কৰনাৰ ঘৰুৱা চিকিৎসা
দুদিনমানৰ আগতে আপুনি ওচৰৰ এঘৰলৈ গৈছিল। সেই ব্যক্তিজনৰ কাৰ্যালয়ত আজি এজনৰ দেহত COVID ধৰা পৰিছে। কথাটো আপোনাৰ কাণত পৰা পিছৰে পৰা আপোনাৰ গাটো জ্বৰ হোৱা নিচিনা লাগি আছে, মূৰটো বিষ যেন অনুভৱ হৈছে। মনত এটা দুঃচিন্তা। আপোনাৰ দেহত কৰনা লাগিল নেকি? পৰীক্ষা কৰায়েই লওঁ নেকি? যদি পৰীক্ষাত কৰনা ওলাই যায়? আপোনাক ১০৮ আহি লৈ যাব। আপোনাৰ একবছৰীয়া পুত্ৰৰ সৈতে পত্নী অকলে কেনেদৰে থাকিব?
এনে পৰিস্থিতিত একো ভয় খাব নালাগে। এইটো এটা সাধাৰণ পানীলগা জ্বৰ দৰে বেমাৰ। এনে ধৰণৰ সন্দেহ হলে এটা কথাই মনত ৰাখিব, আপুনি যাতে ঘৰৰ বা ওচৰৰ অন্য মানুহৰ সংস্পৰ্শত নাহে। বেমাৰটো যাতে অন্য ব্যক্তিৰ দেহত সংক্ৰমিত নহয়। নিজকে এটা কোঠাত আঁতৰাই ৰাখক, খোৱা-বোৱা বেলেগে কৰক, কৰ্ম ক্ষেত্ৰৰ পৰা আঁতৰি থাকক।
কৰোনাৰ কপ্ৰতিকাৰঃ
অন্য ব্যক্তিৰ পৰা আঁতৰত থাকক, হাত সঘনাই ধুওক, গৰম পানীৰে ডিঙি কুলকুলি কৰক, sanitiser ব্যৱহাৰ কৰক, গৰম পানীৰ ভাপ মুখ আৰু নাকত লব পাৰে, Mask পৰিধান কৰক, নিজৰ দৈনন্দিন ব্যৱহায্য বস্তু আছুটীয়াকৈ ৰাখক, মদ্যপান আৰু ধূমপান পৰিহাৰ কৰক, বেছিকৈ ফলমূল আৰু শাক- পাচলি খাওক, মনৰ পৰা ভয় আঁতৰাই ৰাখিবলৈ যোগাসন কৰক, আপোনজনক লগত ফোনত কথা পাতক।
কৰোনাৰ লক্ষণ আৰু চিকিৎসাঃ
১/ আপোনাৰ জ্বৰ হলে TAB AZITHROMYCIN 500 MG দিনে এটা পাঁচ দিন খাওক। যেতিয়া জ্বৰ বেছিকৈ আহে PARACETMOL 500MG খাব পাৰে।
২/ ভিটামিন চি কাৰণে TAB LIMCEE খাব পাৰে।
৩/ ভিটামিন ডি কাৰণে CAP DV60 K, HERMIN D3 খাব পাৰে।
৪/জিংক ৰ কাৰণে SYRUP ZINCOVIT খাব পাৰে।
৫/ হাঁচি আৰু কাহ আহিলে SYRUP GRILLINCTUS, CETRIZIN TABLET খাব পাৰে।
৬/ BETADENE SOLUTION লৈ কুলকুলি কৰিব পাৰে।
৭/পানী বেছিকৈ খাওক।
৮/গৰম গাখীৰৰ লগত কেঁচা হালধি মিহলাই খাব পাৰে।
৯/ TAB IMMUNSANTE, SYRUP MANOL, DABUR CHAWANPRASH দৈনিক খাওক।
কৰোনাৰ পৰা বাচিবলৈ কিছুমান ভিটামিন খোৱাটো জৰুৰী। এই ভিটামিনবোৰ থকা কিছুমান খাদ্য আমাৰ ওচৰতে সহজে যোগাৰ কৰিব পাৰি।
ভিটামিন এ:
গাজৰ,ব্রকলি, জামুক, আঙুৰ, আম, পালেং,ঘিউ, আলু, মাংস, কণী, মাখন,তৰমুজ, অমিতা, মাছ ,এভকাডো।
ভিটামিন চি:
নেমু, আমলখি,বিলাহী, কেঁচা জলকীয়া , কমলা, পালেং, ডালিম, অমিতা, মাটিকঁঠাল।
ভিটামিন ডি:
মাছ, গাখীৰ, কমলা, কণী, ঘিউ, মাংস, মাখন।
ভিটামিন ই:
বাদাম,জলফাই, মিঠা আলু,সূৰ্যমুখী তেল,পালেং,সৰিয়হ তেল,আম, বিলাহী, অমিতা।
ভিটামিন বি6:
গাখীৰ, গাজৰ, পালেং, কণী, মিঠা আলু,কবি।
জিংক:
ৰঙালাও গুটি,দালি, ঘেঁহু,তিল,কাঠফুলা,বাদাম, মাংস, কফি, ৰৌ মাছ, কুকুৰা মাংস,ঘিউ।
এতিয়া ফলমূল খোৱাৰ বতৰ। এই সময়ত আম, কঁঠাল, পনিয়ল, জামুক, মাটিকঁঠাল আদি খোৱাৰ বতৰ।খাদ্যৰ লগত ফলমূল,শাক- পাচলি বেছিকৈ খাই থাকিলে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা ভালেই থাকিব।