ইউৰিক এচিড কিয় হয় আৰু কি কি খাদ্য খাব নালাগে। Uric acid

ইউৰিক এচিড কি?

কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়?

বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা- সমস্যাটো হল ইউৰিক এচিড বৃদ্ধি।

uric-Acid
ইউৰিক এচিড

কেতিয়াবা ভৰিৰৰ বুঢ়া আঙুলিৰ পোৰণি, বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে। আৰু যেতিয়া এই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে তেতিয়া পৰীক্ষা নিৰীক্ষা কৰা পাছত গম পোৱা যায় যে ব্যক্তিজনৰ ইউৰিক এছিডৰ সমস্যা হৈছে। অৰ্থাত দেহত ইউৰিক এছিডৰ পৰিমান বৃদ্ধি হৈছে।

ইউৰিক এচিড কি?
কিয় দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয়?
ইউৰিক এচিডৰ মাত্ৰা বাঢ়িলে কেনেকুৱা ধৰণৰ খাদ্য বৰ্জন কৰিব লাগিব?
কি কি হোমিঅপেথিক ঔষধ গ্ৰহন কৰিলে দেহত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰিব?

 আমাৰ দেহত পটাছিয়াম, ছডিয়াম কাৰ্বনেট, বা এলকালিন অৰ্থাত ইলেক্টো লাইটৰ ভাৰসাম্য ৰক্ষাত ইউৰিক এচিদৰ গুৰুত্বপূৰ্ন ভূমিকা আছে। আমাৰ তেজত এই ইউৰিক এচিদ খুব কম পৰিমানে থাকে। যিটো সাধাৰণতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিণ নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়। ই আমাৰ দেহৰ এক ধৰণৰ তক্সিক উপাদান। আমি খোৱাৰ খাদ্য পৰা পৰিপাক ক্ৰিয়াৰ জৰীয়তে আমাৰ দেহে প্ৰয়োজনীয় পোষণ গ্ৰহন কৰা অন্তত বাকী থকা আৰ্ৱজনাবোৰ মল, মূত্ৰ, ঘাম, শ্বাস-প্ৰশ্বাসৰ জৰীয়তে শৰীৰৰ পৰা বাহিৰ হৈ যায়। ইউৰিক এচিদও নিৰ্দিষ্ট পৰিমানতকৈ বেছি হলে আমাৰ দেহে তাক অপসাৰণ বা বাহিৰ কৰি দেহত ইয়াৰ ভাৰসাম্য ৰক্ষা কৰি থাকে। আমি দৈনন্দিন গ্ৰহন কৰা খাদ্য কিছুমানত পিউৰিণ নামৰ পদাৰ্থ বিধ থাকে আৰু এইবোৰ বিপাকৰ অন্তত আমাৰ ৰক্তত মিশ্ৰিত হৈ কিডনিত প্ৰবেশ কৰে আৰু কিডনিয়ে ইয়াক বাহিৰ কৰে।
 আমাৰ শৰীৰত থকা ইউৰিক এচিদৰ ৩ ভাগৰ ২ ভাগ আমাৰ লিভাৰতে উৎপন্ন হয়। আৰু বাকী ১ ভাগ খাদ্যৰ পৰা সংগৃহীত হয়। যকৃতত উৎপন্ন হোৱা এই অতিৰিক্ত ইউৰিক এছিড কিডনিয়ে প্ৰস্বাৱৰ জৰীয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। যদি আমি অত্যাধিক মাত্ৰাত পিউৰিণ যুক্ত খাদ্য খাও তেতিয়া আমাৰ দেহত ৰক্তৰ ঘনত্ব বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়।

অতিমাত্ৰা ইউৰিক এচিডে আমাৰ দেহত কি কি ক্ষতি কৰেঃ-

মাত্ৰাধিক ইউৰিক এছিডে আমাৰ দেহত অভ্যন্তৰীণ বিভিন্ন অংগৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ কিডনিত দীৰ্ঘদিন ধৰি জমা হলে কিডনি পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়। ফলত কিডনীয়ে সঠিক ভাৱে কাম নকৰে আৰু প্ৰস্বাৱৰ দ্বাৰা ইউৰিক এচিড ও অন্যান্য বহিজাত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ হব নোৱাৰে। কিডনিৰ কাৰ্য ক্ষমতা নষ্ট হৈ কিডনি বিকলও হব পাৰে। ইয়াৰ ওপৰিও বৰ্দ্ধিত ইউৰিক এচিড শৰীৰৰ বিভিন্ন অস্থি সন্ধী সমূহত জমা হয়। অস্থি সন্ধি সমূহত ক্ৰিষ্টেল গঠন হৈ অস্থি সন্ধি সমূহ ৰঙা পৰি ফুলি যোৱাৰ লগতে অত্যাধিক বিষ হবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম কাজৰ লগতে চলা ফুৰা কৰাতো অসুবিধাৰ সৃষ্টি হব পাৰে। এই ৰোগক গাউট বুলিও কোৱা হয়। হাইপ্ৰেচাৰ বা উচ্চ ৰক্তচাপ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়। ইয়াৰ উপৰিও হাৰ্টৰ বেমাৰ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়।

আমাৰ শৰীৰৰত ইউৰিক এচিডৰ পৰিমান কিমান থাকিব লাগেঃ-

আচলতে এজন প্ৰাপ্ত বয়ষ্কৰ লোকৰ তেজত প্ৰতি ডেচিলিটাৰত ৭ মিলি গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত ৬ মিলি গ্ৰাম প্ৰতি ডেচিলিটাৰত হব লাগে। তেজ পৰীক্ষা দ্বাৰা ইয়াৰ মাত্ৰা নিৰ্ণয় কৰা হয়।

কি কি খাদ্যৰ দ্বাৰা ইউৰিক এচিড বাঢ়েঃ-

১) ৰঙা মাংসঃ
গৰু, চাগলী, গাহৰীৰ মাংস, মাচৰ কনী, কলিজা ইত্যাদি যদি বেছিকৈ খোৱা হয় তেনে হলে ইউৰিক এচিড বৃদ্ধি হোৱা সম্ভাৱনা বৃদ্ধি হয়।
২) শাক পাচলিঃ
পিউৰিণ সমৃদ্ধ শাক-চবজিও বীজ জাতীয় খাদ্য যেনে বিভন্ন প্ৰকাৰৰ দাইল, বীজ, মাচৰোম, পালেং শাক, চীম, লেচেৰা মাহ, ফলৰ ভিতৰত, আম, কঠাল, খেজুৰ, কিচমিচ, তাল ইত্যাদি।
৩) চেনিঃ
অতিৰিক্ত চেনি খালেও ইউৰিক এচিড বৃদ্ধি হব পাৰে।
৪) মেদবহূল ব্যক্তিঃ
মেদবহুল ব্যক্তি সকলৰো ইউৰিক এচিড হোৱা সম্ভাৱনা বেছি থাকে।
ইউৰিক এচিড কাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে?
১) কেন্সাৰ ৰোগীঃ
কেন্সাৰ ৰোগী সকলৰো ইউৰিক এচিড বৃদ্ধি হোৱা সম্ভৱনা থাকে।
২) সময়মতে খাদ্য গ্ৰহন নকৰিলেঃ
যি সকল লোকৰ খোৱা লোৱা খুব অনিয়মিত বা অধিক সময় নোখোৱাকৈ থাকে তেনে লোকৰো ইউৰিক এচিড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে।

এতিয়া আহো ইউৰিক এচিডৰ সমস্যাত ভুগা ৰোগীয়ে কি কি খাদ্য খাবঃ-

জলচৰ প্ৰাণী ভিতৰত-
মাছ খাব পাৰে।
মূৰ্গীৰ মাংস, দীমৰ বগা অংশ, মাখন উলিওৱা গাখীৰ আৰু দূগ্ধজাত খাদ্য।
শস্যজাত খাদ্য
শস্যজাত খাদ্যৰ ভিতৰত- জটিল কাৰ্বহাইড্ৰেট অৰ্থাত ৰঙা চাউল, চিৰা ইত্যাদি।
শাক পাচলী
শাক পাচলীৰ ভিতৰত- জাতি লাও, চাল কোমোৰা, আলু, মিঠা আলু বা গৰীয়া আলু, পটল, জিকা, কুণ্ডুলী, কলপচলা, কঠালৰ মূচি, কলমৌ শাক, লাও-কোমোৰা আগ, ভেণ্ডি, গাজৰ, মূলা, চালগোম, কেপচিকাম, বন্ধাকবি, আদি। ফলৰ ভিতৰত টেঙা জাতীয় ফল সমূহ যেনে কমলা, নেমু, বগৰী, আমলখি, জামুক, আপেল, নাচপতি, আঙুৰ, অমৰা, আনাৰস, কল, আদি খাব পাৰে।

হোমিঅ পেথিক ঔষধঃ-

মানুহৰ দেহত যেতিয়া ইউৰিক এচিড বৃদ্ধি হয় তেতিয়া লাহে লাহে এই ইউৰিক এছিড শৰীৰৰ গাঁঠি – যেনে আঠুৰ জয়েন্টত ক্ৰিষ্টেল ফৰ্ম হয়। আৰু অত্যন্ত বিষ হয়, চলা ফুৰা কৰিব নোৱাৰা হয়। ৰক্তচাপ, হৃদৰোগ, বাতৰোগ আদি অজস্ব সমস্যা হয়। ইয়াৰ পৰা গাউট বা গাঁঠি বাত ৰোগ হয়।
ইউৰিক এচিডে সৃষ্টি কৰা এই গাউট ৰোগৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅত কথা পাতিম। আপোনালোকে এটা কথা মনত ৰাখি থব যে যদি ইউৰিক এচিড বৃদ্ধি হবলৈ ধৰে তেনে হলে প্ৰথম অস্থাত প্ৰস্বাৱত অলপ ঘোৰাঁৰ প্ৰস্বাৱৰ দৰে গোন্ধ ওলোৱা বা প্ৰস্বাৱত গেদ পৰা, প্ৰস্বাৱ ডাঠ হোৱাৰ লক্ষণৰ লগতে ভৰিৰ বুঢ়া আঙুলি বা টিকাত বিষ হোৱা আদি লক্ষণ প্ৰকাশ পাব। এই লক্ষণ প্ৰকাশ পালেই আপোনালোকে হোমিঅপেথিক ঔষধ acid benzic 200 ব্যৱহাৰ কৰিব। মেডিচিনটো ২ টোপালকৈ দিনত ২ বাৰ ব্যৱহাৰ কৰিব। মন্ত্ৰৰ দৰে কাম কৰে। যদি প্ৰাৰম্ভিক অৱস্থাত এই ঔষধ ব্যৱহাৰ কৰে তেনে হলে তেজত ইউৰিক এচিডৰ পৰিমান খুব দ্ৰুতগতিত নিয়ন্ত্ৰণলৈ আহে।
hi I am Dr Hari
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

2 COMMENTS

  1. Sir mur husband r uric acid bohut besi bahi goise,,,teu hator angoli ata lock Hoi jai aru bohut bikh hoi,,,,apuni kiba ata medicine diyok sun sir

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles