডবহুলতাৰ সমস্যাৰ পৰা ৰক্ষা কৰে। লগতে ই কোষৰ অস্বাভাবিক গঠনক বাধা প্ৰদান কৰি কেন্সাৰৰ সম্ভাৱনা কমায়।

৫) জলফাইত মনচাটুৰেটেড ফেটচ্ থাকে। ই শৰীৰৰ ইনফ্লামেচন কমায়।

৬) নিয়মিত জলফাই খালে পিত্তস্থলীৰ পৰা পিত্তৰস নিসৰণত সহায়ক হয় আৰু গল্ডব্লাডাৰ ষ্টন হোৱাৰ প্ৰবনতা কমে।

৭) জলফাই প্ৰাকৃতিক এন্টিঅক্সিডেন্ট। জলফাইত প্ৰচুৰ ভিটামিন চি আছে। জলফাইয়ে জ্বৰ, চৰ্দ্দি আদি দূৰকৰাত সহায় কৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

৮) জলফাইয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles