কঠাল গুটিৰ পুষ্টি গুণ

কঠাল গুটি।
আন্তৰাষ্ট্ৰীয় বজাৰত ১ টা কঠাল গুটিৰ দাম ১৫ টকা!

কঠাল-গুটিৰ-পুষ্টি-গুণ
কঠাল গুটি

সৰুতে আইতাই কুৱা শুনিছিলো ১৬ টা আমলখি ১ টা কঠাল গুটি। আইতাই এনেয়েই কোৱা নাছিল দেই………!

সমগ্ৰ বিশ্বতে নবেল কৰোনা ভাইৰাছে সৃষ্টিকৰা কোবিদ-১৯ মঅতিমাৰীৰ সন্ত্ৰাস চলিথকাৰ এই সন্ধিক্ষণত কঠাল গুটিয়ে কোবিদ-১৯ ৰোগ প্ৰতিৰোধ কৰে বুলি প্ৰচাৰ হোৱাৰ লগে লগে দেশ-বিদেশৰ বজাৰত আমাৰ সকলোৰে প্ৰিয় কঠাল গুটিৰ দাম আকাশলঙ্ঘী হৈ পৰাৰ খবৰ আহিছে। একো একোটা কঠাল গুটিৰ দৰ ১৫ টকাৰ পৰ্যন্ত হোৱা খবৰ পোৱা গৈছে।

গতিকে আজি আমি আলোচনা কৰিম কি আছে এই কঠাল গুটিত? ইয়াত কেনেকুৱা ধৰণৰ পুষ্টি গুণ আছে সেই বিষয়ে।

কঠাল গুটিত ৰিবফ্লাবিন (riboflavin), থিয়ামিন (thiamin), প্ৰটিন (protein), কাৰ্বহাইড্ৰেট (carbohydrate) আৰু ফাইবাৰ (fiber) আৰ্থাৎ আঁহ। ইয়াৰ উপৰিও ভিটামিন বি, পটাচিয়াম, কেলচিয়াম, জিং, মেগনেচিয়াম, আইৰণ আৰু কপাৰ।

কঠাল গুটিৰ পুষ্টি গুণঃ

প্ৰতি ১০০ গ্ৰাম কঠাল গুটিত খাদ্য প্ৰাণ থাকে- 
• ১৮৫ (3.5 ounces) কেলৰি।
• ৭ গ্ৰাম প্ৰটিন।
• ৩৮ গ্ৰাম কাৰ্বহাইড্ৰেট।
• ১.৫ গাৰাম ফাইবাৰ।
• ১ গ্ৰামতকৈও কম ফেটচ থাকে।

কঠাল গুটিৰ উপকাৰীতাঃ

১. ইয়াত থকা প্ৰটিনে আমাৰ শৰীৰ শক্তিশালী কৰি ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

২. কঠাল গুটিয়ে আমাৰ হাড়ৰ গঠন সঠিক ৰখাত সহায় কৰে। ইয়াত থকা মেগনেচিয়ামে কেলচিয়াম শোষণত সহায় কৰি হাড় ক্ষয় হোৱাৰ সম্ভাৱনা নোহোৱা কৰি হাড় মজবুট হোৱাত সহায় কৰে।

৩. কঠাল গুটিত থকা লিগনানছ (lignan), চাৰপোনিনচ (saponins) , আইচফ্লেভনয়েড  (isoflavones) আৰো ফাইট্ৰোনিউট্ৰিয়েন্টেচে (phytonutrients) কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

৪. কঠাল গুটিত থকা ভিটামিন এ ই আমাৰ দৃষ্টি শক্তি ভালে ৰসাত সহায় কৰি শৰীৰৰ অন্য অঙ্গ পতঙ্গবোৰক সঠিক ভাবে কাম কৰাত সহায় কৰে।

৫. কঠাল গুটিত থকা লিগনানছ (lignan), চাৰপোনিনচ (saponins) , আইচফ্লেভনয়েড  (isoflavones) আৰো ফাইট্ৰোনিউট্ৰিয়েন্টেচে (phytonutrients) আমাৰ শৰীৰ সতেজ কৰি ৰখাত সহায় কৰে। এইবোৰ উপাদানে চালৰ উজ্বলতা বৃদ্ধি কৰে।

৬. কঠালগুটিত থকা এন্টিমাক্ৰবিয়েল উপাদানে আমাৰ শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰে।

৭. কঠালৰ গুটিত থকা ডায়েটেৰী ফাইবাৰে পাচন শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্য দূৰকৰে।

৮. ঠালৰ গুটিত থকা মেংগানিজে ব্লাড ক্লটিং প্ৰতিৰোধ কৰে।

৯. বিশেষকৈ এনিমিয়া বা ৰক্ত হীনতাত ভুগা মহিলাসকলৰ বাবে কঠাল গুটি অত্যন্ত ওপকাৰী।
গতিকে কঠালগুটি আমাৰ বাবে এক উৎকৃষ্ট খাদ্য।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles