নিৰোগী হৈ থাকিব কেনেকৈ

কেনেকৈ নিৰোগী হৈ থাকিবঃ

জীবন কালত আমি সদায় নিৰোগী হৈ থাকিবৰ বাবে খোৱা খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াতো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা বিভিন্ন খাদ্যৰ পৰাই আমাৰ দেহে প্ৰয়োজনীয় ভিন্ন ভিন্ন ভিটামিন লাভ কৰে। লগতে আমি সঠিক সময়ত খাদ্য সঠিক পৰিমানে খোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাতো অতি জৰুৰী।

আপোনালোকে হয়তো দেখিছে এনেকুৱা কিছুমান মানুহ আছে যি জীৱন কালত কেতিয়াও মাদক, দব্য বা মদ, ভাং, বিৰি, চিগাৰেট সেৱন কৰা নাই। আৰু বাহিৰৰ হোটেলত খাদ্য খালে স্বাস্থ্য়ৰ ক্ষতি হব বুলি কেতিয়াও বাহিৰত খাদ্য গ্ৰহন নকৰে যদিও কিন্তু সেই সকলৰ কেতিয়াবা গুৰুত্ব ৰোগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হল সময় মতে খাদ্য গ্ৰহন নকৰা বা খাদ্য খোৱা পাছত কিছুমান নিয়ম পালন নকৰা।

আমি সকলোৱে জানো যে শৰীৰত ভিটামিনৰ অভাৱ পূৰণৰ বাবে  বিভিন্ন ধৰণৰ শাক পাচলি, ফল-মূল, গাখীৰ আদি খাব লাগে। এই বোৰ আমি নিয়মিত খোৱাৰ পাছতো কিন্তু প্ৰতি দুজনৰ ভিতৰত এজন ব্যক্তিৰ অৰ্থাত ৫০ শতাংশ মানুহৰ দেহত ভিটামিন, আইৰণ, কেলচিয়াম আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষণৰ অভাৱত ভুগিব লগা হৈছে। কাৰণ বহুলোকে খাদ্য খোৱা পাছত এনে কিছুমান কাম কৰে যাৰ বাবে খাদ্য ভালদৰে হজম হব নোৱাৰে আৰু খাদ্যৰ পৰা পাব লগা ভিটামিন, মিনাৰেলচ আদি আমাৰ শৰীৰে সঠিক ভাৱে গ্ৰহন কৰিব নোৱাৰে। তাৰ ওপৰিও এনে কিছুমান দাঙৰ ভুল কাম আমি কৰো যাৰ বাবে শৰীৰত ভয়াৱহ এলাৰ্জী, দূৰ্বলতা আৰু সহজতে ভাল কৰিব নোৱাৰা কিছুমান ৰোগৰ উৎপত্তি হয়।

কি-কি-খাদ্য-খালে-নিৰোগী-হৈ--থাকিব
খাদ্যও হব পাৰে দুৰাৰোগ্য ৰোগৰ কাৰক

আমাৰ শৰীৰৰ বাবে খাদ্য যিমান গৰুত্বপূৰ্ন খাদ্যৰ সৈতে জড়িত নীতি নিয়ম বোৰ আমি সদায় মানি চলাতো সিমানেই গৰত্বপূৰ্ন। খাদ্য খোৱাৰ সঠিক নিয়ম পালন কৰি আমি বিভিন্ন গুৰুত্ব ৰোগৰ টেবলেট খোৱাৰ পৰা নিজকে বছাই ৰাখিব পাৰো আৰু এক সুস্থ সৱল জীৱন যাপন কৰিব পাৰো।

শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতা গেছ, এছিডিটি, দৃষ্টি শক্তিৰ বিসংগতি, ইউৰিকএচিড, থাইৰয়েড, মূৰৰ চুলি খৰা বা চুলিৰ অকাল পক্কতা, হাঁপানী আৰু বিভিন্ন ধৰণৰ হাওঁফাওঁ সম্পৰ্কীয়, স্বাস-প্ৰশ্বাস জনীত ৰোগ, ৰাতি টোপনি নহা সমস্যা, মূৰৰ বিষ, কোষ্ঠকাঠিন্য, ডায়েবেটিছ, হাৰ্টৰ বিভিন্ন ধৰণৰ ৰোগ আৰু যৌন দূৰ্ব্বলতাৰ দৰে গুৰুত্বৰ সমস্যাও খাদ্য খোৱাৰ নিয়ম ভালদৰে পালন নকৰা বাবে হব পাৰে। গতিকে আমি জানো আহক খাদ্য খোৱাৰ পিছত কোন বোৰ ভুল আমি কৰি আছো আৰু এই বোৰ তৎক্ষণত বন্ধ কৰাতো অতি প্ৰয়োজন।

খাদ্য খোৱাৰ পাছত ধূম্ৰপ্ৰান নকৰিবঃ 

প্ৰায় আমি দেখিবলৈ পাওঁ, এনেকুৱা বহু ব্যক্তি আছে যি খাদ্য খোৱা পাছতেই ধূম্ৰপ্ৰান কৰে আৰু খাদ্য খোৱাৰ পাছতেই ধূম্ৰপ্ৰান কৰাতো এক অভ্যাসত পৰিণত কৰি লয়। যি সকল ব্যক্তিয়ে ধূম্ৰপ্ৰান কৰে এনে ব্যক্তিয়ে খাদ্য খোৱাৰ পাছতেই চিগাৰেট খাই মনত আনন্দ পায়। কিন্তু সিকিৎসা বিজ্ঞানী আৰু চিকিৎসকৰ অভিমত অনুসৰি খাদ্য খোৱাৰ পিছতেই চিগাৰেট খোৱাটো অতি বিপদ জনক। কাৰণ খাদ্য খোৱাৰ পাছতেই যদি চিগাৰেট খায় তেনে হলে চিগাৰেটৰ যি ক্ষতি কাৰক প্ৰভাৱ এই প্ৰভাৱ ১০ গুনতকৈও বেছি বৃদ্ধি হৈ যায়।

আমি যেতিয়া চিগাৰেট খাওঁ ইয়াৰ ধপাতত থকা নিকটিন অত্যধিক মাত্ৰাত আমাৰ তেজত প্ৰৱেশ কৰে আৰু এই নিকটিনে আমাৰ তেজত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, যিয়ে আমাৰ পাচন প্ৰক্ৰিয়াত অত্যন্ত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত খাদ্যৰ পৰা সঠিক পোষণ আমাৰ শৰীৰে গ্ৰহন কৰিব নোৱাৰে। চিগাৰেটৰ ধোঁৱাত অন্তনিহিত কেমিকেল উপাদান খাদ্যত থকা মিনাৰেল, ভিটামিন আদিৰ গুন নষ্ট কৰি দিয়ে, যাৰ ফলত শৰীৰত সঠিক পোষণ নাপায়। খাদ্য খোৱাৰ পাছত  চিগাৰেট খোৱাৰ ফলত হাওঁফাওঁ বা শ্বাস যন্ত্ৰৰ কেন্সাৰ, কলন কেন্সাৰ আদি হোৱাৰ সম্ভাৱনা প্ৰায় ৫০শতাংশ বৃদ্ধি হয়।

চিকিৎসা বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ পাছত খোৱা এটা চিগাৰেটৰ প্ৰভাৱ একেলগে ১০ টাতকৈও বেছি ছিগাৰেটৰ খোৱাৰ সমান হয়। গতিকে যদি আপোনি চিগাৰেট খায় তেনে হলে এই বেয়া অভ্যাস আজিৰ এই মূহূৰ্ত্বৰ পৰাই পৰিত্যাগ কৰক, অথবা যদি অত্যন্ত এৰিব নোৱাৰে তেনে হলে নূণ্যতম আধাঘন্টা ব্যৱধান ৰাখক।

খাদ্য খোৱাৰ পিছতেই বিছনাত বিশ্ৰাম লব নালাগেঃ

আমাৰ বহু মানুহৰ এটা অভ্যাস-পেট ভৰাই খাদ্য খোৱাৰ পিছতেই বিছনাত বিশ্ৰাম লোৱা। খাদ্য খোৱা পাছত মানুহৰ টোপনিও যথেষ্ট ভাল হয়। নিদ্ৰাও গভীৰ হয়। কিন্তু খাদ্য ভালদৰে হজম হবৰ বাবে শীৰৰ পোনহৈ থকাতো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা খাদ্য সদায় নিম্ৰ গ্ৰামী হয় আৰু যদি খাদ্য খোৱাৰ পাছতেই শুৱা হয় তেনে হলে খাদ্য হজম হোৱা গতি লেহেমীয়া হয়। আৰু খাদ্য হজম কৰিব বাবে  আমাৰ অন্তত যি এচিডিৰ উৎপত্তি হয় সেই এচিড ওপৰলৈ আহি বুকুৰ জ্বলা পোৰা, এচিডটি, বদহজম, টেঙা উগাৰ, পেটত ঘাঁ লগা আদি  সমস্যা সম্ভাৱনা বৃদ্ধি হয়।

যদি কোনো ব্যক্তিৰ এবাৰ পাচন তন্ত্ৰসমন্বয়ী সমস্যা হয় তেনে হলে ইয়াৰ প্ৰভাৱ ব্যক্তিজনৰ সমগ্ৰ দেহতে হবলৈ ধৰে আৰু ক্ৰমান্বয়ে শৰীৰৰ বিভন্ন বোমাৰ হয়, ব্যক্তিজন ৰোগীয়া হবলৈ ধৰে।

    বহুতে কয় খাদ্য খোৱাৰ পাছত বাঁও কাটি হৈ শুব লাগে। কিন্তু খাদ্য খোৱাৰ পাছত যদি আপুনি বিছনাত যায় তেনে হলে সোঁ বা বাঁও যিকোনো কাটিয়েই নুশুৱক লাগিলে ইয়াৰ ফলত উজন বৃদ্ধি হবই। গতিকে খাদ্য খোৱা পাছত শুৱাৰ ব্যৱধান অন্তত দেৰৰ পৰা ২ ঘন্টা ৰাখক।

খাদ্য খোৱাৰ পাছত মিঠা খাব নালাগেঃ

টেঙা আৰু জ্বলা, মছলা যুক্ত খাদ্য খোৱাৰ পাছত বহু মানুহৰ মিঠা খোৱাৰ এটা অভ্যাস দেখিবলৈ পোৱা য়ায়। বিশেষকৈ আমি বহু মানুহৰ ঘৰত দেখিবলৈ পাওঁ ৰাতি খোৱাটো এক প্ৰকাৰৰ অভ্যাস। খাদ্য খোৱাৰ পাছত গুৰ বা ফলমূলৰ ৰস আদি খোৱাটো কোনোধৰণৰ অপকাৰ নহয়, কিন্তু চেনি বা চেনি দ্বাৰা প্ৰস্তত কৰা যিকোনো খাদ্যৰ পৰাই অপকাৰ হব পাৰে।

মই আগৰ এটা লিখাত কৈছিলো যে মিঠাৰ নামত চেনি খোৱাটো অতি বিপদজনক। কাৰণ আমি খোৱা খাদ্যত বিভিন্ন প্ৰকাৰে কেলৰি আৰু গ্লুকজ থাকেই কিন্তু খাদ্য খোৱাৰ পাছতেই গ্ৰহন কৰা চেনি যুক্ত খাদ্যই এই গ্লুকজ আৰু কেলৰিৰ মাত্ৰা অপ্ৰয়োজনীয় ভাৱে বৃদ্ধি কৰিব। শৰীৰত কেলৰি আৰু চুগাৰ বৃদ্ধিৰ হোৱাৰ বাবে মেদবহুলতা, বা পেট আৰু ককাঁলৰ অংশত ছৰ্বী জমা হোৱা আদিৰ সমস্যা লগতে ডায়েবেটিছ আৰু কিডনি সম্পৰ্কীয় বেমাৰৰ সম্ভাৱনা দুগুন বৃদ্ধি কৰে।

চেনি প্ৰস্তুত কৰোতে বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হয়, যাৰ ফলত চেনি এচিডিক হৈ যায়। খাদ্য খোৱাৰ পাচত গ্ৰহন কৰা চেনিৰে প্ৰস্তুত কৰা খাদ্যই আমি খোৱা  খাদ্যক ভালদৰে পৰিপাক বা হজম হোৱাত বাধা দিয়ে আৰু লগতে তেজ আৰু প্ৰস্ৰাৱতো এচিডৰ মাত্ৰা বৃদ্ধি কৰে। গতিকে যদি মিঠা খাব বিছাৰে তেনে হলে খাদ্য খোৱাৰ পিছতেই নাখাই বেলেগ সময়ত খাব লাগে।

খাদ্য খোৱাৰ লগে লগে খোঁজ কঢ়িব নালাগেঃ

আমাৰ বয়োজ্যেষ্ঠ ককা আইতা সকলে আমাক সততে উপদেশ দিয়ে খাদ্য খোৱাৰ পাছত খোঁজকঢ়াৰ বাবে। কিন্তু খাদ্য খোৱাৰ পাছত এশ খোঁজ কহাতো লাভ দায়ক যদিও কিন্তু খাই উঠিয়েই খোঁজ কঢ়াতো শৰীৰৰ পক্ষে উপকাৰী নহয়। খাদ্য খোৱাৰ পাছত আমাৰ খাদ্য পৰিপাক ক্ৰিয়াৰ বাবে আমাৰ অন্তত তেজৰ গতি দ্ৰুত হয়, কিন্তু খাদ্য খোৱাৰ লগে লগে খোঁজ কঢ়াৰ ফলত তেজৰ দ্ৰুত চলাচল আমাৰ পাছন তন্ত্ৰৰ পৰিৱৰ্তে শৰীৰৰ বেলেগ অংগ যেনে হাত ভৰি আদি সকলোতে দ্ৰুত হৈ যায় আৰু পাছন প্ৰক্ৰিয়া দ্ৰুত হোৱাৰ পৰিৱৰ্তে লেহেমীয়া হৈ যায়। যাৰ বাবে আমাৰ বিভিন্ন সমস্যা হবলৈ ধৰে। খোৱা খাদ্য যাতে ভালদৰে হজম হব পাৰে  তাৰ বাবে অন্তত খাদ্য খোৱা আধা ঘন্টা পাছতহে খোজ কাঢ়িব লাগে।

খাদ্য খোৱাৰ পাছতেই চাহ আৰু কফি খাব নালাগেঃ

চাহ আৰ কফিত caffeine আৰু tannic acid ৰ মাত্ৰা অত্যাধিক থাকে। গতিকে খাদ্য খোৱাৰ পাছতেই চাহ আৰু কফি খালে খাদ্যত থকা আইৰণ আৰু প্ৰটিন শৰীৰে ভালদৰে গ্ৰহন কৰিব নোৱাৰে। কাৰণ tannic acid এ আইৰণ আৰু প্ৰটিন ধ্বংস কৰি দিয়ে। যাৰ বাবে শৰীৰত লাহে লাহে আইৰণ আৰু পটিনৰ অভাৱ হবলৈ ধৰে আৰু এনিমিয়া, দূৰ্ৱলতা, মেদবহুলতা আৰু চুলিপকাৰ দৰে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মখীন হব লগা হয়। চাহ টো গৰম হয় আৰু লগতে ইয়াত চেনি মিলোৱাৰ বাবে এচিডিক হৈ যায়। খাদ্য খোৱা পাছত চাহৰ দৰে গৰম দব্যই এচিডিটি, হাইপাৰ এচিডিটি আৰু চালৰ ৰোগৰ উৎপন্ন কৰে। গতিকে খাদ্য খোৱাৰ লগে লগে চাহ কেতিয়াও খাব নালাগে।

খাদ্য খোৱাৰ লগে লগে কোতিয়াও গা ধুব নালাগেঃ

খাদ্য খোৱাৰ লগে লগে কোতিয়াও গা ধুব নালাগে। খাদ্য খোৱাৰ পাছত স্নান কৰিবৰ বাবে অন্তত আধাঘন্টা সময় অপেক্ষা কৰিব লাগে।

বহু মানুহৰ এটা অভ্যাস দেখিবলৈ পোৱা য়ায়। পুৱাৰ আহাৰ খোৱাৰ পাছতেই স্নান কৰা। কিন্তু খাদ্য খোৱাৰ পাছত আমাৰ অন্তত তাপমান যথেষ্ট বৃদ্ধি হয়, যাৰ বাবে খাদ্যৰ খোৱাৰ পাছতেই আমাৰ দেহত কিছু গৰম অনুভৱ হয় আৰু খাদ্য খোৱা লগে লগে যদি স্নান কৰা হয় তেনে হলে আমাৰ দেহ হৰ্থাৎ ঠাণ্ডা হয় আৰু খাদ্যৰ পাচন ক্ৰিয়াত ব্যাঘাট জন্মে। যাৰ বাবে পেটৰ বেমাৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়।

খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগেঃ

পৌৰাণিক আয়ুৰ্বেদত উল্লেখ কৰা অনুসৰি খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। বহু লোকৰ খাদ্য খোৱা লগে লগে পানী খোৱা অভ্যাস দেখিবলৈ পোৱা যায়। খাদ্য খোৱা লগে লগে অত্যাধিক পানী খালে খাদ্য পাছন ক্ৰিয়া সম্পূৰ্ণ ৰুপে বন্ধ কৰি দিয়ে। যাৰ বাবে খাদ্যৰ পৰা কোনো ধৰণৰ পোষণ লাভ কৰিব সক্ষম নহয়। অন্য হাতে খাদ্য পাচন ক্ৰিয়াত বাধা আহি পৰা বাবে অন্তৰ সমস্যা, অন্তৰ ঘাঁ, এচিডিটি, কোষ্ঠকাঠিন্য, শৰীৰ দূৰ্ব্বলতা, ইউৰিক এচিড আদিৰ সমস্যা হব পাৰে।

গতিকে খাদ্য খোৱাৰ পাছত এক বা ২ ঘোট পানী খাব লাগে। যদি অত্যন্ত পানী খাব লগা হয় তেনে হলে খাদ্য খোৱা মাজতেই অলপ অলপ পানী খাব পাৰে। খাদ্য খোৱা পাছত যদি পানী পিয়াহ লাগে তেনে হলে ফলৰ ৰস খাব পাৰে। খাদ্য খোৱাৰ পাছত ফ্ৰিজৰ পানী বা বহুত বেছি ঠাণ্ডা পানী খাব নালাগে। কাৰণ পাচন ক্ৰিয়াক বিনষ্ট কৰিব বাবে ফ্ৰিজৰ পানী সাধাৰণ পানীতকৈ ১০ গুন বেছি ক্ষতিকাৰক হয়।

খাদ্য খোৱাৰ লগে লগে ব্ৰাছ কৰাতো আমাৰ দাঁতৰ বাবে কেতিয়াবা ক্ষতিকাৰক হব পাৰেঃ

ৰাতি শুৱাৰ আগত সকলোৱে ভালদৰে দাঁত ব্ৰাচ কৰাতো অতি প্ৰয়োজনী, কিন্তু খাদ্য খোৱাৰ লগে লগে ব্ৰাছ কৰাতো আমাৰ দাঁতৰ বাবে কেতিয়াবা ক্ষতিকাৰক হব পাৰে। বিশেষকৈ টেঙা ফল বা টেঙা জাতীয় খাদ্য খোৱাৰ পাছত, নেমু কমলা আৰু এনেধৰণৰ সকলো টেঙা যত চাইট্ৰিক এচিডৰ মাত্ৰা অধিক থাকে। এনেবোৰ বস্তু খোৱাৰ পাছত আমাৰ দাঁতৰ এনামেল কমজোৰ হৈ যায়। আৰু সেই বোৰ খোৱাৰ লগে লগে ব্ৰাছ কৰাৰ ফলত দাঁতৰ গুৰুতৰ ক্ষতি সাধন হব পাৰে। গতিকে খাদ্য খোৱাৰ ৩০ মিনিট পাছতহে ব্ৰাছ কৰিব লাগে।

চালাদ ভাতখোৱাৰ পিছত খাব নালাগেঃ

ফল আৰু চালাদ আমাৰ দেহৰ বাবে অত্যন্ত লাভদায়ক হয় আৰু সেইহে স্বাস্থ্য বিশেষজ্ঞ সকলে আমাক সদায় ফলমূল আৰু চালাদ খাবৰ বাবে  সততে উপদেশ দিয়ে। চালাদত খোৱা দ্ৰব্য সদায় ঠাণ্ডা হয় যাৰ বাবে চালাদ আমি খাদ্য গ্ৰহন কৰি থকাৰ মাজতে খাব লাগে। খাদ্য শেষ হোৱা পাছত চালাদ খালে আমাৰ পাচন ক্ৰিয়া লেহেমীয়া হৈ যায়।

ফলত ফাইবাৰৰ মাত্ৰা অত্যাধিক থাকে গতিকে এই বোৰ পাচনৰ বাবে ৩০ৰ পৰা ৪০ মিনিট সময়ৰ প্ৰয়োজন হয়। গতিকে খাদ্য খোৱাৰ পাছতেই যদি আমি ফল খাওঁ তেনে হলে আমাৰ খাদ্য পাচনক্ৰিয়া সমস্যা হোৱাৰ সম্ভাৱনা থাকে। আৰু যাৰ বাবে আমাৰ পেটত গ্ৰেছৰ উৎপত্তি হয়। গতিকে ফলমূলৰ পৰা সম্পূৰ্ণলাভৱান হব বাবে খাদ্য খোৱাৰ পাছতেই ইয়াক গ্ৰহন নকৰি বেলেগ সময়ত গ্ৰহন কৰাতোৱেইলাভ দায়ক।

এনেকুৱা বহু খাদ্য দ্ৰব্য আছে যিবোৰ বাহিৰৰ পৰা দেখাত অত্যন্ত ফলদায়ক যেন লাগে। আৰু লগতে এনেকুৱা কিছুমান খাদ্য আছে যিবোৰ একেলগে খালে আমাৰ দেহৰ প্ৰচুৰ ক্ষতি হব পাৰে।

ডা. হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

Leave a Reply to Dhritismita kalita Cancel reply

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles