কৰ’না ভাইৰাছত প্ৰথমজন ভাৰতীয়ৰ মৃত্যুঃ

নবেল কৰ’না ভাইৰাছত ভাৰতৰ প্ৰথমজন ব্যক্তিৰ মৃত্যুঃ

ভাৰতত নবেল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমজন ৰোগীৰ যোৱা মঙ্গলবাৰে(১৩ মাৰ্চ) মৃত্যু ঘটিছে। কৰ্ণাটকৰ কালাবুৰাগি নামৰ ৭৬ বছৰীয়া বৃদ্ধজন কেইবাদিন ধৰি কৰ’না ভাইৰাছত আক্ৰান্তহৈ আছিল। ইতিমধ্যে মৃত্যু হোৱা বৃদ্ধ জনৰ গাত নবেল কৰ’না ভাইৰাছ থকাৰ সন্দেহত তেলেংগনাৰ এখন হস্পিতেলত আইচুলেচন কৰি ৰাখিছিল। যোৱা বিহস্পতিবাৰে ৰোগীজনৰ টেষ্টৰিপৰ্ট পোৱাৰ পাছত তেখেঁতৰ গাত নবেল কৰ’না ভাইৰাছ থকাৰ কথাটো নিশ্চিত হয়।

যোৱা বিহস্পতিবাৰৰ দিনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা জনোৱা হয় যে বৰ্তমান ভাৰতত নবেল কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৪ লৈ বৃদ্ধি হৈছে। যোৱা ২ সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰভাব দ্ৰুত গতিত বৃদ্ধি হোৱাৰ পৰিপেক্ষিতত দেশৰ স্বাস্থ্য বিভাগে ব্যাপক শতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধকাৰী সতৰ্কতামূলক ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা চীন, ইটালি, কোৰিয়া, ফ্ৰেন্স,স্পেইন আদিৰ পৰা দেশলৈ ঘুৰি অহা ভাৰতীয় আৰু বিদেশীৰ ওপৰতো বিশেষ দৃষ্টি ৰাখিছে।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles