ঔটেঙা ডায়েবেটিছ ৰোগত বৰ উপকাৰী
বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ব্লাড ছুগাৰ নিয়ন্ত্ৰন ঔটেঙাই অত্যন্ত উপকাৰী। গৱেষনাৰ তথ্য অনুসৰি ঔটেঙাই ব্লাড চুগাৰ নিয়ন্ত্ৰনৰ লগতে শৰীৰৰ বেয়া চৰ্বি ট্ৰাইগ্লিচাৰাইড, কলেষ্টেৰেল নিয়ন্ত্ৰন কৰি উচ্চ ৰক্তচাপ নিৰাময় কৰাতো সহায় কৰে। ঔটেঙাই আমাৰ যকৃত, কিড্নি আদি শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ সুৰক্ষা প্ৰদান কৰে।
গতিকে ডায়েবেটিছ ৰোগীয়ে ঔটেঙা খোৱাটো অত্যন্ত লাভ দায়ক। বৰ্তমান সময়ত বহু ডায়েবেটিছ ৰোগীয়ে এই ঐটেঙা সেৱন কৰি ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰন কৰা লগতে বিভিন্ন ধৰনৰ ৰোগৰ পৰা উপশম পাবলৈ সক্ষম হৈছে।
ডায়েবেটিছ ৰোগীয়ে ঔটেঙা কেনেকৈ খাবঃ
⇒ ঔটেঙাটো সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই গুৰি কৰি লব। গুৰি খিনি বতলত ভৰাই ৰাতিপুৱা খাদ্য খোৱাৰ আধা ঘন্টাৰ আগত আৰু গধূলি খাদ্য খোৱাৰ আধা ঘন্টাৰ আগত দুই চামুচকৈ কিছু দিন খালে ডায়েবেটিছ নিয়ন্ত্ৰন হয়।
⇒ ডায়েবেটিছ ৰোগৰ বাবে ঔষধ সেৱন কৰি থকা লোকসকলেও ঔটেঙা দালিত দি বা বিভিন্ন আঞ্জা লগত ঔটেঙা দি নিয়মিত খাব পাৰে।