ডায়েবেটিচ ৰোগীয়ে কি খাব আৰু কি নাখাব

ডায়েবেটিচ ৰোগীয়ে কি খাব আৰু কি নাখাব:

বৰ্তমান সময়ত আমাৰ দেশৰ প্ৰায় ৫ কোটি মানুহ ডেয়েবেটিচ ৰোগত আক্ৰান্ত, আৰু দিনক দিনে ইয়াৰ সংখ্যা দ্ৰুত গতিত বৃ্দ্ধি হৈ গৈয়ে আছে। যিকোনো সময়ত যিকোনো কাৰণত হব পৰা এই মাৰাত্মক ডায়েবেটিচত আক্ৰান্ত ৰোগীয়ে কি কি খাদ্য খাব কি কি খাদ্য বৰ্জ্জন কৰিব এই বিষয়ে আপোনালোকক কম।

ডায়েবেটিচত আক্ৰান্ত ৰোগীয়ে

১) চেনি, জাম, জেলী, গুৰ, মিঠাই, গ্লুকজ, মৌ, বয়েলকেক, কালাকান আদি নাখাব।

২) ঘিঁ, মাখন, ভজা, জলা, পোৰা খাদ্য খাব নালাগে।

৩) কেক, পেষ্টি, বাদাম জাতীয় খাদ্য নাখাব।

৪) কাঠ আলু, কচু আলু আদি নাখাব।

৫) ছাগলী, গাহৰী, গৰুৰ মাংস, কণীৰ কুহুম, ব্ৰইলাৰ মুৰ্গী, মিছা মাছ আদি খাব নালাগে।

৬) পাপৰ, আচাৰ, বিলাহীৰ পৰা বনোৱা চচ, কোকা পাউডাৰ, আইচক্ৰীম, ফলৰ ৰস যেনে- REAL, TROPICANA আদি সংৰক্ষীত খাদ্য বস্তু নাখাব।

৭) মেগী, চাও, জেলী জাতীয় খাদ্য, কাষ্টাড পাউডাৰে তৈয়াৰী খাদ্য, আলু, কাঠ আলু, কল আদিৰে তৈয়াৰী চিপচ নাখাব।৮) কৰ্ণফ্লেক্স নাখাব। চিৰাও খাবনালাগে।

ডায়েবেটিচ ৰোগীয়ে ফলৰ ভিতৰত

আটলাৰ্চ, কঠাল নাখাব। আমও নোখোৱাই ভাল। অনাৰস, লিচু নাখাব ।মহৰ ঘিঁ, বনস্পতি তেল কমাই খাব। মাসন, গৰু ঘী, নাখাব, বিয়েৰ, ব্ৰাণ্ডি, জিন, ৰাম, হুইস্কী, নাখাব।

  ডায়েবেটিচ ৰোগীয়ে কি কি খাদ্য খাবঃ-

১) চেনি নিদিয়াকৈ নেমুৰ চৰপত।

২) পাচলিৰ চুপ।

৩) বিলাহীৰ ৰস।

৪) চালাদ।

৫) পিয়াজ, নহৰু, পুদিনা, সৰিয়হ, ডালচেনি, ইলাচী, নৰসিংহপাত, লং, ভিনেগাৰ।

৬)ঢোকলা, ইডলি, উপমা, গজালী ওলোৱা বুট, মগুৰ।

ব্ৰাউন ব্ৰেড, ডালিয়া, মূডি়, চুজি, আটা, ওটচ, চিৰা, কাবেলি, বুট ডাইল, মচুৰ ডাইল, ৰহৰ ডাইল, মটি ডাইল, গুটা মগু, ৰাজ মাহ, মটৰ, চয়াবিন আদি।

ডায়েবেটিচ ৰোগীয়ে

পাচলী ৰ ভিতৰত—–

তিতা কেৰেলা, পচলা, বিলাহী, বেঙেনা, কঠালৰমুচি, ভেণ্ডি, উৰহী, কুণ্ডুলী, ৰঙালাও, বন্ধাকবি, কোমোৰা, মূলা ফুলকবি, পটল, জীকা, ওলকবি, কেপচিকাম, ভাতকেৰেলা, তিয়হ, স্কুৱাচ, পানীলাউ, চজিনা, লেচেৰা, কলাডিল, ফেচ্ট বিন, ভোল, কচুৰ ঠোৰ, ধুন্দুলী, কেঁচা জলকীয়া, কেঁচা অমিতা, ঔটেঙা খাব। বিট, গাজৰ খাব পাৰিব কমাই খাব । কাচকল খাব অলপ কমাই খাব।

 ফলমূলৰ ভিতৰত—

আমলখি খোৱা উপকাৰী। আপেল খাব ১টা। কেঁচা নাৰিকল খাব পাৰিব। আঙুৰ- কলাটো খাব। মধুৰী আম খাব। কলা জামু খাব। ডালিম এটাৰ চাৰি ভাগৰ এক ভাগ খাব পাৰিব। প্লাম খাব পাৰিব -১টা বা ২টা, তৰমুজ ২০০ গ্ৰাম খাব পাৰিব।বেল ৩০ গ্ৰাম খাব পাৰিব। ৰবাব টেঙা খাব পাৰিব। চিৰাল, নুনি, বগী জামু খাব। লেটেকু ৩ বা ৪টা খাব।

ডায়েবেটিচ ৰোগীয়ে কি কি  শাক খাব

পালেং, লাই, মৰিচা, খুটুৰা, ঢেকীয়া, চুকাশাক, মধুসুলেং, টেঙামৰা, মানি মুনি, মাটি কাদুৰী, ভেদাইলতা, মান ধনীয়া, মচুন্দৰী খাব।

গাখীৰঃ- দৈ গাখীৰ মহৰ বা গৰুৰ একাপ খাব। গাখীৰ সৰ কঢ়া খাব।

মাংসঃ-

কেৱল মূৰ্গীৰ মাংস লোকেল। সপ্তাহত ২ খাজ ৫০/60 গ্ৰাম।

মাছঃ-

যিকোনো মাছ খাব পাৰে যদিও বেছি তেল যুক্ত মাছ আৰু চালানী মাছ নাখাব। তেল ২/৩ চামুচ খাব পাৰিব।

পনীয়ঃ-

নাৰিকল পানী এককাপ খাব। চাহ (ৰঙা) চেনি নিদিয়াকৈ খাব। লাচি ১ কাপ খাব পাৰিব।

চুপঃ-

বিলাহী, ভেজিটেবল, চিকেন।
হৰলিক্স lite খাব পাৰিব।
বিস্কুটঃ-মেৰী ৩ খন, নিমখীয়া ৩ খন, ডায়জেষ্টিভ ২ খন খাব পাৰে।
শুকান ফল, আখৰোট-৮/১০ মিলি গ্ৰাম।
বাদাম-২০ গ্ৰাম।
এলমণ্ড-১০/১২ গ্ৰাম খাব পাৰিব।

খাদ্য খোৱা নিয়ম মানি চলিবঃ-

১) কম খাদ্য ঘনাই খাব।

২) সদাই একে সময়তে খাদ্য গ্ৰহন কৰিব।

৩) খালিপেটে কেতিয়াও নাথাকিব আৰু প্ৰয়োজনতকৈ অধিক কেতিয়াও নাখাব।

৪) আহ যুক্ত খাদ্য বেছিকৈ খাব।(ৰঙা আটা, গুটা মগু, শাক পাচলি, ফলমূল আদি)

৫) নিয়মিত ব্যায়াম কৰিব যোগাসন কৰিব। নিয়মিত ৩৫ মিনিট খোজ কাঢিব।

নিয়মিত ব্যায়ামে শৰীৰৰ ওজন কমাবঃ-

১)শীৰৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব।
২)ঔষধৰ পৰিমান কমি আহিব।
৩)তেজ চলাচল সহায় কৰিব।
৫)হৃদয্ন্ত্ৰ শক্তিশালী কৰিব। উচ্চৰক্তচাপ কমাব। শৰীৰ কলেষ্টৰেল আদি বেয়া চৰ্বীবোৰ কমি আহিব আৰু ভাল      চৰ্বী পৰিমান বাঢি়ব।

hi I am Dr Hari

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

3 COMMENTS

  1. কেনে ধৰণৰ চাউলৰ ভাত খাব লাগে অলপ বহলাই লিখিলে ভাল হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles