ক্ৰিয়েটিনিন কিমান বাঢ়িলে কিডনি বেয়া হয়?
আমাৰ দেশত প্ৰায় ১০ শতাংশ মহিলা আৰু ৭ শতাংশ পুৰুষ কিডনি ৰোগত আক্ৰান্ত হয়। ভাৰতীয় চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ এক সমীক্ষা অনুসৰি প্ৰতি এশ জন ভাৰতীয়ৰ ১৭ জনেই কিডনি সমস্যাত ভূক্ত ভুগী।
এই কিডনি ৰোগৰ বহু কাৰণ আছে। তাৰ ভিতৰত উল্লেখযোগ্য কাৰণ সমূহ হল-
(১) ডায়েবেটিডছ।
(২) উচ্চৰক্তচাপ।
(৩)বংশগত বা জেনেটিক কাৰণ যেনে-মেদবহূুলতা আলস্য জীৱন যাপন, শাৰীৰিক পৰিশ্ৰমৰ অভাব।
(৫) অত্যাধিক মদ্যপ্ৰাণ।
(৬) অত্যাধি্ক ধূম্ৰপ্ৰাণ।
(৭) অত্যাধিক জ্বলা-পোৰো, তেল মচলা আদি খাদ্য খোৱা।
(৮) অত্যাধি মাছ মাংস খোৱা।
(৯) পৰ্যাপ্ত পৰিমানে পানী নোখোৱা।
(১০) ভিটামিন বি আৰু ডিৰ অভাৱ।
(১১) বিষনাষক দৰব আৰু এন্টিবায়টিক ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা।
(১২) গ্ৰেষ্টিকৰ দৰব ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা আদি।
এতিয়া আহো মূল বিষয়লৈ-
ক্ৰিয়েটিনিনঃ
কিমান চিৰাম ক্ৰিয়েটিনিন লেৱেলত কিমান শতাংশ কিডনি বেয়া হব?
পুৰুষৰ প্ৰতি ডেচিলিটাৰ লিটাৰ তেজত ক্ৰিয়েটিনিনৰ স্বাভাৱিক মাত্ৰা হল – ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম।
মহিলাৰ- প্ৰতি ডেচিলিটাৰ ০.৬ ৰ পৰা ১.১ মলিগ্ৰাম।
যদি-
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰ তেজত ১.৫ মিলিগ্ৰাম হলে – ২৫% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিতাৰত ২ মিলিগ্ৰাম হলে ৫০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ প্ৰতি ডেচিলিটাৰত পৰিমান ৩.৫ মিলিগ্ৰাম হলে ৭৫% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ পৰিমান প্ৰতি ডেচিলিটাৰত ৫ মিলিগ্ৰাম হলে ৯০% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।
ক্ৰিয়েটিনিনৰ পৰিমান ৬ৰ পৰা ৮মিলিগ্ৰাম প্ৰতি ডেচি লিতাৰ হলে ৯৫% কিডনি বেয়া হোৱা বুলি ধৰিব পৰা যায়।
৪০ উদ্ধৰ ব্যক্তি সকলে পৰাপক্ষত বছৰৰ মূৰত এবাৰকৈ কিডনি সম্বন্ধীয় পৰীক্ষা কৰোৱা ভাল।
ভিডিঅটো চাবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক-
sir ceartian 1.5( 14 mm kidney stone)