টাইফয়েড জ্বৰ (TYPHOID FEVER)

টাইফয়েড জ্বৰ (TYPHOID FEVER) 

 টাইফয়েড-জ্বৰ
টাইফযেড বা টাইফয়েড জ্বৰ এক সংক্ৰামক ৰোগ। চালমোনেলা টাইফি নামৰ এক ধৰনৰ বেক্টেৰীয়াৰ সংক্ৰামনৰ দ্বাৰা এই ৰোগ হয়। সাধাৰনতে প্ৰদূষিত পৰিৱেশ, দূষিত পানী, দূষিত খাদ্যৰ মাধ্যমৰে এই ৰোগৰ জীৱানু সংক্ৰামন ঘটে। অন্যহাতে এই ৰোগৰ দ্বাৰা গ্ৰচিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ হব পাৰে। যদি লেতেৰা পানী বা খাদ্য অথবা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত এই ৰোগৰ বিজানু অন্য সুস্থ্য ব্যক্তিৰ দেহত প্ৰৱেশ কৰে তেনেহলে সেই সুস্থ্য ব্যক্তিজনৰ ১ ৰ পৰা ৩ সপ্তাহ ভিতৰত এই ৰগৰ লক্ষন প্ৰকাশ পাব পাৰে। এই ৰোগৰ প্ৰধান লক্ষন সমূহৰ ভিতৰত হল – জ্বৰ, মাথাৰ বিষ, বুকুৰ ওপৰত গুলপীয়া ৰঙৰ ডাগ পৰা, লিভাৰ ডাঙৰ হোৱা, প্লিহা ডাঙৰ হৈ যোৱা, পেটৰ বিষ, বদহজম, ডায়েৰিয়া, কুষ্ঠকাঠিন্য আদি।

টাইফযেড কেনেকৈ সংক্ৰামন ঘটেঃ- 

দূষিত খাদ্য অথবা পানীৰ জৰিয়তে এই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে। আৰু আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰাও এই ৰোগৰ বিজানুৰ সংক্ৰমন হয়।

টাইফযেড জ্বৰ হলে কেনেধৰনে লক্ষন প্ৰকাশ পায়ঃ- 

সাধাৰনতে টাইফয়েডত আক্ৰান্ত হোৱা একৰ পৰা তিনি সপ্তাহৰ পাছত এই ৰোগৰ লক্ষন বা উপশৰ্গ প্ৰকাশ পাবলৈ আৰম্ভ হয়। এই চালমোনেলা টাইফিৰ দ্বাৰা আক্ৰান্ত শিশু হৰ্থাত অসুস্থহৈ পৰিব পাৰে।

টাইফযেডৰ জ্বৰৰ উপৰ্সগ সমূহ হলঃ

প্ৰথম অৱস্থাত টাইফয়েডত আক্ৰান্ত ব্যক্তিৰ ডিঙিৰ বিষ, মাথাৰ বিষ, পেটৰ বিষ, মাথা ঘুৰুৱা, মাথা জিম জিম কৰা, গাৰ বিষ আদি হয়। ৰোগীয়ে শৰীৰৰ দূৰ্বল ও অৱসাদ অনুভৱ কৰে সাধাৰনতে জ্বৰ কেতিয়াবা কেতিয়াবা অলপ বাঢ়ে। ১০৩ ৰ পৰা ১০৪ ফাৰেন হাইট পৰ্যন্ত হব পাৰে।
বমি বমি ভাৱ বা বমি হব পাৰে। ডায়েৰীয়া হব পাৰে। কুষ্ঠ কাঠিন্য হব পাৰে। পেটৰ ওপৰ ফালে নহলে পিঠিত গুলপীয়া দাগ হব পাৰে। ৰোগৰ প্ৰাবল্য বা তীব্ৰতা যদি বাঢি যায় মাৰাত্মক ডায়েৰীয়া হব পাৰে, তেজ বমি পৰ্যন্ত হব পাৰে। তীব্ৰ কোষ্ঠকাঠিন্য হব পাৰে। জ্বৰৰ কোবত ৰোগীয়ে চকুৰে কিবা কিবি কাল্পনিক বস্তু দেখা, ভয় খোৱা, প্ৰলাপ বকা আদি লক্ষন প্ৰকাশ পাব পাৰে। আনকি ৰোগী অচেতনো হৈ পৰিব পাৰে। শৰীৰৰ উজন দ্ৰুত গতি হ্ৰাস পাব পাৰে।
বহু ৰোগীৰ ক্ষেত্ৰত প্ৰথম অস্থাত টাইফয়েড ৰোগ হোৱা বুলি ধৰিব পৰা নাযায়। আৰু দ্বিতীয় বা তৃতীয় সপ্তাহত ৰোগ চিনাক্ত হলে তেতিয়ালৈকে ৰোগে মাৰাত্মক ৰুপ ধাৰন কৰিবও পাৰে। ঔষধ গ্ৰহন কৰি থকাৰ সময়তো ৰোগীৰ বহু সময়লৈ জ্বৰ হৈয়ে থকা দেখিবলৈ পোৱা যায়।

টাইফযেড কাৰ হোৱা সম্ভাৱনা থাকেঃ- 

(১) যি কসলে দূষিত পানী আৰু খাদ্য গ্ৰহন কৰে। কাৰন দূষিত পানী আৰু খাদ্যৰ জৰিয়তে এই চালমোনেলা টাইফি সংক্ৰমন ঘটে।
(২) যি বোৰ থাইত ইতিমধ্যে টাইফয়েড ব্যাপক ভাৱে সংক্ৰমন ঘটিছে তেনে থাইত গলেও এই ৰোগ হব পাৰে।
(৩) চিকিতসা কৰ্মী, যি সদায় চিকিতসা লয়ত ৰোগী ছোৱাচিতা কৰে সেই সকলৰ টাইফয়েড হোৱা সম্ভাৱনা বেছি থাকে।
(৪) টাইফযেড ৰোগীৰ সংস্পৰ্শত থকা ব্যক্তি বা কোনো ক্ষেত্ৰত টাইফয়েড ৰোগীয়ে তৈয়াৰ কৰা খাদ্য খালেও ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
(৫) শৰীৰিক ভাৱে অসুস্থ ব্যক্তি বা শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম থকা ব্যক্তি, এইচআইভি আদি সংক্ৰমন থকা ব্যক্তিৰ টাইফয়েড ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে।

টাইফয়েড় কেনেকৈ চিনাক্ত কৰিবঃ-

চিকিতসকে ৰোগৰ ইতিহাস জনাৰপাছত টাইফয়েড হৈছেনে নাই সেই বিষয়ে নিশ্চিত কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে তেজ পৰীক্ষা, প্ৰস্বাৱ বা পায়খানা পৰীক্ষা অথবা বৰ্ণমেৰু পৰীক্ষা কৰাব পাৰে।

টাইফযেডৰ জটিলতাঃ- 

দীৰ্ঘদিন ধৰি টাইফয়েড ৰোগ হৈ থাকিলে বিভিন্নধৰনৰ জটিলতা দেখা দিব পাৰে। ইয়াৰ ভিতৰত- পেটৰ ভিতৰত পাকস্থলীৰ পৰা ৰক্ত ক্ষৰনৰ হোৱা, অগ্নশয় ফুলি যোৱা, মেৰুদণ্ড সমক্ৰমন, মস্তিস্ক সংক্ৰমন ঘটি মেনিনজাইটিছ হোৱা, গল্ডব্লাডাৰ বা পিত্ৰ থলীত সংক্ৰমন, নিউমোনিয়া, শৰীৰৰ বিভিন্ন স্থানত ফোড়া, স্নায়বিক সমস্যা আনকি কিডনিৰো সমস্যা হব পাৰে।

টাইফয়েড জ্বৰ প্ৰতিোৰধৰ বাবে কেনেধৰনৰ ব্যৱস্থা গ্ৰহন কৰিবঃ- 

চিকিতসকৰ পৰাৰ্মশ অনুযায়ী নিদ্ধাৰিত সময়ত ভেক্সিন গ্ৰহন কৰিলে ৰোগৰ পৰা বাছি থাকিব পৰা যায়। ভেক্সিন ব্যৱহাৰ কৰা ক্ষেত্ৰত নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। কোনো কোনো ক্ষেত্ৰত কেতিয়া ভেক্সিনে ১০০ শতাংশ কাম নকৰিবও পাৰে এই বেমাৰৰ পৰা বাছি থাকিবৰ বাবে নিজেও কিছুমান আনুসাংগ্ৰিক ব্যৱস্থা গ্ৰহন কৰা উচিত। শাক চবৰ্জি, ফল মুল আৰু ৰন্ধা বঢ়া কৰা বাছন বাতি সদায় পৰিষ্কাৰ পানীৰে ধূব লাগে। ৰন্ধা বঢ়া কৰা খাদ্যবোৰ ভালদৰে খিজাই খাব লাগে। খাদ্য খোৱা আৰু ৰন্ধা বঢ়া কৰাৰ আগতে বা খাদ্য প্ৰস্তুত কৰাৰ আগতে ভালদৰে চাবোনৰে হাত ধূব লাগে। পৰ্যাপ্ত পৰিমানে উতলাই বিজানুমুক্ত কৰা পানী খাব লাগে আৰু পানী যাতে দূষিত হব নোৱাৰে তাৰ বাবে ভালদৰে ঢাকন দি থব লাগে। আৰু ২৪ ঘন্টাৰ ভিতৰত খাব লাগে। ২৪ ঘন্টাৰ পাছত সংশোধন কৰা হলও সংৰক্ষীত পানী খাব নালাগে। ফুটপাটৰ দূকানৰ পৰা, যিকোনো হোটেল ৰেষ্টোৰাৰ পানী পৰাপক্ষত নোখোৱাই ভাল। সকলো সময়তে টয়লেট পৰিষ্কাৰ কৰি ৰাখিব লাগে। শিশুৰ ক্ষেত্ৰত টয়লেট কৰাৰ পাছত ভালদৰে হাত ভৰি পৰিষ্কাৰ কৰি ধূৱাব, খাদ্য খোৱাৰ আগত, খাদ্য প্ৰস্তুত আৰু পৰিৱ্শন কৰা আগত চাবোনেৰে ভালদৰে পৰিষ্কাৰ কৰি লব লাগে।
পৰিষ্কাৰ পৰিচন্নতাই টাইফয়েডৰ পৰা বাছিৰ থকাৰ সহজ উপায়। যি সকল ব্যক্তিৰ সদায় বিভিন্ন কামৰ বাবে বাহিৰত থাকিব লগা হয় সেই সকলে বিভিন্ন থাইত খাব লগা হয়। এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। পানী প্ৰান কৰাৰ ক্ষেত্ৰত নিশ্চিত কৰিব যে খোৱা পানী খিনি বিশুদ্ধ হয়নে নহয়। লগতে খাদ্য গ্ৰহন কৰা ক্ষোত্ৰতো সাৱধানতা অৱলম্বন কৰিব। সদায় পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰিব। পৰ্যাপ্ত পৰিমানে তৰল যেনে ফলৰ ৰস আদি গ্ৰহন কৰিব। ঠাণ্ডা পানীৰ পৰিৰ্ৱতে কুঁহুমীয়া গৰম পানী খাব লাগে। ফ্ৰিজৰ খাদ্য খাব নালাগে। আপেল, কমলা, আঙুৰ, আনাৰস আদি ফলত ভিটামিন a আৰু ভিটামিন c থাকে গতিকে এই বোৰ খাদ্য খাব লাগে।

টাইফযেডৰ হোমিঅপেথিক চিকিতসাঃ

আপোনালোকে জানে যে হোমিঅপেথিকত ৰোগৰ চিকিতসা কৰা নহয়। ৰোগীকহে চিকিতসা কৰা হয়। লক্ষন অনুসৰি সঠিক সময়ত সঠিক মেডিচিন প্ৰয়োগ কৰি যিকোনো ধৰনৰ ৰোগ নিৰাময় কৰা সম্ভৱ। টাইফয়েড জ্বৰো হোমিঅপেথিকত খুউব সহজে নিৰাময় কৰা সম্ভৱ। তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ কাষ চাপি সঠিক মাত্ৰাত ঔষধ গ্ৰহন কৰাটো খুউবেই প্ৰয়োজন।
ইয়াত লক্ষণ অনুয়ায়ী কেইটামান ঔষধৰ বৰ্ননা আগ বঢ়াইছো প্ৰয়োগৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ পৰামৰ্শ গ্ৰহন কৰিব।

HOMEOPATHIC MEDICIN-

BAPTISIA TINCORIA- টাইফইড জ্বৰৰ আৰম্ভনিতে ৰোগীৰ মুখ কন্দনা মূৱা দেখা যায়। চকুত পানী আহে। ৰোগীয়ে বলিয়াৰ দৰে উপৰলৈ ঘৰৰ চাল বেৰ চায়, জ্বৰ প্ৰৱল থাকে আৰু মূৰৰ প্ৰচণ্ড বিষ হয়। জ্বৰৰ প্ৰৱল অৱস্থাত মুখখন প্ৰায়ে ৰঙা পৰে, শৌচ প্ৰস্বাৱ দূৰ্গন্ধ হয়। যিফালেই ৰোগী শুৱে, সোংফালে বাওঁ হাতে বা উপৰলৈ মুখ কৰি যি ফালেই নুশুৱক কিয় সেই ফালেই থেতেলা খোৱাৰ দৰে বিষ হয়। সেই বাবেই সকলো সময়তেই ইকাতি সিকাতি কৰি থাকিব লগীয়া হয়। জ্বৰৰ তাপ ১০২ ৰপৰা ১০৪ পৰ্যন্ত হয়। ৰাতি পূৱা ভাগত তাপ কিছু কম থাকে। ৰাতি তাপ কিছু বাঢ়ে। গোটেই দিনটো বা ৰাতিটোত জ্বৰৰ তাপৰ কিছু পৰিৰ্ৱতন হৈ থাকে। সামান্য বালিয়ালি বকে। এনেবোৰ লক্ষন প্ৰকাশ পালে জ্বৰৰ আৰম্ভনিতে অৰ্থাত টাইফয়েডৰ প্ৰথম অৱস্থাত এই ঔষধ ১০-১২ দিন ব্যৱহাৰ কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে আৰু ৰোগ নিৰাময় হয়।
টাইফয়েডৰ দ্বিতীয় বা তৃতীয় অৱস্থাত BAPTISIA ব্যৱহাৰ কৰাৰ লক্ষন সমূহ হল- জিভা প্ৰথমে বগা পৰে আৰু জিভাৰ উপৰত ৰঙা গুটি গুটি থাকে। অজ্ঞান অৱস্থাত ৰোগী পৰি থাকে কথা সুধিলেই কথা দুই এষাৰ কওতেই অজ্ঞানহৈ পৰে বা কথা সুধিলে, উত্তৰ দিব খুজিলে অজ্ঞান হৈ পৰে। শৌচ প্ৰস্বাৱ ঘাম আদি দূৰ্গন্ধ হয়। একেৰাহে শুই থকাৰ বাবে শৰীৰত ঘাঁ হব পাৰে এই ঔষধৰ আন আন লক্ষনৰ লগতে প্ৰস্বাৱ আৰু শৌচৰ লগত তেজ উলোৱা লক্ষনো থাকিব পাৰে। এনে অৱস্থাত এই ঔষধটো দ্বাৰা জ্বৰ নকমিলে PYROGENIUM ব্যৱহাৰ কৰিব পাৰে।
ৰোগ নিউমোনিয়াৰ লগত জৰিত rhus tox, phosphorus বা arsenic alba লক্ষন অনুয়ায়ী ব্যৱহাৰ কৰিলে ৰোগ শুনকালে আৰুগ্য হয়। প্লুৰিছি, ব্ৰঙ্কাইটিছ হলে brynia, phosphorus, kali mur, sulphur, antim trat, hepersulphaur আদি ঔষধ সমূহ লক্ষন অনুযায়ী ব্যৱহাৰ কৰিলে ৰোগ আৰুগ্য হয়।
Homeopathic medicin Rhustox-এই ঔষধ ব্যৱহাৰ কৰা ৰোগীয়ে সকলো সময়তে ইকাতি খিকাতি কৰি থাকে। অস্থিৰকতাৰ লগত ভূল বকে, কথা সুধিলে উত্তৰ নিদিয়ে বা বিৰক্ত হোৱা যেন দেখুৱাই উত্তৰ দিয়ে। শৰীৰত বাত ৰোগৰ দৰে বিষ থাকে। জ্বিভাত ত্ৰিভুজ আকাৰৰ ৰঙা দাগ পৰে, ওঁঠত আৰু দাঁতত ৰঙা গেদেৰী পৰে। কেতিয়াবা প্ৰচুৰ পৰিমানে ঘাঁম হয়। শৰীৰৰত ঘাঁমচিৰ দৰে সৰু সৰু ফুহাঁ উলাই। ডায়েৰীয়া হয়, ঘনাই ঘনাই শৌচ কৰিব লাগে। পেটত বিষ থাকে। কেতিয়াবা কেতিয়াবা ডিচেন্টীৰ দৰে হয়। প্ৰচাৱ দ্বাৰেদি, নাকৰ বা শৌচৰ পথেদি কেতিয়াবা তেজ উলায়। শুকান- শুক শুক কৈ কাহ হয়। নিমোনিয়া হয়। কফৰ লগত কেতিয়াবা সামান্য তেজ মিহলি থাকে। এই বোৰ হল rhus tox ব্যৱহাৰৰ প্ৰধান লক্ষণ।
কেতিয়াবা যদি সাধাৰন জ্বৰ হৰ্থাত টাইফইডৰ আকাৰ ধাৰন কৰিলে rhus tox ব্যৱহাৰ কৰিব লাগে। এই ঔষধটো ৩০ ক্ষমতা ২ টোপালকৈ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক প্ৰয়োগ কৰিলে ৰোগ নিৰাময় হয়।
Homeopathic medecin Arsenic alb-
এই ঔষধটো ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষনবোৰ হল- দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজালৈকে উপসৰ্গবোৰ বাঢ়ে, খোৱাৰ লগে লগে বমি, শৌচ আদি হয়। ৰোগীয়ে মৰিম বুলি সকলো সময়তে কৈ থাকে। পিয়া লাগে কিন্তু পানী বেছি খাব নোৱাৰে। ইয়াৰ লগতে প্ৰৱল জ্বৰ, ভুল বকা, অতিশয় দূৰ্বল হোৱা, সকলো সময়তে অস্থিৰ হৈ থকা। বা বমি বমি হয় আৰু শৌচ বা বমি হোৱাৰ পাছত কিছুসময় নিতাল মাৰি পৰি থকা, নাকৰ পৰা, প্ৰস্বাৱত আৰু শৌচত তেজ উলোৱা, ব্ৰকাইটিছ হলে উশাহ নিশাহত ভয়ানক কষ্ট হোৱা আদি লক্ষনবোৰ থাকে। এনেবোৰ লক্ষন প্ৰকাশ পালে এই আৰচেনিক ঔষধটো ৩০ ক্ষমতাৰ ২ টোপালকৈ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক সময়ত প্ৰয়োগ কৰিলে ৰোগ মোক্ত হব পৰা যায়।
Homeopathic medicin arnica- এই ঔষধ ব্যৱহাৰ কৰা প্ৰধান লক্ষন হল মূৰটো আৰু শৰীৰৰ ওপৰ অংশ গৰম থাকে ভৰিৰ ফালে চেচাঁ থাকে। মূখ চকু ৰঙা পৰে আৰু মূৰত তেজ উঠাৰ গতিকে অজ্ঞান ভাৱে উশাহ নিশাহ লেৱাত ঘেঁৰ ঘেঁৰনি হৈ পৰি থাকে।
Crotolus horridus- septic typhoid ৰোগত এই ঔষধটো অত্যন্ত ফলপষু।
Acid mur- টাইফয়েদৰ তৃতীয় – চতুৰ্থ সপ্তাহত এই দৰৰ ব্যৱহাৰ কৰা হয়।
ইয়াক ব্যৱহাৰ কৰা প্ৰধান লক্ষন সমূহ হল- জিভা ভয়ানক শুকান থাকে, চামৰা দৰে হয় মুখত ঘাঁ পৰিপূৰ্ন হৈ থাকিব পাৰে। জ্বৰ প্ৰৱল থাকে। শৌচ কৰিবৰ সময়ত গুহ্যদ্বাৰ বাহিৰলৈ উলায় যায়, প্ৰস্বাৱ কৰিব সময়ত শৌচ বাহিৰ হয়। ৰোগী অতিশয় দূৰ্বল হোৱাৰ বাবে গাৰুত মূৰ থব নোৱাৰে, সকলো সময়তে গোঁ গোৱাই থাকে। কেতিয়াবা ৰাগীৰ দাঁত লাগে। হাঁত, ভৰি চেঁচা হয়, শৰীৰ অৱশ হয় আদি লক্ষন থাকে।
Acid phosh- এই ঔষধৰ ব্যৱহাৰ কৰিব লগা ৰোগীয়ে মৃত্যু হোৱাৰ দৰে নিতাল মাৰি পৰি থাকে কিন্তু মাতিলে উত্তৰ দিয়ে, নাকটো মোহাৰি বা চিকুটি থাকে, বগা শৌচ হয়, প্ৰস্ৰাৱ গাখীৰৰ দৰে বগা হয়, শৌচৰ আগত পেটত শব্দ হয় আৰু শৌচৰ পৰিমানতকৈ বায়ু অধিক ওলায়।
Beladonna- এই ঔষধৰ ব্যৱহাৰ কৰিব লগা ৰোগীৰ মুখ চকু ৰঙা পৰে, মূৰত ভয়ংকৰ বিষ থাকে। মূৰত ৰক্ত উঠাৰ বাবে শুব নোৱাৰে। চকু মুদিলে হিংসু জন্তু দেখি ভয় খাই চিঞৰি উঠে, জোৰে জোৰে বকে, মানুহক মাৰিবলৈ, কামুৰিবলৈ যায়, বিচনাৰ পৰা উঠি পলাবলৈ চেষ্টা কৰে
Lechesis- যেতিয়া টাইফয়েডৰ সময়ত গাৰ বিষে ৰোগীক জৰ্জৰিত কৰি পেলায়, শৰীৰৰ ৰং নীলা বৰন ধাৰন কৰে, অতিশয় দূৰ্বল হোৱাৰ বাবে জিভা উলিয়াব নোৱাৰে, বা মেলিব নোৱাৰে, সেই সময়ত এই ঔষধ ব্যৱহাৰ কৰিব লাগে। ৰাতি শুলে বা শুব খুজিলে বা টোপনিৰ পৰা সাৰ পালে উপৰ্সগবোৰ অধিক হয়। জিভাৰ ওপৰত কলা ৰঙৰ ফোঁহা হয়। জিভাৰ শুকান থকাৰ বাবে জিভা ফাটি তেজ উলায়। এনেকুৱা লক্ষন প্ৰকাশ পালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।
ইয়াৰ উপৰিও- helleborus, aurum triphylium, carboveg,hyscymusnigrer, opium,nuxmoschata,marc sol, crotalus horridus,kalimur,kaliphosh, ferrum phos, sulpher, antim trat, heper sulph, gelsemium আদি বিভন্ন মেডিচিন আছে এই বোৰ লক্ষন অনুযায়ী ব্যৱহাৰ কৰি ৰোগ মুক্ত কৰিব পাৰি।
hi I am Dr Hari
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles