14 anti-diabetic vegetable

14 anti-diabetic vegetable

জি আমি আলোচনা কৰিম কেইবিধমান শাক-পাচলিৰ বিষয়ে, যি কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰনত যথেষ্ট সহায়ক হব। কাৰণ ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত যিহেতু বিশেষ শতৰ্কতা অৱলম্বন কৰাতো জৰুৰী। আমাৰ বাৰীত এনেকুৱা কিছুমান সহজতে পোৱা শাক-পাছলি আছে যিবোৰ গ্ৰহণ কৰি কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে কোষ্ঠকাঠিন্য, গেছ, এছিডিটি, বদহজম, কিডনিৰ বিভিন্ন সমস্যা, হৃদৰোগ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগৰ পৰা হাতসাৰি থাকিব পৰা যায়। গতিকে আমি এই শাক-পাচলি বোৰৰ বিষয়ে আলোচনা কৰিম।

(১) মেথিঃ

মেথি অত্যন্ত উপকাৰী। মেথি শাক চবজি বনাই খাব পাৰে অথবা ভালদৰে ধুই চালাদ বনাই খাব পাৰে। মেথি কেঁচা পিঁয়াজ, জলকীয়া, আদা আদিৰ সৈতে কেঁচাকৈ খাব পাৰে। খাবলৈও ভাল হয়। কিন্তু বৰ্তমান যিহেতু কৰোনা সংক্ৰমন চলি আছে গতিকে চালাদ খোৱাতকৈ চবজি বনাই খাব।

মেথিত বিভিন্ন প্ৰকাৰৰ এমাইন এচিড, ফেটি এচিড, ভিটামিন খনিজ আদি উপাদান থাকে। মেথিয়ে ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ প্ৰতিৰোধ কৰে লগতে মেথি শাকত এন্টিঅক্সিজেন উপাদান থাকে।

মেথিত soluble fibre থাকে, ই হজমী শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰ্বহাইড্ৰে আৰু গ্লুকজ শোষণৰ ক্ষমতা কমাই ইনচুলিন হৰমন নিসৰণৰ ক্ষমতা বৃদ্ধি কৰে। যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত কলেষ্টৰেল নিয়ন্ত্ৰণতো সহায় কৰি হাৰ্ট ৰোগৰ সম্ভাৱনা কম কৰে। গতিকে খাদ্যৰ তালিকাত মেথি শাক অন্তভূক্ত কৰাতো অত্যন্ত প্ৰয়োজন।

 (২)পালেং (spinach)

বিভিন্ন ভিটামিনৰ ভৰপূৰ উৎস পালেং। পালেং ভিটামিন C, E, K আৰু লগতে আইৰণ কেলচিয়াম, মেংগনেচিয়াম, ফলিক এছিড, ফচফৰাচ, জিংক, পটাচিয়াম আদিৰো ভাল উৎস। আচলতে পালেংশাক শক্তিৰ ভৰাল। পালেংঅত থকা পটাচিয়ামে হাৰ্টৰ বিভিন্ন বেমাৰৰ সম্ভাৱনা কমায়। পালেং শাকত এন্টিঅক্সডেন্ট উপাদান থাকে, কেলৰি আৰু কাৰ্বহাইড্ৰেত কম থকাৰ বাবে ডায়েবেটিছ ৰোগীৰ বাবে পালেং অত্যন্ত উপকাৰী।

পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে ৰেটিনপেথিৰ সৃস্টি হৈ চকুৰ ৰশ্মি কমিলে নিয়মিত পালেঙ খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।
পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে গতিকে পালেং খালে হাড় আৰু মাংসপেশী সবল হৈ থাকাত সহায়ক হয়।

পালেং খালে দৃষ্টি শক্তি বৃদ্ধি হোৱাৰ ওপৰিও আহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠকাঠিন্য সমস্যা নোহোৱা হয়। ডায়েবেটিচ ৰোগীয়ে পালেং খালে চকুৰ ৰেটিনাৰ ক্ষতিৰ পৰা বাচি থাকিব পৰে আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব সুস্বাস্থ্যবান হৈ থকাত সহায়ক হয়।

পালেং শাকত অজৈৱিক নাইট্ৰেত থকা বাবে এই শাক নয়মিত খালে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঁঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ ৰোগৰ সম্ভৱনা কমে।
ৰোক্ষ শুকান চালৰ লোকে পালেঙ পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।

পালেঙত প্লেবোন’ইডচ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰখাত সহায় কৰে। এন্টিঅকচিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ সম্ভাৱনাও কম হয়।

 (৩) মৰিচাঃ-

আমাৰ মানুহে সততে অনাদৰ কৰা এবিধ শাক। আমি শাক পাচলি বজাৰলৈ গলে মুখৰ আগত যিমান থাকিলেও আনিবৰ বাবে মন নাযায়। কিন্তু এই বিধ শাক শৰীৰৰ বাবে অত্যাধিক ফল দায়ক। মৰিচাত গ্লাইকচাইড,(glycoside) ,ফ্লেভনইড (flavonoids), স্পনিনচ (sponins), টেনিনচ(tannis), কাৰ্বহাইডেট, আৰু এচেনচিয়েল অইল(essential oils) থাকে, গতিকে আৰ্থাৰাইটিছ, বাট বিষ, গাৰ বিষ, বদহজম, লিভাৰৰ সমস্যা, ভুক নলগা, হাৰ্টৰ বেমাৰ, ডায়বেটিছ, আদিৰ বিভিন্ন সমস্যাত এই শাক অত্যন্ত লাভদায়ক। হাইপাৰ গ্লিচেমিয়াৰ সমস্যাত এই শাকে অত্যন্ত ভাল ফল দিয়ে। যেতিয়া আমাৰ ব্লাড চুগাৰ ১৪০ ৰ ওপৰত দীৰ্ঘ দিন ধৰি থাকে তেতিয়া আমাৰ দেহত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ ব্লাডভেচেলচ বা কোষেৰুকা আছে এই বোৰলৈ পৰ্য্যাপ্ত পৰিমানৰ তেজৰ চলাচল হব নোৱাৰে আৰু এই বোৰ নষ্ট হবলৈ ধৰে। লগতে হাৰ্ট, কিডনি, চকুৰ ৰেটিনাৰো ক্ষতি সাধন হব পাৰে। গতিকে এনেবোৰ সমস্যা ৰোধ কৰাত মৰিচা শাক যথেষ্ট সহায়ক হয়। সেইয়েহে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ডায়েবেটিছ ৰোগীয়ে এই শাক খোৱাটো আত্যন্ত জৰুৰী।

(৪) পদিনা (mint)

পদিনা এন্টিঅক্সিডেন্ট আৰু ফাইটনিউটিনচৰ ( phytonutrients) ভাল উৎস। ই আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভ দায়ক। পদিনা বদহজম, গ্ৰেছ, এচিডিটিৰ সমস্যাৰ বাবেও মহঔষধ। পেটৰ যিকোনো সমস্যাৰ বাবে পদিনা এক উৎকৃষ্ট ঔষধ। পৌৰাণিক আয়ুবেদৰ মতে আমাৰ সলোবোৰ বেমাৰ মূল হল বাত, পিও, কফ, আৰু এই বাত, পিও, কফ আমি খোৱা খাদ্য বিসংগতিৰ পৰাই উৎপত্তি হয়। গতিকে পদিনা পেটৰ সকলো সমস্যা গ্ৰেছ, এচিডিটি, কোষ্ঠকাঠিন্য, বমি বমি ভাব, ডায়েৰিয়া, মাঠা ঘুৰোৱা প্ৰভাৱত হোৱা বমি বমি ভাৱ বা বমি হোৱা আদি বিভিন্ন ধৰণৰ  গুৰুতৰ সমস্যাত বিভিন্ন প্ৰকাৰে এই পদিনাৰ ব্যৱহাৰ হয়। গতিকে নিয়মিত পদিনা ব্যৱহাৰ কৰাতো অকল ডায়বেটিছ ৰোগীৰ বাবেই নহয় সকলোৰে বাবে অত্যন্ত ফলদায়ক।

(৫) চজিনাঃ-

চজিনাক চুপাৰ ফুট বুলি কোৱা হয়। চজিনাৰ ফলতকৈ পাত বেচি গুণকাৰী। আমাৰ মানুহৰ ঘৰৰ বাৰীত পোৱা এবিধ অত্যন্ত ফলদায়ক খাদ্য। WHO এও চজিনাক চুপাৰ ফুডৰ মান্যতা প্ৰদান কৰিছে। আমাৰ মানুহৰ বাৰীত সহজতে উপলব্ধ যদিও আমি সকলোৱে শুনিবলৈ পাওঁ মানিংগা পাউদাৰ, মানিংগা টেবলেট আদি বিভিন্ন ৰূপত কিছুমান কোম্পানীয়ে অত্যন্ত চৰা দামত আমাক বিক্ৰী কৰি ইয়াৰ পৰা মুনাফা লুটি আছ। কিন্তু আমি বজাৰত পালেও চজিনা কিনি নানো আৰু ইয়াক ইগন কৰো। কিন্তু চজিনাই আমাৰ লিপিড প্ৰফাইলৰ উন্নতি সাধন কৰে, হাৰ্টৰ টনিক ৰূপে কাম কৰে। চজিনাই কেন্সাৰ, বেক্টেৰীয়া আদি প্ৰতিৰোধ কৰাৰ লগতে এন্টি অক্সিডেন্টৰো ভাল উৎস। তেজৰ ভাল টনিক হয়। কোষ্ঠকাঠিন্যৰো ভাল ঔষধী ৰুপে কাম কৰে। অস্থি সন্ধিৰ বিষ আৰু চকুৰ সমস্যা দূৰ কৰাত সহায় কৰে। চজিনাত – আৰ্জিনিন, হিষ্টিডিন, লাইচিন, লিউচিন, ভেলিন, আইচোলিউচিন, মিথঅ’নিন, থিঅ’নিন, ট্ৰিপ্তফেন আৰু ফেনাইলমিন নামৰ লাভ দায়ক এমাইনো এচিড থাকে৷

এশ গ্ৰাম চজিনাৰ ফলত কেলৰি থাকে ২৬, কাৰ্বোহাইড্ৰেট ৩.৭ গ্ৰাম, প্ৰটিন ২.৫ গ্ৰাম, ফেট ১০০ মিলিগ্ৰাম, ফাইবাৰ ৪.৮ গ্ৰাম, পানী ৮৭ শতাংশ৷ ইয়াত থাকে ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, আইৰণ, কেলচিয়াম, কপাৰ, প’টাচিয়াম, জিংক, মেগনেচিয়াম, চালফাৰ, ফচফৰাচ, চডিয়াম আদি৷

৩৭ বিধ এন্টিঅক্সিডেন্ট উপাদান চজিনাত থাকে আৰু থাকে কেইবাবিধো সংক্ৰমণৰোধ কৰিব পৰা প্ৰাকৃতিক উপাদান৷ চজিনাত থকা কেলচিয়াম, আইৰণ আৰু ভিটামিনে আমাৰ হাঁড় মজবুত কৰি শক্তি বৃদ্ধি কৰে৷

শৰীৰৰ অলাগতিয়াল আৱৰ্জনাবোৰ বাহিৰ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় ৷

(৬) ৰঙলাউঃ

ৰঙলাউ এন্টিডায়েবেটিক উপাদান থাকে। গতিকে ৰঙলাউ খাব পাৰে। কিন্তু যদি চুগাৰ বহুত বেছি থাকে তেনে হলে খাব নালাগে চুগাৰ নিয়ন্ত্ৰণলৈ আহাৰ পাছতহে খোৱাতো ভাল হব।

(৭) কবিঃ

ফুল কবি, বন্ধা কবি, ব্ৰকলি, আদিওঁ ডায়েবেটিছৰ বাবে অত্যন্ত উপকাৰী। কবিত কেলচিয়াম আৰু ভিটামিন কে থাকে। গতিকে ই হাড় মজবুট কৰি ৰখাত সহায় কৰে। লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ দব্য মেগনেচিয়া, জিং, ফচফৰাচ আদি যোগান ধৰে। কবি প্ৰচুৰ ফাইবাৰৰ সমাহাৰ। হাড়ৰ ক্ষয়ৰোগ বা অষ্টিয়পৰছিছ ৰোগীয়ে কবি খোৱাটো অতি প্ৰয়োজন। কবিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ লগতে ডায়েবেটিছ ৰোগীয়েও কবি খালে তেজত শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণ হয়। কিন্তু যদি থাইৰয়েডৰ সমস্যা থাকে তেনে হলে বিপদজনক হব পাৰে। কবিত বিশেষকৈ (sulforaphan)  চালফৰফিন নামৰ এবিধ উপাদান থাকে যি তেজৰ গ্লুকজ নিয়ন্ত্ৰণত সহায় কৰে।

(৮) নহৰুঃ-

ইনচুলিন ৰেজিষ্ট্ৰেনচৰ কম কৰে। কোষৰ গঠন সঠিক ৰখাত সহায় কৰে। নহৰুত থকা আটাইতকৈ লাগতিয়াল উপাদানবিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) – যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ পক্ষে অত্যন্ত লাভদায়ক হয়৷ নহৰুত আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম, ভিটামিন-চি আৰু ভিটামিন-বি- বি-১, বি-২, বি-৩, বি-৬, ফলেট, ইলেকট্ৰলাইট, চ’ডিয়াম আৰু প’টেচিয়াম থাকে৷ ১০০ গ্ৰাম নহৰুত ১৫০ কেলৰি, ৩৩ গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬.৩৬ গ্ৰাম প্ৰটিন, ৫০০ মিলিগ্ৰাম ফেট।

উচ্চ ৰক্তচাপ কমোৱাত নহৰুৱে সহায়কৰাৰ লগতে তেজ পৰিষোধক হিচাপেও কাম কৰে৷ হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰৰ সম্ভাৱনা কমায়। নহৰুএ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল ৰূপে কাম কৰে।

 (৯) পিঁয়াজঃ-

পিঁয়াজত প্ৰচুৰ পৰিমানে চালফাৰ থকাৰ বাবে ই এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল গুণ সমৃদ্ধ। সাধাৰণ চৰ্দ্দি কাহৰ লগতে হাৰ্টৰ সমস্যাৰ বাবেও পিঁয়াজ অত্যন্ত উপকাৰী। পিঁয়াজত Oligofructose নামৰ ইনচলিবল ফাইবাৰ থাকে যি হাংগাৰ হৰমন নিয়ন্ত্ৰণ কৰি চুগাৰৰ পৰিমান নিয়ন্ত্ৰণত সহায় কৰি গ্লুকজ নিয়ন্ত্ৰণত সহায় কৰে।

(১০) আদাঃ-

পাচনক্ৰিয়া সহায়ক হয়। বদহজম, কুষ্ঠকাঠিন্য, পুৰণা ঘাঁ, বমি, কেন্সাৰ আদিৰ প্ৰতিৰোধ কৰে। আদাত এনেটিঅক্সিডেন্ট থাকে। কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰে। আদাত অত্যাধিক ফাইবাৰ থকাৰ বাবে গ্লুকজৰ শোষণ লেহেমীয়াকৰি তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

(১১) ভেণ্ডিঃ

ভেণ্ডিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। ভেণ্ডিয়ে ইনচুলিন নিসৰণত সহায় কৰি ব্লাড চুগাৰ নিয়ন্ত্ৰণত কৰে আৰু লগতে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে। ভেণ্ডিত প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় ফাইবাৰ থকাৰ বাবে দ্ৰুত গতিত হাৰ্টৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়েও ভেণ্ডি খাব লাগে। ভেণ্ডিয়ে হজমীশক্তি বৃদ্ধি কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে। হাৰ্ট আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মিত ভেণ্ডি খালে বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

(১২) বিলাহীঃ

বিভিন্ন ধৰণৰ ফাইটনিউটেন্ট থাকে। (lycopen,b-cortene,anthocyanin havonids) এন্টিঅক্সিডেন্ট থাকে। উচ্চ মাত্ৰাত lycopene, মিনাৰেল, ফলিক এচিড, লিনলেনিক এচিড থাকে। প্ৰতি ১০০ গ্ৰাম বিলাহীত প্ৰটিন ১৪ গ্ৰাম, কাৰ্বহাইড্ৰেট ৫৬ গ্ৰাম, ফেট ২ গ্ৰাম, ২৫৮ কেলৰি, ১২ গ্ৰাম ডায়েটেৰি ফাইবাৰ থাকে। বিলাহীত থকা এন্টিঅক্সিডেন্টে অপকাৰী ক’লেষ্টেৰলৰ (এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইডৰ) পৰিমান হ্ৰাস কৰে৷ ভিটামিন-ই আৰু ভিটামিন-চি হাৰ্ট আৰু আমাৰ তেজৰ বাবে উপযোগী৷ বিলাহীত উচ্চ পৰিমাণত থকা প’টেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে৷ দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে। কুকুৰীকণা আৰু আন চকুৰ অসুখ বিলাহীত থকা ভিটামিন-এৰ বাবে উপশম হয়৷ বিলাহীৰ ডাইয়ুৰেটিক (প্ৰসাবৰ পৰিমাণ বঢ়োৱা) গুণৰ বাবে কিডনি আৰু প্ৰসাবৰ সংক্ৰমণ কমে৷ প্ৰষ্টেটৰ, হাওঁফাওঁৰ, মূত্ৰাশয়ৰ, পাকপ্ৰণালী আদিৰ কৰ্কট ৰোগ বিহালীত থকা লাইকোপেন আৰু আন আন এন্টিঅক্সিডেন্টে প্ৰতিৰোধ কৰাত সহায় কৰে। শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেলৰ বিলাহীয়ে বিনষ্ট কৰে, শৰীৰত ব্লাডচুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

(১৩) কেৰেলাঃ

ইনচুলিন নিসৰণ বৃদ্ধি কৰে ব্লাড গ্লুকজ কম কৰে। তিতা কেৰেলাত ভিটামিন বি-১, বি-২, বি-৩, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে আৰু খনিজ- মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ, ফাইটো নিউট্ৰিয়েণ্ট- বিটা-কেৰটিন, আলফা- কেৰটিন আৰু লিউচিন-জিয়াঝেনথিন, ইলেকট্ৰলাইট- প’টেচিয়াম আৰু চ’ডিয়াম অদ্ৰৱনীয় ডায়টেৰী ফাইবাৰ থাকে৷ প্ৰতি ১০০ গ্ৰাম কেৰেলাত থাকে ১৭ কিলো কেলৰি, কাৰ্বোহাইড্ৰেট ৩.৭ গ্ৰাম, প্ৰটিন ১ গ্ৰাম, চৰ্বি ১৭০ মিলিগ্ৰাম, ডায়টেৰী ফাইবাৰ ২.৮ গ্ৰাম থাকে৷ পানীৰ পৰিমান হ’ল ৯৪ গ্ৰাম৷

বিশ্ব স্বাস্থ্য সংস্থা আৰু বিভিন্ন দেশ বিদেশৰ বিশ্ববিদ্যালয়ত বহু বছৰৰ পৰা তিতা কেৰেলাৰ ওপৰত নানান গৱেষণা চলি আহিছে৷ আমেৰিকাৰ চেণ্ট লুইচ বিশ্ববিদ্যালয়ে বক্ষৰ কৰ্কট ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধত তিতা কেৰেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি দাবী কৰিছে৷ শেহতীয়াকৈ শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ে কেৰেলাৰ গুটিয়ে কেঞ্চাৰ কোষ বিনষ্ট কৰিবলৈ সক্ষম বুলি দাবী কৰিছে আৰু কেণ্ডি জেনেৰেল হস্পিতেলত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰিছে৷

Journel of Endopharmacologyৰ জানুৱাৰী ২০১১ চনত প্ৰকাশিত তথ্য মতে তিতা কেৰেলা দৈনিক ২ গ্ৰাম খালে ১ গ্ৰাম মেটফৰ্মিনৰ প্ৰায় সম পৰিমানৰ তেজৰ চুগাৰ নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হয়৷ তিতা কেৰেলাত থকা লেক্টিন নামৰ প্ৰটিনে তেজত থকা চুগাৰৰ পৰিমান কমোৱাত ইনচুলিনৰ দৰে কাম কৰে৷

তিতা কেৰেলাত থকা পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে তেজৰ চুগাৰ হ্ৰাস কৰে৷ তিতা কেৰেলাত থকা ’চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ চুগাৰ কমায়৷

তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটে শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷

তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷

(১৪) গাজৰঃ-  

vitamin C, D, E আৰু K, বিটাকেৰাটিন থাকে। এন্টিঅক্সিডেন্টৰ ভাল উৎস।

ই ভিটামিন-এৰ উ্ৎকৃষ্ট উৎস ৰুপে সৰ্বজনবিদিত। ইয়াত থকা কেৰ’টিন নামৰ উপাদানবিধেই ইয়াক ভিটামিন-এ সমৃদ্ধ কৰি তুলিছে আৰু সেয়ে হয়তো কেৰ’টিন শব্দৰ পৰাই ইয়াৰ ইংৰাজী নাম Carrot ।

১০০ গ্ৰামত গাজৰত- প্ৰ’টিন(০.৯ গ্ৰাম), চৰ্বি (০.২ গ্ৰাম),আঁহ (১.২গ্ৰাম), কাৰ্বোহাইড্ৰেট (১০.৬ গ্ৰাম),আইৰণ(২.২ মি: গ্ৰাম), কেলচিয়াম (৮০ মি: গ্ৰাম), মেগনেছিয়াম (১৪ মি: গ্ৰাম), ফছফৰাছ (৩০ মি: গ্ৰাম), ছ’ডিয়াম (৩৫.৬ মি: গ্ৰাম), পটাছিয়াম (১০৮ মি: গ্ৰাম), কপাৰ (০.১৩ মি: গ্ৰাম), ভিটামিন-এ (৩২৫০ আই ইউ, বি১ (০.০৪ মি: গ্ৰাম), বি২ (০.০২ মি: গ্ৰাম), বি৩ (০.৬ মি: গ্ৰাম), চি (৩ মি: গ্ৰাম)আৰু শক্তি ৪৭ কেলৰি।  উল্লিখিত ভিটামিন সমুহৰ ওপৰি গাজৰত সামান্য পৰিমাণে ভিটামিন-ডি, ই, বায়’টিন আৰু ফলিক এচিডো থাকে ।

গাজৰে দৃষ্টি শক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণীৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো ই ফলদায়ক ভূমিকা গ্ৰহণ কৰে। এফালে ই কম কেলৰিসমৃদ্ধ আৰু আনফালে টক’কিনিক (Teknik) নামৰ ইনছুলিন উৎপাদনকাৰী এবিধ হৰম’নো সৃষ্টিকৰাৰ বাবে মধুমেহ বা ডায়েবেটিছ ৰোগত ভুগা লোকৰ বাবে গাজৰ উপকাৰী।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

  1. আপোনাৰ লগত কথা পতাৰ ইচ্ছা আছিল, কেনেকৈ সম্ভৱ হ’ব বাৰু ছাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles