কেঁচা জলকীয়াৰ উপকাৰীতাঃ

কেঁচা জলকীয়াৰ উপকাৰীতা

জলকীয়াত খাদ্যৰ খোৱাদবঢ়োৱাত অতুলনীয় ভূমিকা আছে। বহুব্যক্তিৰ ক্ষেত্ৰতে দেখা যায় জলকীয়াৰ অবিহনে খাদ্য গ্ৰহণেই যেন অসম্পূৰ্ণ।

জলকীয়াৰ-ঔষধী-গুণ

জ্বলা স্বাদ যুক্ত এই জলকীয়াই আমাৰ শৰীৰক বহু ৰোগৰ পৰা বছাই ৰাখিব পাৰে। জলকীয়াই আমাৰ শৰীৰৰক কিদৰে সহায়কৰে আৰু ইয়াৰ প্ৰয়োগ কেনেধৰণে কৰিব লাগে জানো আহক।

জলকীয়াত পোৱা উপাদান আৰু ইয়াৰ উপকাৰীতাঃ-

ডায়েটেৰি ফাইভাৰ
থিয়ামিন
ৰাইব’ফ্লবিন
নিয়েচিন
ফলিক এচিড
আইৰণ
মেংগানিজ আৰু ফছফৰাছ।

এই সকলোবোৰ উপাদানেই দেহৰ পক্ষে বৰ উপকাৰী উপাদান।

কেঁচা জলকীয়া দৈনিক দুটাকৈ গ্ৰহনে শৰীৰত কেনেধৰণৰ উপকাৰীতা প্ৰদান কৰে জানো আহক।

জলকীয়াৰ-ঔষধী-গুণকেছাঁ জলকীয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ-

দৈনিক দুটাকৈ কেঁচা জলকীয়া গ্ৰহণ কৰি আমাৰ শৰীৰক যিকোনো ৰোগ হোৱাৰ পৰা দূৰৈত ৰাখিব পাৰি।

কাৰণ জলকীয়াত ভিটামিন C, বিটাকেৰ’টিন, এন্টিঅক্সিডেন্টৰ পৰীমাণ অধিক মাত্ৰাত পোৱা যায়। যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক অধিক শক্তিশালী কৰি ৰখাত সহায় কৰে।

ভিটামিণ C য়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে সম পৰিমাণে দৃস্তি শক্তিৰ উন্নতি আৰু চালখনক উজ্জল কৰি ৰখাত অতুলনীয় অৱদান আগবঢ়ায়।

কেছাঁ জলকীয়াই মানসিক চাপঃ-

সানসিক-চাপ

বহু ব্যক্তি মানসিক চাপৰ সমস্যাত ভূগা পৰিলক্ষিত হয়। প্ৰাকৃতিক ভাৱে উপলব্ধ এই কেঁচা জলকীয়া সেৱন কৰিওঁ এই মানসিক চাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কাৰণ এই কেঁচা জলকীয়া সেৱন কৰিলে শৰীৰৰ এণ্ডৰ’ফিন নামৰ হ’ৰমণৰ ক্ষৰণ বৃদ্ধি পায় আৰু তাৰ ফলত মন প্ৰফুল্ল থকাত সহায়ক হয় আৰু ক্ৰমান্বয়ে এই মানসিক চাপ দূৰ হবলৈ ধৰে।

কেছাঁ জলকীয়াই কেন্সাৰৰ পৰা দূৰৈত ৰাখেঃ-

স্তন কেন্সাৰ বা ব্ৰেস্ট কেন্সাৰ কেনেকৈ চিনাক্ত কৰিব ?কেঁচা জলকীয়াত অতিৰিক্ত মাত্ৰাত এন্টিঅক্সিডেন্টৰ গুণ থাকে আৰু এই এন্টিঅক্সিডেন্টে আমাৰ শৰীৰৰত থকা অলাগতীয়াল তথা ক্ষতিকাৰক টক্সিন সমূহ বাহিৰ কৰাত সহায় কৰে। তাৰ ফলত কেন্সাৰৰ চেল গঠন হোৱাত বাধা প্ৰদান কৰে আৰু আমাৰ শৰীৰক কেন্সাৰ ৰোগৰ পৰা দূৰত ৰাখাত সহায় কৰে।

কেছাঁ জলকীয়াই হাৰ্ট ভালে ৰাখেঃ-

হাৰ্ট-এটেক
হাৰ্ট

নিয়মিত দুটাকৈ কেঁচা জলকীয়া সেৱন কৰিলে আমাৰ হাৰ্ট ভালে থকাত সহায়ক হয়। জলকীয়াত থকা উপকাৰী উপাদান সমূহে তেজত থকা অপকাৰী কলেষ্টৰেলৰ মাত্ৰা কমায়। ট্ৰাইগ্লিচাৰাইড যাতে নিয়ন্ত্ৰণতো সহায় কৰে কেচাঁ জলকীয়াই। জলকীয়া সেৱনে হাৰ্ট এটেকৰ সমস্যাৰ পৰাওঁ দূৰৈত ৰাখিব পাৰে।

কেছাঁ জলকীয়াই চাইনোচাইটিচৰ যন্ত্ৰনা কমায়ঃ-

ইউৰিন-ইনফেকচন

জলকীয়াত পোৱা অন্য এবিধ উপাদান হৈছে কেপচাইচিন (Capsaicin) অৰ্থাৎ জলকীয়াৰ জলা গুণ যাৰ বাবে জলকীয়া জলা হয়। জলকীয়াত পোঁৱা কেপচাইচিন শৰীৰৰ বাবে বৰ উপকাৰী। এই জলকীয়া দেহৰ আভ্যন্তৰলৈ প্ৰবেশ কৰাৰৰ লগে লগে মিউকাচ মেমব্ৰেনৰ ৰক্তৰ প্ৰবাহ বাঢ়ি যায় আৰু তাৰ ফল স্বৰুপে চাইনোচাইটিছৰ যি অসয্য়কৰ যন্ত্ৰনা দ্ৰুত গতিত কমায় আৰু তিব্ৰ যন্ত্ৰনাৰ পৰা উপষম পাব পাৰি। ইয়াৰ বাহিৰেও জলকীয়াই তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰন কৰাত মুখ্য ভূমকা পালন কৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবেওঁ জলকীয়া উপকাৰী।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles