ক’ৰনা আক্ৰান্ত নূপুৰ/প্ৰিয়ংকা বড়াৰ কিছু অভিজ্ঞতা
CORONA লৈ যদি ভয় লাগিছে তেন্তে আপোনালৈ সংক্ৰমিত হোৱাৰ আগতেই সেই ভয়ক গুৰুত্ব দিয়ক, যিমান হৈছে তাতকৈ অলপ বেছিকৈ সাৱধান হওঁক। কিন্তু কেনেবাকৈ আপোনাৰ Covid 19 টেষ্টত Positive আহিলে সেই ভয়ক সাহসলৈ ৰূপান্তৰিত কৰি শৰীৰটোক সাজু কৰি তোলক ৰোগটোৰ সৈতে যুঁজিবলৈ। এটা Positive মনেহে সোনকালে Negative ৰিজাল্ট অহাত আপোনাক সহায় কৰিব। ৰোগটোৱে আপোনাৰ একো ক্ষতি নকৰিলেও আপোনাৰ পৰা গৈ অন্য বেমাৰ থকা বয়সীয়াল কাৰোবাক নহয়বা কোনোবা কনমানিৰ ক্ষতিসাধন কৰিব পাৰে। এই ক্ষতি যদি বেছি গুৰুতৰ হয় আপোনাৰ জানো বেয়া নালাগিব!
Covid-19 টেষ্টৰ ৰিজাল্ট কি আহে তাৰে চিন্তাত ঘৰখনৰ সকলোৱে খাবলৈ শুবলৈ বাদ দিয়াৰ দৰে হ’ল। বহুতে টেষ্ট কৰাইছিল আৰু ৰাতিপুৱাই বেছিভাগৰে Negative আহিলে কিন্তু আমাৰহে নাই অহা, ৰৈ ৰৈ ৰাতি হৈ গ’ল। মই কওঁ” মোৰেই Positive আহিব, এনেও মোৰ জ্বৰ হৈ আছে “।
মায়ে কৈছে “মোৰ আহিলেই হয় আৰু কাৰো হ’ব নালাগে তহতঁৰ হ’লে আক’ ল’ৰা-ছোৱালীহালৰ হ’ব। বাকীবোৰেও কৈছে “মোৰেই হ’ব চাবা”।
মুঠতে ঘৰৰ কাষৰ মামাজনৰ হোৱাৰ পাছৰপৰা আমি আৰু বেলেগ কথা চিন্তা কৰিবলৈ বাদেই দিয়াৰ দৰে হ’ল। ১০ টাত ৰিজাল্ট আহিব বুলি কোৱাত ভাবিলো তাৰ আগতে ভাত খাই আজৰি হৈ লওঁ। খাবলৈ মন যাওঁক বুলিয়েই বিধে বিধে ৰান্ধি খোৱাৰ টেবুলত যোগাৰ কৰিছোহে ৰিজাল্ট আহিলেই। বোলে গোটেইগাল Positive, আমাৰ লগতে মামাহঁতৰ ঘৰৰ সকলোৰে Positive।
সেইসময়ত আমাৰ সকলোৰে মনৰ কি অৱস্থা সেয়া বুজাবলৈ এতিয়া মোৰ শব্দৰ অভাৱ। কনমানিদুটাই একো বুজিয়েই পোৱা নাই। নিবলৈ গাড়ী আহি আছে বুলি ফোন অহাৰ লগে লগে ঘৰত যিমান বেগ আছে ভৰ্তি কৰি সাজু হ’লো যাবলৈ।
ইফালে লখিমপুৰত থকা ভন্তি পূজাই “তোমালোক সকলোকে মানুহবোৰে আহি গাড়ীত তুলি লৈ যাব নে বৌ” বুলি সৰু ছোৱালী এজনীৰ নিচিনাকৈ কান্দি আছে (আমিও সেই দৃশ্য কল্পনা কৰি বহুত ভয় খাইছিলো)। ভাত কাৰো পেটলৈ নগ’ল, দুগৰাহমান যেনেতেনে খাই হাত ধুলে। যেনেকৈ ৰান্ধিছিলো তেনেকৈয়ে গোটেইখিনি পেলাব লগা হ’ল। ল’ৰা- ছোৱালীহালেও একো মুখত নিদিলে, গৈ পায় ৰাতিপুৱালৈ ভোকত মাত নোলোৱা হ’ল দুয়োটাৰে। বেয়া লাগিলেও উপায়ো নাছিল আমাৰ ।
ওলাই আহি ৰৈ আছো বাটত গাড়ী আহে মানে ৰাতি বাৰটা বাজিল । ল’ৰাই বাৰে বাৰে সুধিছে “দেতা, মা আমি কলৈ যামনো ? কেলে যাওঁ ?” “আমি ফুৰিবলৈ যাওঁ” বুলি কৈ তাক বুজাইছো । এক বজাত গৈ পালোগৈ । কনমানিদুটাই আমনি কৰিছে, ল’ৰাই “ঘৰলৈ যাওঁ ব’লানা মা, টোপনি ধৰিছে” বুলি কৈ কৈ এটা সময়ত শুই থাকিল ।
ৰাতিপুৱা তিনিটালৈকে পৰিয়ালৰ মানুহবোৰ আৰু লগৰবোৰে ফোন কৰি খবৰ লৈছে, সাহস দিছে।
এটা কথাই ভাল হ’ল যে আমি ঘৰৰ সকলো মানুহ একেলগে ওচৰা-ওচৰিকৈ থাকিব পালো, ৰূমবোৰ বেলেগ বেলেগ হ’লেও নিজৰ মানুহখিনিক দেখি থাকিলো। এইকথাই আমাক বহুত সকাহ দিলে।
ল’ৰা-ছোৱালীহালক কেৱল মাক-দেউতাকৰ বাদে বেলেগৰ কাষলৈ যাবলৈ দিয়া নাছিলো, ইটোৱে সিটোক লগ পাবলৈ দুদিনমান কান্দিলে পাছলৈ নিজে নিজে কি বুজি পালে নাজানো আমনি নকৰা হ’ল। মাকদুজনীয়ে ককায়েকে খেলি থকা ভিডিঅ কৰি ভনীয়েকক ভনীয়েকৰ ভিডিঅ কৰি ককায়েকক দেখুৱাবলৈ ল’লো। তাকেই চাই থাকে হাঁহি হাঁহি।
স্বাৱ দিবলৈ যাওঁতে ভনীয়েকক দেখি বৰ্ণিলে ” মই ভন্তিক অকন চুই চাওঁনে মা ” বুলি সুধিছে চুই চাবলৈ দিওতে দুয়োটাই আঙুলি দুটা আগবঢ়াই দি চুই চাইছে ।নাজানো কি বুজিছে দুয়োটাই। ঘৰৰ বাকীবোৰ মানুহক দেখিলে কোলাত উঠিবলৈ নকন্দা হ’ল। সিহঁতহালৰ এনেকোৱা কথা আৰু কামবোৰে বহুত সময়ত আমাৰ চকুত চকুপানী আনি দিছিল। শেষলৈ বৰ্ণিলে ” মোৰ ঘৰলৈ যাব ইমান মন লাগিছে অ’ মা তোমাৰ মন লাগিছেনে ?? অ’ দেতা, তোমাৰো ঘৰলৈ যাব মন লাগিছেনে ?? ” বুলি সুধি থাকিবলৈ ল’লে। ককাক আইতাকক দেখিলেও ” ঘৰলৈ যাব মন লাগিছেনে নাই ” সুধি থকা হ’ল ।
হস্পিটেলত থাকোতে আপোনালোক বহুতে আমাৰ খবৰ ল’লে, ফোনতেই হওক বা মেছেজতে দুষাৰ আন্তৰিকতাপূৰ্ণ কথা কৈ আমাক বহুত সাহস দিলে তাৰবাবে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ ।আপোনালোকৰ আশীৰ্বাদত আমি সকলো ১০ তাৰিখে সুস্থ হৈ ঘৰলৈ আহিলো ।
এতিয়া আমি সকলো ভালে আছো । কনমানি দুটা ইমান দিন আতঁৰি থাকি পোৱাই নাছিল , দুয়োটা লগ হৈ কিমানযে ফুৰ্তি, লগেই নেৰা হ’ল, ৰাতি বাৰটালৈকে খেলি থাকে ইটো ৰূমৰ পৰা সিটো ৰূমলৈ দৌৰা- দৌৰি কৰি। য’ৰে বস্তু ত’তে থৈ আমি গুচি গৈছিলো, আহিবৰ পৰা ঘৰখন চিজিল কৰি কৰি আজৰি হওঁতে যথেস্থ সময় লাগিল। আজৰি হৈয়েই আপোনালোকক ধন্যবাদ জনাবলৈকে ইমানখিনি কথা লিখি পেলালো। স্বাৱ দিয়াৰ পৰা সুস্থ হৈ ঘৰলৈ অহালৈকে সকলোৱে ইমান সাহস দিলে,মৰম দিলে তাৰ বিনিময়ত কেৱল এটা ধন্যবাদ দি থৈ দিবলৈ মন নগ’ল।
বহুত কথা ঠাহ খাই আছে মনত কিন্তু লিখিব নজনাৰ দোষতে থাকি গ’ল।মনৰ কথাবোৰ ধুনীয়াকৈ সজাই-পৰাই লিখিব জনাটোও এটা কলা। যিটো মোৰ নাই। হ’লেও যেনেকৈ পাৰিছো লিখি দিলো।আমনি পালেও আমাক ভালপোৱা মানুহবোৰে পঢ়িব বুলি আশা কৰিলো।
ক’ৰনাই আমাক বহুত কথা শিকালে। বিভিন্নজনৰ বিভিন্ন মানসিকতাৰ সৈতে পৰিচয় হ’লো। এক কথাত মানুহ চিনি পালো। সেই কথা আগতেই লিখিছিলো। মুখত মিঠা মিঠা কথা কৈ আপোন হ’ব খোজা বহুতেই আমাৰ বদনাম গাই ফুৰাৰ প্ৰমানো পালো ।সেইবোৰ কথা আমাৰ ঘৰখনে ইতিবাচকভাবেই গ্ৰহন কৰিলো। যিটো হাৰত ক’ৰনা ৰোগী বাঢ়িছে আজি আমাৰ হৈছে কাইলৈ আপোনালোকৰো হ’ব পাৰে । আমিও সাৱধান হৈছিলো হ’লেও কেনেবাকৈ হৈ গ’ল, হয়তো আৰু বেছি সাৱধান হ’ব লাগিছিল।
আশাকৰো অতি সোনকালে আসম তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্ব এই অতিমাৰীৰৰ পৰা মুক্ত হব। সকলো সাৱধানে থাকক, ভালে থাকক, ক’ৰনাৰ লগত যুঁজ দিবলৈ সাজু থাকক।