অমৰ লতা বা শগুণী লতা কেনেকৈ খাব

অমৰ লতা বা শগুণী লতা কেনেকৈ খাব

অমৰ লতা বা শগুণী লতাৰ ঔষধী গুণৰ বিষয়ে ইতিমধ্য মোৰ এটা প্ৰৱন্ধত উল্লেখ কৰিছিলো আৰু সেই প্ৰবন্ধটো পঢ়াৰ পাছত বহু সদাসয় ব্যক্তিয়ে ১০০ তকৈও বেছি বেমাৰৰ মহৌষধী এই লতাবিধ কেনেকৈ সেৱন কৰিব সেই বিষয়ে জানিব বিছাৰিছে। গতিকে আজি এই ঔষধীৰূপী লতাবিধৰ সেৱনবিধিৰ বিষয়ে আপোনালোকক অৱগত কৰিম। এই লতা বিধক আমি

  • শগুণী লতা বা অমৰ লতা বুলি কওঁ।
  • হিন্দীত: গিলোয় giloy বুলি কোৱা হয়।
  • সংস্কৃতত – অমৃতা, মধুপৰ্ণী, গুৰুচী বা অম্ৰুতাবলী বুলি কোৱা হয়।
  • ইংৰাজীত – মোন লিফ বুলি জনাযায়।
  • ইয়াৰ বৈজ্ঞানিক নাম Tinospora Cordifalia.

    অমৰ-লতা-শগুণী-লতা-অমৃতা-বা-গিলোয়-কেনেকৈ-খাব
    অমৰ লতা, শগুণী লতা, অমৃতা বা গিলোয়
  • বেদ-উপনিষদৰ যুগৰে পৰাই এই উদ্ভিদক মহৌষধী ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।
  • Tinospora Cordifalia নামেৰেই হোমিঅপেথিক মেডিচিনো প্ৰস্তুত কৰা হয়।

আমৰ লতা বা শগুণী লতা কেনেকৈ সেৱন কৰিবঃ

শগুণী লতাৰ ডাল, পাত, শিপা সকলো অংশ ঔষধীৰূপে ব্যৱহাৰ হয়।

শগুণী লতাৰ ৰস ১ ৰ পৰা ৩ চামুচলৈকে খাব পাৰে।

৫ ৰ পৰা ৭ খিলা পাত অথবা লতা ২ ৰ পৰা ৪ ইঞ্চি পানীত উতলাই পানী খাব পাৰে।

ডাল বা পাত শুকুৱাই গুৰি কৰি ১ ৰ পৰা ৩ চামুচ ১ কাপ কুঁহুমীয়া পানীৰ লগত খাব পাৰে।

শগুণী লতা কেতিয়া খাব?

ৰাতিপুৱা খালী পেটত খাদ্য খোৱাৰ আধা ঘন্টাৰ আগতে খালে ভাল। ৰোগৰ প্ৰাবল্য অনুসৰি দিনত ২ বাৰ খাব পাৰে। খোৱাদৰ বাবে মিচিৰি বা গুৰ মিহলাব পাৰে।

শগুণী লতা কোনে খাব নালাগে?

গৰ্ভৱতী মহিলা, ৩ বছৰৰ তলৰ শিশু, হাৰ্টৰ টেবলেট গ্ৰহণ কৰি থকা ব্যক্তি, গুৰুতৰ ৰোগত দীৰ্ঘদিন ভুগি থকা লোকে সেৱনৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

  1. kidney kreatine kenke controll kariba pari parile janabadsun.homiopethy r dwara iyak nirmul kariba pora jai neki

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles