চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোক

সাৱধান আপোনাৰ চকুৰ নোমত থাকিব পাৰে ভয়ংকৰ পোকঃ

কঠিত আছে যে মানৱ শৰীৰ বিভিন্ন ব্যধিৰ মন্দিৰ। জীৱন কালত মানুহৰ দেহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ বেমাৰে বাঁহ লৈ ব্যতিব্যস্ত কৰি তোলে। বিভিন্ন ধৰণৰ বেক্টেৰীয়া, মাইক্ৰ বেক্টেৰীয়া, ভাইৰাছ, ফাংগাছ আদিয়েই এই বেমাৰ সমূহৰ বাহক হয়। আজি মই আপোনালোকক এনে কিছুমান বিচিত্ৰ সংবাদ দিবলৈ ওলাইছো যিবোৰ শুনাৰ পাছত আপোনাৰ গাৰ নোম শিহৰি উঠিব আমি আমাৰ শৰীৰটো সদায় চাফচিকুন কৰি ৰাখো আৰু আমি ভাবো যে, আমি আমাৰ শৰীৰটো বিষয়ে সকলো কথা জানো। কিন্তু বিজ্ঞানী সকলে বহু গৱেষণাৰ অন্তত কিছুমান বিচিত্ৰ সত্য উৎঘাটন কৰিবলৈ সক্ষম হৈছে।

(১)চকুৰ নোমঃ(demodex in eye hair)

DEMODEX
DEMODEX

মাৰ চকুৰ যিবোৰ নোম থাকে এই বোৰ আমাৰ চকুকেইটাত ধুলি-বালিৰ পৰা ৰক্ষা কৰে। কিন্তু আপোনি জানি আচৰিত হব যে এই নোমৰ ওপৰত এক প্ৰকাৰৰ ভয়ংকৰ পোক থাকে যাৰ নাম demodex. অকল এই demodex এই নহয় ইয়াৰ ওপৰিও আৰু কেইবা প্ৰকাৰৰ জীৱাণু থাকে। যদি আপুনি মাইক্ৰস্কুপৰ দ্বাৰা আপোনাৰ চকুৰ নোম পৰীক্ষা কৰি চায় তেনে হলে এই DEMODEX নামৰ পোকটো দেখা পাব।

(২)প্ৰতি চেকেণ্ডত মগজুৰ ৰাসায়নিক বিক্ৰিয়াৰ সংখ্যাঃ-

আপোনি জানে নে এক চেকেণ্ডত আমাৰ মগজুত কিমান বাৰ ৰাসায়নিক বিক্ৰিয়া হয়? এক লাখ হয়। থিকেই শুনিছে এক লাখ কেমিকেল ৰিয়েকচন আমাৰ মগজুত ঘটিত হৈ থাকে আৰু এই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থকাৰ বাবেই আমি জীয়াই থাকো। যদি ইয়াৰ এটা কম হৈ যায় তেতিয়া হলে মানুহ জীয়াই থাকিব নোৱাৰে।

(৩)শৰীৰৰ তেজ হাজাৰ কিলোমিটাৰ দৌৰেঃ-

আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ তেজ সদায় দ্ৰুত গতিত চলাচল হৈ থাকে। কিন্তু আপোনি জানেনে তেজ কিমান কিলো মিটাৰ যায়। যদি আমি ইয়াৰ গতি জোখু তেতিয়া হলে গম পাব যে আমাৰ শৰীৰত তেজ প্ৰতি দিনে ১৯৩১২ কিলোমিটাৰ চলাচল কৰে। ইয়াক যদি আমি চাও তেনে হলে দেখিব যে ভাৰতৰ পৰা সুদুৰ আমেৰিকালৈ কে দূৰত্বৰ সমান গতি কৰে।

(৪) মগজুৰ ক্ষমতাঃ-

 মানুহৰ চকু ৫৭৬ মেগাপিকচেল হয়। কিন্তু আপুনি জানেনে আমাৰ মগজু ২.৫ PB ৰ হয়। আমি যে কওঁ এই গানটো ৫ mb ৰ হয়, ফিলিম খন ৫ gb ৰ হয়, এতিয়া চাওঁক প্ৰথম হল

kb- kilobyte

mb – megabyte

gb- gigabyte

tb- terabyte

pb- petabyte

1000gb = 1tb, আৰু 100TB = 1PB, PB মানে পেটা বাইট। আৰু আমাৰ মগজুত 2.5PB ৰ তথ্য সঞ্চয় কৰিব পৰা ক্ষমতা আছে। যিটো গণনাৰ বাহিৰত। সৰ্ব্ব সাধাৰণ মানুহেটো 1/2 PB ৰ ব্যৱহাৰ নকৰে কিন্তু যিসকল বিজ্ঞানী, বিদ্ব্যান তেনে ব্যক্তিয়ে চাগে নিজৰ জীৱন কালত 1PB লৈকে ব্যৱহাৰ কৰি লয়।

(৫) প্ৰতি দিনে গ্ৰহণ কৰা উশাহঃ-

আমি সকলোৱে উশাহ লওঁ কিন্তু আপুনি জানেনে আমি এদিনত কিমান বাৰ উশাহ লওঁ? ইয়াৰ উত্তৰ হল প্ৰায় ২৩১০০ বাৰ যদি আপুনি এথাইত বাহিলৈ এদিন হিচাপ কৰে তেতিয়া আপুনি গম পাব।

(৬) এদিনৰ হাৰ্টবিটঃ

আমাৰ হৃদপিণ্ডটোৰ এদিনৰ হাৰ্টবিট প্ৰায় ১,১৫,২০০ বাৰ।

(৭) জীৱন কালত এজন মানুহে ৫ বছৰ আন্ধাৰত কটায়ঃ-

আমি সদায় যিকোনো সময়তে চকুৰ পলক পেলাওঁ আৰু তেতিয়া ১ চেকেণ্ডৰ বাবে হলেও আমি নেদেখা হওঁ এই পলকত আন্ধাৰ হোৱা সময় খিনি লগ লগালে আমি গোটেই জীৱন কালত প্ৰায় ৫ বছৰ দিন আন্ধাৰত থকাৰ সমান হয়।

(৮) শৰীৰৰ নাৰ্ভৰ দৈৰ্ঘ্যঃ- 

আমাৰ শৰীৰ নাৰ্ভ সমূহ যদি জোৰা লগোৱা হয় তেতিয়া ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭৫ কিলো মিটাৰ হব।

(৯) হাঁচিৰ গতিঃ- 

আমি সকলোৱে কিবা নহয় কিবা কাৰণত হাঁচি মাৰিব লগা হয়। যদি আমি এই হাঁচিৰ গতি জোখো তেতিয়া ইয়াৰ গতি হব ১৬০ কিলোমিটাৰ প্ৰতি ঘন্টাত।

(১০) পকী দেৱালতকৈও মজবুট মানুহৰ হাড়ঃ

মানুহৰ জংঘাস্থি অৰ্থাৎ ঠাইৰ হাড় সকলোতকৈ টান হয়। যদি ইয়াৰ মজবুটী জোখা হয় তেতিয়া গম পাব যে ইয়াৰ দৃঢ়তা কংকিততকৈও মজবুট হয়।

(১২) আমাৰ হাওঁফাওঁ-

আমাৰ হাওঁফাওঁত থকা খালী ঠাইবোৰ এখন টেনিচ কটৰ সমান।

(১৩) মানুহৰ মুখৰ ভিতৰত থকা অনুজীৱঃ-

আমাৰ মুখৰ ভিতৰত আমাৰ অজ্ঞাতেই এখন জীৱাণুৰ ব্ৰহ্মাণ্ড আছে। যদি এই জীৱাণুবোৰ হিচাপ কৰা হয় তেন্তে প্ৰায় ৭০০ কৌটি হব।

(১৪) জিহ্বাৰ চাপঃ-

আমি জানো যে প্ৰতিজন মানুহৰে হাতৰ আঙুলিৰ চাপ বেলেগ বেলেগ হয়। কিন্তু আপোনি জানেনে আমাৰ জিহ্বাটো একক ধৰণৰ ৰেখা থাকে। যিবোৰ কোনো ব্যক্তিৰ কাৰো সৈতে নিমিলে।

(১৫)ম গজুৰ নিউৰণৰ সংযোগৰ গতিঃ

আপোনালোক জ্ঞাত যে আমাৰ মগজুৰ এটা নিউৰণে অন্য এটা নিউৰণৰ সৈতে যোগা যোগ ৰক্ষা কৰি চলে আৰু এই সংযোগৰ গতি যদি আমি জুখো তেতিয়া হলে গম পাব যে ৪০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিত এটা নিউৰণে আনটোৰ লগত সংযোগ স্হাপন কৰে। যিটো এখন বোলেট ট্ৰেইনৰ গতিৰ সমান। আমাৰ মগজুত সদায় বৈদ্যুতিক সংবাহ প্ৰৱাহ অব্যাহত থাকে কিন্তু আমি গমেই নাপাওঁ।পৃথিৱীৰ সকলো বিলাক যন্ত্ৰৰ ভিতৰত আমাৰ মগজু এনে এটা যন্ত্ৰ যি নেকি ইমান বোৰ কাৰ্য সম্পাদন কৰে কোনো ধৰণৰ শব্দ নোহোৱাকৈ।

(১৬)চালৰ পৰিৱৰ্তনঃSKIN SHED-

প্ৰতি দিনে এজন ব্যক্তিৰ ১০ লাখ চাল কোষ খহি পৰে। যদি ইয়াক জোখা হয় এক বছৰত মানুহৰ প্ৰায় ২ কেজি চাল সৰে।

(১৭) এজন ব্যক্তিৰ জীৱন কালৰ খাদ্যঃ-

এজন ব্যক্তিয়ে জীৱন ভৰ খোৱা খাদ্য যদি জোখা হয় তেনে হলে প্ৰায় ৩৫ টন হব।

Dr Harikanta Das

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles