ডায়েবেটিচ ৰোগীৰ খাদ্য সময় সূচী

 

ডায়েবেটিচ ৰোগীৰ খাদ্য সময় সূচী 

 ডায়েবেটিচ, বহু মূত্ৰ বা মধুমেহ। বৰ্তমান সময়ত আতংকৰ যেন অন্য এটা নাম হৈ পৰিছে এই

ডায়েবেটিচ। পৃথিৱী বৃহৎ সংখ্যক লোক এই ডায়েবেটিচ ৰোগত আক্ৰান্ত। ভাৰতবৰ্ষ বৰ্তমান বিশ্বৰ ডায়েবেটিচ capital হিচাপে গন্য কৰা হৈছে। কেতিয়া কোন এই ৰোগত আক্ৰান্ত হয় সেয়া কোনো নিশ্বয়তা নাই। দেশৰ জনসংখ্যা প্ৰায় ৮/১০% লোক আজি এই ৰোগত আক্ৰান্ত। গতিকে এই ৰোগৰ প্ৰয়োজনীয় ঔষধ গ্ৰহন কৰাৰ লগতে ৰোগীয়ে খাীদ্য নিয়ন্ত্ৰণ কৰাটো বা খাদ্যৰ সময় সূচী মানি চলাটো অতি জৰুৰী। সেয়ে এজন চিকিৎসক হিচাপে ডায়েবেটিচ ৰোগীয়ে কেতিয়া কি খাদ্য খাব সম্পূৰ্ণ সময় সূচীৰ বিষয়ে জনোৱাটো আমাৰ কতব্য বুলি ভাবি আজি এই লিখাটো প্ৰস্তুত কৰিছো।

        যদি আপোনি ডায়েবেটিচত আক্ৰান্ত হৈছে- প্ৰথম কথা হল আপুনি চেনি যুক্ত যিকোনো খাদ্য নাখাব। মিঠাই চাহ, কফি আদি চেনি যুক্ত সকলো খাদ্যই সমূলী পৰিহাৰ কৰক। কফিটো নাখাবই যদি চাহ খায় তেনে হলে চেনি নিদিয়াকৈ খাব।
        দ্বিতীয় কথা হল খাদ্য খোৱাৰ পৰিমান কমাওঁক। আৰু প্ৰতি ২/৩ ঘন্টাৰ মূৰে মূৰে অলপ অলপ খাওঁক। যদি আপোনি দিনটোত ৩ বাৰ ভাত খায় তাৰ পৰিৰ্ৱতে ৪ বা ৫ বা খাওঁক। আপোনি ৩ বাৰত যিমান খায় সিমান খিনি খাদ্য ৫ বা ৬ বাৰত খোৱা কৰক। খাদ্য খোৱাৰ এখন ৰুটিন প্ৰস্তুত কৰি লওঁক।
পুৱা আপোনি ৬ বজাত শুই উঠাৰ পাছত চেনি নিদিয়া একাপ ৰঙা চাহ বা গ্ৰীন ট্ৰি ২ টা মেৰিগল্ড বিস্কুট বা ডাইজেষ্টিভ বা চুগাৰ ফ্ৰি বিস্কুটৰ লগত খাব পাৰে।
পুৱা ৯ বজাত ২০০ মিলি গ্ৰামৰ এটা কাপত ডেৰকাপ ভাত, ডাইল আৰু শাক-পাচলি সৈতে খাব পাৰে। ইয়াৰ পৰিৰ্ৱতে white oats ডেৰ কাপ ডালি আৰু চবজিৰ সৈতে লব পাৰে। অথবা দালি, চবজিৰ সৈতে ২ বা ৩ পিচ ব্ৰাউন ব্ৰেড খাব পাৰে।
পুৱা ১১ বজাত এটা আপেল অথবা এটা তিঁয়হ খাব পাৰে।
দূপৰীয়া ১.৩০ বজাত দালি চবজিৰ সৈতে এক কাপ ভাত বা দুখন ৰুটি খাব পাৰে।
বিয়লি ৪ বজাত ২টা বিস্কুটৰ সৈতে একাপ ৰঙা চাহ খাব পাৰে। নহলে ইয়াৰ পৰিৰ্ৱতে নাৰিকলৰ পানী একাপ খাব পাৰে।
সন্ধিয়া ৫.৩০-৬.৩০ বজাৰ ভিতৰত আসৈ এক বাতি বা মূৰী এক বাটি বা চুজি আধা বাতি নহলে অটচ আধা বাতি বা পপকৰ্ণ ১ বাতি খাব পাৰে। ইয়াৰ পৰিৰ্ৱতে আজি কালি কোম্পানী সমূহেও প্ৰস্তুত কৰিছে diabetic patient ৰ বাবে food supplement ensure diabetes care ইয়াৰ ৩ চামুচ ১০০ গ্ৰাম পানীৰ লগত মিহলাই খাব পাৰে।
ৰাতি ৮.৩০-৯ টা বজাৰ ভিতৰত ডেৰ কাপ ভাত খাব, ১ বাতি ডালি আৰু ১ বাতি চবজি আৰু চালাডৰ সৈতে। ইয়াৰ বিকল্প ২ টা ৰুটি খাব পাৰে।
ৰাতি শোৱাৰ আগত গাখীৰ ১ কাপ খাব পাৰে। গাখীৰখিনি উতলাই ইয়াৰ খৰ খিনি গুচাই লব।
মাছঃ- যি কোনো মাছ খাব পাৰে। সপ্তাহত ৪-৫ খাজ। ৫০ৰ পৰা ৬০ গ্ৰাম কৈ খাব পাৰে।
মাংসঃ– কেৱল লোকেল মূৰ্গী সপ্তাহত ২ খাজ খাব পাৰে। বেলেগ মাংস নাখাব।

ডিমঃ- সপ্তাহত ৩/৪টা বইল ডিম খাব পাৰে।

 hi I am Dr Hari

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles