কি ভুল কৰিলে  WHO এ, যাৰ কাৰণে গোটেই বিশ্বৰ সমালোচনাৰ সন্মুখীন হৈছে WHO

WHO

কৰ’না ভইৰাছে সৃষ্টি কৰা COVID-19 ৰোগৰ বাবে WHO কিমান দায়ী ?

কি ভুল কৰিলে  WHO এ, যাৰ কাৰণে গোটেই বিশ্বৰ সমালোচনাৰ সন্মুখীন হৈছে WHO ।

বিষয়টো আৰম্ভ কৰাৰ আগতে বৰ্তমান আৰ্থা আজি ২৯ মাৰ্চ ২০২০ তাৰিখলৈকে কৰ’না ভইৰাছৰ সবিশেষ তথ্য নিশ্চয় জানিব বিছাৰিব।

COVID-19 ত বৰ্তমান বিশ্বত – ৬৬৩,৭৪৮ সৰ্বমূঠ  আক্ৰান্ত হৈছে।

USA ত সাৰ্বাধিক ১২৪০০০ অধিক ২২২৭ লোকৰ মৃত্যু।

চীনক পিছ পেলালে USA।

ইটালীয়েও চীনক পিছ পেলাই ৯২,৪৭২ দ্বিতীয় স্থানত আছে। ১০০২৩ জন ব্যক্তিৰ মৃত্যু হৈছে।

এতিয়ালৈকে বিশ্বত ৩০৮৮০ মৃত্যু হৈছে COVID-19 মহামাৰিৰ বাবে।

ভাৰতত ১০২৯ আক্ৰান্ত, ২৪ জন মৃত্যু।

২৭ ফেব্ৰুৱাৰী:

২৭ ফেব্ৰুৱাৰীৰৰ পৰা চীনত দ্ৰুত গতিত কমিলে। চীনত এই মুহুৰ্ত্তত ৩২৭ টা আক্ৰান্তৰ তথ্য পোৱা গৈছে। সৰ্বমূঠ ৮১৪৩৯ টা বৰ্তমানলৈকে।

আজিৰ দিনটোৰ এই মুহুৰ্তত চাইনাৰ বাহিৰত গোটেই বিশ্বত ৪৩৫১ জন আক্ৰান্ত হৈছে আৰু ইয়াৰে ৬৭ জনৰ মৃত্যু হৈছে।

একমাহৰ ভিতৰত পৰিস্থিতিৰ ব্যাপক পৰিৱৰ্তণ

বৰ্তমান চাইনাত খুব বেছি বেছি হলে ৩০০০ জন মান আক্ৰান্তৰ সংখ্যা হব।

বিগত এক মাহত পৰিস্থিতি সম্পূৰ্ণ ওলোটা হৈ গলয। ইয়াৰ বাবে কিন্তু বহুতে WHO ক জগৰীয়া কৰিব খুজে। ইয়াৰ উপযুক্ত কাৰণো আছে।

১৯৪৮ ত স্থাপন কৰা WHO  জনস্বাস্থ্যৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি কোনো দেশত মহামাৰী হয় বা কিবা জনস্বাস্থ্য জনিত সমস্যা হয় তেতিয়া ইয়াৰ কাৰ্যকৰি  ব্যৱস্থা গ্ৰহণ  কৰাটো WHO ৰ  প্ৰধান কাম। যদি ৰোগ বিশ্ব মহামাৰী হৈছে বা PENDING হৈছে, সেই মহামাৰীৰ পৰা যদি কোনো দেশে সকাহ পাইছে কিবা পদ্ধতি অৱলম্বন কৰি তেতিয়া সেই ব্যৱস্থা বা পদ্ধতিটো বিশ্বৰ আন দেশত প্ৰয়োগ কৰিব বাবে  ব্যৱস্থা কৰাব লাগে। যদি চীনে লক ডাউন কৰি নিয়ন্ত্ৰণ কৰিলে তেনে হলে সেই ব্যৱস্থা সকলো দেশতে গ্ৰহণ কৰিব বাবে পৰামৰ্শ দিব লাগিছিল।  কিন্তু তাকে নকৰি WHO  এ কি কৰিলে তাৰ বিষয়েই আজি আপোনালোকক কম।

বিষয়টোৰ আৰম্ভনিতে আপোনালোকে এটা কথা জানিব লাগিব-COVID-19  প্ৰথমতে উপতি হৈছিল WUHAN ৰ এখন কেঁচা মাংসৰ বজাৰত। ক্ৰমাগত ভাৱে যেতিয়া এক ডেৰ মাহ WUHAN ত জ্বৰ, কাহ, নিমোনিয়া বেমাৰ হবলৈ ধৰিলে তেতিয়া WUHAN আৰু হুৱেইৰ স্থানীয় প্ৰশাসনে ইয়াৰ বিষয়ে বাহিৰত জানিবলৈ নিদিয়াকৈ বিষয়টো গাপ দি ৰাখিবলৈ বিছাৰিছিল। যিসকল চিকিসকে ইয়াৰ খবৰ ৰাজহুৱা কৰিব বিছাৰিছিল তেওঁলোকৰ মুখ বন্ধ কৰি দিছিল আৰু এই অনৈতিক কাৰ্য্যত WHO য়েও চাইনাক সমৰ্থন জনালে, কিয়নো  WHO  বিশ্বক ভুল বাৰ্তা প্ৰেৰণ কৰিলে। প্ৰাপ্ত তথ্য অনুসৰি নবেম্বৰৰ শেষৰ সময়ৰ পৰাই এই ভাইৰাছ সম্পৰ্কে তথ্য পোৱা গৈছিল। কিন্তু চীনে সেই খবৰ গোপন কৰি ৰাখিলে। আনকি WHO  ক যেতিয়া ৩১ ডিচেম্বৰত জনোৱা হল, তেতিয়া তেওঁলোকে ডিচেম্বৰতহে এই সংক্ৰমন হোৱা বুলি জনাইছিল।

আৰম্ভনিৰ সময়ত ইয়াক চাইনাই WUHAN ভাইৰাছ বুলি কোৱাৰ পৰা সাৱধান বানী শুনায়, আৰু ইয়াক লোকুৱাই ৰখা হয়। যেনে- ডাঃ লি ৱেন লিয়াং যি এই ভাইৰাছৰ তথ্য দিছিল তেওঁৰ উপৰতো চীনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিল। বিখ্যাত চিকিসক লি এ নবেল কৰ’না ভইৰাছৰ স্বীকাৰ হল। আৰু জানুৱাৰী মাহলৈকে এই ভাইৰাছে সমগ্ৰ বিশ্বক চানি ধৰিলে।

৩১-ডিচেম্বৰতে WHO ক জাননীতো দিয়া হৈছিল। প্ৰথমবাৰ ৪ জানুৱাৰীত প্ৰথম সংবাদ মধ্যমে বৃষ্টিত বাতৰি পৰিৱেশন কৰিলে। তাৰ আগলৈকে কোনো সংবাদ মাধ্যমে ইায়ৰ বিষয়ে একো গমেই পোৱা নাছিল। চীনে এই বাতৰি যাতে কোনেও গম নাপায় তাৰ বাবে স্থানীয় সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিছিল। বাতৰিবোৰ চেঞ্চৰ কৰিছিল।

ইয়াৰ পাছতো ভুল তথ্য প্ৰচাৰ কৰা হল WHO  ৰ দ্বাৰা। WHO অফিচিয়েল টুইটাৰত ১৪ জানুৱাৰীত টুইট কৰিলে যে, মানুহৰ পৰা মানুহলে NOVEL CORONA VIRUS বিয়পাৰ কোনো তথ্য পোৱা নায়। মানুহৰ পৰা মানুহলৈ বিয়পা কোনো প্ৰমাণ নায়। কিন্তু সেই সময়লৈকে অধিক মানুহ এই ভাইৰাছত আক্ৰান্ত হৈ গৈছিল। যিটোৱে প্ৰমান কৰে যে মানুহৰ পৰা মানুহলৈ এই ভাইৰাছ সংক্ৰমন ঘটে।

১৬ জানুৱাৰীৰ পৰা বহু কেইখন দেশে- US, INDIA  আদিয়ে WUHAN ৰ পৰা চলাচল কৰা বিমানৰ লগতে চীনৰ বহু ফ্লাইট বন্ধ কৰি দিলে। US, INDIA ৰ এই পদক্ষেপক WHO এ সমালোচনা কৰিলে আৰু এইয়া দেশ কেইখনৰ ভুল সিদ্ধান্ত বুলি কলে, আৰু যাতায়ত বন্ধ কৰি  কোনো লাভ নহব বুলি WHO এ সাৱধানবাণী শুনালে। যিতো সময়ত ইতিমধ্যই প্ৰমান হৈ গৈছিল। WUHAN ৰ পৰা ভাইৰাছটোৰ সংক্ৰমন ঘটিছে। অৰ্ধশতাধিক লোক আক্ৰান্ত হৈ গৈছে সেই সময়তে WHO এ  WUHAN ৰ সৈতে যাতায়ত অব্যাহত ৰাখিব বাবে আহ্বান জনালে আৰু স্কেনিং নকৰিবলৈও WHO এ আহ্বান জনালে, যিহেতু ১১ জানুৱাৰীত ভাৰতে স্কেনিং  আৰম্ভ কৰি দিছিল।

WHO ৰ ইতিহাসৰ কাণ্ডজ্ঞান হীনতাৰ এইয়া আছিল চুডান্ত নিদৰ্শন।

এই গোটেই কাহিনীবোৰৰ আৰৰ মূল ব্যক্তি জন হল WHO ৰ ডাইৰেক্টৰ জেনেৰেল ডা. ট্ৰেড্ৰচ আধানম খেব্ৰেয়েছুছ। তেওঁ ইথিউপিয়াৰ হয়। ইথিউপিয়া ইষ্ট আফ্ৰিকাৰ এখন দেশ হয়। সেই দেশৰ বহু বছৰ ধৰি খেব্ৰেয়েছুছ স্বাস্থ্য মন্ত্ৰী আছিল আৰু সেই দেশৰ শাসনধিস্থিত চৰকাৰৰ সৈতে তেখেঁত যিহেতু জৰিত বহু বছৰ ধৰি।

ডাঃ ট্ৰেড্ৰচ আধানম খেব্ৰেয়েছুছৰ উপৰতে অভিযোগ উঠিছে যে তেওঁ এই সম্পৰ্কত সম্পূৰ্ণ ভাৱে চাইনাক পৰিকল্পিতভাৱে সহায় কৰিছে। ইয়াৰ কাৰণ চাইনাই তেখেঁতৰ দেশত বৃহ বৃহ পূঁজি বিনিয়োগ কৰি থৈছে। আৰু সেইয়ে তেওঁ চীনক সন্তুষ্ট কৰি ৰাখিব বাবে বিশ্ববাসীক সংকটৰ মুখলৈ ঠেলি দিয়াৰ দৰে ঘৃননীয় কাম কৰিলে।

ডা. ট্ৰেড্ৰচ আধানমে ২৪ জানুৱাৰীত চাইনা ভ্ৰমনো কৰিছে। অথচ তাৰ এক দিনৰ পূৰ্বে ২৩ জানুৱাৰীত চীনে লগ ডাউন ঘোষণা কৰিছে। তেওঁ ৰাষ্ট্ৰপতী  জী জীন পিং ক সাক্ষাতো কৰে আৰু তাৰ পিছতে তেওঁ চীনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। তেখেঁতে চীনে যিকোনো মহামাৰীক প্ৰতীৰোধ  কৰিব পৰা সমৰ্থ গোটাই লোৱা বুলি তুপৰ্য পূৰ্ণ মন্তব্য কৰে। আৰু জী জীন পিংক প্ৰশংসাৰে উপচায় দিয়ে। তেখেঁতে লগতে কয় যে তথ্য ৰাজহুৱা কৰণ চীনৰ সকলোতকৈ উল্লেখযোগ্য দিশ। যি সময়ত চীনে সকলো তথ্য গোপন কৰিলে সেই সময়ত তেখেঁতে বিপৰীত মন্তব্য প্ৰকাশ কৰিলে। WHO ৰ মূৰব্বীজনে জীন পিংঅক সাক্ষা কৰা ৬ দিনৰ পিছতে ডাঃ লি ৱেন লিয়াংৰ মৃত্যু হল, আৰু সেই সময়তে WHO এ চীনক প্ৰশংসা কৰিলে। তথ্য ৰাজহুৱা কৰণ আৰু উন্নত মানৰ দুৰ্য্যোগ প্ৰশমন ব্যৱস্থা বাবে।

ইতিমধ্যে USA চীন ভ্ৰমন কাৰী সকলক দেশত প্ৰৱেশ কৰাত প্ৰতিবন্ধকতা লগালে আৰু ইয়াকে লৈ WHO য়ে প্ৰতিক্ৰীয়া কৰি কলে এনে ধৰণৰ নিষিদ্ধ কৰণৰ কোনো প্ৰয়োজনন নাই বুলি।

আছলতে ইয়াৰ কেন্দ্ৰস্থল কত? কেন্দ্ৰস্থল হল WUHAN, WUHAN লৈ পৰ্যটক গল ভাইৰাছ সোমাল আৰু নিজ নিজ দেশলৈ কঢ়িয়াই লৈ আহিল। গতিকে বহি বিশ্বৰ লগত WUHANৰ যাতায়ত বন্ধ কৰি দিব লাগিছিল। WHO এ সেই কাম নকৰিলে।

তাৰ বিপৰীতে WHO কলে যাতায়ত নিসিদ্ধ কৰাৰ কোনো প্ৰয়োজন নায় আৰু লগতে কলে চীনে বিশ্বৰ বাবে সময় বছালে আৰু বিশ্বক মহামাৰী পৰা বছালে। চাইনাক WHO এ কিয় ইমান প্ৰশংসা কৰিলে। এইয়া সংবাদ মাধ্যমৰ তথ্য নহয়। হোৱে নিজেই নিজৰ official web site অত প্ৰকাশ কৰিছে।

আমি ১৭ বছৰ আগলৈ যদি যাওঁ, ২০০৩ চনত যিটো SARS মহামাৰীৰ কথা যদি আমি চাওঁ সেই সময়ত হোৰ প্ৰতিক্ৰিয়া কিন্ত সম্পূৰ্ণ বিপৰীত আছিল। সেই সময়ত চীনৰ প্ৰতি WHO সম্পূৰ্ণ ভাৱে কঠোৰ আছিল। সেই সময়ত WHO director general  আছিল ড. গ্ৰ হাৰলেম ব্ৰণ্ডলেণ্ড(dr gro harlem brendtland ) তেখেঁত নৰুৱেৰ ২ বাৰ প্ৰধান মন্ত্ৰী আছিল। তেখেঁতে বিশ্ববাসীক তেতিয়া চীনৰ লগত সম্পৰ্ক নকৰিবলৈ উপদেশ দিছিল। সেই সময়ত SARS ত গোটেই পৃথিবীত কেৱল ৮০০০ হেজাৰ আক্ৰান্ত হৈছিল আৰু ইয়াৰ ৮০০ লোকৰহে মৃত্যু হৈছিল। আৰু ইয়াতে তেখেঁতে চিনৰ উপৰত সৰ্গহস্ত হৈছিল। ডাঃ ব্ৰণ্ডলেণ্ডে ইয়াকো কৈছিল যে চীনে গোটেই পৃথীৱীকে সংকটৰ মুখলৈ ঠেলি দিলে। কাৰণ তেওঁলোকে এই বিপদক ঢাকি ৰাখিবলৈ অপচেষ্টা কৰিলে।

বৰ্তমান সময়ত WHO ৰ অৰ্থনৈতিক সংকট চলি আছে। চীনে ৫২% শতাংশতকৈ বেচি বৰঙনি WHO ক দিছে। প্ৰায় ৮৬ মিলিয়ন ডলাৰ- WHO চীনৰ পৰা লাভ কৰিছে।

এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব- ডাঃ ট্ৰেড্ৰচ ৰ যেতিয়া ২০১৭ চনত ইথিউপিয়াৰ পৰা WHO ৰ মূৰবী হিচাপে নিৰ্বাচন হৈছিল সেই সময়ত চীনে তেখেঁতক সম্পূৰ্ণ সমৰ্থন কৰিছিল। আৰু লগতে ইথিউপিয়াত চিনে OBOR যি প্ৰকল্প চলাই আছে তাৰ লগে লগে WHO ৰ প্ৰকল্পৰ কামো একেলগে চলাব। এই চুক্তি অনুসৰি সকলো দেশত WHO ৰ কাৰ্য্যলয় বনোৱা হৈছে, ইয়াৰ বাজেট প্ৰস্তুত কৰা হৈছে, এক কথাত কবলৈ গলে WHOক চীনে সম্পূৰ্ণ ভাৱে সহায় কৰি আহিছে।  চীনে এই অৰ্থনৈতিক ক্ষমতা প্ৰয়োগ কৰি টাইৱানকো WHO পৰা বাহিৰ কৰি ৰাখিবলৈ সক্ষম হৈ আহিছে। টাইৱানে ডিচেম্বৰ -৩১, ২০১৯ তাৰিখে  WHO ক কৈছিল যে COVID -19  সম্পূৰ্ণ ভাৱে মানুহৰ গাৰ পৰা অন্য মানুহৰ গালৈ  বিয়পা ভাইৰাছ, ইয়াৰ সম্পূৰ্ণ প্ৰমান আমাৰ লগত আছে। আৰু ই WUHAN পৰা  বিয়পিছে। আপোনালোকে গুৰুত্ব দিয়ক। কিন্তু WHO  য়ে টাইৱানৰ কথাত গুৰুত্ব নিদিলে। উক্ত সময়তে চীনেও WHOক জনালে ভাইৰাছটোৰ কাথা আৰু তেওঁলোকৰ তথ্যত কোনো human to human  সংক্ৰমন নহয় বুলি মিছাকৈ কলে।

যি সময়ত সমগ্ৰ বিশ্বক WHO এ সাৱধান বাণী কৰিব লাগিছিল সেই সময়ত চীনক  প্ৰশংসাৰে উপচাই দিয়া হল। ২৪ জানুৱাৰীত চুটিপাই WUHAN ৰ বিভিন্ন কল কাৰাখানাত কাম কৰি থকা বিভিন্ন থাই আৰু দেশৰ ৫০ লাখ মানুহ, কৰ্মচাৰী বিভিন্ন থাই তথা গ্ৰামাঞ্চললৈ গুচি গল। আৰু এই সকলে এই মাৰাত্মক ভাইৰাছ কঢ়িয়াই লৈ গল। এই মানুহ বোৰক যদি বিভিন্ন থাইলৈ যোৱাতো বাধা দিলে হেঁতেন তেতিয়াও পৰিস্থিতি ইমান বেয়ালৈ গতি নকৰিল হলে।

নামৰ সন্দৰ্ভতো WHO এ চীনক সন্তুষ্ট কৰি ৰাখিছে। আমি যদি চাও -ইবলা, জিকা, নৰ, নিপা, এই বোৰ ভাইৰাছৰ থাইৰ নামৰ লগত ৰখা হৈছে। চাইনাৰ প্ৰতি নমনীয়তা পদৰ্শন কৰি জানি শুনি এই ভাইৰাছক COVID-19 নাম ৰখা হৈছে। কাৰণ যিমান বোৰ ভাইৰাছ তাৰ নাম থাইৰ সৈতে ৰখা হয়।

WHO ৰ আৰু এটা ডাঙৰ ভূল হল- এই ৰোগক বিশ্ব অতিমাৰী (PENDEMIC) ঘোষণা কৰোতে যথেষ্ট সময় লগালে। PENDEMIC ঘষণা কৰাৰ বাবে 2ND FEB ৰ পৰাই দাবী উঠিছিল। কিন্তু WHO এ ১১ মাৰ্চতহে বিশ্ব অতিমাৰী (PENDEMIC) ঘোষণা কৰিলে।

আগতেই ঘোষণা কৰি দিয়া হলে  বিশ্বৰ বহু দেশে ইয়াক গুৰুত্ব সহকাৰে লৈ অন্তত ইয়াক ৰোধ কৰাৰ প্ৰস্তুতি নিশ্চিত ভাৱে চলালে হেঁতেন। আৰু লক্ষ লক্ষ মানুহৰ জীৱন ৰক্ষা পৰিল হেঁতেন। এই ভুলে বিশ্বৰ ইতিহাসত WHO ক সৰ্বকালৰ বাবে কলংকিত কৰি ৰাখিব।

ডা. হৰিকান্ত দাস।

গোগামুখ,ধেমাজি(অসম)।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles